মানৱ বন্ধনা
Lesson 2 | SEBA Class 9 Assamese solution | Class ix Assamese Question & Answer SEBA | Assamqna
প্ৰশ্নৱালী
ভাব-বিষয়ক
১) চমু উত্তৰ লিখা
ক)‘মানুহেই পৰাৎপৰ’ বোলা কথাষাৰৰ অৰ্থ কি ?
উত্তৰ:- ‘পৰাৎপৰ’ – মানে শ্ৰেষ্টতকৈ শ্ৰেষ্ঠ । মানুহৰ নিচিনা বিচাৰ-বিবেচনা, জ্ঞান বুদ্ধি আন জীৱৰ নাই গতিকে মানুহ শ্ৰেষ্ঠতকৈয়ো শ্ৰেষ্ঠ বা পৰম সত্য।
খ)‘মানুহক ময়াপী জীৱ’ বোলাৰ অৰ্থ কি ?
উত্তৰ:- ‘ময়াপী’ মানে মায়া-মোহ ভ্ৰান্তি আদি ওপজোৱা জীৱ । এইকেইটা গুণ মানুহৰ মাজত বিৰাজমান । বোধশক্তি, অনুভুতি প্ৰধান জীৱ মানুহৰ অন্তৰত মায়া-মমতা , মোহ ভ্ৰান্তি আদি ওপজে বাবেই মানুহক ‘মানুহক ময়াপী জীৱ’ আখ্যা দিছে ।
গ) পাদ্য অৰ্ঘ্য লৈ মানুহক পূজা কৰাৰ অৰ্থ কি ?
উত্তৰ:- পাদ্য শব্দৰ অৰ্থ ভৰি ধুবলৈ দিয়া পানী আৰু অৰ্ঘ্য শব্দৰ অৰ্থ হল পুজাৰ উপকৰণ । কবিয়ে মানুহক দেৱতা জ্ঞান কৰি জীৱন্ত দেৱতাস্বৰুপ মানুহক দুৰ্গত বা আলাই- আথনি অৱস্হাত সেৱা-শুশ্ৰূষা কৰিবই ভগৱানক পুজা কৰাৰ দৰে শুভফল পায় বুলি কৈছে । সেয়ে ভগৱানক পূত জলেৰে চৰণ ধুৱাই নান উপচাৰেৰে পূজী কৰীৰ দৰে আমি মানৱ সেৱা কৰা উচিত । এয়াই পাদ্য-অৰ্ঘ্য লৈ মানুহক পূজা কৰাৰ প্ৰকৃত অৰ্থ ।
২) মানৱ বন্দনা কবিতাটিৰ সাৰাংশ তোমাৰ নিজৰ কথাৰে বিৱৰি লিখা।
উত্তৰ:- তিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱে মানৱ বন্দনা কবিতাটিত মানবৰ জয়গান গাইছে। কবয়ে কৈছে যে মানৱে বাৰে বাৰে জন্ম লৈ এই পৃথিৱীলৈ ঘূৰি আহে। মানুহৰ আগমন আৰু গমন এক চিৰন্তন প্ৰক্ৰিয়া। মানুহৰ যেন এই পৃথিৱীখনৰ মায়াত বন্দী এক জীৱ। সেয়েহে কবিয়ে এই মানৱী জীৱনটো মানুহৰ কল্যানৰ হকে উৎসৰ্গা কৰিবলে কৈছে। কাৰন মানুহে মানুহৰ অবিহনে জীয়াই থাকিব নোবাৰে। মানুহেই মানুহৰ পৰম বন্ধু। এতেকে মানুহৰ কল্যান সাধন কৰাটোহে প্ৰকৃত ধৰ্ম। জীৱশ্ৰেষ্ঠ মানৱে নিজৰ মানৱীয় কামৰাজিৰে এই পৃথিৱীখনক স্বৰ্গতকৈও অধিক বন্দনীয় কৰি তোলাটো কবিয়ে কামনা কৰিছে । কবিৰ মতে মানুহ নৰৰুপী ভগৱান । এই নৰৰুপী ভগৱানৰ সেৱা কৰা মানুহৰ প্ৰথম কৰ্তব্য। সেয়েহে কবিয়ে পাদ্য- অৰ্ঘ্য লৈ মানুহক পূজা কৰিবলৈ কৈছে।
৩) ‘এই যে পৃথিৱী স্বৰ্গতো অধিক মানুহৰ নিজাপী ঘৰ।’ – কথাকাষৰৰ অৰ্থ বুজাই লিখা।
উত্তৰ:- জীৱ শ্ৰেষ্ঠ মানুহে ইজনে আনজনৰ কথা ভাবিলে, আনক সহায়ৰ হাত আগবঢ়ালে সকলোৰে উপকাৰ হয় ।মানুহ যেতিয়া মানুহক দেৱতা বা ভগৱান জ্ঞান কৰি সেৱা-শুশ্ৰূষা কৰিব, মিঠা মাত দিব তেতিয়া নিজৰ মনত আনন্দ লগাৰ লগতে আনজনৰো অন্তৰ আনন্দেৰে উপচি পৰিব । নিজৰ ঘৰখনত আমি মৰম-চেনেহৰ আদান-প্ৰদানেৰে সকলো এটা স্বগীয় সুখ আনন্দৰ পৰিৱেশ সৃষ্ট কৰোঁ । ঠিক তেনেদৰে গোটেই জগতখনৰ সকলো মানুহক আনন্দ দিব পাৰিলে গোটেই পৃথিৱীখনেই নিজৰ মৰমৰ ঘৰখন হৈ লপৰিব । সকলোৱে আপোন মানুহ হৈ পৰিব । আনৰ সুখত সুখী, দুখত দুখী হ’ব পাৰিলে প্ৰকৃত মানৱ সেৱা কৰা হ’ব আৰু এয়াই শ্ৰেষ্ঠ আনন্দ।
৪) তাৎপৰ্য বাখ্যা কৰা
ক) মানৱী জনম দিয়া উটুৱাই
মানৱী কৰম সোঁতে,
মানুহৰ মৰম বুজিবা মানুহে
ধৰম যে মৰমতে।
উত্তৰ:- উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ`মানব বন্দনা ʼ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
মানুহৰ পাৰস্পাৰিক মৰম মৰম চেনেহৰ জৰিয়তে যে এই মৰততেই সৰগৰ সুখ লাভ কৰিব পাৰি এই কথাকেই কবিতাফাঁকিত প্ৰকাশ পাইছে।
মানবতাবাদী কবিয়ে কবিতাটিত মানৱৰ জয়গান গাইছে। কবিতাটিত কবিয়ে এই মানৱী জনমটোত মানুহৰ সেৱাত ব্ৰতী হবলৈ উপদেশ দিছে। মানুহৰ মাজত মৰম চেনেহৰ আদান প্ৰদানৰ জৰিয়তে মানুহে এই ধৰাতলতেই স্বৰ্গৰ সুখ লাভ কৰিব পাৰিব। মানুহৰ মাজত থকা পাৰস্পাৰিক মৰমকেই কবিয়ে প্ৰকৃত ধৰ্ম বুলি কৈছে।
খ) মানুহেই দেৱ মানুহেই সেৱ
মানুহে বিনে নাই কেৱ,
কৰা কৰা পূজা পাদ্য অৰ্ঘ্য লই
জয় জয় মানৱ দেৱ।
উত্তৰ:- উক্ত কবিতাফাঁকি আমাৰপাঠ্যপুথিৰ অন্তৰ্গত চন্দ্ৰ কুমাৰ আগৰৱালাৰ দ্বাৰা ৰচিত মানৱ বন্দনা নামৰ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।
ইয়াত মানুহক জীৱশ্ৰেষ্ঠ হিচাপে প্ৰতিপন্ন কৰিবলৈ গৈ কবিয়ে এই কবিতাফাঁকি উপস্হান কৰিছে । কবিৰ মতে মানৱ জীৱন অতি ক্ষণস্থায়ী । মানুহৰ এই ক্ষন্তেকীয় জীৱনটো অধিক মানোমোহা, সুন্দৰ আৰু সাৰ্থক কৰিবলৈ হলে এই পৃথিৱীত বাস কৰা মানুহবোৰক একমাত্ৰ ভগৱান বুলি জাবি পূজা কৰিব লাগে। কবিৰ মতে দেৱসদৃশ, সেয়ে মানুহক পূজা-সেৱা, মৰম-চেনেহ আৰু সেৱা- শুশ্ৰূষা কৰাটো উচিত । সেয়ে মানুহে মানুহৰ প্ৰতি কৰা কৰ্মতেই প্ৰকৃত ধৰ্মৰ সন্ধান পোৱা যায় ।
ভাষা-বিষয়ক
৫। সমাথক শব্দ লিখা
উত্তৰ:- মানুহ -- মানৱ, মানুহ
সংগ -- লগ, বন্ধু
পৃথিৱী -- ধৰা, ভূ
সোঁত -- ঢৌ, লহৰ
স্বগ -- সৰগ
দেৱ -- দেৱতা
৬) সংস্কৃত কম, ধম আদি শব্দৰ পৰা কৰম, ধৰম আদি শব্দৰ উপত্তি হৈছে। এনে কিছুমান শব্দ বাছি উলিয়াই এখন তালিকা প্ৰস্তুত কৰা।
উত্তৰ:- ধৰ্ম -- ধৰম
কৰ্ম -- কৰম
মত্য -- মৰত
দেৱ -- দেৱতা
