সুখ Lesson 14 | SEBA Class 9 Assamese solution | Class ix Assamese Question & Answer SEBA | Assamqna

সুখ
Lesson 14 | SEBA Class 9 Assamese solution | Class ix Assamese Question & Answer SEBA | Assamqna


প্ৰশ্নাৱলী

ভাব- বিষয়ক
১) চমু উত্তৰ দিয়া।

ক) মানুহৰ সুখ দুখৰ আচল কথা কি?
উত্তৰ:-
মানুহৰ সুখ দুখৰ আচল কথা হ'ল মন


খ) কেনে ধৰণৰ ভাবে মানুহক তললৈ বুৰায় বুলি কবিয়ে কৈছে
উত্তৰ:
- 'মই' বা 'মোৰ' ভাবে মানুহক তললৈ বুৰায় বুলি কবিয়ে কৈছে ।

গ) নি:স্বাৰ্থৰ বাট কেনেকুৱা ?
উত্তৰ:-
নি:স্বাৰ্থৰ বাট সেন্দুৰীয়া


ঘ) কবি আনন্দ চন্দ্ৰ আগৰৱালাক কিয় ভাঙনি কোঁৱৰ বুলি কোৱা হয় ?
উত্তৰ:-
আগৰৱালাই কেইবাটাও ইংৰাজী কবিতা অসমীয়ালৈ সুৱলাকৈ ভাঙনি কৰে ।সেইবাবে তেওঁক ভাঙনি কোঁৱৰ বুলি কোৱা হয় ।


ঙ) কাক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই বুলি কবিয়ে ব্যক্ত কৰিছে ?
উত্তৰ:-
পৰক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই বুলি কবিয়ে ব্যক্ত কৰিছে


চ) কবিৰ মতে প্ৰকৃত সুখ কেনেকৈ পাব পাৰি ?
উত্তৰ:-
কবিৰ মতে প্ৰকৃত সুখ পোৱাৰ উপায় নিজৰ হাততে থাকে। আনৰ দুখত  দুখী আৰু আনৰ সুখত সুখী হ'ব জানিলে প্ৰকৃত সুখ পোৱা যায়। নিজৰ স্বাৰ্থ ত্যাগ কৰি আনৰ হিতৰ হকে কাম কৰিলে প্ৰকৃত সুখ পাব পাৰি।


২) কবিতাটিৰ মূল কথাখিনিৰ নিজৰ ভাষাত লিখা ।
উত্তৰ:- 
ভাঙনি কোঁৱৰ আনন্দ চন্দ্ৰ কুমাৰ আগৰৱালাৰ ‘সুখ’ এটি মনোৰম আৰু নীতিমূলক কবিতা । প্ৰকৃত সুখ কেনেকৈ পাব পাৰি তাকেই কবিতাটিৰ মাজেৰ সুন্দৰকৈ প্ৰকাশ কৰিছে ।

   সুখ হৈছে মূলতঃমন আৰু শৰীৰ অনূভূত হোৱা তৃপ্তিকৰ অৱস্থা, মানসিক বা শাৰীৰিক সমষ্টি । মানুহে সুখ সুখ বুলি সুখ বিচাৰি বলিয়াৰ দৰে হাবাথুৰি খাই ফুৰিলেও সুখ নাপায় – বৰং দুখৰ উপৰি দুখহে পায় । প্ৰকৃত সুখ পাবলৈ হ’লে স্বাৰ্থ ত্যাগ কৰিব পাৰিব লাগিব, আনৰ দুখত দুখী হ’ব পাৰিব লাগিব, পৰক আপোন কৰিব লাগিব। পৰৰ কাৰমে কান্দিব পাৰিলে কান্দোনতো হেনো সুখ পায়  ।  ‘মই’, ‘মোৰ’ ভাব নলয় সকলো মানুহেই নিজৰ ভাই-ভনী বুলি আকোৱাল্ লব পাৰিলে সৰগীয় সুখ পোৱা যায় । 


৩) ব্যাখ্যা কৰা
ক) অকল নিজৰ        নিমিত্তে নহয়
               আমাৰ জীৱন ভাই
      লোকৰ কাৰণে    খাটিব পাৰিলে
               সংসাৰ সুখৰ ঠাই
উত্তৰ:- 
উক্ত  কথাফাঁকি আমাৰ পাঠ্যপুথি  ' সাহিত্য চয়নিকা' (নতুন)ৰ অন্তৰ্গত আনন্দ চন্দ্ৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত 'সুখ' নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে ।

    মানুহে সুখ কেনেদৰে আহৰণ কৰিব পাৰে সেই প্ৰসংগতে উক্ত কথাফাঁকিৰ ব্যৱহাৰ কৰা হৈছে ।।

    কবিয়ে  'সুখ ' নামৰ কবিতাটোত ব্যক্ত কৰিছে যে মানুহে কেৱল নিজৰ কথাকেই চিন্তা কৰিব নালাগে। আমাৰ এই বহুমূলীয়া জীৱন কেৱল নিজৰ বাবেই নহয় তাৰ পৰিবৰ্তে লোকৰ কামত  লগাব পাৰিলেহে মানৱ জীৱন সাৰ্থক হব। সেয়েহে মানুহে যিমানেই আনৰ বাবে চিন্তা কৰিব পাৰে বা আনৰ হিতসাধন কৰিব পাৰে সিমানেই সংসাৰখন তেওঁৰ বাবে সুখময় হৈ পৰে।


খ) গাই-গোটা পেটে      ভঁৰাল নহবা
        লোকৰ দুখলৈ চোৱা,
    মানুহৰ সেৱা        মানুহৰ পুজা
         পৱিত্ৰ বৰত লোৱা ।
উত্তৰ:-
উদ্ধৃত কবিতাফাকি ‘ভাঙনি কোঁৱৰ’ আনন্দ চন্দ্ৰ আগৰৱালা ৰচিত ‘সুখ’ নাৰ পাঠটিৰ কবিতাটিৰ অন্তৰ্গত ।

  আনৰ কাৰণে চিন্তা কৰি, আনৰ কল্যাণৰ কাৰণে কাম কৰি কিদৰে জীৱনত প্ৰকৃত সুখ লাভ কৰিব পাৰি তাকেই কবিয়ে কবিতাফাকিৰ মাজেৰে প্ৰকাশ পাইছে

  জীৱনত সুখ পাবলৈ হ’লে কেৱল নিজৰ বাবে চিন্তা কৰিলে নহ’ব। যি পাইছোঁ যি আৰ্জিছোঁ সেয়া কেৱল নিজৰ বাবেই কৰিছোঁ, আৰ্জিছোঁ বুলি নাভাবি আনৰ দুখ-কষ্ট কৰিবলৈ, তেওঁলোকৰ কল্যাণৰ কাৰণে কাম কৰিব লাগে । তেতিয়াহে জীৱনত প্ৰকৃত সুখ পোৱা যায় । মানুহৰ প্ৰতি কল্যামকামী পবিত্ৰ মন এটা ৰাখি কাম কৰিলেহে সংসাৰখন সুখৰ ঠাই হয়।


গ) স্বাৰ্থৰ বাটত .... সুগন্ধি কুসুম ফুলে ।
উত্তৰ:-
ওপৰোক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি ' সাহিত্য চয়নিকা' (নতুন)ৰ অন্তৰ্গত 'সুখ' নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

স্বাৰ্থপৰ মানুহে যে জীৱনত পদে পদে দুখ পাবলগীয়া হয় সেই প্ৰসংগতে উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰা হৈছে।

    স্বাৰ্থপৰ হৈ মানুহে  ক্ষণিকৰ বাবে সুখ লভিলেও  সেই সুখ চিৰস্থায়ী নহয়। আনক দুখ কষ্ট দি কেৱল নিজৰ ভাল সাধন কৰিবলৈ যত্ন কৰা মানুহ জীৱনত কেতিয়াও সুখী হব নোৱাৰে। তেনেকুৱা মানুহৰ জীৱনৰ প্ৰতিটো খোজত হূল অথবা কাঁইট পুতি থোৱা থাকে বুলি কবিয়ে ব্যক্ত কৰিছে। অন্যহাতে নিঃস্বাৰ্থ ভাবে জীৱন কটোৱা বা মানৱ সেৱা কৰা ব্যক্তি সকলৰ জীৱনৰ পথ খুব মসৃণ হয়, সেন্দুৰীয়া আলিদিয়েই  তেওঁলোকৰ জীৱন আগুৱাই গৈ থাকে বুলি কবিয়ে উল্লেখ কৰিছে।


ভাষা বিষয়কঃ
১) উত্তৰ:- আপোন - পৰ
                 দুখ- সুখ
                 স্বাৰ্থ- নিঃস্বাৰ্থ
                 অভাৱ- উভৈনদী
                 সন্তোষ- বেজাৰ
                 হাঁহি- কান্দোন


২) উত্তৰ:- সামৰথ - সামৰ্থ্য
             ধৰম- ধৰ্ম
            কৰম - কৰ্ম
            বিৰিখ- বৃক্ষ
            যতন - যত্ন
            মুকুতি - মুক্তি

*

Post a Comment (0)
Previous Post Next Post