গীত আৰু ছবি
Lesson 3 | SEBA Class 9 Assamese solution | Class ix Assamese Question & Answer SEBA | Assamqna
১) চমু উত্তৰ দিয়া:
ক) কেনে গীত আৰু কেনে ছবিক কোনেও ভাল নোবোলে?
উত্তৰ:- যিবোৰ গীত সকলোৱে বুজি নাপায় আৰু যিবোৰ ছবিৰ মূল সকলোৱে ধৰিব নোৱাৰে ; তেনেবোৰ গীত আৰু ছবিক কোনেও ভাল নোবোলে।
খ)সদায় কাণেৰে শুনা সৰু কথাটিয়ে কেনেকৈ আমাৰ প্ৰাণ টানি ধৰে?
উত্তৰ:- সদায় কাণেৰে শুনা সৰু কথাটিয়ে গীতৰ ৰূপ লৈ আমাৰ প্ৰাণ টানি ধৰে।
গ) কবিৰ মতে কোনবোৰ বস্তু অজৰ-অমৰ?
উত্তৰ:- নিমজ ভাব গতিৰ সকলোবোৰ কৌশলী বিদ্যাকে কবিয়ে অজৰ-অমৰ বুলি কৈছে।
ঘ) কেনেকুৱা গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়?
উত্তৰ:- যিবোৰ গীত আৰু ছবি সকলোৱে বুজি পায় আৰু যিবোৰ গীত আৰু ছবিয়ে প্ৰত্যেকৰে মনত আনন্দৰ নাহৰ তোলে ; তেনেবোৰ গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়।
ঙ) `সিহে পায় নিজে নিজে আলাসত ঠাই' - ইয়াত `আলাস' শব্দটোৰ অৰ্থ কি?
উত্তৰ:- `সিহে পায় নিজে নিজে আলাসত ঠাই' - ইয়াত `আলাস' শব্দটোৰ অৰ্থ হল - আকাশ, শূন্য কিন্তু কবিতাটিত `আলাস' শব্দটোৱে হৃদয়ত বুজাইছে।
২) ভাল গীত আৰু ছবিৰ মহত্ত্ব কেনেকুৱা – কবিতাটিৰ সহায়ত বুজাই লিখা ।
উত্তৰ:- ভাল গীত আৰু ছবিক সকলোৱে বাল পায, আদৰ কৰে । উচ্চ প্ৰশংসা কৰে, উচ্চ আসনত ঠাই দিয়ে । কাৰণ ভাল গীত নুবুজা হলেও সি প্ৰাণ টানি ধৰে, আশান্ত হূদয় জুৰ পেলায় । সেইদৰে ভাল ছবিয়েও চকু পৰিলেই মনত সোমাই পৰে, মনটো আনন্দৰে ভৰাই তোলে ।
৩) সদায় চকুৰে দেখা পাতটিও ছবিত কিয় ভাল হৈ পৰে বুলি তুমি ভাবা? নিজৰ মতামত আগবঢ়োৱা।
উত্তৰ:- আমাৰ চাৰিওফালে বিভিন্ন গছ লতিকাৰে ভৰি আছে। সাধাৰণতে আমি আমাৰ চৌপাশৰ পৰিবেশ ভালদৰে নিৰীক্ষণ নকৰোঁ। কিন্তু আমি সদায়ে দেখি থকা এই চৌপাশৰ পৰিবেশটোকেই যদি কোনো চিত্ৰকৰে ৰং তুলিকাৰে আমাৰ আগত দাঙি ধৰে আমি তেতিয়া তাত অনিন্দ সুন্দৰ সৌন্দৰ্য্য দেখিবলৈ পাওঁ। ইয়াৰ দ্বাৰা কবিয়ে আমাক কবলৈ বিচাৰিছে যে যিকোনো সাধাৰণ বস্তুকে কলাত্মক ৰূপেৰে অসাধাৰণ ৰূপে দাঙি ধৰিব পাৰি। অৰ্থাৎ কলাৰ জৰিয়তে সকলোতে অসাধাৰণত্ব আৰোপ কৰিব পাৰি।
৪) কেনেকুৱা গীত আৰু ছবিক কোনেও ভাল নোবোলে আৰু কোনবোৰ গীত আৰু ছবিক সকলোৱে ভাল বুলি আদৰি লৈ আলাসত ঠাই দিয়ে নিজৰ ভাষেৰে বৰ্ণনা কৰা ।
উত্তৰ:- যিবোৰ গীত শুনিলে সকলোৱে বুজি নাপায় । যিবোৰ গীতৰ সুৰে সকলোৰে অন্তৰ স্পৰ্স কৰিব নোৱাৰে তেনেবোৰ গীত শুনিলে আকৰ্ষিত নহয়, কোনোও প্ৰণত আনন্দ অনুভৱ নকৰে । তেনেবোৰ গীত শুনিলক কোনেও ভাল বুলি নকয়।
তাৰোপৰি যিবোৰ ছবিৰ মূল আটায়ে নুবুজে, ছবি চাই চকুত তৃপ্তি আৰু অন্তৰত আনন্দ অনুভৱ কৰা নাযায়, তেনেবোৰ ছবিকো কোনেও ভাল বুলিও নকয় । শিল্পীয়ে নিজৰ কাৰেণেও গাত গায়, ছবি আকেঁ । হলেও এইবোৰ আমাকো তৃপ্ল কৰিব পাৰিব লাগিব শ্ৰোতা, দৰ্শকক তৃপ্ত কৰিব পাৰিলেহে শল্পীৰ সাৰ্থকতা ।
আনহাতে যিবোৰ গীত শুনি, ছবি চাই সকলোৱে সমানে আনন্দ পায়, যিবোৰ ছবিয়ে দৰ্শকৰ চকুত জীৱন্ত ৰূপত ধৰা দিয়ে , চকু তৃপ্ত হয় তেনেবোৰ গাত আৰু ছবিকে সকলোৱে ভাল বুলি স্বীকৃতি দিয়ে।
৫)গীত আৰু ছবি' কবিতাটোৰ সাৰাংশ লিখা।
উত্তৰ:- `গীত আৰু ছবি' - কবিতাটোৰ কবি দুৰ্গেশ্বৰ শৰ্মা।কবিতাটোৰ জৰিয়তে কবিয়ে প্ৰকৃত গীত আৰু ছবিৰ সাৰ্বজনীন আবেদন আৰু মহত্বৰ কথা কলাত্মক ৰূপত তুলি ধৰিছে।
কবিয়ে কবিতাটিৰ আৰম্ভণিতে কৈছে যে - যিবোৰ গীত আৰু ছবিয়ে মানুহৰ মনত আনন্দৰ জোৱাৰ তুলিব নোৱাৰে ; যিবোৰ গীত আৰু ছবি সাধাৰণ মানুহে সহজতে বুজিব নোৱাৰে ; তেনেবোৰ গীত আৰু ছবিক কোনেও ভাল নাপায়। আনহাতে, যিবোৰ গীত আৰু ছবিয়ে মানুহক ৰস বোধৰ খোৰাক দিয়ে, হৃদয়ত আনন্দৰ নাহৰ তোলে তেনেবোৰ গীত আৰু ছবিয়ে সকলোৰে মনত ঠাই অধিকাৰ কৰিব পাৰে। অৰ্থাৎ সৰু বিষয়বস্তু এটাৰো কলাত্মক উপস্থাপনে মানুহক আকৰ্ষণ কৰিব পাৰে। অামি সদায় দেখি থকা গছ পাতখিলাও যেতিয়া চিত্ৰকৰে ৰং- তুলিকাৰে দাঙি ধৰে তেতিয়া সি অনন্য হৈ ধৰা দিয়ে। থিক তেনেদৰে অামি শুনি থকা কথাবোৰেই যেতিয়া গীতিকাৰে সুৰেৰে সজায়, সি আমাৰ কাণত অমৃত হৈ বৰষে। সৰু সৰু বিষয়বস্তু বোৰকো সূশ্ম ভাৱ অনুভূতিৰে কলাত্মক ৰূপত প্ৰকাশ কৰিলে তাৰ কেতিয়াও মৃত্যু নহয়। এইবোৰ কৌশলী বিদ্যা অজৰ-অমৰ। সকলোতে এই বিদ্যাৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটিব পাৰে ; বিভিন্ন ঠাইভেদে ই বিভিন্ন ৰূপ পৰিগ্ৰহণ কৰে।
৬) ব্যাখ্য কৰা –
ক) সদায় চকুৰে দেখা গছ-পাতটিও
ছবিটিত ভাল হৈ পৰে,
সদায় কাণেৰে শুনা সৰু কথাটিও
গীত হ’লে প্ৰাণ টানি ধৰে ।
উত্তৰ:- উদ্ধৃত কবিতাফাকি কবি দুৰ্গশ্বৰ শৰ্মাদেৱ ৰচিত “গীত আৰু ছবি” কবিতাটিৰ অন্তৰ্গত ।
কবিয়ে গীত আৰু ছবিৰ মহত্ত্ব বুজাবলৈ যাওঁতে এনেদৰে কবিতাটোত উল্লেখ কৰা হৈছে ।
শিল্পীয়ে তেওঁৰ কৌশলী বিদ্যাৰ জৰিয়তে যিকোনো বস্তকে জীৱন্ত ৰূপ দি অতি আকৰ্ষণীয় কৰি তুলিব পাৰে । সদায় দেখি থকা, অথচ অকণো আকৰ্ষিত নোহোৱা পাতটিও শিল্পীয়ে আমাৰ চকুত লগাকৈ, মনত সোমাই যব পৰাকৈ ছবিত আকিঁব পাৰে । সাধাৰণ বস্ত এটাও ছবি হ’লে । আকৰ্ষণীয় হৈ পৰে । সেইদৰে গীতৰ সন্মোহীন সুৰেও প্ৰাণত আনন্দৰ জোৱাৰ তোলে । সদায় শুনি থকা কথাও আমি বিশেষ ৰস নাপালেও যেতিয়া সেই কথাখিনিকে গায়ক-গায়িকাই সুন্দৰ-সুৰত গীত হিচাপে গায়, তেতিয়া সিয়ে আমাৰ প্ৰাণ টানি ধৰে, অন্তৰ জগাই তোলে, অন্তৰত অপুৰন্ত আনন্দ পোৱা যায় ।
খ) `মিহি ভাব মিহি গতি কৌশলী বিদ্যাৰ
নাই মৃত্যু অজৰ-অমৰ
য'তে পৰে ত' তে গজে, বিভিন্ন আকাৰ
ঠাই বুজি দীঘল-ডাঙৰ।
উত্তৰ:- উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত কবি দুৰ্গেশ্বৰ শৰ্মাদেৱৰ ৰচনা কৰা `গীত আৰু ছবি' নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
কলাত্মক কৌশলী বিদ্যা যে অজৰ-অমৰ সেই প্ৰসংগতে কবিয়ে উক্ত কবিতাফাঁকি উপস্থাপন কৰিছে।
সাধাৰণ বিষয়বস্তু কলাত্মক উপস্থাপনৰ জৰিয়তে মানুহৰ হৃদয়ত স্হান লাভ কৰিবলৈ সক্ষম হয়।
এই কলাত্মক কৌশলক কবিয়ে অজৰ অমৰ বুলি কৈছে। ইয়াৰ কেতিয়াও মৃত্যু নাই ; ই চিৰস্থায়ী। ঠাইভেদে ইয়াৰ প্ৰকাৰ ভিন্ন হব পাৰে।
ভাষা-বিষয়ক:-
৭) সমাৰ্থক শব্দ লিখা
উত্তৰ:- জগত - পৃথিৱী, ধৰণী
উলাহ - উৎসাহ, আনন্দ
চকু - নয়ন, অক্ষি
সৰু - ক্ষুদ্ৰ, সুক্ষ্ম
ভাল - উত্তম, সজ
কান - কৰ্ণ
৮) বাক্য ৰচনা কৰা:
উত্তৰ:- কৌশলী বিদ্যা: কৌশলী বিদ্যাৰ সহায়ত সুক্ষ্ম বিষয়কো কলাত্মক ৰূপত উপস্থাপন কৰিব পাৰি।
অজৰ-অমৰ : শংকৰদেৱৰ ৰচনাৰাজি অসমীয়া সাহিত্যত সদায়ে অজৰ-অমৰ হৈ থাকিব।
আলাসত ঠাই : সুমধুৰ গীতক শ্ৰোতা ডানতাই আলাসত ঠাই দিয়ে।
ডাঙৰ-দীঘল: ৰমেনক আইতাকে বৰ কষ্টৰে ডাঙৰ-দীঘল কৰিছে।
৯) বিপৰীত শব্দ লিখা :
উত্তৰ:- মিহি - খহটা
প্ৰাণ - নিস্প্ৰাণ
মৃত্যু - জন্ম
মূল - অতিৰিক্ত
ক্ষুদ্ৰ - বৃহৎ
