প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক
Lesson 4 | SEBA Class 9 Assamese solution | Class ix Assamese Question & Answer SEBA | Assamqna
১) চমু উত্তৰ দিয়া
ক) কবিয়ে কাক সংকীৰ্ণতা এৰি দি পূৰ্ণ বিশালতা দিৱলৈ আহ্বান জনাইছে?
উত্তৰ:- কবিয়ে আকাশক সংকীৰ্ণতা এৰি দি পূৰ্ণ বিশালতা দিবলৈ আহ্বন জনাইছে।
খ) কবিৰ প্ৰাপ্য কি তাক সুধি কোনে প্ৰশ্ন কৰিছিল?
উত্তৰ:- প্ৰচণ্ড ধুমুহাই কবিৰ প্ৰাপ্য কি সুধি প্ৰশ্ন কৰিছিল।
গ) কবিক বিশাল দৃষ্টি কোনে দিলে?
উত্তৰ:- মহাকাশে কবিক বিশাল দৃষ্টি দিলে।
ঘ) 'মুমূৰ্ষ মানবক জীবনৰ বিদ্যুৎ
কিঞ্চিতো যদি দিব পাৰোঁ' - ইয়াত বিদ্যুৎ শব্দই কি বুজাইছে?
উত্তৰ:- ইয়াত 'বিদ্যুৎ' শব্দই পুনৰ সঞ্জীৱিত বুজাইছে।
ঙ) প্ৰচণ্ড ধুমুহাই কবিক কি প্ৰশ্ন কৰিছিল?
উত্তৰ:- প্ৰচণ্ড ধুমুহাই কবিক প্ৰাপ্য কি বুলি প্ৰশ্ন কৰিছিল।
২) বজ্ৰই কবিক কি কি দিলে?
উত্তৰ:- বজ্ৰই কবিক উদাত্ত কণ্ঠ আৰু সাহস দিলে।
৩)কবিয়ে ‘সচা উদাৰতা’ কথাষাৰেৰে কি বুজাব খুজিছে?
উত্তৰ:- কবিয়ে ‘সঁচা উদাৰতা’ কথাষাৰেৰে স্বাৰ্থহীন দানৰ কথা বুজাব খুজিছে।
8) কবিয়ে কিহৰ দ্বাৰা দিগন্ত কঁপাবলৈ মন মেলিছে চমুকৈ বুজাই লিখা।
উত্তৰ:- কবিয়ে বজ্ৰৰ কণ্ঠেৰে ধুমুহাৰ শক্তিৰে গান গাই দিগন্ত কঁপাবলৈ মন মেলিছে।
৫) কবিয়ে কলিজাৰ সচাঁ সুৰেৰে সিক্ত কৰি কাৰ সমাজত কি গীত গাবলৈ সাজু হৈছে?
উত্তৰ:- কবিয়ে কলিজাৰ সচাঁ সুৰেৰে সিক্ত কৰি দানৱৰ সমাজত মানৱৰ গীত গাবলৈ সাজু হৈছে।
৬) আকাশ, ধুমুহা আৰু বজ্ৰক কবিয়ে কি কাৰণে প্ৰণিপাত জনাইছে বহলাই লিখা।
উত্তৰ:- আকাশ, ধুমুহা আৰু বজ্ৰক কবিয়ে প্ৰণিপাত জনোৱাৰ কাৰণ হল আকাশে কবিক প্ৰদান কৰিলে বিশাল দৃষ্টি, যাৰ জৰিয়তে কবিয়ে সংকীৰ্ণতাৰ পৰিধি ভাঙি মানুহৰ মাজত মানৱতা বোধৰ বানী দাঙি ধৰিবলৈ সক্ষম হৈছে। ধুমুহা আৰু বজ্ৰই কবিক প্ৰচণ্ড শক্তি আৰু উদাত্ত কণ্ঠ প্ৰদান কৰিছে, যি শক্তি আৰু কন্ঠেৰে কবিয়ে দানৱৰ সমাজত মানৱৰ গীত গাই দিগন্ত কঁপাবলৈ সক্ষম হৈছে। মৃতপ্ৰায় সমাজখনক কবিয়ে পুনৰ সঞ্জীৱিত কৰাত আকাশ, ধুমুহা আৰু বজ্ৰৰ পৰা পোৱা প্ৰেৰণাৰ বাবে কবিয়ে প্ৰণিপাত জনাইছে।
৪) ব্যাখ্যা কৰা
(ক) বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক’লে,
তোমাৰ কাম্য কি কোৱা?
মই ক’লোঁ, বজ্ৰ তোমাৰ
শক্তিশালী উদাত্ত কণ্ঠটি দিয়া।
উত্তৰ:- ব্যাখ্যেয় কথাফাকিৰ দ্বাৰা বজ্ৰৰ শক্তিশালী উদাত্ত কণ্ঠ যে কবিৰো কাম্য তাকে বুজাব খোজা হৈছে।
কবি মানুহৰ প্ৰেমিক। সমাজৰ কলুষতা, অমানৱীয়তাই কবিক ব্যথিত কৰে। সকলো মলিনতা নোহোৱা কৰিবলৈ কবিৰ দূৰন্ত ইচ্ছা। কিন্তু তাকে কৰিবলৈ বহু কিবাকিবিৰ প্ৰয়োজন যি নিজৰ মাজত নথকা যেন কবিয়ে অনুভৱ কৰিছে।
কবি কণ্ঠশিল্পী সুৰেৰে তেওঁ পৃথিৱী সুৰীয়া কৰিব খোজে। গানৰ মাজেৰেই তেওঁ মানৱতাৰ কথা ক’ব খোজে। কিন্তু তেওঁ বাৰুকৈয়ে উপলব্ধি কৰিছে যে সাধাৰণ কণ্ঠেৰে মানৱতাৰ সেই গান যেন শক্তিশালী নহ’ব। তেনে হ’ব পাৰে কেৱল ব্ৰজসম শক্তিশালী কণ্ঠেৰে প্ৰকৃতিসৃষ্ট হৈও বজ্ৰৰ মাজত থকা উদাত্ত কণ্ঠ কবিৰ নাই। সেয়ে তেওঁ বজ্ৰক কৈছে সেই কণ্ঠ তেওঁকো লাগে। বজ্রসম উদাত্ত কণ্ঠেৰেহে কবিয়ে সিঁচিব পাৰিব দানৱীয় সমাজতো মানৱীয় উদাৰতা।
খ) সেয়েহে আকাশ তুমি যদি দিব খুজিছাই
সংকীৰ্ণতা এৰি দিয়া
আৱদান ৰূপে তোমাৰ পূৰ্ণ বিশালতা
দিয়া যদি আজিয়েই দিয়া।
উত্তৰ:- উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত ডঃ ভূপেন হাজৰিকা দেৱৰ দ্বাৰা ৰচিত "প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক" নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
কবিতাফাঁকিৰ জৰিয়তে আকাশৰ দৰে উদাৰ আৰু বিশাল মানৱতা বোধৰ কথা কোৱা হৈছে।
কবিয়ে প্ৰকৃতিৰ উপাদান বোৰৰ পৰা শক্তি আৰু প্ৰেৰণা আহৰণ কৰিছে। আকাশৰ বিশালতাই কবিক যেন সোৱৰাই দিছে- সংকীৰ্ণতাৰ পৰিধি ভঙা এক মানবিক উদাৰতাৰ কথা। সেয়েহে কবিয়ে নিজৰ মনটোও আকাশৰ দৰে বিশাল আৰু উদাৰ হোৱাটো কামনা কৰিছে।
গ) মহাকাশে দিলে মোক বিশাল দৃষ্টি
আৰু ধুমুহাই প্ৰচণ্ড শক্তি
বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ
আৰু দিলে সাহসৰ যুক্তি।
উত্তৰ:- প্রকৃতি প্রদত্ত শক্তিৰে পৃথিৱীত জ্ঞানৰ পোহৰ সিঁচিব পৰাকৈ কবি শক্তিশালী হৈ উঠিছে—ব্যাখ্যেয় কবিতাফাকিৰে এনে কথাকেই বুজাব খোজা হৈছে।
কবি মানৱদৰদী। সমাজৰ বেয়া চিন্তা, হিংসা, মলিনতা আদি দূৰ কৰি সুন্দৰ সমাজ এখন প্রতিষ্ঠা হোৱাটো কবিয়ে বিচাৰে। কিন্তু এয়া হ’বলৈ যে কবিৰ কিছুমান গুণ নিজৰ মাজত নাই যি প্ৰকৃতিৰ অন্যান্য উপাদানৰ মাজত আছে। সেই গুণবোৰ নিজৰ মাজত আহৰণ কৰিব পাৰিলে কবিয়ে কাংক্ষিত মানৱ সমাজখন পাব পাৰে। সেয়ে তেওঁ প্ৰকৃতিৰ সেই সমূহ উপাদানৰ পৰা গুণবোৰ বিচাৰিছে।
কবিৰ একান্ত ইচ্ছাক নেওচিব যেন নোৱাৰিলে আকাশ, ধুমুহা আৰু বজ্ৰই । কিয়নো কবিও একে প্রকৃতিৰেই সন্তান। কবিৰ প্ৰাৰ্থনাক আঁকোৱালি লৈ মহাকাশে কবিক প্ৰদান কৰিলে পূর্ণ বিশালতা, ধুমুহাই দিলে প্রচণ্ড শক্তি আৰু বজ্রই দিলে উদাত্ত বণ্ঠ আৰু সাহসৰ যুক্তি। এই উপাদানবোৰেৰে কবি হৈ পৰিল প্ৰচণ্ড শক্তিশালী যাৰ সহায়ত দানবীয় পৃথিৱীত তেওঁ সিঁচিব পাৰে মানৱীয়তা।
ঘ) মুমূৰ্ষু মানবক জীৱনৰ বিক্ষ
কিঞ্চিতো যদি দিব পাৰোঁ
আকাশ, ধুমুহা আৰু বজ্ৰক
তাৰ বাবে প্ৰণিপাত কৰোঁ।
উত্তৰ:- উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত ডঃ ভূপেন হাজৰিকা দেৱৰ দ্বাৰা ৰচিত `প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক ' নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
কবিতাফাঁকিত মানবতাৰ সুৰ পৰিলক্ষিত হৈছে।
ধুমুহাৰ দৰে প্ৰচণ্ড শক্তি লাভ কৰি সমাজৰ উত্তৰণত সেই শক্তি প্ৰয়োগ কৰিবলৈ কবি আগ্ৰহী। বজ্ৰৰ দৰে নিৰ্ভীকতা আৰু উদাত্ত কন্ঠৰে মানবতাৰ জয়গান গাবলৈ কবিয়ে ইচ্ছা প্ৰকাশ কৰিছে। আকাশৰ
বিশালতাই যেন কবিক সোৱৰাই দিছে- সংকীৰ্ণতাৰ পৰিধি ভঙা এক মানবিক উদাৰতাৰ কথা। মুমূৰ্ষু মানবক মানৱতা বোধৰে পুনৰ সঞ্জীৱিত কৰাটোয়েই কবিৰ অভিপ্ৰায়।
ভাষা বিষয়কঃ
৫) তলত দিয়া শব্দবোৰৰ সমাৰ্থক শব্দ লিখা।
ধুমুহা - বৰদৈচিলা
বুকু - হৃদয়
কাম্য - বিচাৰো
সংকীৰ্ণতা - ঠেক
বিশাল-বহল
দানব - দৈত্য
প্ৰণিপাত - প্ৰণাম
সিক্ত - তিতা, ভিজা
৬) তলত দিয়া শব্দকেইটাত কি কাৰণে 'ণ' হৈছে লিখাঃ
কণ্ঠঃ ট বৰ্গৰ কোনো বৰ্ণৰ লগত যুক্ত হলে দন্ত্য ন মূৰ্ধন্য ণ হয়।
পূৰ্ণঃ একেটা পদতে থকা ঋ, ৰ আৰু ষ-ৰ পিছত থকা দন্ত্য ন মূৰ্ধন্য ণ হয়।
প্ৰচণ্ডঃ ট বৰ্গৰ কোনো বৰ্ণৰ লগত যুক্ত হলে দন্ত্য ন মূৰ্ধন্য ণ হয়।
সংকীৰ্ণতাঃ
প্ৰণিপাতঃ
৭) তলত দিয়া শব্দকেইটাৰ কি কাৰণে ' ষ' হৈছে লিখা।
মুমূৰ্ষুঃ অ, আ ভিন্ন অন্য স্বৰবৰ্ণ বা ক বা ৰ-ৰ পাছত থকা প্ৰত্যয়ৰ স মূৰ্ধন্য ষ হয়।
দৃষ্টিঃ ট বৰ্গৰ বৰ্ণৰ সৈতে যুক্ত হলে দন্ত্য স মূৰ্ধন্য ষ হয়।
৮) সন্ধি ভাঙাঃ
দিগন্ত = দিক্ +অন্ত
সৰ্বাকাশ= সৰ্ব+ আকাশ
সংকীৰ্ণ= সম্ + কীৰ্ণ
