মোৰ দেশ
Lesson 5 | SEBA Class 9 Assamese solution | Class ix Assamese Question & Answer SEBA | Assamqna
ভাব- বিষয়ক
১) ক) হীৰেণ ভট্টাচাৰ্যৰ কত জন্ম হৈছিল?
উত্তৰ:- হীৰেণ ভট্টাচাৰ্যৰ ১৯০২ চনত যোৰহাটত জন্ম হৈছিল।
খ) হীৰেণ ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকতৰ নাম লিখা।
উত্তৰ:- হীৰেণ ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকতৰ নাম হল - চিত্ৰবন আৰু মনন।
গ) দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে কি লুকাই আনিছে?
উত্তৰ:- দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে লুকাই আনিছে ঐশ্বৰ্য্যৰ বিপুল সম্ভাৰ।
২) ‘মোৰ দেশ’ কবিতাটিৰ মূলভাৱ লিখা ।
উত্তৰ:- ‘মোৰ দেশ’ কবিতাটিৰ মাজেৰে কবিয়ে প্ৰেমৰ শ্ৰেষ্ঠতা আৰু উৎকৰ্ষ প্ৰতিপন্ন কৰিছে । প্ৰতি ফাকি কবিতাই এনে শ্ৰেষ্ঠতা আৰু গৰিমাৰ জয়গান ঘোষণা কৰিছে । কবিয়ে পোনপটীয়াকৈ নিজৰ দেশক শ্ৰেষ্ঠ বুলি কোৱা নাই যদিও আওপকীয়াকৈ ইয়াৰ প্ৰশংসা কৰিছে । কবিৰ জীৱন যাযবৰী জীৱন । পৃথিৱীৰ চৌদিশে অৰঙে-দৰঙে ঘুৰি তেওঁ দেশ সমূহৰ শ্ৰেষ্ঠতাৰ সন্ধান কৰিছে । নিজৰ দেশৰ মাটিৰ পৰা আৰাম্ভ কৰা এই যাত্ৰা পথত কবিৰ বহু সহচৰ হৈছে । এই বন্ধুসকলৰ সৈতে বিভিন্ন দেশলৈ কৰা যাত্ৰাত কবিয়ে বিভিন্ন ধৰণৰ অভিজ্ঞাতাও লাভ কৰিছে । তেওঁৰ অন্তৰংগ বন্ধুৰ সৈতে মন খোলা কৰি কথা পাতিছে, ৰং ধেমালি কিৰছে, আৰু জীৱনৰ আনন্দ দৃশ্য উপভোগ কৰিছে।
৩) ব্যাখ্যা কৰাঃ
ক) অনৈক্যৰ মাজত ঐকৈ হৈ, বিৰোধৰ মাজত
সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ।
উত্তৰ:- উদ্ধৃত কবিতা ফাকি কবি হীৰেম ভট্টাচাৰ্য ৰচিত মোৰ দেশ কবিতাটিৰ অন্তগৰ্ত ।
কবিয়ে নিজৰ দেশখনৰ প্ৰতি থকা গভীৰ প্ৰেম কথাকেই কবিতা ফাকিৰ জৰিয়তে প্ৰকাশ কৰিছে।
কবিয়ে নিজৰ দেশক সেউজ সোণালী দেশৰ কবিৰ কাৰণে জীৱনৰ প্ৰতিটো পল নিজৰ দেশৰ মংগলৰ বাবে নিয়োজিত কৰিছ। নিজ দেশৰ চিন্তাই কবিৰ মনত সোণালী ভবিষ্যতৰ স্বপ্ন জগাই তুলিছে । কবিয়ে এই দেশৰ বুকুতেই পাইছে ভালপোৱাৰ আনন্দ । প্ৰতিটো পুৱাই কবিলৈ কঢ়িয়াই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ আৰু্ প্ৰতিটো সন্ধিয়াই কবিক দি যায় বহুতো ফুলৰ মধুৰ সুবাস । তাৰ কাৰণে কবি সদায় প্ৰস্তত ।
খ) মোৰ জীৱনৰ আঁহে আঁহে
মোৰ যৌৱনৰ কোঁহে কোঁহে সেই সপোনৰ কলৰোল।
উত্তৰ:- উদ্ধৃত কবিতাফাঁকি সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্য দেৱৰ দ্বাৰা ৰচিত কবিতা `মোৰ দেশ' ৰ পৰা তুলি দিয়া হৈছে।
কবিয়ে নিজৰ দেশখনক প্ৰাণাধিক ভাল পায়। তেওঁৰ প্ৰতিটো কথা কামৰ মাজত দেশৰ প্ৰগতিৰ বাৰ্তাই প্ৰকাশ পায়। তেওঁৰ জীৱন, যৌৱন দেশৰ বাবেই অৰ্পন কৰিছে। দেশখনৰ সোণালী ভৱিষ্যতৰ সপোণ কবিৰ ৰন্ধ্ৰে ৰন্ধ্ৰে বিয়পি আছে। কবিতাফাঁকিৰ মাজেৰে কবিৰ স্বদেশানুৰাগ ফুটি উঠিছে।
৪) কবিতাটোত কবিৰ দেশপ্ৰেমৰ স্বৰূপ কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা।
উত্তৰ:- মোৰ দেশ' কবিতাটিত এটি স্বদেশপ্ৰেমমূলক কবিতা। কবি হীৰেন ভট্টাচাৰ্য।
কবিৰ বাবে নিজৰ দেশখন গানতকৈও, প্ৰাণতকৈও আপোন। তেওঁৰ প্ৰতিটো কামতে দেশখনৰ প্ৰগতি বাৰ্তা লুকাই থাকে। তেওঁ শৈশৱ আৰু যৌৱন অতিবাহিত কৰা দেশখনৰ প্ৰতি সদায় দায়বদ্ধ। সেয়েহে তেওঁ দেশৰ ৰণুৱা, বনুৱা, হালোৱা অৰ্থাৎ শ্ৰমিক শ্ৰেণীটোৰ লগত মিলি পৰিছে। সকলোকে যাতে ঐক্য আৰু সম্প্ৰীতিৰ ডোলেৰে বান্ধিব পাৰে তাৰ বাবে অহৰহ যত্ন কৰিছে। কবিয়ে বিভিন্ন দেশ বিদেশ ভ্ৰমণ কৰিছে যদিও সকলোৰে ওপৰত নিজৰ দেশক স্থান দিছে। এনেদৰে কবিতাটিত কবিৰ স্বদেশানুৰাগ ফুটি উঠিছে।
৫) প্ৰতিটো ঋতুৱে কবিক কি দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে ?
উত্তৰ:- প্ৰতিটো ঋতুৱে কবিক জীৱনৰ আশীৰ্বাদ দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে।
৬) শান্তিৰ চৰাইজনীক আডালি ভৰাই কবিয়ে কি দিছে?
উত্তৰ:- শান্তিৰ চৰাইজনীক আডালি ভৰাই কবিয়ে দিছে - ভৰাঁলৰ এমুঠি ধান, পৰানৰ একোটি গান।
ভাষা- বিষয়ক
৭) সমাৰ্থক শব্দ লিখাঃ
উত্তৰ:- দেশ - ৰাষ্ট্ৰ
কাম - কৰ্ম
কলৰোল - কলৰৱ
সাগৰ - সমূদ্ৰ
সপোণ - স্বপ্ন
বন্ধু - মিত্ৰ
শেষ - সমাপ্ত
সম্ভাৰ - সামগ্ৰী
শইচ - শস্য
বুকু - হৃদয়
তৰংগ - ঢৌ
কল্লোল - কলৰৱ
৮) বিপৰীতাৰ্থক শব্দ লিখা:
উত্তৰ:- সপোন - দিঠক
দেশ - বিদেশ
জীৱন - মৰণ
পাহাৰ- ভৈয়াম
ঐক্য - অনৈক্য
সংহতি - বিৰোধ
শয়ন - জাগৰণ
বিশ্বাস - অবিশ্বাস
শত্ৰু - মিত্ৰ।
