ভূ-পৃষ্ঠত সময় গণনা সপ্তম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ সমাজ বিজ্ঞান পাঠ ১ social science lesson 1 class 7 social science question answer assamese medium class 7 AssamQna

ভূ-পৃষ্ঠত সময় গণনা
সপ্তম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ১
social science lesson 1
class 7 social science question answer assamese medium
class 7 AssamQna


১। চমু উত্তৰ দিয়া-
ক। দ্ৰাঘিমাৰেখাৰ সৰ্বমুঠ সংখ্যা কিমান?
উত্তৰ:-
৩৬০ ডাল।


খ। ভাৰতীয় মান সময়ৰ দ্ৰাঘিমাংশ কিমান?
উত্তৰ:-
৮২ ডিগ্ৰী৩০ দ্ৰাঘিমাৰেখা।


গ। পৃথিৱীক নিজ মেৰুদণ্ডত একপাক ঘূৰিবলৈ
কিমান ঘন্টা সময় লাগে?
উত্তৰ:-
২৪ ঘন্টা প্ৰয়োজন।


ঘ।গ্ৰীনিজৰ ওপৰেৰে কল্পনা কৰা প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ স্থানীয় সযময়ক কি বোলে?
উত্তৰ:-
গ্ৰীনিজৰ মান সময় বোলে।


ঙ। কৌণিক দূৰত্বৰ জোখৰ একক কি?
উত্তৰ:-
ডিগ্ৰী।


২। খালী ঠাই পূৰ কৰা-
ক। পৃথিৱীৰ পৰিধিয়ে কেন্দ্ৰত ______ কোণ কৰি থাকে।
উত্তৰ:-
৩৬০ ডিগ্ৰী।


খ। দ্ৰাঘিমা ৰেখাৰ মান বা জোখক _______ বোলে।
উত্তৰ:-
দ্ৰাঘিমাংশ।


গ।প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ কৌণিক দূৰত্ব _______ দ্ৰাঘিমাংশ।
উত্তৰ:-
ঠাইখনৰ।


ঘ।মধ্যাহ্ন সূৰ্যৰ পৰা পূব ফালে ১৫ 

আতৰত থকা ঠাইখনত ________ বাজিব।
উত্তৰ:-
১ বাজিব।


৩। সঁচা-মিছা নিৰ্ণয় কৰা-
(ক) পৃথিৱীৰ আহ্নিক গতিৰ ফলত পশ্চিমৰ ঠাইসমূহ পূবতকৈ আগতে সূৰ্যৰ সন্মূখীন হয়।
উত্তৰ:-
অশুদ্ধ।


(খ) ভ্ৰমণকাৰীয়ে পূব দিশৰ পৰা ১৮০ডিগ্ৰী অতিক্ৰম কৰাৰ সময়ত ১ দিন য়োগ দিব লাগে ।
উত্তৰ:-
অশুদ্ধ।


(গ) কোনো এখন ঠাইত নিশা ১২ বাজিলে ঠাইখনত এটা দিন শেষ হয়  আৰু অন্য এটা দিন আৰম্ভ হয়
উত্তৰ:-
শুদ্ধ।


(ঘ) ১৮০ ডিগ্ৰী দ্ৰাঘিমাংশত সময়ৰ ব্যৱধান ১২ ঘণ্টা।
উত্তৰ:-
শুদ্ধ।


(ঙ) গ্ৰীনিজতকৈ পিছত সন্ধিয়া হোৱা ঠাই এখন পশ্চিম দ্ৰাঘিমাংশত অৱস্থিত।
উত্তৰ:-
শুদ্ধ।


৪। শুদ্ধ উত্তৰটো বাছি উলিওৱা-
ক। ভ্ৰমণকাৰীয়ে গ্ৰীনিজৰ মান সময় অনুসাৰে গ্ৰীনিজৰ পশ্চিমে গ'লে সময় লাভ/লোকচান হোৱা বুলি অনুভৱ কৰে।
উত্তৰ:-
সময় লাভ।


খ।গ্ৰীনিজতকৈ মুম্বাইত আগতে সূৰ্যোদয় হয়। গতিকে মুম্বাই পূব/পশ্চিম দ্ৰাঘিমাংশত অৱস্থিত।
উত্তৰ:-
পূব।


গ। প্ৰাথমিক দ্ৰাঘিমাৰেখাৰ পূবৰ প্ৰতি ডিগ্ৰী দ্ৰাঘিমাৰেখাত ৪ মিনিটকৈ সময় আগবঢ়া/পিছপৰা।
উত্তৰ:-
আগবঢ়া।


ঘ। ভাৰতীয় দ্ৰাঘিমাৰেখা হিচাপে ৮৩ ডিগ্ৰী ২০/ ৯০ ডিগ্ৰী/৮২ ডিগ্ৰী ৩০।
উত্তৰ:-
৮২ ডিগ্ৰী ৩০।


ঙ।আমি পিন্ধা সাধাৰণ হাতঘড়ীবোৰ স্থানীয় সময়/গ্ৰীনিজ মান সময়/ভাৰতীয় মান সময় মতে চলে।
উত্তৰ:-
ভাৰতীয় মান সময় মতে চলে।


৫। পাৰ্থক্য লিখা-
ক।অক্ষৰেখা আৰু দ্ৰাঘিমাৰেখা।
উত্তৰ:-
বিষুৱৰেখাক ভিত্তি কৰি দুয়ো মেৰুৰ পিনে কৌণিক দূৰত্ব গণনা কৰি অক্ষাংশসমূহ নিৰ্ণয় কৰা হয়। বিষুৱৰ সমন্তৰালকৈ দুয়ো মেৰুৰ পিনে কল্পনা কৰা বৃত্তাকাৰ ৰেখাসমূহেই হল অক্ষৰেখা।
          প্ৰাথমিক দ্ৰাঘিমাৰ পূবে আৰু পশ্চিমে দুয়ো মেৰু সংযোগ কৰি কল্পনা কৰা ৰেখাবোৰেই হল দ্ৰাঘিমাৰেখা।
         

খ। স্থানীয় সময় আৰু মান সময়।
উত্তৰ:-
কোনো এখন ঠাইৰ মধ্যাহ্ন সূৰ্যৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি যি সময় গণনা কৰা হয় তাকে ঠাইখনৰ স্থানীয় সময় বোলে। আনহাতে কোনো এক বা একাধিক নিৰ্দিষ্ট দ্ৰাঘিমাৰ ভিত্তিত সমগ্ৰ দেশৰ বাবে যি সময় গণনাৰ ব্যৱস্থা কৰা হয় তাক দেশখনৰ মান সময় বোলে।

*

Post a Comment (0)
Previous Post Next Post