স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা
ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ২৪
social science lesson 24
class 6 social science question answer assamese medium
class 6 AssamQna
১) উত্তৰ দিয়া-
(ক) গাঁও অঞ্চলৰ স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা কেইটা আৰু কি কি?
উত্তৰ:- গাঁও অঞ্চলৰ স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা তিনিটা-
১) গাঁও পঞ্চায়ত
২) আঞ্চলিক পঞ্চায়ত
৩) জিলা পৰিষদ।
(খ) গাঁও পঞ্চায়তৰ সদস্য সংখ্যা কিমান?
উত্তৰ:- গাঁও পঞ্চায়ত ১০ জন সদস্যৰে গঠিত।
(গ) কোন চনত অসমত তিনি তৰপীয়া পঞ্চায়ত ব্যৱস্থাৰ সূচনা হৈছে?
উত্তৰ:- ১৯৯৪ চনৰ পৰা অসমত তিনি তৰপীয়া পঞ্চায়ত ব্যৱস্থাৰ সূচনা হৈছে।
(ঘ) আঞ্চলিক পঞ্চায়তৰ কাৰ্যকাল কেইবছৰ?
উত্তৰ:- আঞ্চলিক পঞ্চায়তৰ কাৰ্যকাল ৫ বছৰ।
(ঙ) জিলা পৰিষদৰ সমষ্টিসমূহ কিমান জনসংখ্যাৰ ভিত্তিত নিৰ্ধাৰণ কৰা হয়?
উত্তৰ:- জিলা পৰিষদৰ এটা সমষ্টিত ৪০ হাজাৰ জনসংখ্যাৰ ভিত্তিত নিৰ্ধাৰণ কৰা হয়।
২) শুদ্ধ উত্তৰটো বাচি উলিওৱা-
(ক) জিলা পৰিষদৰ কাৰ্যকাল (২/৩/৫ ) বছৰ।
উত্তৰ:- ৫
(খ) অসমত স্বায়ত্ব শাসিত জিলা পৰিষদ (২ /৩/৪) খন।
উত্তৰ:- ২
(গ) গাঁও পঞ্চায়তত অনুসূচীত জাতি, জনজাতি আৰু মহিলাৰ বাবে সংৰক্ষিত আসনৰ ব্যৱস্থা আছে / নাই।
উত্তৰ:- আছে
(ঘ) আঞ্চলিক পঞ্চায়ত (নগৰ সমিতি /গাঁও পঞ্চায়ত/ জিলা পৰিষদ)ৰ সদস্যৰে গঠিত।
উত্তৰ:- গাঁও পঞ্চায়ত
(ঙ) অসমত পৌৰ নিগম (১ /২/৩) খন আছে।
উত্তৰ:- ১
৩) খালী ঠাই পূৰণ কৰা-
(ক) বড়োলেণ্ড টেৰিটৰিয়েল ______ এখন স্বায়ত্ব শাসিত পৰিষদ ǀ
উত্তৰ:- কাউন্সিল
(খ) জিলা পৰিষদৰ এটা সমষ্টিত প্ৰায় _______ জনসংখ্যা থাকে।
উত্তৰ:- ৪০ হাজাৰ
(গ) বি.টি.চি _____ খন জিলাক লৈ গঠন কৰা হৈছে ǀ
উত্তৰ:- ৪
৪। ( ক ) স্বায়ত্ত শাসিত জিলা পৰিষদ গঠনৰ উদ্দেশ্যৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰ:- জিলা পৰিষদে গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তৰ কাম - কাজবোৰ পৰ্যবেক্ষণ কৰে আৰু সমন্বয় স্থাপন কৰে । গাওঁ পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তলৈ অনুদান আগবঢ়োৱা আঁচনি প্ৰস্তুত আৰু কাৰ্যকৰী কৰে ৷ আশ্ৰম , ছাত্রাবাস , শিক্ষানুষ্ঠান , সমবায় সমিতি , সাস্কৃতিক বিকাশ কেন্দ্র , হাট - বজাৰ আদি প্ৰতিষ্ঠা কৰিব পাৰে ৷ জলপথত নাও , ফেৰী আদিৰ ব্যৱস্থা কৰে । এই সকলোবোৰ উদ্দেশ্যৰ বাবে স্বায়িত্ব শাসিত জিলা পৰিষদ গঠন কৰে ।
( খ ) ভৈয়ামৰ যিকোনো দুখন স্বায়ত্ত শাসিত পৰিষদৰ নাম লিখা ।
উত্তৰ:- কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ আৰু উত্তৰ কাছাৰ ( ডিমা হাছাও ) স্বায়ত্ব শাসিত পৰিষদ |
