পৃথিৱীৰ অভ্যন্তৰ ভাগ
সপ্তম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ২
social science lesson 2
class 7 social science question answer assamese medium
class 7 AssamQna
১। শুদ্ধ উত্তৰটি বাছি উলিওৱা-
(ক) পৃথিৱীৰ পৃষ্ঠৰ পৰা কেন্দ্ৰলৈ ৪/৩/৪ টা স্তৰেৰে গঠিত।
উত্তৰ:- ৩টা।
(খ) ভূত্বক গড়ে প্রায় ২০/৩০/২৫ কিল’মিটাৰ ডাঠ।
উত্তৰ:- ২০ কিল’মিটাৰ।
(গ) পৃথিৱীৰ গৰ্ভ মানে হ’ল— ভূত্বক/ গুৰুমণ্ডল/কেন্দ্ৰমণ্ডল।
উত্তৰ:- কেন্দ্ৰমণ্ডল।
(ঘ) জীৱাষ্ম সাধাৰণতে গেদীয় শিল/আগ্নেয়শিল/ৰূপান্তৰিত শিলত পোৱা যায়।
উত্তৰ:- গেদীয় শিল।
(ঙ) আটাইতকৈ টান মণিক বিধ হ’ল সোণ/হীৰা/দস্তা।
উত্তৰ:- হীৰা।
২। খালী ঠাই পূৰ কৰা-
(ক)ভূ-পৃষ্ঠৰ পৰা অভ্যন্তৰ ক্ৰমান্বয়ে__বাঢ়ি গৈ থাকে।
উত্তৰ:- উত্তাপ।
(খ)ভূত্বক স্তৰক____বুলিও জনা যায়।
উত্তৰ:- ছিয়াল।
(গ) মাটি__ আৰু___পদাৰ্থৰে গঠিত।
উত্তৰ:- জৈৱিক আৰু অজৈৱিক।
(ঘ) মেগমাৰ পৰা উৎপত্তি হোৱা শিলক ____
শিল বোলে।
উত্তৰ:- আগ্নেয়।
(ঙ)মণিকবোৰ সাধাৰণতে____পদাৰ্থ।
উত্তৰ:- কঠিন।
৩। চমু উত্তৰ লিখা। (৩০টা মান শব্দৰ ভিতৰত)
(ক) ভূত্বক মানে কি বুজা?
উত্তৰ:- পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণটোক ভূ-ত্বক বোলে। পাহাৰ, পৰ্বত, সমভূমি, মালভূমি, সাগৰ, মহাসাগৰ আদি বোৰ ভূত্বকতেই অৱস্থিত। ই গড়ে ২০ কি. মি. ডাঠ। আদিতে তৰল আৰু গেছীয় পদাৰ্থবোৰ চেঁচা হৈ সংকুচিত হোৱাৰ ফলত ভূ ত্বক ওখোৰা মোখোৰা আৰু অসমান হোৱা বুলি ধাৰণা কৰা হয়।
(খ) আগ্নেয়শিল কাক বোলে?
উত্তৰ:- প্ৰাকৃতিক কাৰণত পৃথিৱীৰ খোলাটোত ফাঁট মেলিলে সেইফালেদি মেগমা বাহিৰলৈ ওলাই আহি লাভা হিচাপে ভূ-পৃষ্ঠত জমা হয়। এইবোৰ বায়ুৰ সংস্পৰ্শলৈ অহাৰ ফলত তাপ বিকিৰণ কৰি গোট মাৰি টান হৈ যি শিলৰ সৃষ্টি কৰে, তাকে আগ্নেয় শিল বোলে।
(গ) মাটি বুলিলে কি বুজা ?
উত্তৰ:- শিলৰ পৰাই মাটিৰ সৃষ্টি হয়। শিলবিলাক সময়ৰ সোঁতত শীত, তাপ, বতাহ, বৰষুণ আদি প্রাকৃতিক কাৰকৰ প্ৰভাৱত অহি - হিচূর্ণ - বিচূর্ণ হয়। সেইসমূহ পুনৰ বতাহ, নদী, হিমপ্ৰৱাহ আদিয়ে কঢ়িয়াই আনি বিভিন্ন স্থানত জমা কৰে। এইদৰেই মাটিৰ সৃষ্টি হয়। প্ৰকৃতাৰ্থত মাটি জৈৱিক আৰু অজৈৱিক পদাৰ্থৰে গঠিত। জৈৱিক উপাদান হ'ল হিউমাছ। মাটিত মিহলি হৈ থকা অজৈৱিক পদাৰ্থবোৰ হ'ল নাইট্ৰজেন, পটাছিয়াম, মেগনেছিয়াম, ছালফাৰ ফছফৰাচ, কেলচিয়াম, লো ইত্যাদি। মাটিতে মণিক থাকে। সাধাৰণতে মাটি ভূ - পৃষ্ঠৰ পৰা ৫ ৰ পৰা ১০ ফুট তললৈ পোৱা যায়।
(ঘ) মণিক কি?
উত্তৰ:- পৃথিৱীত প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা অজৈৱিক গোটা পদাৰ্থসমূহেই হ’ল মণিক। মণিকবোৰ সাধাৰণতে গোটা পদাৰ্থ। সকলো মণিকৰে কিছুমান নিৰ্দিষ্ট ধৰ্ম থাকে –বৰণ, বৰ্ণৰেখা, ৰূপ, স্বচ্ছা আদিবোৰ মণিকৰ মূল ধৰ্ম। মণিকসমূহ দুটা শ্ৰেণীত ভগাব পাৰি– শিল গঠনকাৰী মণিক আৰু আকৰ গঠনকাৰী মণিক। শিল গঠনকাৰী মণিকসমূহ হৈছে-কোৱাৰ্টজ, ছিলিকেট, কাৰ্বনেট, অক্সাইড আনহাতে আকৰ গঠনকাৰী মণিক হৈছে-অৰ্পিমেন্ট, মেলাকাইট, গেলেনা ইত্যাদি।
(ঙ)হিউমাছ কাক বোলে?
উত্তৰ:- মাটিত মিহলি হৈ থকা গছ-গছনিৰ ডাল, পাতৰ অংশ, বিভিন্ন সৰু বৰ জীৱ-জন্তু,কীট পতংগৰ মৃতদেহ,বৃষ্ঠা আদি ৰদত শুকাই, পানীত পচি আৰু অনুজীৱৰ প্ৰভাৱত হিউমাছৰ সৃষ্টি হয়।
৪। উত্তৰ দিয়া :
ক ) পৃথিৱীৰ পৃষ্ঠৰ পৰা অভ্যন্তৰ ভাগলৈ প্ৰধান স্তৰ কেইটা আৰু কি কি ? চিত্র আঁকি বুজাই লিখা।
উত্তৰ:- আমাৰ পৃথিৱীখন ওপৰৰ পৰা ভিতৰলৈ কিছুমান তৰপেৰে গঠিত। পৃথিৱীৰ পৃষ্ঠৰ পৰা কেন্দ্ৰলৈকে থকা পদাৰ্থৰ বিভিন্নতা আৰু সিহঁতৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি পৃথিৱী পৃষ্ঠৰ পৰা অভ্যস্তৰ ভাগলৈ মূল তিনিটা স্তৰত ভাগ কৰা হৈছে। সেই কেইটা হ'ল ক্রমে – (ক) ত্বক
(খ) গুৰুমণ্ডল
(গ) কেন্দ্রমণ্ডল।
পৃথিৱীৰ ওপৰৰ পৰা কেন্দ্ৰলৈকে স্তৰে স্তৰে কঠিন, অৰ্ধ জুলীয়া আৰু জুলীয়া পদাৰ্থ পোৱা যায়। লঘু ঘনত্বৰ পদাৰ্থবোৰ গধুৰ ঘনত্বৰ পদাৰ্থৰ ওপৰত ওপত্তি থাকে। পৃথিৱীৰ উপৰি ভাগৰ কঠিন আৱৰণটোৱেই ভূ - ত্বক। ই প্ৰায় ২০ কিলোমিটাৰ ডাঠ। ভূ - ত্বকৰ ঠিক তলৰ স্তৰটো গুৰুমণ্ডল। ভূ তুতকৈ এই স্তৰৰ পদাৰ্থৰ ঘনত্ব বেছি। এই স্তৰটো প্ৰায় ২,৯০০ কিল'মিটাৰ ডাঠ। গুৰুমণ্ডলৰ ঠিক তলতে কেন্দ্ৰক আৱৰি থকা স্তৰটো হ'ল কেন্দ্ৰমণ্ডল। ই পৃথিৱীৰ গৰ্ভ। এই স্তৰটো প্ৰায় ৩,৪৮৬ কিলোমিটাৰ ডাঠ।
(খ) শিল কেইপ্ৰকাৰৰ আৰু কি কি বুজাই লিখা।
উত্তৰ:- উৎপত্তি অনুযায়ী শিল তিনি প্ৰকাৰৰ-
(ক) আগ্নেয় শিল
(খ) গেদীয় শিল
(গ) ৰূপান্তৰিত শিল
আগ্নেয় শিল:- আগ্নেয়গিৰী উদ্গীৰণৰ ফলত সৃষ্টি হোৱা শিলক আগ্নেয় শিল বোলে। পৃথিৱীৰ অন্তভাগত থকা গলিত, উত্তপ্ত পদার্থসমূহক মেগমা বোলা হয়। এনে মেগমা ভূ-পৃষ্ঠলৈ ওলাই আহিব নোৱাৰি কালক্ৰমত তাপ বিকিৰণ কৰি শীতল হৈ শিলত পৰিণত হয়। এনে ধৰণে গঠন হোৱা শিলক অন্তর্ভেদী আগ্নেয়শিল বোলা হয়। আনহাতে কেতিয়াবা কিছুমান প্রাকৃতিক কাৰণত পৃথিৱীৰ খোলাটোত ফাঁট মেলিলে সেইফালেদি মেগমা বাহিৰলৈ ওলাই আহি লাভা হিচাপে ভূপৃষ্ঠত জমা হয়। এইবোৰ বায়ুৰ সংস্পৰ্শলৈ অহাৰ ফলত তাপ বিকিৰণ কৰি গোট মাৰি টান হৈ যি শিলৰ সৃষ্টি হয় তাক বহির্ভেদী আগ্নেয়শিল বোলা হয়। বেছল্ট, গ্রেণাইট, গেব্র’, বেথলিথ আদি আগ্নেয় শিলৰ উদাহৰণ।
গেদীয় শিল:- নানা ভৌতিক আৰু ৰাসায়নিক ক্ৰিয়াৰ ফলত আৰু উদ্ভিদৰ ক্ৰিয়াৰ বাবে আগ্নেয় শিল দুৰ্বল হৈ ভাঙিবলৈ ধৰে। পিছত এই ভগা অংশবিলাক বতাহ, নৈ, হিমবাহ আদিয়ে কঢ়িয়াই নি সাগৰ, হ্রদ আদিত তৰপে তৰপে জমা কৰে ৷ এইদৰে বছৰি পানী মিহলি হৈ থকা লো, চুণ আদিৰ ক্ৰিয়াৰ ফলত গেদবোৰ কঠিন হৈ অৱশেষত শিলত পৰিণত হয়। এনে শিলক গেদীয় শিল বোলে। স্তৰে স্তৰে এই শিল গঠন হয় বাবে ইয়াক স্তৰীভূত শিলো বোলে। যেনে – কয়লা, চূণশিল ইত্যাদি।
ৰূপান্তৰিত শিল:- আগ্নেয় আৰু গেদীয় শিল যদি বহুদিন ধৰি অধিক চাপ আৰু তাপৰ প্ৰভাৱত থাকে তেন্তে তাৰ ভৌতিক আৰু ৰাসায়নিক পৰিবৰ্তন হৈ এক নতুন শিলৰ সৃষ্টি হয়। এনে শিলক ৰূপান্তৰিত শিল বোলে।
গ। শিল আৰু মাটিৰ মাজত পাৰ্থক্য বিচাৰ কৰা।
উত্তৰ:- শিলৰ পৰা মাটিৰ সৃষ্টি হয়। শিলবিলাক সময়ৰ সোঁতত শীত,তাপ, বতাহ, বৰষুণ আদি প্ৰাকৃতিক কাৰকৰ প্ৰভাৱত জহি-খহি চূৰ্ণ-বিচূৰ্ণ হয়। এনে অংশসমূহ আকৌ বতাহ, নদী, হিমবাহ আদিয়ে কঢ়িয়াই নি বিভিন্ন ঠাইত জমা কৰে। এইদৰে মাটিৰ সৃষ্টি হয়। তাৰোপৰি শিলবোৰ সাধাৰণতে কঠিন আনহাতে মাটি কঠিন বা কোমল হ'ব পাৰে।
(ঘ) “ মাটি অবিহনে গছ - গছনি, জীৱ - জন্তু জীয়াই থাকিব নোৱাৰে কথাষাৰ বুজাই লিখা।
উত্তৰ:- মাটি অবিহনে গছ - গছনি, জীৱ - জন্তু জীয়াই থকা অসম্ভৱ। মানুহৰ জীৱন - ধাৰণৰ বাবে খাদ্য দ্রব্য, নানা ধৰণৰ সামগ্ৰী। বাসস্থান আদি মাটিৰ ওপৰতেই নিৰ্ভৰশীল। জীৱ জগতৰ আবাসস্থলী, মানুহৰ খেতি - বাতি, যাতায়াত ব্যৱস্থা মাটিৰ ওপৰতেই হয়। গছ - গছনিও মাটিৰ ওপৰতেই সৃষ্টি হয়। মাটিত হিউমাছ থাকে। মাটিত থকা এনে জৈৱিক পদাৰ্থসমূহে উদ্ভিদক পুষ্টিৰ যোগান ধৰে। মাটিত থকা পানীভাগে গছ গছনিৰ বৰ্ধনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। মাটি অবিহনে গছ - গছনি নাপাওঁ। গছ গছনি নহ'লে প্রাণীজগত বর্তি নাথাকে। গতিকে দেখা যায় যে মাটি অবিহনে গছ গছনি, জীৱ - জন্তু জীয়াই থাকিব নোৱাৰে।
(ঙ)‘‘মাটি গঠনত জলবায়ুৰ প্ৰভাৱ অপৰিহাৰ্য’’-কথাষাৰ বুজাই লিখা।
উত্তৰ:- মাটি গঠনত জলবায়ুৰ প্ৰভাৱ অপৰিহার্য। শিলবিলাক সময়ৰ সোঁতত শীত, তাপ, বতাহ, বৰষুণ আদি প্রাকৃতিক কাৰকৰ প্ৰভাৱত জহি-খহি চুর্ণ-বিচূর্ণ হয়। এনে অংশসমূহ আকৌ বতাহ, নদী, হিমবাহ আদিয়ে কঢ়িয়াই নি বিভিন্ন ঠাইত জমা কৰে। এইদৰে মাটিৰ সৃষ্টি হয়।
(চ) ভূ - ত্বকত পোৱা শিল, মণিক আৰু মাটিৰ মাজত সম্পৰ্ক বিচাৰ কৰা।
উত্তৰ:- শিল, মণিক আৰু মাটি – এই তিনিটাই ভূ - ত্বকৰ অন্যতম উপাদান। শিল, মাটি আৰু মণিক আদি ভূ - ত্বকতেই অৱস্থিত। ভূ - ত্বক স্তৰটো সাধাৰণতে প্ৰেনাইট জাতীয় শিলেৰে গঠিত। আনহাতে ভূ - ত্বকৰ সমুদ্ৰৰ তলিৰ অংশটো মূলত বেছল্ট জাতীয় শিলেৰে গঠিত। ভু - ত্বকত পোৱা শিলসমূহো মণিকৰ দ্বাৰা গঠিত। কিছুমান শিলত মণিক কেরাবিধো থাকে আৰু আন কিছুমান শিলত এবিধ বা দুবিধ মানহে মণিক থাকে। শিলত থকা মণিকৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি শিলৰ আকাৰ আকৃতি, ৰং, কঠিনতা আদিৰ তাৰতম্য হয়। সকলো মণিকে শিল গঠন নকৰে। কিছুমান মণিকেহে শিল গঠন কৰে। শিল গঠনকাৰী মণিকসমূহে শিল গঠনত সহায় কৰে। ভূ - ত্বকত পোৱা কোৱাৰ্টজ, ছিলিকেট, কার্বনেট অক্সাইড আৰু ফেল্ডস্পাৰ আদি মণিকে শিল গঠন কৰে। ভূ - ত্বকত পোৱা আবৃত মণিকসমূহ মাটিৰ পাতল তৰপ অথবা পলসুৱা মাটিৰ তলত থাকে। আনহাতে ভূ - ত্বকত পোৱা মাটিও শিলৰ দ্বাৰাই গঠিত। প্রাকৃতিক কাৰকৰ প্ৰভাৱত শিল চূর্ণ - বিচূৰ্ণ হৈ মাটিত পৰিণত হয়। শিলৰ পৰাই মাটি হয় বাবে শিলত থকা মণিকবিলাক মাটিতো পোৱা যায়। গতিকে দেখা যায় যে ভূ - ত্বকত পোৱা শিল, মাটি আৰু মণিকৰ মাজত এক বিশেষ সম্পর্ক আছে।
৫। তলৰ তালিকাত বিভিন্ন ধৰণৰ শিলৰ নাম দিয়া আছে। সেইবোৰ তলৰ তালিকাত দিয়া ধৰণে শ্রেণীভুক্ত কৰা— মাৰ্বল, শ্লেট, বালিশিল, গ্রেণাইট, কয়লা, চুণশিল, চকমাটি, নিছ, কংলোমাৰেট, বোকাশিল, চিষ্ট, কোৱাৰ্টাযাইট,
বেছল্ট, গ্রেব্র’।
উত্তৰ:-
আগ্নেয় শিল:- বেছল্ট, গ্ৰেব্ৰ’, গ্ৰেণাইট
গেদীয় শিল :-কংলোমাৰেট, চুণশিল, বোকাশিল, কয়লা, বালিখিল, চকমাটি
ৰূপান্তৰিত শিল:- চিষ্ট, কোৱাৰ্টাযাটছ, নিছ, মাৰ্বল, শ্লেট,
৬। দলত আলোচনা কৰি লিখা—
(ক) মাটিৰ লগত উদ্ভিদ আৰু প্রাণীজগতৰ সম্বন্ধ কি?
উত্তৰ:- মাটিৰ লগত জীৱ-জগতৰ এক ওতঃপ্রোত সম্পর্ক আছে। সকলো প্ৰকাৰৰ প্রাণী আৰু উদ্ভিদৰ আবাসস্থলী হ’ল মাটি। আমাৰ জীৱন যাত্রা, আচাৰ-ব্যৱহাৰ, খেতি-বাতি, অনুষ্ঠান-প্রতিষ্ঠান, যাতায়াত, উদ্যোগ আদি সকলোবোৰ মাটিৰ ওপৰতে নিৰ্ভৰশীল। মাটিৰ অংশ হিচাপে পর্বত-পাহাৰ, মালভূমি-সমভূমি আদিত জীৱজগতৰ আবাসস্থলী যদিও জলমণ্ডলতো জীৱজগতৰ প্ৰসাৰতা আছে। তেনেকৈ মৰু প্রধান আৰু শীত প্রধান অঞ্চলতো কম বেছি পৰিমাণে জীৱ-জগত বিদ্যমান।
(খ) যদিহে পৃথিৱীৰ উপৰিভাগৰ পৰা সাৰুৱা মাটি নোহোৱা হৈ যায়, তেতিয়া কি হ’ব?
উত্তৰ:- ভূ - ত্বক স্তৰে জীৱ জগতৰ বাবে ভাবিব নোৱৰা উপকাৰ সাধিছে। কিয়নো সকলো প্রাণী আৰু উদ্ভিদৰ আবাসস্থলী হ'ল ভূ - ত্বক। আনহাতে আমাৰ জীৱন - যাত্ৰা, আচাৰ - ব্যৱহাৰ, খেতি বাতি, অনুষ্ঠান প্রতিষ্ঠান, যাতায়াত, উদ্যোগ আদি সকলোবোৰ ভূ ত্বকৰ ওপৰতেই নিৰ্ভৰশীল। ভূ ত্বকত পোৱা বিভিন্ন ধৰণৰ শিল মণিক আৰু মাটিয়ে জীৱজগতক বিশেষভাৱে প্ৰভাৱিত কৰি আহিছে। ভূ - ত্বকত পোৱা বিভিন্ন খনিজ পদার্থসমূহে উদ্ভিদ আৰু প্ৰণীৰ বৃদ্ধি আৰু বিকাশত অৰিহণা যোগাই আহিছে। মানুহৰ জীৱন ধাৰণৰ বাবে খাদ্যদ্রব্য, নানা ধৰণৰ সামগ্ৰী, বাসস্থান আদি ভূ - ত্বকৰ মাটিৰ ওপৰতে নিৰ্ভৰশীল ৷
