প্ৰাকৃতিক সম্পদ
অষ্টম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ১
social science lesson 1
class 8 social science question answer assamese medium AssamQna
১। চমু উত্তৰ লিখা
(ক) মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ যিকোনো দুটা কাৰণ উল্লেখ কৰা।
উত্তৰ:- ক) জনসংখ্যা বৃদ্ধি (বাসস্থান সাজিবলৈ, কৃষিকাৰ্য কৰিবলৈ)
খ) অৰ্থনৈতিক প্ৰতিযোগিতা (ব্যৱসায় বাণিজ্য,উদ্যোগ আদি নিৰ্মাণ )
( খ ) কোনো এটা অঞ্চলত জনসংখ্যাৰ বসতি ঘন হোৱাৰ কাৰণ কি বুলি ভবা ? ( দুটা কাৰণ লিখা )
উত্তৰ:- অঞ্চলটোৰ জলবায়ু , মাটিৰ গুণাগুণ , উদ্যোগ , যাতায়াত আদিৰ সুবিধা হোৱাৰ কাৰণে জনবসতি ঘন হয় ।
(গ) ভূমি অৱক্ষয় হোৱাৰ দুটা কাৰণ দৰ্শোৱা।
উত্তৰ:- ১) কৃষি কাৰ্যত অত্যাধিক ৰাসায়নিক সাৰৰ প্ৰয়োগ।
২) খেতি পথাৰৰ মাটিত ইটা ভাটাৰ দৰে উদ্যোগ গঢ়ি উঠাৰ বাবে।
(ঘ)বিভিন্ন ঠাইত বৰ্তমান পানীৰ সংকটে দেখা দিয়াৰ দুটা কাৰণ লিখা।
উত্তৰ:- ১)ঋতু অনুযায়ী বৰষুণৰ পৰিমাণ কমি অহাৰ বাবে।
২) ভূ-তল জলৰ পৰিমাণ দিনক দিনে কমি অহাৰ বাবে।
২। শুদ্ধ উত্তৰটো লিখা।
(ক) তলৰ কোন টোৱে পানীৰ সংৰক্ষণত সহায় কৰে?
১)অবাবতে পানীৰ টেপ খুলি থলে,
২) ভূ গৰ্ভৰ পানীৰ অত্যধিক ব্যৱহাৰ কৰিলে,
৩) বৰষুণৰ পানীৰ জমা কৰি থলে।
উত্তৰ:- ৩) বৰষুণৰ পানী জমা কৰি থ'লে।
(খ) নিৰ্মল পানী পাবলৈ হ'লে-
১) আবৰ্জনাবোৰ নৈত পেলাব লাগে,
২) পানীত ৰাসায়নিক সাৰ মিহলাব লাগে,
৩) পানীৰ উৎস প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগে।
উত্তৰ:-৩) পানীৰ উৎস প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগে।
(গ) তলৰ কোনটোৱে শক্তি সংৰক্ষণত সহায় নকৰে।
১) জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ অধিক হ'লে,
২) অপৰম্পৰাগত শক্তি সুব্যাবহাৰ কৰিলে,
৩) শক্তি সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হ'লে।
উত্তৰ:- ১) জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ অধিক হ'লে।
(৩) ভূমি সম্পদৰ গুৰুত্ব আৰু ব্যৱহাৰৰ বিষয়ে লিখা। (৮০টা মান শব্দৰ ভিতৰত)
উত্তৰ:- পৃথিৱীৰ উপৰিভাগৰ ২৯ শতাংশ মাটি। এই মাটি বা ভূমিয়ে হৈছে জীৱ জগতৰ আধাৰ। মানুহৰ অন্ন, বস্ত্ৰ, বাসস্থান আৰু ইন্ধনৰ মূলতে হৈছে ভূমি। সেইদৰে উদ্ভিদ আৰু প্ৰাণীৰ স্থিতি আৰু বিকাশো ভূমি সম্পদৰ ওপৰত নিৰ্ভৰশীল। ভূমিৰ ওপৰত ভিত্তি কৰিয়েই আমাৰ কৃষি, শিল্প, উদ্যোগ,যাতায়ত আৰু যোগাযোগ ব্যৱস্থা গঢ়লৈ উঠিছে। মানুহৰ সভ্যতা, সংস্কৃতি, অৰ্থনীতি আদিৰ ক্ষেত্ৰত মাটিৰ ভূমিকা সৰ্বাধিক। এই মাটি বা ভূমি অসীম নহয়, সেয়েহে ই বৰ মূল্যৱান সম্পদ।
গ্ৰামাঞ্চলৰ মাটিয়ে কৃষকৰ জীয়াই থকাৰ সম্বল। এই মাটিতেই কৃষিকাৰ্য কৰিয়েই তেওঁলোক জীয়াই থাকে। কৃষিৰ বাবে বহুতে ঘাঁহনি, বিল, পিতনি, চৰণীয়া পথাৰ আদি মাটিৰে পুতি কৃষিভূমিলৈ ৰূপান্তৰিত কৰে। এনে কৰোতে পৰিৱেশত পৰিব পৰা প্ৰভাৱৰ কথা ভবা নহয়।
নগৰ অঞ্চলত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ অধিক। বৰ্ধিত জনসংখ্যাৰ বাবে ভূমিৰো অধিক প্ৰয়োজন হয়। জনসংখ্যা বৃদ্ধিৰ লগে লগে বাসস্থান, উদ্যোগ, ৰাস্ত-ঘাট আদিৰো প্ৰসাৰ ঘটে। সেইকাৰণে কাষৰীয়া কৃষিভূমি, জলাহভূমি, ওচৰৰ বন্যভূমি আদিলৈ নগৰ সম্প্ৰসাৰিত হয়।
( ৫ ) বনজ সম্পদ আৰু জলজ সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত কেনে ভূমিকা লোৱা উচিত
উত্তৰ:- আমাৰ প্ৰয়োজনীয় বাঁহ , কাঠ , খৰি , কেঁচামাল ঔষধি উদ্ভিদ আদি আমি বনজ সম্পদৰ পৰাই পাওঁ | উদ্ভিদে আমাক অক্সিজনৰ যোগান ধৰে , বন্যপ্ৰাণীৰ আশ্ৰয় প্ৰদান কৰে , গোলকীয় উত্তাপ হ্ৰাস কৰে আদি |
ঞজলসম্পদ প্ৰধানকৈ জলসিঞ্চন , পৰিবহণ , উদ্যোগ আৰু ঘৰুৱা কামত ব্যৱহাৰ হয় | বিদ্যুৎ শক্তি আহৰণৰ বাবেও জলসম্পদ বহু পৰিমাণে ব্যৱহাৰ হয় |
(৬) শক্তিসম্পদ সংৰক্ষণৰ বাবে কি কি পদক্ষেপ গ্ৰহণ কৰিব লাগে ?
উত্তৰ:- ঞশক্তি সম্পদ মানৱ সমাজৰ উন্নতিৰ বাবে অপৰিহাৰ্য । জীৱাশ্ম ইন্ধনৰ অত্যধিক ব্যৱহাৰৰ বাবে ইয়াৰ ভঁৰাল ক্রমান্বয়ে কমি আহিছে । গতিকে ইয়াৰ সংৰক্ষণ অত্যাৱশ্যকীয় । এই সম্পদ ব্যৱহাৰত অতি মিতব্যয়ী হোৱা উচিত । অপচয় ৰোধৰ উপৰি ইয়াক ৰাহি কৰিবলৈহে চেষ্টা কৰিব লাগে । কাৰণ ইনবিকৰণযোগ্য নহয় । গতিকে ইন্ধন ব্যৱহাৰকাৰীসকলে ইয়াৰ বাবে সজাগ সচেতন হ'ব লাগে । এই কাৰণতে মিতব্যয়ী ব্যৱহাৰ আৰু ভৱিষ্যতৰ বাবে সংৰক্ষণ অতি আৱশ্যক হৈ পৰিছে । অন্যথা ভূ - গৰ্ভৰ সঞ্চিত ইন্ধনৰ ভৰাঁল অচিৰেই নিশেষ হৈ পৰিব ৷ ইয়াৰ উপৰিও ব্যৱহাৰকাৰীসকলে অপৰম্পৰাগত শক্তি আহৰণ কৰা ব্যৱস্থা কৰা উচিত ।
৭। চমু টোকা লিখা-
(ক) বন্যপ্ৰাণী
উত্তৰ:- হাবিত বাস কৰা সৰু-বৰ জীৱ-জন্তু, চৰাই-চিৰিকতি সৰীসৃপ, উভচৰ প্ৰাণী,কীট- পতংগ ইত্যাদিবোৰক বন্যপ্ৰাণী বুলিব পাৰি।সকলো বন্যপ্ৰাণীয়ে প্ৰাকৃতিক সম্পদ।
(খ) জীৱাশ্ম ইন্ধন
উত্তৰ:- জীৱাশ্ম ইন্ধনবোৰ প্ৰাকৃতিক সম্পদৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত। কয়লা, পেট্ৰোলিয়াম আৰু প্ৰাকৃতিক গেছ আদি জীৱাশ্ম ইন্ধন। এইবোৰ ব্যৱহাৰ কৰাৰ লগে লগে শেষ হয় যায়।
(গ) মৰুকৰণ
উত্তৰ:- প্ৰাকৃতিক বা মানৱজনীয় কাৰণত মৰুভূমিৰ প্ৰসাৰ ঘটাকে বা নতুনকৈ মৰুভূমিৰ সৃষ্টি হোৱাকে মৰুকৰণ বুলি কোৱা হয়।
(ঘ) সৌৰশক্তি
উত্তৰ:- সূৰ্য অফুৰন্ত শক্তিৰ ভৰাল।আমি প্ৰত্যেক দিনাই সূৰ্যৰ তাপ আৰু পোহৰ পাই থাকো।সূৰ্যৰ এই শক্তিক সৌৰ কোষৰ সহায়ত বিদ্ৰোত শক্তি উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰা হয়।
(ঙ) ভূমিস্খলন
উত্তৰ:- ভূমিস্খলন হৈছে প্ৰাকৃতিক কাৰণত বা মানৱ সৃষ্টিৰ কাৰ্যৰ ফলত সংঘটিত এক দুৰ্যোগ।নেৰানেপেৰা বৰষুণ, ভূমিকম্পৰ জোকৰণি আদিৰ ফলত ওখ ঠাইৰ ভূ-খন্ড তললৈ খৰি পৰাকে ভূমিস্খলন বোলে।
৮। পার্থক্য দেখুওৱা –
(ক) গ্রামাঞ্চলৰ ভূমিৰ ব্যৱহাৰ আৰু নগৰীয়া অঞ্চলৰ ভূমিৰ ব্যৱহাৰ
উত্তৰ:- গ্ৰাম্যাঞ্চলত মাটিয়ে কৃষকৰ জীয়াই থকাৰ সম্বল। এই মাটিতেই কৃষিকাৰ্য কৰিয়েই তেওঁলোক জীয়াই থাকে। কৃষিৰ বাবে বহুতে ঘাঁহনি, বিল, পিতনি, চৰণীয়া পথাৰ আদি মাটিৰে পুতি কৃষিভূমিলৈ ৰূপান্তৰিত কৰে। এনে কৰোতে পৰিৱেশত পৰিব পৰা প্ৰভাৱৰ কথা ভবা নহয়।
নগৰ অঞ্চলত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ অধিক। সেয়েহে তাৰ মাটিবোৰৰ দামো অধিক। বৰ্ধিত জনসংখ্যাৰ বাবে ভূমিৰো অধিক প্ৰয়োজন হয়। জনসংখ্যা বৃদ্ধিৰ লগে লগে বাসস্থান, উদ্যোগ, ৰাস্তা ঘাট আদিৰো প্ৰসাৰ ঘটে। সেইকাৰণে কাষৰীয়া কৃষিভূমি, জলাহভূমি, ওচৰৰ বন্যভূমি আদিলৈ নগৰ সম্প্ৰসাৰিত হয়।
(খ) পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তি।
উত্তৰ:- অতীজৰে পৰা জুই জলাবলৈ ব্য়ৱহাৰ কৰি অহা খৰি আৰু অন্য়ান্য় জীৱাশ্ম ইন্ধনবোৰেই হ'ল পৰম্পৰাগত শক্তিৰ উৎস। কয়লা, পেট্ৰলিয়াম, আৰু প্ৰাকৃতিক গেছ আদি জীৱাশ্ম ইন্ধন।
সৌৰশক্তি, জলশক্তি, বতাহশক্তি, জোৱাৰৰ শক্তি আদি হৈছে অপৰম্পৰাগত সম্পদ। অৰ্থাৎ এই শক্তি ব্যৱহাৰ কৰিলেও শেষ হৈ নাযায়। এই শক্তিৰ ব্যৱহাৰৰ ফলত হোৱা প্ৰদূষণৰ মাত্ৰা কম।
