জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ অষ্টম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ সমাজ বিজ্ঞান পাঠ ২ social science lesson 2 class 8 social science question answer assamese medium AssamQna

জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ
অষ্টম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ২
social science lesson 2
class 8 social science question answer assamese medium AssamQna


শুদ্ধ উত্তৰটো লিখাঃ

(ক) কোনটো  অঞ্চলত  জনসংখ্যা  আটাইতকৈ বেছি ?
       ১) নিৰক্ষীয় অঞ্চল
       ২) উত্তৰ মেৰু
       ৩) পূব এছিয়া
       ৪) আফ্ৰিকাৰ চাহাৰা মৰুভূমি
উত্তৰ:-
৩) পূব এছিয়া।


(খ) কোনখন  মহাদেশৰ  জনসংখ্যা  সৰ্বাধিক ?
       ১) ইউৰোপ
       ২) আফ্ৰিকা
       ৩) এছিয়া
       ৪) অষ্ট্ৰেলিয়া
উত্তৰ:-
৩) এছিয়া।


(গ) ২০১১ চনত  অসমৰ  জনসংখ্যা  কিমান  আছিল ?
        ১) ২.২৪ কোটি
        ২) ৩.১২ কোটি
        ৩) ২.৩৫ কোটি
        ৪) ২.৪৬ কোটি
উত্তৰ:-
৩.১২ কোটি।


ঘ) তলত  উল্লেখ  কৰা  কোনখন  মহাদেশত  মানুহৰ  স্থায়ী  বসতি  নাই?
         ১) এছিয়া
         ২) দক্ষিণ আমেৰিকা
         ৩) কুমেৰু বা এন্টাৰ্কটিকা
         ৪) ইউৰোপ
উত্তৰ:-
৩) কুমেৰু বা এন্টাৰ্কটিকা।


ঙ) পৃথিৱীৰ ভিতৰত আটাইতকৈ জনবহুল দেশখন হ'ল-
         ১) ভাৰত
         ২)  পাকিস্তান
         ৩)  ৰাছিয়া
         ৪) চীন
উত্তৰ:-
চীন


২। খালী ঠাই পূৰ কৰা-
(ক) জনসংখ্যা বৃদ্ধি শব্দটোৱে জন সংখ্যাৰ______ বৃদ্ধিক বুজায়।
উত্তৰ:-
সংখ্যাগত।


(খ) পৃথিৱীৰ বেছি ভাগ মানুহে ______গোলাৰ্ধত বসতি কৰে।
উত্তৰ:-
উত্তৰ।


(গ) প্ৰতি বৰ্গকিলোমিটাৰত এলেকাত যিমান সংখ্যক লোকে বসতি কৰে সিয়েই সেই ঠাইখনৰ জন সংখ্যৰ _______।
উত্তৰ:-
ঘনত্ব।


(ঘ) এখন ঠাই ত্যাগ কৰি কোনো এখন নতুন ঠাইলৈ গৈ বসতি কৰিবলৈ ল'লে নতুন ঠাইখনক প্ৰব্ৰজনৰ______বোলে।
উত্তৰ:-
লক্ষ্যস্থান।


৩। চমু টোকা লিখা

(ক) মানৱ সম্পদৰ উন্নয়ন |
উত্তৰ:-
মানৱ সম্পদ দেশৰ উন্নতিৰ ভেটি স্বৰূপ | কৰ্মকুশলতা , উৎপাদন দক্ষতা - জ্ঞান – বুদ্ধি আদি মানৱ সম্পদৰ কিছুমান গুণগত বৈশিষ্ট্য | এনে মানৱ সম্পদক উপযুক্ত ভাৱে গঢ়ি তুলাকে মানৱ সম্পদৰ উন্নয়ন বা বিকাশ বুলিব পাৰি | সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে সম্পদ , শিক্ষা , উপযুক্ত কর্মসংস্থাপন আদিৰ ব্যৱস্থা যথাযথ ভাৱে নিশ্চিত কৰাটোৱেই হৈছে মানৱ সম্পদ উন্নয়নৰ মূল চৰ্ত |


(খ) জনসংখ্যাৰ থুপিকৰণ |
উত্তৰ:-
যিবোৰ ঠাইত প্রাকৃতিক বা মানৱসৃষ্ট সুবিধাৰ ভিত্তিত বসতি অতি ঘন তাতে জনসংখ্যাৰ থূপিকৰন ঘটা বুলি কোৱা হয় | জনসংখ্যাৰ থুপিকৰণৰ ভিত্তিত পৃথিৱীত ৪ টা অঞ্চল চিনাক্ত কৰিব পাৰি | সেইবোৰ হল – পূব এছিয়া , দক্ষিণ - পূর্ব এছিয়া পশ্চিম আৰু মধ্য ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ - পূব উপকূলীয় অঞ্চল ।


(গ) জনসংখ্যাৰ বিস্ফোৰণ |
উত্তৰ:-
চিকিৎসা ব্যৱস্থাৰ উন্নতি ঘটাত মহামাৰীসমূহ নিয়ন্ত্ৰণলৈ অহাৰ লগতে বেমাৰ - আজাৰ বোৰ উন্নত চিকৎসাৰে নিৰাময় কৰিব পৰা হোৱাত মানুহৰ মৃত্যুৰ হাৰ কমি আহে | ইয়াৰ ফলত জনসংখ্যা ক্ষিপ্ৰ গতিত বৃদ্ধি ধৰে | জনসংখ্যাৰ এনে অভাৱনীয় পৰিবৰ্তনক জনসংখ্যাৰ বিস্ফোৰণ বোলে ।


৪। প্ৰব্ৰজন কাক বোলে? ইয়াৰ কাৰণবোৰ কি কি? জন প্ৰব্ৰজনৰ ফলাফলবোৰ কেনেধৰণৰ?
উত্তৰ:-
মানুহে কৰ্মসূত্ৰে বা আন কোনো  কাৰণত নিজৰ স্থান ত্যাগ কৰি অন্য এখন নতুন স্থানত গৈ স্থায়ী বা সাময়িক ভাৱে বসতি কৰা কাৰ্যকে জনপ্ৰব্ৰজন বোলে।
          ইয়াৰ কাৰণ বোৰ হ'ল- যুদ্ধ -বিগ্ৰহ , প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী, বানপানী ,গৰাখহনীয়া , খাদ্য, সংকট, ৰাজনৈতিক সংকট আদি কাৰণত মানুহে কোনো ঠাই ত্যাগ কৰি অন্য স্থানলৈ প্ৰব্ৰজন বাঢ়ে।
          জন প্ৰব্ৰজনৰ ফলাফলবোৰ হ'ল-জনপ্ৰব্ৰজনৰ অধিক হ'লে লক্ষ্য স্থানত হঠাতে জনসংখ্যা দ্ৰুত গতিত বৃদ্ধি পায়।ইয়ে ঠাই খনত ভূমি আৰু অন্যান্য সম্পদৰ জনমূৰি পৰিমাণ হ্ৰাস কৰে। ইয়াৰ ওপৰিও কেতিয়াবা কোনো কোনো প্ৰব্ৰজন লক্ষ্য স্থানত ৰাজনৈতিক ভাষা-সংস্কৃতিৰ সংকটে দেখা দিব পাৰে।

*

Post a Comment (0)
Previous Post Next Post