প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ
সপ্তম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ২৫
social science lesson 25
class 7 social science question answer assamese medium
class 7 AssamQna
১। চমু উত্তৰ লিখা-
(ক) প্রান্তীয় গোট কাক বোলে?
উত্তৰ:- আৰ্থিক, সামাজিক আৰু শৈক্ষিক অনগ্ৰসৰতাত ভোগা লোকসকলকে প্ৰান্তীয় গোট হিচাপে অভিহিত কৰিব পাৰি।
(খ) অসমৰ চাহখেতিৰ বাবে ব্রিটিছসকলে ক’ৰ পৰা বনুৱা আমদানি কৰিছিল?
উত্তৰ:- ভাৰতৰ মধ্যভাগৰ পৰা।
(গ) কোনখন আইনমতে প্রাথমিক শিক্ষা বাধ্যতামূলক কৰা হয়?
উত্তৰ:- শিক্ষাৰ অধিকাৰ আইন ২০০৯।
(ঘ) গৰাখহনীয়া হ’লে কি হয়?
উত্তৰ:- গৰাখহনীয়াৰ ফলত একো একোখন গাওঁ, খেতি পথাৰ আদি নদীৰ পানীত জাহ যায়।
(ঙ) বৃহৎ নদীবান্ধৰ পৰা কি অপকাৰ হ’ব পাৰে?
উত্তৰ:- বৃহৎ নদীবান্ধৰ বাবে বান্ধৰ ওপৰ অংশত পানী জমা কৰি ৰাখিবলৈ এক বিস্তৃত এলেকাৰ প্ৰয়োজন । ফলত নদীবান্ধ কাৰ্যকৰী হোৱাৰ লগে লগে সেই অঞ্চলৰ লোক সকলে নিজ ঠাই এৰি যাব লগাত পৰে । আনহাতে নদীৰ পানী ভাগক ওপৰ অংশত আবদ্ধ কৰি ৰখা বাবে তলৰ কৃষিজীৱী লোকসকলে কৃষিৰ বাবে প্রয়োজনীয় পানী নাপায় । নৈৰ পানী তৰাং হোৱাৰ লগে লগে জলচৰ প্ৰাণীসমূহৰো বিলুপ্তি ঘটে । নৈপৰীয়া মাছমৰীয়া সকলৰ জীৱিকাত বাধা আহি পৰে । যাতায়াতৰ বিজুতি ঘটে সেই অঞ্চলৰ পাৰিপাৰ্শ্বিক ভাৰসাম্যতা হ্রাস পায় । অঞ্চলটো মানুহৰ বসবাসৰ অনুপযোগী হৈ পৰে । মানুহখিনি অন্য ঠাইলৈ গুচি যাব লগা হয় ।
২। উত্তৰ লিখা
(ক) কি কি কাৰণত প্ৰান্তীয় গোটৰ সৃষ্টি হ'ব পাৰে ? তেওঁলোকৰ প্ৰধান সমস্যাসমূহ কি কি ?
উত্তৰ:- ১) অর্থনৈতিক বিকাশ , নগৰীকৰণ আৰু আধুনিকীকৰণৰ স্বাৰ্থত সমাজৰ বহু লোকে নিজৰ স্থায়ী ভেটি এৰি আন ঠাইলৈ যাবলৈ বাধ্য হোৱাৰ ফলত সেইসকল লোক প্রান্তীয় গোটত পৰিণত হ'ব পাৰে ।
২) চাহ উদ্যোগ , বৃহৎ নদীবান্ধ , প্রাকৃতিক দুর্যোগ , বানপানী , গৰাখহনীয়া , ভূমিকম্প আদিৰ বাবেও বহুলোক প্রান্তীয় গোটলৈ ৰূপান্তৰিত হ'ব পাৰে ।
সমস্যাসমূহ
১) তেওঁলোকৰ জীৱন - জীৱিকাত আউল লাগে ।
২) সংস্থানহীন হৈ অ'ত ত'ত সিঁচৰতি হৈ পৰা মানুহখিনি সমাজৰ মূলৰ পৰা বিচ্ছিন্ন হৈ পৰে ।
৩) মানুহখিনিয়ে অন্য এখন সমাজলৈ গৈ নিজকে হীনমন্যতাত ভোগে ।
(খ) অনুসূচিত জনজাতি আৰু অনুসূচিত জাতিৰ ছাত্ৰ - ছাত্ৰী সকলক সংবিধানে কি বিশেষ সুবিধা প্ৰদান কৰিছে ?
উত্তৰ:- ১) অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ ছাত্ৰ - ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ বাবে বিশেষ জলপানিৰ সুবিধা প্ৰদান কৰা হৈছে ।
২) তেওঁলোকৰ শৈক্ষিক বিকাশৰ বাবে শিক্ষানুষ্ঠান , কাৰিকৰী প্ৰতিষ্ঠানসমূহত আসন সংৰক্ষণ কৰা হৈছে ।
(গ) পার্বত্য অঞ্চলৰ জনজাতিসকলৰ বাবে কেনেধৰণৰ স্বায়ত্বশাসন আছে? দুখনৰ নাম লিখা।
উত্তৰ:- জনজাতিসকলৰ আর্থ-সামাজিক উন্নতিৰ বাবে স্বায়ত্ব শাসন দ্বাৰা ব্যৱস্থা গ্ৰহণ কৰা কৰিছে। অসমৰ পার্বত্য জনজাতি অধ্যুষিত অঞ্চলৰ কাৰ্বিসকলৰ বাবে কার্বি আংলং জিলা পৰিষদ আৰু ডিমাহাছাসকলৰ বাবে উত্তৰ কাছাৰ পার্বত্য জিলা পৰিষদ গঠন কৰা হৈছে।
৩। খালী ঠাই পূৰ কৰা
(ক) সংবিধানৰ দৃষ্টিত আমি সকলোৱে এক- __________ ǀ
উত্তৰ:- ভাৰতীয়
(খ) ________ মাটি চাহ খেতিৰ বাবে উপযোগী।
উত্তৰ:- অসমৰ
(গ) দেশৰ বিকাশত ভাগ ল’বলৈ প্ৰতিজন নাগৰিকেই, _______ ।
উত্তৰ:- দায়বদ্ধ
(ঙ) সংখ্যালঘু লোকসকলৰ _________ ক গুৰুত্ব প্রদান কৰি সংবিধানে তাৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰিছে।
উত্তৰ:- ভাষা সাংস্কৃতিক
(চ) মানুহে শস্যও উৎপাদন কৰিব নোৱাৰে ________ উৎপাদন কৰিব নোৱাৰে।
উত্তৰ:- মৎস্য ও
৪। শুদ্ধ অশুদ্ধ বাচি উলিওবা-
(ক) অন্য প্রান্তৰ পৰা অহা ছাত্র-ছাত্রীৰ লগত বন্ধুত্ব কৰিম।
উত্তৰ:- শুদ্ধ।
(খ) বেলেগ বেলেগ ৰীতি-নীতিৰে চলা মানুহক অৱহেলা কৰিম।
উত্তৰ:- অশুদ্ধ।
(গ) দেশৰ সকলোৰে মংগলৰ বাবে চৰকাৰৰ লগত সহযোগিতা কৰিম।
উত্তৰ:- শুদ্ধ।
(ঘ) আমি আন ব্যক্তিক শ্রদ্ধা, মৰম, সন্মান জনালেহে আমিও স্নেহ পাম।
উত্তৰ:- শুদ্ধ।
(ঙ) প্রাকৃতিক দুর্যোগ হলে আমি পৰস্পৰে পৰস্পৰক সহায় নকৰো।
উত্তৰ:- অশুদ্ধ।
