আদি প্ৰস্তুৰ যুগ
ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ১০
social science lesson 10
class 6 social science question answer assamese medium
class 6 AssamQna
৩। উত্তৰ লিখা—
(ক) আদিম যুগৰ মানুহে কি কি খাদ্য খাইছিল?
উত্তৰ:- বিভিন্ন ফল-মূল , জীৱ-জন্তুৰ মাংস, গছৰ গুটি, গছৰ শিপা আদিও খাইছিল।
(খ ) আদিম মানুহে কি কাৰণে এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল ?
উত্তৰ:- আদিম মানুহে বিভিন্ন কাৰণত এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল । বিশেষকৈ চিকাৰ আৰু খাদ্য সংগ্ৰহৰ বাবে এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল ।
(গ ) বর্তমান সময়ৰ মানুহৰ ভ্ৰমণৰ উদ্দেশ্য আৰু আদিম মানুহৰ ভ্ৰমণৰ উদ্দেশ্যৰ মাজত কি কি ক্ষেত্ৰত মিল আৰু অমিল আছে ?
উত্তৰ:- বর্তমান সময়ৰ মানুহৰ ভ্ৰমণৰ উদ্দেশ্য আৰু আদিম মানুহৰ ভ্ৰমণৰ উদ্দেশ্যৰ মাজত কিছু ক্ষেত্ৰত মিল আৰু কিছু ক্ষেত্ৰত অমিল দেখিবলৈ পোৱা যায় মিলৰ ভিতৰত আদিম যুগৰ মানুহ আৰু বৰ্তমান যুগৰ মানুহ উভয়ে বন্ধু - বান্ধৱ , আত্মীয় - স্বজনক লগ কৰিবলৈ ভ্ৰমণ কৰে । আনহাতে অমিলৰ ভিতৰত বর্তমান সময়ৰ মানুহে দৈনন্দিন প্রয়োজন পূৰ কৰিবৰ বাবে ভ্ৰমণ কৰে , কিন্তু আদিম মানুহে মূলতঃ চিকাৰ আৰু খাদ্য সংগ্ৰহৰ বাবেই ভ্রমণ কৰিছিল ৷ ঠিক সেইদৰে আদিম মানুহে জীৱ - জন্তুৰ গতি - বিধিৰ লগত নিজৰো গতি - বিধিৰ পৰিৱৰ্তন কৰিছিল ; কিন্তু বৰ্তমান সময়ৰ মানুহে জীৱ - জন্তুৰ গতি - বিধিৰ লগত নিজৰ গতি - বিধিৰ পৰিৱৰ্তন নকৰে ।
(ঘ) আদিম যুগৰ মানুহে শিলকে কিয় সঁজুলি হিচাপে ব্যৱহাৰ কৰিছিল?
উত্তৰ:- কাৰণ সেই সময়ত শিলক সহজভাৱে পোৱা গৈছিল।
(ঙ) বর্তমান শিলক কি কি কামত ব্যৱহাৰ কৰা হয় লিখা?
উত্তৰ:- পকী ঘৰ বনোৱাত ব্যৱহাৰ কৰে, বিভিন্ন মূৰ্ত্তি বনোৱাত ব্যৱহাৰ কৰে, দলং বনোৱাত ব্যৱহাৰ কৰে ইত্যাদি।
(চ ) জুইৰ আৱিষ্কাৰ কিদৰে হৈছিল ?
উত্তৰ:- আদিম যুগৰ মানুহে খাদ্যৰ সন্ধানত হাবিত ঘূৰি ফুৰোতে হয়তো ঘটনাক্রমে শিলে শিলে ঘহনি খাই ফিৰিঙতিৰ উৎপত্তি হোৱা দেখিবলৈ পাইছিল আৰু সেই ফিৰিঙতিয়ে শুকান পাত আৰু কাঠৰ সংস্পৰ্শলৈ আহি জুইৰ সৃষ্টি কৰিছিল । তেতিয়াৰ পৰাই হয়তো তেওঁলোকে জুইৰ ব্যৱহাৰ কৰিবলৈ শিকিছিল । জুইৰ আৱিষ্কাৰ মানৱ সভ্যতাৰ অগ্ৰগতিৰ এক উল্লেখযোগ্য অধ্যায় ।
(ছ ) আদিম মানুহে জুই কি কি কামত ব্যৱহাৰ কৰিছিল ?
উত্তৰ:- আদিম মানুহে চিকাৰ কৰি অনা জীৱ - জন্তু , মাছ আদি জুইত সিজাই খাইছিল । ঠাণ্ডা তথা ৰাতিৰ আন্ধাৰৰ পৰা পৰিত্ৰাণ পাবলৈও আদিম মানুহে জুইৰ ব্যৱহাৰ কৰিছিল ।
(৩ ) আদিম মানুহে সংগ্ৰহ কৰা খাদ্য কিয় সাঁচি নাৰাখিছিল ? ব্যাখ্যা কৰা।
উত্তৰ:- আদিম মানুহে চিকাৰী আৰু খাদ্য সংগ্ৰহকাৰী ৰূপে এটা সহজ - সৰল অথচ কঠিন জীৱন - নিৰ্বাহ কৰিছিল । সকলোৱে লগে - ভাগে কাম কৰিছিল আৰু খাদ্যবস্তুসমূহ ভগাই খাইছিল , তেওঁলোকে ভৱিষ্যত্ৰ কথা অকণো ভবা নাছিল । সেইবাবে আদিম মানুহে সংগ্ৰহ কৰা খাদ্য সাঁচি নাৰাখিছিল ।
