কি, ক'ত কেতিয়া আৰু কেনেকৈ
ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ৯
social science lesson 9
class 6 social science question answer assamese medium
class 6 AssamQna
(১) উত্তৰ লিখাঃ
(ক)ইতিহাস কাক বোলে?
উত্তৰ:- ইতিহাস হ'ল অতীতত ঘটা প্ৰকৃত ঘটনাৰ নিৰ্ভৰযোগ্য ধাৰাবাহিক বিৱৰণী।
(খ) সাধুকথা আৰু ইতিহাসে একে অৰ্থ নুবুজায় কিয়?
উত্তৰ:- ইতিহাস হৈছে অতীতত ঘটা প্ৰকৃত ঘটনাৰ বিৱৰণী। আনহাতে সাধুকথা হৈছে কোনো ধৰণৰ সত্য়তা নথকা ইচ্ছাকৃতভাৱে সাজি উলিওৱা কাহিনী।
( গ ) ইতিহাস অধ্যয়নৰ সমলবোৰ কি কি ?
উত্তৰ:- পুৰণি ভগ্নাৱশেষ , বাচন - বৰ্তন লিপি , আ - অলংকাৰ , সা - সজুলি আৰু মূৰ্ত্তি , গছৰ বাকলি , তামৰ ফলি , প্রাচীন মুদ্ৰা , বেদ , উপনিষদ , ৰামায়ণ , মহাভাৰত , পুৰাণ , তন্ত্ৰশাস্ত্ৰ আৰু বিদেশী পর্যটকৰ টোকা বা পুথি , চিত্র - ভাথর্ষ ।
( ঘ ) বেদ , পুৰাণ , মহাভাৰত আদি ইতিহাস অধ্যয়নৰ সমলনে ? যদি হয় , সেইবোৰ কোনবিধ সমলৰ অন্তৰ্গত ?
উত্তৰ:- বেদ , পুৰাণ , মহাভাৰত আদি ইতিহাস অধ্যয়নৰ সমল হয় । সেইবোৰ সাহিত্য সমলৰ অন্তর্গত ।
(ঙ) বৰ্তমান সময়ত ইতিহাস অধ্যয়নৰ প্ৰয়োজনীয়তা কি আছে বুলি ভাবা?
উত্তৰ:- আমি নিজৰ ঐতিহ্য, পৰম্পৰা, কলা-সংস্কৃতিৰ প্ৰতি আস্থা আৰু সন্মানৰ মনোভাৱ গঢ়ি তোলাৰ প্ৰয়োজন। আৰু এই কাম ইতিহাস অধ্য়য়নৰ ফলতহে হৈ উঠিব। গতিকে আমাৰ ইতিহাস অধ্য়য়নৰ প্ৰয়োজনীয়তা আছে।
( চ ) বুৰঞ্জী আৰু ইতিহাসৰ পাৰ্থক্য কি ?
উত্তৰ:- অসমীয়া ভাষাত বুৰঞ্জী আৰু ইতিহাসএকেটা অৰ্থত ব্যৱহাৰ কৰা দেখা যায় । কিন্তু বুৰঞ্জী আৰু ইতিহাস একে নহয় । দুয়োটা শব্দৰ মাজত গুণগত পার্থক্য আছে । সাধাৰণতে বুৰঞ্জীত ৰজা বা সম্ভ্ৰান্ত পৰিয়ালৰ বিৱৰণহে পোৱা যায় ৷ ইয়াত সাধাৰণ প্ৰজা বা জনসাধাৰণৰ বিষয়ে উল্লেখ নাথাকে ৷ যাৰ বাবে বুৰঞ্জীক ইতিহাস আখ্যা দিয়া নাযায় । কিন্তু অসমৰ ইতিহাস ৰচনা কৰাৰ বাবে বুৰঞ্জীবোৰ এক উল্লেখযোগ্য সমল ।
