মৌৰ্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ
সপ্তম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ১০
social science lesson 10
class 7 social science question answer assamese medium
class 7 AssamQna
১। উত্তৰ দিয়াঃ
(ক) শুঙ্গবংশৰ পিছত উত্তৰ ভাৰতত কোন বংশৰ ৰজাই ৰাজত্ব কৰিছিল?
উত্তৰ:- শুঙ্গবংশৰ পিছত কান্ব নামৰ এটা ৰাজবংশৰ ৰজাই উত্তৰ ভাৰতত ৰাজত্ব কৰিছিল।
(খ) সাতবাহনসকলে ভাৰতৰ কোন অংশত ৰাজত্ব কৰিছিল?
উত্তৰ:- সাতবাহনসকলে ভাৰতৰ দক্ষিণ ভাৰতত ৰাজত্ব কৰিছিল।
(গ)কলিঙ্গ ৰাজ্যক বৰ্তমান কি নামেৰে জনা যায়?
উত্তৰ:- কলিঙ্গৰাজ্যক বৰ্তমান উৰিষ্যা নামেৰে জনা যায়।
(ঘ) ‘ত্ৰিৰাজ্য’ বুলিলে কোন কেইখন ৰাজ্যক বুজায়?
উত্তৰ:- চোল, চেৰা পাণ্ড্যসকলে, ৰাজত্ব কৰা তিনিওখন ৰাজ্যক ত্ৰিৰাজ্য বুলি জনা যায়।
(ঙ) কুষাণ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল?
উত্তৰ:- কুষাণ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল কণিষ্কৰ।
২। উত্তৰ লিখা:
(ক) সাতবাহনসকলৰ ৰাজত্বকালত কাৰ কাৰ লগত বাণিজ্যক সম্পৰ্ক স্থাপন হৈছিল?
উত্তৰ:- সাতবাহনসকলৰ ৰাজত্বকালত ৰোমান সাম্ৰাজ্য আৰু দক্ষিণ পূব এছিয়াৰ লগত বাণিজ্যিক সম্পৰ্ক স্থাপন কৰিছিল।
(খ) কণিষ্কৰ শাসনকালত বৌদ্ধ ধম কেইটা ভাগত ভাগ হৈছিল? নাম দুটা উল্লেখ কৰা?
উত্তৰ:- কণিষ্কৰ শাসনকালত বৌদ্ধ ধৰ্ম ২ টা ভাগত ভাগ কৰা হৈছিল। আৰু ভাগকেইটা হৈছে – হীনযান আৰু মহাযান।
(গ) সংগম সাহিত্য কেইপ্ৰকাৰৰ আৰু কি কি?
উত্তৰ:- সংগম সাহিত্য দুই প্ৰকাৰৰ আৰু সেইকেইটা হৈছে – নীতিশিক্ষামূলক আৰু বৰ্ণনাত্মাক।
(ঘ) কুষাণ যুগৰ দুটা শিল্পকলাৰ নাম।
উত্তৰ:- কুষাণ যুগৰ দুটা শিল্পকলাৰ নাম- মথুৰা শিল্পকলাৰ আৰু অমৰাৱতী শিল্পকলা।
(ঙ) মৌৰ্যৰ পৰৱতী যুগত জলসিঞ্চনৰ বাবে ব্যৱহৃত দুটা ব্যৱস্থাৰ নাম।
উত্তৰ:- মৌৰ্যৰ পৰৱৰ্তী যুগত জলসিঞ্চনৰ বাবে ব্যৱহৃত দুটা ব্যৱস্থাৰ নাম হ’ল পুখুৰী আৰু কৃত্ৰিম জলাশয় আদি।
(চ) মৌৰ্যসকলৰ পৰৱৰ্তী গাওঁবিলাকত কি কি বৃত্তিজীৱি লোক বাস কৰিছিল? দুটা বৃত্তিৰ নাম উল্লেখ কৰা
উত্তৰ:- মৃৎশিল্পি, কমাৰ, বাঢ়ৈ, শিপিনী আদি।
৩। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলাই চোৱা –
উত্তৰ:- (ক) মহামেঘ বাহন -- (ঙ) কলিঙ্গ
(খ) অন্ধ্ৰৰ আন এটা নাম -- (ঘ) সাতবাহন
(গ) ইন্দো-গীকসকলৰ বিখ্যাত ৰজা -- (ক) মিনাণ্ডাৰ
(ঘ) কণিষ্কৰ দৃষ্টি আকষণ কৰিছিল -- (খ) গান্ধাৰ শিল্পই
(ঙ) সংগম সাহিত্য -- (গ) তামিল কবি সন্মিলনৰ সাহিত্য় আছিল।
৪। শুদ্ধ উত্তৰ বাছি উলিওৱা –
(ক) সাতবাহন ৰাজ্য প্ৰতিষ্ঠা কৰিছিল জয়দ্ৰথে \ সিমুকে \ বাসুদেৱে।
উত্তৰ:- সিমুকে।
(খ) যবন বুলি শুঙ্গ\ ইন্দো-গ্ৰীক\ কান্বসকলক কোৱা হৈছিল।
উত্তৰ:- ইন্দো-গ্ৰীক।
(গ) গান্ধাৰ শিল্পৰ মূল বিষয়-বস্তু আছিল হিন্দুধম\বৌদ্ধধম\জৈনধম।
উত্তৰ:- বৌদ্ধধৰ্ম।
(ঘ) গণ্ডোফণিছ কুষাণ \পহ্লৱ / শক বংশৰ শ্ৰেষ্ঠ ৰজা আছিল।
উত্তৰ:- পহ্লৱ।
(ঙ) জাতক হৈছে গল্প / কবিতা / উপন্যাস।
উত্তৰ:- গল্প।
৫। সত্য নে অসত্য বাছি উলিওৱা –
(ক) কাতন্ত্ৰ আছিল সাতবাহনসকলৰ দিনৰ এখন উল্লেখযোগ্য গ্ৰন্থ।
উত্তৰ:- সত্য।
(খ) অশ্বঘোষ শক ৰাজসভাৰ এজন পণ্ডিত আছিল।
উত্তৰ:- অসত্য।
(গ) সংগম সাহিত্য সংস্কৃত ভাষাত ৰচনা কৰা হৈছিল।
উত্তৰ:- অসত্য।
(ঘ) মিনাণ্ডাৰে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল।
উত্তৰ:- অসত্য।
(ঙ) প্ৰাচীন ভাৰতলৈ ৰোমান সাম্ৰাজ্যৰ পৰা সোণ আমদানি কৰা হৈছিল।
উত্তৰ:- সত্য।
৬। তলত দিয়া বিষয়বোৰৰ ওপৰত চমু টোকা লিখা ।
(ক) অর্থনীতি , সমাজনীতি আৰু সংস্কৃতিৰ ওপৰত আলোকপাত কৰি কনিষ্কৰ ৰাজত্ব কাল বর্ণনা কৰা ।
উত্তৰ:- কনিষ্কৰ দিনত দেশখন অৰ্থনীতিৰ ক্ষেত্ৰত আগবঢ়া আছিল । আন্তঃবাণিজ্য আৰু বহিঃবাণিজ্যই উচ্চ শিখৰ পাইছিল । তেওঁ সাহিত্য - সংস্কৃতিলৈ উল্লেখযোগ্য বৰঙণি যোগাইছিল ৷ তেওঁৰ দিনতেই চৰক সংহিতা আৰু পতঞ্জলিৰ ‘ মহাভাষ্য ’ ৰচিত হৈছিল । গান্ধাৰ শিল্পৰ নিচিনাকৈ মথুৰা শিল্প আৰু অমৰাৱতী শিল্পকলাই তেওঁৰ দিনত উন্নতি লাভ কৰিছিল ৷ প্ৰজাৰ কল্যাণৰ বাবে তেওঁ ভালেমান সামাজিক আঁচনি গ্ৰহণ কৰিছিল ।
(খ) মৌর্য যুগৰ পৰৱৰ্তী সময়ত সাধাৰণ মানুহৰ জীৱন ধাৰণৰ প্ৰণালী ।
উত্তৰ:- মৌর্য যুগৰ পৰৱৰ্তী সময়ত সাধাৰণ প্ৰজাৰ জীৱন ধাৰণ প্ৰণালীত বহুতো পৰিৱৰ্তন আহিছিল । কৃষিকৰ্মৰ প্ৰসাৰ , নতুন নগৰ গঠন , শিল্প উৎপাদন আৰু বেহা - বেপাৰ আদিৰ ব্যাপক পৰিৱৰ্তন এইক্ষেত্ৰত উল্লেখযোগ্য । এই সময়ছোৱাত শস্যৰ উৎপাদন বৃদ্ধিৰ বাবে জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছিল । জমিদাৰসকলে বিচাৰ , শাস্তিৰক্ষা আৰু গাঁৱৰ ৰাজহ সংগ্ৰহৰ কাম কৰিছিল ৷ গাঁওবোৰত বাঢ়ৈ , শিপিনী , কুমাৰ , কমাৰ আদি বিভিন্ন বৃত্তিধাৰী লোক আছিল । ওচৰ পাঁজৰৰ কৃষকৰ আৰু পশুপালকসকলে নগৰৰ মানুহৰ বাবে খাদ্যৰ যোগান ধৰিছিল । নগৰ কিছুমান প্রাচীৰেৰে আৱৰা আছিল ।
