ভাৰতৰ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, কৃষি আৰু জনসংখ্যা সপ্তম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ সমাজ বিজ্ঞান পাঠ ৯ social science lesson 9 class 7 social science question answer assamese medium class 7 AssamQna

ভাৰতৰ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, কৃষি আৰু জনসংখ্যা
সপ্তম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ৯
social science lesson 9
class 7 social science question answer assamese medium
class 7 AssamQna


১। শুদ্ধ অশুদ্ধ বিচাৰি উলিওৱা-

(ক) ভাৰতত দুই ধৰণৰ মৌচুমী বায়ু প্ৰবাহিত হয়।
উত্তৰ:-
শুদ্ধ।


(খ) জনসংখ্যাৰ আকাৰৰ ক্ষেত্ৰত ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰত প্ৰথম।
উত্তৰ:-
অশুদ্ধ।


(গ) ভাৰতবৰ্ষৰ প্ৰায় সোঁমাজেদি কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈ গৈছে।
উত্তৰ:-
শুদ্ধ।


(ঘ) দক্ষিণ ভাৰতৰ ক'লা মাটি অঞ্চল চাহ খেতিৰ বাবে উপযোগী।
উত্তৰ:-
অশুদ্ধ।


(ঙ) মৰুভূমি অঞ্চলত চিৰসেউজীয়া উদ্ভিদ পোৱা যায়।
উত্তৰ:-
অশুদ্ধ।


২। শুদ্ধ উত্তৰটো বাছি উলিয়াই লিখা-
(ক) দক্ষিণ পশ্চিম মৌচুমী বতাহ প্ৰশান্ত মহাসাগৰ/আৰৱ সাগৰ/লোহিত সাগৰৰ ওপৰেদি প্ৰবাহিত হয়।
উত্তৰ:-
আৰৱ সাগৰ।


(খ) ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ জনসংখ্যাৰ ঘনত্ব হ'ল প্ৰতি বৰ্গ কিল'মিটাৰত ৩৮০/৩৮২/৩২৪ জন।
উত্তৰ:-
৩৮২ জন।


(গ) ফলমূল উৎপাদনত পাঞ্জাব/জম্মু-কাশ্মীৰ/হিমাচল প্ৰদেশৰ স্থান ভাৰতৰ ভিতৰত প্ৰথম।
উত্তৰ:-
জম্মু-কাশ্মীৰ।


(ঘ) মৰুভূমি অঞ্চলত চিৰসেউজীয়া/কাঁইটীয়া/তৃণজাতীয় উদ্ভিদ পোৱা যায়।
উত্তৰ:-
কাঁইটীয়া উদ্ভিদ।


(ঙ) ভাৰতবৰ্ষৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখন হ'ল অৰুণাচল প্ৰদেশ/মহাৰাষ্ট্ৰ/উত্তৰ প্ৰদেশ।
উত্তৰ:-
উত্তৰ প্ৰদেশ।


৩।‘ক' অংশৰ লগত ‘খ' অংশ মিলোৱা-
উত্তৰ:-
(ক) মৌচুমীয় উদ্ভিদ। -- (ঘ) বছৰি ১০০ চেন্টিমিটাৰৰ‌ পৰা ২০০ চেন্টিমিটাৰত বৰষুণ হয়।
      
(খ) তৃণজাতীয় উদ্ভিদ -- (গ) বছৰি ৫০ চেন্টিমিটাৰৰ পৰা ১০০ চেন্টিমিটাৰত বৰষুণ হয়।
      
(গ) কাঁইটীয়া মৰুজ উদ্ভিদ -- (খ) বছৰি ৫০ চেন্টিমিটাৰ- তকৈ কম বৰষুণ হয়   
      
(ঘ) চিৰসেউজীয়া উদ্ভিদ -- (ক) ২০০ চেন্টিমিটাৰতকৈ অধিক বৰষুণ হয


৪। চমু উত্তৰ লিখা

(ক) জনসংখ্যা হ্রাস - বৃদ্ধি কি কি কাৰণত হ'ব পাৰে ?
উত্তৰ:-
জনসংখ্যাৰ হ্ৰাস - বৃদ্ধি প্ৰধানকৈ জন্মৰ হাৰ মৃত্যুৰ হাৰ আৰু প্ৰব্ৰজনৰ ওপৰত নিৰ্ভৰ কৰে ৷ আনহাতে প্রাকৃতিক দুর্যোগ , বিভিন্ন ৰোগ - ব্যাধি , মহামাৰী , যুদ্ধ - বিগ্রহ আদি প্রাকৃতিক কাৰণত জনসংখ্যা হ্রাস হয় । আকৌ কম সাক্ষৰতাৰ হাৰ , জন্ম নিয়ন্ত্ৰণ আঁচনিৰ অসফল প্রয়োগ , পৰম্পৰাগত ৰীতি - নীতি , কম বয়সত বিবাহ হোৱা আদি কাৰণত জনসংখ্যা বাঢ়িব পাৰে ।


(খ) ভাৰতবৰ্ষৰ জলবায়ু নিৰ্ধাৰণ কৰা কাৰকসমূহ কি কি?
উত্তৰ:-
ভাৰতবৰ্ষৰ জলবায়ু নিৰ্ধাৰণ কৰা কাৰকসমূহ হল- দেশখনৰ বিশালতা, বেলেগ বেলেগ ভূ- প্ৰকৃতি, বিষুৱৰ পৰা দূৰত্ব, উচ্চতাৰ পাৰ্থক্য, মৌচুমী বতাহ আদিৰ প্ৰভাৱে ভাৰতবৰ্ষৰ জলবায়ু নিৰ্ধাৰণ কৰে।


(গ) ভাৰতবৰ্ষৰ ক'ত চিৰসেউজীয়া উদ্ভিদ পোৱা যায়?
উত্তৰ:-
পশ্চিমঘাট পৰ্বতৰ পশ্চিমঢাল, উজনি অসম, অৰুণাচল, হিমালয়ৰ নামনি অংশ, মণিপুৰ আৰু মিজোৰামৰ পাৰ্বত্য অঞ্চল, আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কিছু অংশত চিৰসেউজীয়া উদ্ভিদ পোৱা যায়।


(ঘ) ভাৰতবৰ্ষত কপাহ খেতি হোৱা ঠাইসমূহ কি কি ?
উত্তৰ:-
মধ্য প্রদেশ আৰু গুজৰাটৰ দক্ষিণ অংশ , মহাৰাষ্ট্ৰ , অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকৰ উত্তৰ অংশত অৱস্থিত ক’লা মাটি অঞ্চলত প্ৰচুৰ পৰিমাণে কপাহ খেতি হয় । চমুকৈ ক'বলৈ গ'লে ভাৰতৰ দাক্ষিণাত্য মালভূমিৰ উত্তৰ পশ্চিম অঞ্চল কপাহ খেতিৰ বাবে বিখ্যাত ।


৫। উত্তৰ লিখাঃ

(ক) ভাৰতবৰ্ষৰ জলবায়ু ওপৰত দক্ষিণ পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱ সম্পৰ্কে মানচিত্ৰৰ সহায়ত বুজাই লিখা।
উত্তৰ:-
গ্ৰীষ্মকালত কৰ্কটক্ৰান্তি ৰেখাৰ ওপৰত সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে। ইয়াত বায়ু গৰম হৈ নিম্নচাপৰ সৃষ্টি কৰে। এই অঞ্চললৈ ভাৰত মহাসাগৰৰ পৰা জলীয় ভাপ গধুৰ বায়ু বৈ আহে। এই বতাহৰ এটি সোঁতে অন্ধপ্ৰদেশ, উৰিষ্যা আৰু পশ্চিম বংগত প্ৰৱেশ কৰে। আন এটি সোত বাংলাদেশৰ ওপৰেদি পাৰ হৈ অসমত প্ৰৱেশ কৰে। কৰমণ্ডল উপকূলীয় অঞ্চল, অসম, মেঘালয়, অৰুণাচল আদি স্থানসমূহত ইয়াৰ প্ৰভাৱত প্ৰচুৰ বৰষুণ হয়। আনফালে আৰৱ সাগৰৰ ওপৰৰে উত্তৰলৈ গতি কৰা বতাহৰ এটি সোঁতে পশ্চিমঘাট পৰ্বতত খুন্দা মাৰে। এই বতাহৰ প্ৰভাৱত দক্ষিণ ভাৰতৰ মালাবাৰ উপকূল, কংকন উপকূল আৰু গুজৰাটৰ উপকূল অঞ্চলত বৰষুণ হয়।


(খ) ‘ ভিন ভিন খেতিৰ বাবে ভিন্ন ভিন্ন জলবায়ুৰ প্ৰয়োজন'— কথাষাৰ ব্যাখ্যা কৰা । 

উত্তৰ:- ভাৰতবৰ্ষ এখন কৃষিপ্রধান দেশ । আচলতে জলবায়ুৰ বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত বিভিন্ন খেতি কৰা হয় । গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকা অঞ্চলৰ মাটি পলসুৱা । ধান এই অঞ্চলৰ প্ৰধান কৃষিজাত সামগ্ৰী ৷ পঞ্জাৱ , হাৰিয়ানা , ৰাজস্থান আৰু উত্তৰ প্ৰদেশত শুকান জলবায়ু আৰু কম বৃষ্টিপাতৰ বাবে ঘেঁহু হয় । সেইদৰে আন্দামান আৰু নিকোবর দ্বীপপুঞ্জ , লাক্ষাদ্বীপ আদিত প্ৰচুৰ বৰষুণ হয় । ইয়াত মছলাজাতীয় শস্য , কফি , জালুক আদি প্ৰচুৰ পৰিমাণে হয় । এইদৰে ভাৰতৰ দৰে বিশাল দেশখনৰ বিভিন্ন জলবায়ু অঞ্চলত ভিন ভিন কৃষি পদ্ধতিৰে বিভিন্ন প্ৰকাৰৰ শস্য উৎপাদন কৰা হয় ।


(গ) মৌচুমীয় উদ্ভিদৰ বাবে কেনেধৰণৰ জলবায়ুৰ প্ৰয়োজন? মৌচুমীয় উদ্ভিদৰ উদাহৰণ লিখি ভাৰতৰ কত পোৱা যায় ঠাইসমূহ উল্লেখ কৰা।
উত্তৰ:-
বছৰি ১০০ ছেন্টিমিটাৰৰ পৰা ২০০ ছেন্টিমিটাৰ বৰষুণ হোৱা আৰু প্ৰায় ২৭° চেলচিয়াছ গড় উষ্ণতা থকা অঞ্চলত মৌচুমীয় উদ্ভিদ পোৱা যায়। বৰ্ষাকালত বৰষুণৰ পৰিমাণ বঢ়াৰ বাবে সেই সময়ছোৱাত এই উদ্ভিদৰো বৃদ্ধি হয়। আনহাতে শীতকালত মৌচুমীয় অঞ্চলত বৰষুণ আৰু উষ্ণতা কম হয় বাবে মাটি শুকান হৈ যায় আৰু গছৰ পাত সৰি পৰে। মৌচুমীয় উদ্ভিদৰ উদাহৰণ - শাল, চেগুন, শিমলু, শিশু, অৰ্জুন ইত্যাদি।
     অসম, বিহাৰ, পশ্চিম বংগ, উত্তৰ প্ৰদেশ, হিমাচল প্ৰদেশ, ঝাৰখণ্ড, ছট্টিশগড়, মধ্য প্ৰদেশ, তামিলনাডু, পূৰ্বঘাট, পশ্চিমঘাটকে ধৰি দাক্ষিণাত্য মালভূমিৰ পূব অংশত পোৱা যায়। আন্দামান নিকোবৰ দ্বীপপুঞ্জত কিছু পৰিমাণে মৌচুমীয় উদ্ভিদ পোৱা যায়।


(ঘ) ধান খেতিৰ বাবে কেনেকুৱা জলবায়ুৰ প্রয়োজন ? ভাৰতবৰ্ষৰ ধান খেতি প্রধান ৰাজ্যবোৰৰ নাম উল্লেখ কৰা ।
উত্তৰ:-
ভাৰতৰ প্ৰধানকৈ গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকা অঞ্চলত ধান খেতি ভাল হয় । ধান খেতিৰ বাবে ১০০ চেণ্টিমিটাৰৰ অধিক বৰষুণৰ প্ৰয়োজন । দক্ষিণ পশ্চিম মৌচুমীৰ ফলত এই অঞ্চলত প্ৰচুৰ বৰষুণ হয় । গ্রীষ্মকালত এই অঞ্চলত বায়ুৰ উত্তাপ ২৫ ” চেলচিয়াছৰ অধিক হয় । এনেকুৱা জলবায়ু ধান খেতিৰ বাবে উত্তম । পশ্চিমবংগ , অসম , বিহাৰ আৰু উত্তৰ প্ৰদেশ এই অঞ্চলৰ অন্তৰ্গত । সেয়ে এই ৰাজ্যসমূহত প্ৰচুৰ ধান উৎপাদন হয় । বৃষ্টিপাত কম হলেও পঞ্জাৱ আৰু হাৰিয়ানাত জলসিঞ্চনৰ সহায়ত প্ৰচুৰ পৰিমাণে ধান উৎপাদন হয় । ইয়াৰ উপৰি উৰিষ্যাৰ মহানদী উপত্যকা , গোদাবী , কৃষ্ণ , কাবেৰী নদীৰ মোহনা অঞ্চল আৰু কেৰেলাত প্ৰচুৰ ধান উৎপন্ন হয় ।

গতিকে ধান উৎপাদন কৰা প্ৰধান ৰাজ্যসমূহৰ ভিতৰত অসম , বিহাৰ , পশ্চিম বংগ , উত্তৰ প্ৰদেশ , উৰিষ্যা আদিৰ নাম উল্লেখযোগ্য ।


(ঙ) জনসংখ্যা বৃদ্ধিয়ে ভাৰতবৰ্ষৰ কি কি সমস্যাৰ সৃষ্টি কৰিছে আলোচনা কৰা।
উত্তৰ:-
অত্যাধিক জনসংখ্যা বৃদ্ধি বৰ্তমান সময়ৰ এক জ্বলন্ত সমস্যা। জনসংখ্যা বৃদ্ধিৰ লগে লগে বসবাসৰ সমস্যা, বনাঞ্চল আৰু কৃষিভূমিৰ পৰিমাণ কমি যোৱাৰ সমস্যা, খাদ্য সমস্যা, নিবনুৱা সমস্যা, দৈনন্দিন জীৱন যাপনৰ সমস্যাকে আদি কৰি বহু সমস্যাৰ সৃষ্টি কৰিছে।





*

Post a Comment (0)
Previous Post Next Post