গুপ্ত সাম্ৰাজ্যৰ উত্থান সপ্তম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ সমাজ বিজ্ঞান পাঠ ১১ social science lesson 11 class 7 social science question answer assamese medium class 7 AssamQna

গুপ্ত সাম্ৰাজ্যৰ উত্থান
সপ্তম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ১১
social science lesson 11
class 7 social science question answer assamese medium
class 7 AssamQna


১। উত্তৰ লিখা-

(ক) কোনে গুপ্তবংশ প্রতিষ্ঠা কৰিছিল?
উত্তৰ:-
শ্ৰীগুপ্তই গুপ্তবংশ প্ৰতিষ্ঠা কৰিছিল।


(খ) কোনজন গুপ্ত সম্রাটে প্রথম মহাৰাজাধিৰাজ উপাধি লৈছিল?
উত্তৰ:-
চন্দ্রগুপ্তই প্ৰথমে মহাধিৰাজ উপাধি লৈছিল।


(গ) এলাহাবাদ প্রশস্তিৰ লেখকগৰাকীৰ নাম কি?
উত্তৰ:-
এলাহাবাদ প্ৰশস্তিৰ লেখকগৰাকীৰ নাম হৈছে-হৰিসেন।


(ঘ) গংগা-উপত্যকাত থকা বন্দৰটোৰ নাম কি?
উত্তৰ:-
গংগা উপত্য়কাত থকা বন্দৰটোৰ নাম হ’ল-তাম্ৰলিপ্তি।


(ঙ) সমুদ্রগুপ্তৰ সমসাময়িক কামৰূপৰ ৰাজনৰ নাম কি আছিল?
উত্তৰ:-
সমুদ্ৰগুপ্তৰ সমসাময়িক কামৰূপৰ ৰজাজনৰ নাম হৈছে-পুষ্যবৰ্মণ।


২। ক্রম অনুসৰি লিখা।
      ফাহিয়ান, শ্রীগুপ্ত, হৰিসেন, পুষ্যবর্মণ, স্কন্দগুপ্ত
উত্তৰ:-
শ্রীগুপ্ত, পুষ্যবর্মণ, হৰিসেন, ফাহিয়ান, স্কন্দগুপ্ত।


৩। শুদ্ধ-অশুদ্ধ নির্ণয় কৰা ।

(ক) প্রথম চন্দ্রগুপ্তই কামৰূপ, ডবাক জয় কৰিছিল।
উত্তৰ:-
অশুদ্ধ।


(খ) গুপ্ত যুগত ভূমিসমূহক তিনিটা ভাগত ভাগ কৰা হৈছিল।
উত্তৰ:-
শুদ্ধ।


(গ) গুপ্ত যুগত নাৰীৰ স্থান পুৰুষতকৈ উচ্চ আছিল।
উত্তৰ:-
অশুদ্ধ।


(ঘ) পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে প্রদক্ষিণ কৰে’— এই ধাৰণাতো বৰাহমিহিৰে উদ্ভাৱন কৰিছিল।
উত্তৰ:-
অশুদ্ধ।


(ঙ) কালিদাসে নাট্যশাস্ত্ৰ ৰচনা কৰিছিল ।
উত্তৰ:-
অশুদ্ধ।


৪। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা-
উত্তৰ:-
ক) চ’পৰা -- ঘ) বন্দৰ
            খ) হৰিসেন -- ক) এলাহাবাদ প্রশস্তি
             গ) ভৰত -- ঙ) নাট্যশাস্ত্র
             ঘ) বৰাহমিহিৰ -- খ) বৃহৎ সংহিতা
             ঙ) সুশ্ৰুত -- গ) চিকিৎসা শাস্ত্রবিদ


৫। চমুকৈ লিখা—

(ক) গুপ্ত ৰাজত্বকালত কি কি ধাতুৰ মুদ্ৰাৰ প্ৰচলন আছিল?
উত্তৰ:-
গুপ্ত ৰাজত্ব কালত সোণ আৰু ৰূপেৰে তৈয়াৰী মুদ্ৰাৰ লগতে তাৰ আগত কড়ী মুদ্ৰাৰ প্ৰচলন আছিল।


খ ) গুপ্তসকলে ৰপ্তানি কৰা সামগ্ৰীবোৰৰ এখন তালিকা কৰা ।
উত্তৰ:-
গুপ্ত যুগত ভাৰতৰ পৰা ৰোমলৈ মচলা , চন্দন কাঠ , হাতী দাঁতেৰে তৈয়াৰী বস্তু , মণি মুকুতা , ঔষধি গছ , সুগন্ধি দ্ৰব্যৰ লগতে কিছুমান জীৱ - জন্তও ৰপ্তানি কৰা হৈছিল ।


(গ) গুপ্ত ৰাজত্বকালত কি কি বৃত্তিধাৰীৰ লোকে বাস কৰিছিল?
উত্তৰ:-
গুপ্ত ৰাজত্বকালৰ বিভিন্ন বৃত্তিধাৰীৰ লোকসকল হৈছে-

ক) খেতি বাতিত নিয়োজিত কৃষক,
খ) বেপাৰ বাণিজ্যৰ লগত জড়িত ব্যৱসায়ী,
গ) দেশৰক্ষাৰ কামত নিয়োজিত সামৰিক বাহিনী ,
ঘ) পূজা-পাতল বা উপাসনা ( ব্ৰাহ্মণ, বৌদ্ধ ভিক্ষু)।
ঙ) জ্যোৰ্তিবিদ,
চ) চিকিৎসক,
ছ) দাৰ্শনিক,
জ) ভাস্কৰ্য শিল্পী।


(ঘ) গুপ্ত ৰাজত্বকালৰ পাঁচ বিধ স্থাপত্যকলাৰ নিদর্শন উল্লেখ কৰা।
উত্তৰ:-
গুপ্ত ৰাজত্বকালৰ পাঁচ বিধ স্থাপত্যকলাৰ নিদর্শন হৈছে-
ক)মেহৰুলিৰ লৌহ স্তম্ভ,
খ) দেওগড়ৰ দশাৱতাৰ মন্দিৰ,
গ) সাৰনাথৰ ধ্যানমগ্ন বৌদ্ধ,
ঘ) আইহোলৰ দুৰ্গা মন্দিৰ,
ঙ) সাঁচীৰ বিষ্ণু মন্দিৰ।


(ঙ) অজন্তা - ইলোৰাৰ চিত্ৰাংকনসমূহৰ বৈশিষ্ট্য কি ?
উত্তৰ:-
অজস্তা - ইলোৰাৰ চিত্ৰাংকনসংমূহে গুপ্তযুগৰ গৰিমা সোঁৱৰাই দিয়ে ।


(চ) অসমৰ ক’ত ক’ত গুপ্ত স্থাপত্য-ভাস্কৰ্যৰ প্ৰভাৱ পৰিলক্ষিত হয়?
উত্তৰ:-
তেজপুৰৰ দ’ পৰ্বতীয়া, নগাঁওৰ মিকিৰ আতী আৰু বৰগংগা,   গুৱাহীটীৰ কামাখ্যা, দুধনৈৰ বৰনদী পাৰা আদিত গুপ্ত স্থাপত্য়-ভাস্কৰ্যৰ প্ৰভাৱ পৰিলক্ষিত হয়।


৬। সাহিত্য - সংস্কৃতি আৰু বিজ্ঞানলৈ ওপ্তযুগৰ অৱদানৰ বিষয়ে এটি টোকা লিখা । 

উত্তৰ:- সাহিত্য - সংস্কৃতি আৰু বিজ্ঞানলৈ গুপ্তযুগৰ ৰজাসকলৰ অৱদান অপৰিসীম । গুপ্ত ৰজাসকলৰ পৃষ্ঠপোষকতা লাভ কৰা ভাষা - সংস্কৃতিয়ে সেই সময়ত জাতীয়তাবোধ বিকাশত সহায় কৰিছিল । সংস্কৃত ভাষাই উচ্চ শ্ৰেণীৰ ভাষাৰ মৰ্যাদা লাভ কৰিছিল । মহাকবি কালিদাস , ভৰত , শুদ্ৰক আৰু বিশাখাদত্তই বিভিন্ন ৰচনাৰে গুপ্তযুগৰ সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে । এই যুগতেই হৰিসেনৰ এলাহাবাদ প্ৰশস্তি লিখা হৈছিল । পুৰাণ , ৰামায়ণ আৰু মহাভাৰতৰ দৰে বিখ্যাত গ্ৰন্থসমূহ এই যুগত পুনৰ মুদ্ৰিত হৈছিল । দ্বিতীয় চন্দ্ৰগুপ্তৰ দিনত ন - গৰাকী সাহিত্যিকে সাহিত্যৰ সমাহাৰ ঘটাইছিল ।
               সাহিত্য - সংস্কৃতিৰ নিচিনাকৈ বিজ্ঞান , জ্যোতির্বিদ্যা আৰু গণিত শাস্ত্ৰই গুপ্ত যুগত প্ৰসাৰতা লাভ কৰিছিল । আর্যভট্টই ' আর্যভট্টীয় ' নামৰ পুথি ৰচনা কৰিছিল । পৃথিৱীয়ে । সূৰ্যৰ চাৰিওফালে ঘুৰে আৰু পৃথিৱীৰ ছাঁটো চন্দ্ৰৰ গাত পৰাৰ ফলত চন্দ্ৰ গ্ৰহণ হয় । এই দুটা বৈজ্ঞানিক ব্যাখ্যা আর্যভট্টই গুপ্ত যুগতেই উদ্ভাৱন কৰিছিল । এই যুগতেই বৈজ্ঞানিকসকলে গণিতত দশমিক পদ্ধতি , শুন্যৰ ব্যৱহাৰ আৰু স্থানীয় মানৰ ধাৰণা আদি তত্ত্বসমূহ উদ্ভাৱন কৰিছিল । জ্যোতিশাস্ত্ৰবিদ বৰাহমিহিৰে বৃহৎসংহিতা ' নামৰ পুথি ৰচনা কৰিছিল । ' চৰক ' আৰু ' সুশ্ৰুত ’ – এই যুগৰ দুজন উল্লেখযোগ্য চিকিৎসা শাস্ত্রবিদ আছিল ।

*

Post a Comment (0)
Previous Post Next Post