মধ্য যুগৰ অসম অষ্টম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ সমাজ বিজ্ঞান পাঠ ১০ social science lesson 10 class 8 social science question answer assamese medium AssamQna

মধ্য যুগৰ অসম
অষ্টম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ১০
social science lesson 10
class 8 social science question answer assamese medium AssamQna


১) উত্তৰ দিয়া-

(ক) কিমান শতিকাত আহোমসকল অসমলৈ আহিছিল ?
উত্তৰ:-
ত্ৰয়োদশ শতিকা


(খ) চুকাফা অসমলৈ আহোতে লগত অহা মন্ত্ৰী দুজন কোন কোন আছিল ?
উত্তৰ:-
বুঢ়াগোঁহাই আৰু বৰগোঁহাই


(গ) মূলাগাভৰু কোন আছিল ?
উত্তৰ:-
ফ্ৰাচেংমুং বৰগোহাইৰ পত্নী ǀ স্বামীৰ হত্যাৰ প্ৰতিশোধ লবলৈ তুৰ্বকৰ লগত যুদ্ধ কৰি প্ৰাণ আহুতি দিছিল ǀ


(ঘ) কিমান খ্ৰীষ্টাব্দত গদাধৰ সিংহ আহোম সিংহাসনত বহে ?
উত্তৰ:-
১৮৬১ খ্ৰীষ্টাব্দত ǀ


(ঙ) কোচ ৰজা নৰনাৰায়ণে কিমান খ্ৰীষ্টাব্দত আহোম ৰাজ্যাক্ৰমণ কৰিছিল ǀ
উত্তৰ:-
১৫৬২ খ্ৰীষ্টাব্দত ǀ


(চ) চুটিয়াসকলৰ শ্ৰেষ্ঠ ৰজা কোন ?
উত্তৰ:-
ৰত্নধ্বজপাল বা গৌৰী নাৰায়ণ


২। ক্ৰমানুসাৰে সজোৱা
উত্তৰ:-
(ঙ) স্বৰ্গদেউ চুকাফাৰ চৰাইদেউত ৰাজধানী স্থাপন। (১২২৮ খ্ৰীষ্টাব্দত)
             (চ) ইখতিয়াৰউদ্দিন মালিক উজবেগ তুঘ্ৰিল খাঁৰ কামৰূপ আক্ৰমণ। (১২৫৭খ্ৰীষ্টাব্দত)
             (খ) হুছেইন শ্বাহৰ কামৰূপ কমতা আক্ৰমণ (১৪৯৮ খ্ৰীষ্টাব্দত)
             (ঘ) মিৰজুমলাৰ অসম আক্ৰমণ (১৬৬২ খ্ৰীষ্টাব্দত)
             (গ) শৰাইঘাটৰ যুদ্ধ
            (ক) ইয়াণ্ডাবু সন্ধি (১৮২৬ খ্ৰীষ্টাব্দত)


৩।শুদ্ধ অশুদ্ধ বিচাৰ কৰা-

(ক) আহোমসকল অসমলৈ অহাৰ পৰা ইয়াণ্ডাবু সন্ধিলৈ এই সময়ছোৱা অসম বুৰঞ্জীৰ মধ্যযুগ ǀ
উত্তৰ:-
শুদ্ধ


(খ) চুডাংফা বা বামুণী কোঁৱৰৰ দিনৰ পৰা আহোম স্বৰ্গদেউসকলে হিন্দু নাম গ্ৰহণ কৰে ǀ
উত্তৰ:-
অশুদ্ধ


(গ) মিৰজুমলাৰ অসম আক্ৰমণৰ সময়ত লেখক চিহাবুদ্দিন তালিচ অসমলৈ আহিছিল ǀ
উত্তৰ:-
শুদ্ধ


(ঘ) কছাৰী ৰজা গোবিন্দচন্দ্ৰৰ দিনত কছাৰী ৰাজ্য ব্ৰিটিছৰ অধীনস্হ হয় ǀ
উত্তৰ:-
শুদ্ধ


(ঙ) চুটিয়াসকল বৈষ্ণৱ ধৰ্মী আছিল ǀ
উত্তৰ:-
অশুদ্ধ


(চ) কামৰূপ আক্ৰমণৰ সময়ত তুৰ্কী আফগানসকলক ভূঞাসকলে সহায় কৰিছিল ǀ
উত্তৰ:-
অশুদ্ধ


৪।খালী ঠাই পূৰোৱা-
(ক) আহোমসকল অসমলৈ অহাৰ পিছৰে পৰা কামৰূপ ৰাজ্যখন ______নামেৰে পৰিচিত হয়।
উত্তৰ:-
অসম।


(খ) আহোমসকলে______নামৰ দেৱতাক পূজা সেৱা কৰিছিল।
উত্তৰ:-
চোমদেউ।


(গ) ______স্বৰ্গদেউ চুহুংমুং বা দিহিঙ্গীয়া ৰজাৰ হিন্দু নাম।
উত্তৰ:-
স্বৰ্গ নাৰায়ণ।


(ঘ) সন্ধাই কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা_____ লৈ স্থান্তৰিত কৰে।
উত্তৰ:-
কমতাপুৰলৈ।


(ঙ)_______চুটিয়াসকলৰ আটাইতকৈ শক্তিশালী ৰজা আছিল।
উত্তৰ:-
ৰত্নধ্বজ পাল বা গৌৰী নাৰায়ণ।


(চ)_____ শব্দৰ অৰ্থ হ'ল মাটিৰ মালিক।
উত্তৰ:-
ভূঞা।


৫। উত্তৰ লিখা-
(ক) কেতিয়া,কোনে আৰু কেনেকৈ অসমত আহোম ৰাজ্য স্থাপন কৰিছিল?
উত্তৰ:-
ত্ৰয়োদশ শতিকাত, চুকাফাই আহোম ৰাজ্য স্থাপন কৰিছিল।
   ১২২৮ খ্ৰীষ্টাব্দত পাটকাই পৰ্বত অতিক্ৰম কৰি চৰাইদেউত ৰাজধানী স্থাপন কৰালৈ এই সময়ছোৱাত চুকাফাই খোলঞ্জীয়া লোকসকলৰ বহু প্ৰত্যাহ্বানৰ সৃষ্টি হৈছিল। চুকাফাই এই লোকসকলক কৌশলেৰে বধ কৰি নিজৰ অধীনস্থ কৰিছিল।এই সময়ত দিখৌ আৰু দিচাং নৈৰ মাজৰ ঠাইখিনি মৰাণ আৰু বৰাহী দুটা জনজাতিৰ অধীনত আছিল। মৰাণ আৰু বৰাহীসকলক নিজৰ অধীনস্থ কৰি তেওঁলোকৰ তিৰোতাৰ পানী গ্ৰহণ কৰিছিল।


( খ ) শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল ? ইয়াৰ ফলাফল কি হ'ল ?
উত্তৰ:-
শৰাইঘাটৰ যুদ্ধ আহোম আৰু মোগলৰ মাজত হৈছিল । ১৬৭১ খ্রীষ্টাব্দত স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ সেনাপতি লাচিত বৰফুকন আৰু মোগল সম্রাট ঔৰংজেৱৰ সেনাপতি ৰামসিংহৰ মাজত গুৱাহাটীৰ পাণ্ডুৰ ওচৰৰ শৰাইঘাট নামৰ ঠাইত এই যুদ্ধ সংঘটিত হৈছিল ৷ এই যুদ্ধত বীৰ লাচিত বৰফুকনৰ নেতৃত্বত আহোম সেনাই অসীম পৰাক্ৰমেৰে যুঁজি ৰামসিংহক পৰাস্ত কৰি অসমৰ যশ , মান , গৌৰৱ উদ্ধাৰ কৰিছিল ৷ যুদ্ধত পৰাজিত হৈ ৰামসিংহ পুনৰ দিল্লীলৈ উভতি যায় আৰু আহোম ৰাজত্ব কিছু দিনলৈ নিষ্কণ্টক হৈ ৰয় ।


(গ) বীৰ চিলাৰায় কোন আছিল? তেওঁ কি কি ৰাজ্য জয় কৰিছিল?
উত্তৰ:-
বীৰ চিলাৰায়ৰ অন্য এটা নাম শুক্ৰধ্বজ।
      কোচসকলৰ শ্ৰেষ্ঠ ৰজা নৰনাৰায়ণৰ ৰাজত্বকালত তেওঁৰেই ভায়েক শুক্ৰধ্বজক সেনাপতি পাতিছিল। শুক্ৰধ্বজে চিলাৰ দৰে অতৰ্কিতে আক্ৰমণ কৰি ৰাজ্য জয় কৰিছিল বাবে তেওঁ বুৰঞ্জীত চিলাৰায় নামেৰে জনাজাত।
      তেওঁ আহোম ৰাজ্য,কছাৰী, মণিপুৰ, জয়ন্তীয়া, ত্ৰিপুৰা,খৈৰাম,ডিমৰুৱা,শ্ৰীহট্ট আদি ৰাজ্য জয় কৰিছিল।


( ঘ ) বাৰভূঞা সকল কোন ?
উত্তৰ:-
ভূঞা শব্দৰ অৰ্থ হল মাটিৰ মালিক । অসমৰ ভূঞা সকলক বাৰভূঞা নামে জনা যায় । অসমৰ ভূঞা সকল হৈছে কায়স্থ , দৈবজ্ঞ আৰু ব্ৰাহ্মন ভূঞা । সিহঁতক বাৰভূঞা বোলে ।


(ঙ) কছাৰীসকল কোন ?
উত্তৰ:-
কছাৰীসকল অসমৰ অতি পুৰণি অধিবাসী । ইতিহাসবিদ সকলৰ মতে প্ৰাচীন কালত কছাৰী কামৰূপ ৰাজ্যত শাসন কৰিছিল। তেওঁলোকৰ শাসন বৰ্তমান বাংলাদেশৰ চিলেট, মৈমনসিং আদিকে ধৰি সাগৰৰ পাৰলৈ বিস্তৃত আছিল। চুতীয়া, কোচ, ত্ৰিপুৰী, শৰণীয়া, গাৰো ,ৰাভা, লালুং, ডিমাচা জনগোষ্ঠীসকল আদিতে এই কছাৰী জাতিৰ অন্তৰ্ভুক্ত আছিল। কিন্তু এই জনগোষ্ঠীৰ লোকসকল সময়ত বিভিন্ন স্থানত নিগাজিকৈ থাকিবলৈ লোৱাত চৌপাশৰ পাৰিপাশ্বিক পৰিৱেশৰ প্ৰভাৱত নিজস্ব কৃষ্টি সংস্কৃতিৰ জন্ম দিয়ে। এই সংস্কৃতি তেওঁলোকৰ পূৰ্বৰ সংস্কৃতিতকৈ কিছু পৃথক। সেয়ে এই লোকসকলক বিভিন্ন স্থানত বিভিন্ন নামেৰে জনা যায়। যেনে- বড়ো, কছাৰী, মেছ, ডিমাচা, গাৰে, হাজং, শৰণীয়া, সোণোৱাল আদি।

*

Post a Comment (0)
Previous Post Next Post