মধ্যযুগৰ আৰ্থ - সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙণি অষ্টম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ সমাজ বিজ্ঞান পাঠ ১১ social science lesson 11 class 8 social science question answer assamese medium AssamQna

মধ্যযুগৰ আৰ্থ - সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙণি
অষ্টম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ১১
social science lesson 11
class 8 social science question answer assamese medium AssamQna


১) চমুকৈ উত্তৰ লিখা-

(ক) অসমৰ মধ্যযুগত শাসন কৰা উল্লেখযোগ্য ৰাজ্যসমূহ কি কি আছিল?
উত্তৰ:-
কামৰূপ-কমতা, লচুটিয়া, বাৰভূঞা, কছাৰী আৰু আহোম ǀ


(খ) দখনা কোন জাতিৰ মহিলাসকলে পৰিধান কৰে ?
উত্তৰ:-
বড়ো মহিলা ǀ


(গ) আহোমসকলৰ ৰাজত্বকালত ভূ-সম্পত্তিৰ গৰাকী কোন আছিল ?
উত্তৰ:-
ৰজা ǀ


(ঘ) মধ্যযুগৰ প্ৰাৰম্ভিক পৰ্যায়ত কি প্ৰথাৰ দ্বাৰা ব্যৱসায় বাণিজ্য চলিছিল ?
উত্তৰ:-
বিনিময় প্রথা ǀ


(ঙ) কপিলীৰ পাৰত অলীপুখুৰীৰ বৰদোৱাত কোনে টোল পাতি জ্ঞান চৰ্চা কৰিছিল ?
উত্তৰ:-
কপিলীৰ পাৰত আলীপুখুৰীৰ বৰদোৱাত মহেন্দ্ৰ কন্দলিয়ে টোল পাতি জ্ঞান চৰ্চা কৰিছিল ǀ


২। 'ক’ অংশৰ কথাখিনিৰ লগত ‘খ’ অংশৰ কথাখিনি মিলোৱা-
উত্তৰ:- 
মাধৱ কন্দলি -- ৰামায়ণ
            সুকুমাৰ বৰকাইথ -- হস্তীবিদ্যাৰ্ণৱ
            পুৰুষোত্তম বিদ্যাবাগীশ -- ৰত্নমালা
             ভট্টদেৱ -- কথা গীতা
             বলদেৱ সূৰ্যখৰি দৈৱ্জ্ঞ -- দৰং ৰাজবংশাবলী


৩। খালী ঠাই পূৰ কৰা-
(ক) _________ হয়গ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ কৰিছিল
উত্তৰ:-
নৰনাৰায়ণে


খ) মধ্যযুগত মহিলাৰ _________ স্হান আছিল ǀ
উত্তৰ:-
উচ্চ


গ) জনজাতীয় লোকসকলৰ মাজত _________ খেতিৰ প্ৰচলন আছিল ǀ
উত্তৰ:-
জুম


ঘ) অনন্ত কন্দলীয়ে  __________ অসমীয়ালৈ অনুবাদ কৰিছিল ǀ
উত্তৰ:-
ভাগৱত


ঙ) __________ মধ্যযুগৰ এটি প্ৰধান বৈশিষ্ট্য আছিল  
উত্তৰ:-
আত্মনিৰ্ভৰশীলতা


৪) শুদ্ধ উত্তৰটোত √চিন দিয়া-

(ক) মধ্য যুগৰ শাসন আছিল গণতান্ত্ৰিক/ৰাজতান্ত্ৰিক ǀ
উত্তৰ:-
ৰাজতান্ত্ৰিক


(খ) পাইক প্ৰথাৰ প্ৰচলন কৰিছিল আহোমসকলে/কোচসকলে ǀ
উত্তৰ:-
আহোমসকলে


(গ) টঙালি,হাঁচতি বড়োসকলৰ /বাৰভূঞাসকলৰ অৱদান আছিল ǀ
উত্তৰ:-
বাৰভূঞাসকলৰ


(ঘ) কছাৰীসকল/কোচসকল নলা-নৰ্দমা নিৰ্মাণ ব্যৱস্হাত আগৰণুৱা আছিল ǀ
উত্তৰ:-
কছাৰীসকল


(ঙ) স্বৰ্গদেউ ৰুদ্ৰসিংহ/স্বৰ্গদেউ শিৱসিংহৰ দিনৰ পৰা আহোমৰ স্হাপত্যত মোগল,পাৰ্চী নিদৰ্শনৰ ছাঁ পৰে ǀ
উত্তৰ:-
ৰুদ্ৰসিংহ


৫। উত্তৰ লিখা (৫০ টামান শব্দৰ ভিতৰত)

(ক) আহোমসকলৰ পাইক প্ৰথা
উত্তৰ:-
আহোমসকলৰ ৰাজত্বকালত ১৫ বছৰৰ পৰা ৫০ বছলৈ সকলো সক্ষম পুৰুষক একো একোজন পাইক বুলি কোৱা হৈছিল। ৩ বা ৪ জন পাইক মিলি একোটা গোট হৈছিল। প্রতি গোটৰ একোজন পাইকে ৰজা ঘৰত শ্ৰম দান কৰিব লাগিছিল। ৰজা ঘৰলৈ যোৱা পাইকজনৰ কামসমূহ গোটৰ অন্যান্য পাইকসকলে ভগাই লৈছিল। স্বৰ্গদেউ গৌৰীনাথ সিংহৰ আগলৈ আহোম ৰাজ্যত যিহেতু কোনো স্থায়ী সৈন্য বাহিনী নাছিল সেয়ে পাইকসকলে যুদ্ধৰ সময়ত সৈনিকৰ কামো কৰিব লাগিছিল।


( খ ) কি কাৰণে আহোম সকলে পচা প্ৰথা প্ৰবৰ্তন কৰিছিল ?

উত্তৰ:- পাহাৰীয়া গাঁৱলীয়া প্ৰজাক পৰ্বতীয়া জনজাতিৰ অত্যাচাৰৰ পৰা স্থায়ী ভাবে ৰক্ষা কৰিবলৈ আহোম সকলে পচা প্ৰথা প্ৰবৰ্তন কৰিছিল ৷ পাহাৰৰ দাঁতিত থকা আহোম প্ৰজাবোৰক পৰ্বতীয়া জনজাতি সকলৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাই আছিল এই পচা প্ৰথাৰ মূল উদ্দ্যেশ্য ।


( গ ) মধ্যযুগত অসমীয়া সমাজত নাৰীৰ ভূমিকা কেনে আছিল ?
উত্তৰ:-
মধ্যযুগৰ অসমত মহিলাসকলক সন্মানৰ চকুৰে চোৱা হৈছিল । তেওঁলোকে ঘৰুৱা কাম - কাজৰ উপৰি সময়সাপেক্ষে আৰু প্ৰয়োজনত যুদ্ধক্ষেত্রলৈ গৈ শত্ৰুৰ লগত যুদ্ধ কৰি দেশ তথা জাতি ৰক্ষাৰ কামত নিয়োজিত হ'বলৈ কুণ্ঠাবোধ নকৰিছিল । ইয়াৰ উপৰি ৰাজসিংহাসনত বহি ৰাজ্য শাসনো কৰিছিল । মহিলাসকলে দৌল - দেৱালয়ত নর্তকী , বোৱা - কটা আৰু চোৰাংচোৱাৰ কামো কৰিছিল । প্ৰতিগৰাকী নাৰীয়েই আছিল একোগৰাকী শিপিনী ।


ঘ) মধ্যযুগৰ কৃষি ব্যৱস্থা।
উত্তৰ:-
মধ্যযুগত অসমৰ অৰ্থনীতিৰ মূল ভেটি আছিল কৃষি । জনসাধাৰণৰ প্ৰধান বৃত্তি আছিল কৃষি । ঋতুভেদে পৃথক পৃথক শস্যৰ খেতি কৰা হৈছিল । দধান, মাহজাতীয় শস্য, তেলজাতীয় শস্য, কুঁহিয়াৰ, মৰাপাট, কপাঁহ, বিভিন্ন ধৰণৰ ফল-মূল, শাক-পাচলি আদি আৱশ্যকীয় সামগ্ৰী অসমীয়া মানুহে উৎপাদন কৰিছিল । পাহাৰ অঞ্চলত প্ৰধানত খলপীয়া কৃষি পদ্ধতিৰ সহায়ত ফল-মূলৰ খেতি কৰিছিল । জনজাতীয় লোকসকলৰ মাজত জুম খেতিৰ প্ৰচলন আছিল । ডোং বান্ধি বৰষুণনৰ পানী জমা কৰি ৰাখি খেতি পথাৰত পানী দিয়াৰ ব্যৱস্থা আছিল ।


( ঙ ) কছাৰীসকলৰ স্থাপত্য বিদ্যাৰ উল্লেখযোগ্য দিশসমূহ কি কি ?
উত্তৰ:-
কছাৰীসকলৰ স্থাপত্য বিদ্যাৰ উল্লেখযোগ্য দিশসমূহ হ'ল-
         কছাৰীসকলৰ স্থাপত্য - ভাস্কর্য শিল্প অতি উচ্চ খাপৰ আছিল । কছাৰীসকলৰ ৰাজধানী ডিমাপুৰৰ তিনিওফালে যেতিয়া ইটাৰ বেৰেৰে ঘেৰা আছিল সেই সময়ত আহোমসকলে ইটাৰ ব্যৱহাৰ জনাই নাছিল ।
           কছাৰীসকলৰ স্থাপত্য বিদ্যাত বংগদেশৰ মুছলমানসকলৰ গৃহনির্মাণ প্রণালীৰ প্ৰভাৱ দেখা যায় ।
           তেওঁলোকে গৃহনির্মাণত নানা ৰকমৰ চিত্ৰখোদিত স্তম্ভ ব্যৱহাৰ কৰিছিল ।


৬। মধ্যযুগৰ অসমৰ অর্থনৈতিক কাম - কাজৰ সম্পর্কত এটি টোকা প্ৰস্তুত কৰা । 

উত্তৰ:- মধ্যযুগৰ অসমৰ অৰ্থনীতিৰ মূল ভেটি তথা জনসাধাৰণৰ প্ৰধান বৃত্তি আছিল কৃষি ৷ ঋতু অনুযায়ী পৃথক পৃথক শস্যৰ খেতি কৰা হৈছিল । কৃষকসকলে ধান , মাহ , তেলজাতীয় শস্য , কুঁহিয়াৰ , মৰাপাট , কপাহ , বিভিন্ন ধৰণৰ ফল - মূল , শাক - পাচলি আদি উৎপাদন কৰিছিল । পাহাৰ অঞ্চলত খলপীয়া কৃষি পদ্ধতিৰ সহায়ত ফল - মূলৰ খেতি কৰা হৈছিল । জনজাতীয় লোসকলে জুম খেতি কৰিছিল । ডোং বান্ধি বৰষুণৰ পানী জমা কৰি ৰাখি খেতি - পথাৰত পানীৰ যোগান ধৰা হৈছিল । বৰ্তমান মথাউৰি নিৰ্মাণ কৰি বানপানীৰ পৰা গছ - গছনি , শস্য ৰক্ষা কৰাৰ যি ব্যৱস্থা , সেয়া মধ্যযুগতেই আৰম্ভণি হৈছিল বুলি ক'ব পৰা যায় । সেই সময়ৰ কোচবিহাৰত জান - জুৰিৰ উজনিত বান্ধ বান্ধি প্রয়োজন অনুযায়ী খেতি পথাৰত পানী যোগান ধৰাৰ ব্যৱস্থা আছিল । মধ্যযুগৰ পৰাই অসম কুটিৰ আৰু ক্ষুদ্র শিল্পত চহকী আছিল । শিল্পসমূহৰ ভিতৰত বস্ত্ৰশিল্প , বয়ন শিল্প , ৰঞ্জন শিল্প , হাতী দাঁতৰ শিল্প , মৃৎশিল্প , ধাতুশিল্প আদি প্ৰধান প্রতি ঘৰতেই তাঁতশাল আছিল । কামৰূপ - কমতাৰ কোনো কোনো অঞ্চলত পুৰুষ মহিলা উভয়েই পেছাদাৰী শিপিনী আছিল । বাণিজ্যিক আদান - প্রদান সীমিত আছিল । আনৰ পৰা বস্তু অনা বা আনক বস্তু দিয়াটো বিশেষভাৱে পৰিলক্ষিত নহৈছিল । আত্মনিৰ্ভৰশীলতা সেই যুগৰ এটি প্রধান বৈশিষ্ট্য আছিল । আহোমসকলে ওচৰ - চুবুৰীয়া জনজাতীয় লোকসকলৰ লগত বেহা - বেপাৰ কৰাৰ লগতে বংগদেশ , তিব্বত চীন আদি দেশৰ লগতো বাণিজ্যিক সম্পর্ক স্থাপন কৰিছিল । কোচ ৰজাসকলৰ দিনত ব্যৱসায় - বাণিজ্যই যথেষ্ট প্ৰসাৰতা লাভ কৰিছিল । ব্যৱসায় - বাণিজ্যৰ উন্নতিৰ বাবে কোচ ৰজাসকলে ৰাস্তা - পদূলি নিৰ্মাণ , মুদ্ৰাৰ প্ৰচলনৰ দৰে ব্যৱস্থা হাতত লৈছিল ।


৭। আহোমসকলৰ ভূমি নীতিৰ ওপৰত মতামত আগবঢ়োৱা ǀ
উত্তৰ:-
আহোমৰ আমোলত ৰজা আছিল ভূ-সম্পত্তিৰ গৰাকী । কৃষকে খেতিৰ মাটিৰ বাবদ ৰজাক কৰ সোধাব লাগিছিছিল । অৱশ্যে প্ৰতিজন পাইকে ৰাজ্যৰ হকে কাম কৰি দিয়াৰ বাবদ দুপুৰাকৈ খাজনাহীন মাটি ভোগ কৰিছিল । আহোম ৰজাসকলে ব্ৰাহ্মণ, দেৱ-দেৱালয়, সত্ৰ-মন্দিৰ আদিক কৰ মুক্ত মাটি দান কৰিছিল । পৰৱৰ্তী সময়ত মছ্জিদ, কবৰ আদিৰ মেৰামতি আৰু সংৰক্ষণৰ বাবেও মাটি দান কৰিছিল ।

*

Post a Comment (0)
Previous Post Next Post