গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ
সপ্তম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ১২
social science lesson 12
class 7 social science question answer assamese medium
class 7 AssamQna
১। উত্তৰ দিয়াঃ
(ক) থানেশ্বৰ ৰাজ্যখন বৰ্তমান কোন প্ৰদেশৰ অন্তৰ্গত?
উত্তৰ:- থানেশ্বৰ ৰাজ্যখন বৰ্তমান হাৰিয়ানা প্ৰদেশৰ অন্তৰ্গত।
(খ) হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবি গৰাকীৰ নাম কি?
উত্তৰ:- হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবি গৰাকীৰ নাম হল বাণভট্ট।
(গ) ইলোৰাৰ কৈলাশনাথ মন্দিৰ কোনে সজাইছিল?
উত্তৰ:- ইলোৰাৰ কৈলাশনাথ মন্দিৰ ৰাষ্ট্ৰকূট ৰজা প্ৰথম কৃষ্ণই সজাইছিল।
(ঘ) চোল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি?
উত্তৰ:- চোল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম হ’ল ৰাজাৰাজ।
(ঙ) গংগাইকুণ্ডচোলপুৰম নগৰ কোনজন চোল ৰজাই নিৰ্মান কৰাইছিল?
উত্তৰ:- ৰাজাৰাজৰ পুত্ৰ ৰাজেন্দ্ৰই গংগাইকুণ্ডচোলপুৰম নগৰ নিৰ্মাণ কৰাছিল।
২। খালী ঠাই পূৰোৱা--
(ক) বৰ্মণ বংশৰ শ্ৰেষ্ঠ ৰজা আছিল __________ ।
উত্তৰ:- পুষ্য় বৰ্মণ।
(খ) __________ ৰ আন এটি নাম আছিল শিলাদিত্য়।
উত্তৰ:- হৰ্ষবৰ্ধন।
(গ) পল্লৱসকলে _________ শিল্প নামৰ এটি নতুন শিল্পকলাৰ সৃষ্টি কৰে।
উত্তৰ:- দ্ৰাবিড়।
(ঘ) এলিফেণ্টা আৰু _________ মন্দিৰসমূহত ৰাষ্ট্ৰকূট শিল্পৰ নিদৰ্শন পোৱা যায়।
উত্তৰ:- মালখেদৰ।
(ঙ) চোল ৰজাসকলে ব্ৰাহ্মণসকলক দান দিয়া মাটিক __________ বোলা হৈছিল।
উত্তৰ:- ব্ৰাহ্মদেয়।
৩। শুদ্ধ উত্তৰ বাছি উলিওৱা–
(ক) গুপ্ত সাম্ৰাজ্যৰ পতন হৈছিল গ্ৰীকসকলৰ / হুণসকলৰ / তুৰ্কী-আফগানসকলৰ আক্ৰমণৰ ফলত।
উত্তৰ:- হুণসকলৰ।
(খ) হৰ্ষবৰ্ধনৰ খেতিৰ পৰা উৎপাদিত শস্যৰ ১/৬ / ১/৫ / ১/৪ অংশ কৰ হিচাপে আদায় কৰিছিল
উত্তৰ:- ১/৬।
(গ) হৰ্ষবৰ্ধনৰ ৰাজ্যৰ ৰাজধানী আছিল তাঞ্জোৰ/তক্ষশীলা /কনৌজ।
উত্তৰ:- কনৌজ।
(ঘ) কাঞ্চী/কাঞ্চীপুৰম/ মহাৱলীপুৰম পল্লৱ ৰাজ্যৰ ৰাজধানী আছিল।
উত্তৰ:- কাঞ্চীপুৰম।
(ঙ) ৰাজাৰাজ /প্ৰথমকৃষ্ণ/দান্তিদূৰ্গ/ ৰাষ্ট্ৰকূট ৰাজ্যৰ প্ৰতিষ্ঠাপক।
উত্তৰ:- দান্তিদূৰ্গ।
৪। চমু উত্তৰ
(ক) গুপ্ত স্ৰাম্ৰাজ্য়ৰ পতনৰ মূল কাৰণ কি?
উত্তৰ:- মধ্য এছিয়াৰপৰা অহা হুণসকলৰ আক্ৰমণৰ ফলত এই সাম্ৰাজ্যৰ পতন হোৱা বুলি কোৱা হয়।
(খ) থানেশ্বৰ ৰাজ্য়ৰ লগত একত্ৰিত হোৱাৰাজ্য়খনৰ নাম কি?
উত্তৰ:- থানেশ্বৰ ৰাজ্য়ৰ লগত একত্ৰিত হোৱাৰাজ্য়খনৰ নাম হ’ল- কনৌজ।
(গ) পল্লৱ শাসকসকলৰ প্ৰধান অৱদান দুটা কি কি ?
উত্তৰ:- শিল্পকলা আৰু সাহিত্য়-সংস্কৃতি।
(ঘ) ৰাষ্ট্ৰকূট সকলৰ শাসন কালত কি কি ভাষাৰ বিকাশ হৈছিল?
উত্তৰ:- ৰাষ্ট্ৰকূট সকলৰ শাসন কালত সংস্কৃত আৰু প্ৰাকৃত ভাষাৰ বিকাশ হৈছিল।
(ঙ) কোন ৰজাৰ শাসন কালত পঞ্চায়তীৰাজ ব্য়ৱস্থাৰ প্ৰতিষ্ঠাৰ পথ মুকলি হৈছিল ?
উত্তৰ:- প্ৰথম পৰান্তকই প্ৰতিষ্ঠাৰ পথ মুকলি হৈছিল।
৫। ৫০টা মান শব্দৰ ভিতৰত লিখা।
(ক) হর্ষবর্ধনৰ শাসন পদ্ধতি:
উত্তৰ:- হর্ষবর্ধন প্রাচীন ভাৰতৰ এজন শ্রেষ্ঠ ৰজা আছিল । তেওঁ এজন সুশাসক আছিল । তেওঁ তেওঁৰ ৰাজ্যখন সুশৃংখলভাৱে শাসন কৰিবৰ বাবে কেইবাটাও ভাগত ভাগ কৰিছিল । বিভিন্ন বিভাগ চলোৱাৰ বাবে মন্ত্রী , বিষয়া আদি নিয়োগ কৰিছিল । ৰাজ্যখনক প্ৰদেশ , ভুক্তি , বিষয় , গাঁও আদি ভাগত ভাগ কৰিছিল ।
(খ) হৰ্ষবৰ্ধনৰ ৰাজহ ব্যৱস্থা।
উত্তৰ:- সম্ৰাট হৰ্ষবৰ্ধনে তেওঁৰ বিশাল ৰাজ্যখন সুশৃংখলভাৱে শাসন কৰিবৰ বাবে কেইোবাটাও ভাগত ভাগ কৰিছিল। ৰাজ্য়খনক প্ৰদেশ, ভুক্তি, বিষয়, গাঁও আদি ভাগত ভাগ কৰিছিল। আজিকালিৰ নিচিনা এই বিভাগবোৰৰ শাসন চলোৱাৰ বাবে মন্ত্ৰী, বিষয়া আদি নিয়োগ কৰিছিল।
হৰ্ষবৰ্ধনে কৃষক আৰু ব্যৱসায়ী শ্ৰেণীটোৰ পৰা কৰ-কাটল সংগ্ৰহ কৰিছিল। কৃষকসকলে উৎপাদিত শস্য়ৰ ১/৬ অংশ কৰ হিচাপে শোধাব লাগিছিল। কেতিয়াবা নগত ধনেৰেও এনে কৰ শোধাইছিল। এনেদৰে আদায় কৰা কৰ প্ৰজাৰ হিতৰ বাবে খৰচ কৰিছিল।
(গ) মহাৱলী পুৰম মন্দিৰৰ শিল্পৰীতি :
উত্তৰ:- মহাৱলীপুৰম মন্দিৰ দক্ষিণ ভাৰতত অৱস্থিত । মন্দিৰসমূহ দেখিবলৈ ৰথৰ দৰে এখন পাহাৰ কাটি ৰথৰ দৰে সজা এই ৰথ বা মন্দিৰবোৰ ধৰ্মৰাজ ৰথ , ভীম ৰথ , অর্জুন ৰথ দ্রৌপদী ৰথ বোলা হয় । মহাবলী পুৰম মন্দিৰ দ্রাবিড় শিল্পকলাৰ অন্যতম নিদর্শন ।
(ঘ) ৰাষ্ট্ৰকূট ৰাজ্য়ৰ অৱস্থিতি।
উত্তৰ:- দান্তিদূৰ্গা নামৰ এজন সামন্ত প্ৰভূৱে আনুমানিক ৭৫৩ খ্ৰীঃত এই ৰাষ্ট্ৰকূট ৰাজ্য়খন প্ৰতিষ্ঠা কৰে। ৰাষ্ট্ৰকূটসকলৰ শাসন কালতেই উপকূলীয় অঞ্চলবোৰত ইছলামধৰ্মী লোকসকলে বহুতো মছজিদ সজাইছিল। গুৰুত্বপূৰ্ণ কথা হ'ল যে ৰাষ্ট্ৰকূট শাসকসকলে কিন্তু এই কৰ্যত কোনো হস্তক্ষেপ কৰা নাছিল। ইয়ে তেওঁলোকৰ সহনশীলতাৰ উৎকৃষ্ট নিদৰ্শন বুলি ধাৰণা কৰিব পাৰি ৰাষ্ট্ৰকূটসকলে দাক্ষিণাত্য়ত প্ৰায় ১২০ বছৰ কাল শাসন কৰিছিল। ৰাষ্ট্ৰকূটসকলৰ মাজত দেখা দিয়া অৰ্ন্তকলহৰ বাবে তেওংলোকৰ পতন হৈছিল।
(ঙ) চোল ৰজাসকলে নিৰ্মাণ কৰা মন্দিৰবোৰৰ বৈশিষ্ট্যঃ
উত্তৰ:- চোল ৰজাসকলে নিৰ্মাণ কৰা মন্দিৰসমূহ অকল উপাসনাস্থলীয়েই নাছিল বৰং এইবোৰ ৰাজ্যৰ অৰ্থনীতি সুদৃঢ় কৰাৰ একো একোটা কেন্দ্ৰ আছিল । মন্দিৰৰ সেৱাইতসকলক মন্দিৰৰ ওচৰে - পাঁজৰে সংস্থাপন দিয়া হৈছিল । মন্দিৰৰ নামত দিয়া ভূমিৰ উৎপাদনৰ সহায়ত এই পৰিয়ালবোৰক ভৰণ - পোষণ দিয়া হৈছিল । প্ৰকৃতাৰ্থত মন্দিৰবোৰে আৰ্থ সামাজিক , সাংস্কৃতিক জীৱন চহকী কৰিছিল ।
৬। তলত উল্লেখ কৰা ৰাজ্যসমূহ উত্তৰ ভাৰতৰ নে দক্ষিণ ভাৰতৰ অন্তৰ্গত বাছি উলিয়াই তালিকা প্রস্তুত কৰা— গৌড় , চোল , ৰাজপুতনা , থানেশ্বৰ , পাণ্ড্য কনৌজ , কেল , মালৱ , ৰাষ্ট্ৰকুট , ।কলিঙ্গ , চালুক্য , চাগুেল্য উত্তৰ:- উত্তৰ ভাৰতৰ ৰাজ্যসমূহ- গৌড় , ৰাজপুতনা , থানেশ্বৰ , কনৌজ , মালৱ , চাগুেল্য ।
দক্ষিণ ভাৰতৰ ৰাজ্যসমূহ:- চোল , পাণ্ড্যে , কেবল , ৰাষ্ট্ৰকূট , কলিঙ্গ , চালুক্য ।
