বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন অষ্টম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ সমাজ বিজ্ঞান পাঠ ১২ social science lesson 12 class 8 social science question answer assamese medium AssamQna

বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন
অষ্টম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ১২
social science lesson 12
class 8 social science question answer assamese medium AssamQna


১) চমু উত্তৰ লিখা-

(ক) বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কিমান খ্রীষ্টাব্দত প্রতিষ্ঠা হৈছিল ?
উত্তৰ:-
১৫৯৯ খ্ৰীষ্টাব্দত ǀ


খ) ভাৰতলৈ অহা জলপথ পোনতে কোনজন নাৱিকে আৱিষ্কাৰ কৰে?
উত্তৰ:-
ভাস্কো-ডা-গামা ǀ


(গ) ওলণ্ডাজসকলে ভাৰতৰ কোন ঠাইত প্রথম দুর্গটো সাজে?
উত্তৰ:-
পুলিকট ǀ


ঘ) দ্বিতীয় চালৰ্ছে বোম্বাই (মুম্বাই) কাক লীজত দিছিল?
উত্তৰ:-
ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী


ঙ) পঞ্জাৱ, মহীশূৰ আৰু মাৰাঠা ৰাজ্য ইংৰাজৰ কি নীতিৰ চিকাৰ হৈছিল ?
উত্তৰ:-
বিভাজন আৰু শাসন ǀ


২। ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা
উত্তৰ-
কলম্বাছ -- আমেৰিকা
      উইলিয়াম হকিন্স -- ইংৰাজ কটকী
      ভাস্কো-ডা-গামা -- পর্তুগীজ নাৱিক
      দ্বিতীয় চালৰ্ছ -- পর্তুগীজ ৰাজকুমাৰী
      পুলিকট -- ওলণ্ডাজ


৩। খালী ঠাই পূৰ কৰা-
ক) বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে _______ খ্রীষ্টাব্দত ৰাণী প্রথম এলিজাবেথৰ পৰা প্ৰাচ্যৰ দেশৰ লগত ব্যৱসায়- বাণিজ্য কৰিবলৈ ৰাজকীয় অনুমতি পাইছিল ।
উত্তৰ:-
১৬০০


খ) ________ দ্বাৰা দেশৰ অর্থনৈতিক কাম-কাজ চৰকাৰৰ নিয়ন্ত্রণাধীন কৰা হয় ।
উত্তৰ:-
বাণিজ্যবাদৰ


গ) ১৬৬১ খ্রীষ্টাব্দত দ্বিতীয় চার্লছে _______ ইষ্ট ইণ্ডিয়া কোম্পানীক লীজত দিয়ে ।
উত্তৰ:-
বোম্বাই


ঘ) ১৭১৫ খ্রীষ্টাব্দত মোগল সম্রাট ________ ইষ্ট ইণ্ডিয়া কোম্পানীক ব্যৱসায়  কৰিবলৈ ফৰমান/অনুমতি প্রদান কৰে ।
উত্তৰ:-
ফাৰুখছিয়াৰে


ঙ) ________ সকল সাগৰীয় নৌবাহিনীৰে শক্তিশালী আছিল ।
উত্তৰ:-
ইংৰাজ


৪। সত্য/অসত্য বিচাৰ কৰা-

ক) ১৮ শতিকাত মোগল সাম্রাজ্য শক্তিশালী আছিল।
উত্তৰ:-
অশুদ্ধ


খ) বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত ব্যৱসায় কৰা একমাত্ৰ ইউৰোপীয় কোম্পানী আছিল
উত্তৰ:-
অশুদ্ধ


গ) ভাস্কো-ডা-গামাই ১৪৯২ খ্রীষ্টাব্দত কালিকটত উপস্থিত হৈছিল।
উত্তৰ:-
অশুদ্ধ


ঘ) ভাৰতীয় কৃষকসকলৰ পৰা জোৰ-জুলুমকৈ ৰাজহ সংগ্ৰহ কৰা পদ্ধতি প্রৱর্তনৰ ফলত ভাৰতীয় কৃষকসকল ঋণগ্রস্ততাত ভুগিছিল ।
উত্তৰ:-
শুদ্ধ


ঙ) বাণিজ্যবাদে উপনিৱেশবাদক উদগনি যোগাইছিল ।
উত্তৰ:-
শুদ্ধ


৫। দলত আলোচনা কৰি টোকা প্রস্তুত কৰা-

ক) ইউৰোপীয় বণিজ্য়গোষ্ঠীৰ ভাৰত আগমনৰ কাৰণ ।
উত্তৰ:-
ভাৰতৰ ইতিহাসত ইউৰোপীয় সকলৰ এই দেশলৈ আগমন এটা গুৰুত্বপূর্ণ ঘটনা । ইউৰোপত ভাৰত প্ৰচুৰ ধন-সম্পত্তিৰ দেশ হিচাপে জনাজাত আছিল । তাৰোপৰি প্রাচীন কালৰ পৰাই পাশ্চাত্য জগতৰ লগত ভাৰতৰ বেহা-বেপাৰৰ সম্পর্ক আছিল। ভাৰতৰ মছলা, বস্ত্র, ৰেছম, ধাতৱ দ্রব্য, সোণ, ৰূপ, মূল্যৱান পাথৰ আদিৰ মধ্যযুগৰ ইউৰোপীয় বজাৰত যথেষ্ট চাহিদা আছিল । উক্ত সামগ্ৰীসমূহৰ সন্ধান আৰু সেইবোৰক লৈ বেহা বেপাৰৰ উদ্দেশ্যে ইউৰোপীয় বণিজ্য় গোষ্ঠীৰ ভাৰতলৈ আগমন ঘটিছিল ǀ


খ) বাণিজ্যবাদ বুলিলে কি বুজা? বাণিজ্যবাদ আৰু উপনিবেশবাদৰ মাজত সম্পর্ক কি?
উত্তৰ:-
বাণিজ্যবাদ বুলিলে কোনো এখন দেশৰ কার্যকলাপ ব্যৱসায় বাণিজ্য বা অর্থনৈতিক চৰকাৰীভাৱে নিয়ন্ত্ৰণ কৰাক বুজায় । ১৬ শতিকাৰ পৰা ১৮ শতিকাৰ সময়ছোৱাত য়ুৰোপৰ প্ৰধান দেশবোৰে বৈদেশিক বেপাৰ - বাণিজ্যত সর্বাধিক গুৰুত্ব আৰোপ কৰিছিল যদিও লাহে লাহে দেশবোৰে বেপাৰৰ সামগ্ৰী ৰপ্তানী কৰাত গুৰুত্ব দি আমদানি কৰিবলৈ অনিচ্ছুক হয় কোনোৱে যদি আমদানি নকৰে ৰপ্তানী কালৈ কৰিব ? ফলস্বৰুপে বেপাৰৰ সামগ্ৰী ৰপ্তানী কৰিবৰ বাবে উপনিৱেশ ( বজাৰ -ৰ প্ৰয়োজন আহি পৰাত য়ুৰোপৰ দেশসমূহে বিদেশত বাণিজ্য সম্প্ৰসাৰণৰ উদ্দেশ্য উপনিৱেশ স্থাপনত গুৰুত্ব দিয়ে । এই গুৰুত্ব উপনিৱেশবাদলৈ পৰিৱৰ্তন হয় আৰু বাণিজ্যিক দেশবোৰে উপনিৱেশ পাতি বাস কৰিবলৈ আৰম্ভ কৰে এইদৰে বাণিজ্যিবাদ আৰু উপনিৱেশবাদৰ সম্পর্ক গঢ়ি উঠিছিল ।


৭। ইংৰাজসকলে ভাৰতত প্ৰবেশ কৰাৰ পূৰ্বে ভাৰতত উপলব্ধ ভাৰতীয় কুটিৰ শিল্পৰ উদ্যোগ সমূহৰ এখন তালিকা প্রস্তুত কৰা ।
উত্তৰ:-
ইংৰাজসকলে ভাৰতত প্ৰবেশ কৰাৰ পূৰ্বে ভাৰতত উপলব্ধ ভাৰতীয় কুটিৰ শিল্পৰ উদ্যোগ সমূহৰ হল –
        ১) মছলা উদ্যোগ ।
        ২) বস্ত্ৰ উদ্যোগ ।
        ৩) ৰেচম উদ্যোগ ।
        ৪) ধাতৱ দ্রব্য উদ্যোগ ।
        ৫) সোণ – ৰূপ , মূল্যবান পাথৰ উদ্যোগ আদি ।

*

Post a Comment (0)
Previous Post Next Post