প্ৰাক ঐতিহাসিক অসম
সপ্তম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ১৩
social science lesson 13
class 7 social science question answer assamese medium
class 7 AssamQna
১। উত্তৰ লিখাঃ
(ক) নৱগ্ৰহ মন্দিৰ ক'ত অৱস্থিত?
উত্তৰ:- গুৱাহাটীৰ চিত্ৰাচল পাহাৰত নৱগ্ৰহ মন্দিৰ অৱস্থাত।
(খ)বর্মণ বংশৰ প্রতিষ্ঠাতা কোন আছিল?
উত্তৰ:- বৰ্মণ বংশৰ প্ৰতিষ্ঠাতা হৈছে- পুষ্য বৰ্মণ।
(গ) হিউচেন চাঙে কোন বিশ্ৱবিদ্য়ালয়ত বৌদ্ধ ধৰ্ম সম্পৰ্কে চৰ্চা কৰিছিল ?
উত্তৰ:- হিউচেন চাঙে নালন্দা বিশ্ববিদ্য়ালয়ত বৌদ্ধ ধৰ্ম সম্পৰ্কে চৰ্চা কৰিছিল।
(ঘ) অভিনৱ গুপ্ত কোন আছিল?
উত্তৰ:- অভিনৱ গুপ্ত এজন পণ্ডিত আছিল।
(ঙ) পুৰণি কামৰূপ ৰাজ্য কেইটা ভাগত বিভক্ত আছিল?
উত্তৰ:- পুৰণি কামৰূপৰ ৰাজ্য ৪ টা ভাগত বিভক্ত আছিল।
(চ) দানৱ বংশীয় প্রথম ৰজাজনৰ নাম কি আছিল?
উত্তৰ:- দানৱ বংশীয় প্ৰথম ৰজাজনৰ নাম আছিল- মহীৰঙ্গ দানৱ।
২। শুদ্ধ / অশুদ্ধ বিচাৰ কৰাঃ
(ক) ৰামায়ণ, মহাভাৰত হ’ল হিন্দু ধৰ্মৰ দুখন মহাকাব্য।
উত্তৰ:- শুদ্ধ।
(খ) নৰকাসুৰৰ বংশটোৰ নাম দানৱ বা অসুৰ বংশ।
উত্তৰ:- অশুদ্ধ।
(গ) বর্মণ বংশৰ আদি ৰজা হ’ল পুষ্য বর্মণ।
উত্তৰ:- শুদ্ধ।
(ঘ) বাণ ৰজাৰ জীয়ৰীৰ নাম আছিল ঊষা।
উত্তৰ:- শুদ্ধ।
(ঙ) ইৎচিঙে চি – উ – কি পুথিখন ৰচনা কৰিছিল।
উত্তৰ:- অশুদ্ধ।
৩। ক্ৰমানুসাৰে সজোৱা- বৰ্মণবংশ, দানৱ বংশ, পাল বংশ, শালস্তম্ভ বংশ, ভৌম বংশ।
উত্তৰ:- দানৱ বংশ, ভৌম বংশ, বৰ্মণবংশ, শালস্তম্ভ বংশ, পাল বংশ
৪। কোন কাৰ সমসাময়িক আঁচ টানি মিলোৱা উত্তৰ:- কুমাৰ ভাস্কৰ বৰ্মন -- হর্ষবর্ধন
সমূদ্রগুপ্ত -- পুষ্যবর্মন
নৰকাসুৰ -- বাণ ৰজা
ভগদত্ত -- অভিনৱ গুপ্ত
শংকৰাচাৰ্য -- অভিনৱ গুপ্ত
৫। চমু টোকা লিখাঃ
(ক) হৰিহৰ যুদ্ধ
(খ) শালস্তম্ভ বংশ
(গ) পালবংশ
(ঘ) কুণ্ডিল ৰাজ্য়
(ঙ) কামৰূপৰ আৰ্থ-সামাজিক অৱস্থা
উত্তৰ:- (ক) হৰিহৰ যুদ্ধ:- প্রাচীন কালত বাণ নামৰ এজন ৰজাই শোণিতপুৰত ৰাজত্ব কৰিছিল । বাণ বজাৰ জীয়েক ঊষা পৰমা সুন্দৰী আছিল । ঊষাৰ শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধই গন্ধৰ্ব বিবাহ কৰাইছিল । এই কার্যত বাণ ৰজা ক্ষুণ্ণ হৈ অনিৰুদ্ধৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে । এই যুদ্ধত শ্ৰীকৃষ্ণই অনিৰুদ্ধৰ হৈ আৰু ভগৱান শিৱই বাণ ৰজাৰ হৈ যুদ্ধত অৱতীৰ্ণ হয় । শ্ৰীকৃষ্ণৰ এটি নাম হৰি । আকৌ শিৱক ' হৰ ' বুলিও কোৱা হয় । হৰি অৰ্থাৎ কৃষ্ণ আৰু হৰ অৰ্থাৎ শিৱ এই দুয়োজনৰ মাজত যুদ্ধ হৈছিল বাবে এই যুদ্ধক হৰিহৰৰ যুদ্ধ বুলি কোৱা হয় । এই যুদ্ধত বাণ ৰজা পৰাস্ত হৈছিল ।
(খ)শালস্তম্ভ বংশ:- বৰ্মণ বংশৰ পাছত শালস্তম্ভসকলে কামৰূপৰ সিংহাসন দখল কৰে। উল্লখ আছে যে, এই বংশৰ ২১ জন ৰজাই কামৰূপত প্ৰায় তিনিশ বছৰ কাল ৰাজত্ব কৰিছিল। এই ৰাজবংশৰ প্ৰতিষ্ঠাতা শালস্তম্ভই কামৰূপ ৰাজ্য়ৰ ৰাজধানী তেজপুৰলৈ স্থানান্তৰ কৰি ঠাইখনৰ নাম হাৰুপেশ্বৰ ৰাখিছিল। শালস্তম্ভসকলে কামৰূপত ৰাজত্ব কৰি থকা সময়ত 'ইৎচিং' নামৰ এজন চীনা পৰিব্ৰাজক ভাৰতলৈ আহিছিল। তেওঁৰ লিখনিত সেই সময়ত কামৰূপ ৰাজ্য়ৰ সীমা পশ্চিমে নালন্দ অঞ্চললৈ বিস্তৃ আছিল বুলি উল্লখ পোৱা যায়।
(গ) পালবংশ:- শালস্তম্ভসকলৰ পাছত পালবংশই কামৰূপ ৰাজ্যৰ ৰাজপাটত উঠে । ব্ৰহ্মপাল পাল বংশৰ প্রতিষ্ঠাতা । এওঁলোকৰ ৰাজ্যৰ ৰাজধানী আছিল দুৰ্ভয়নগৰ । দশম শতিকাৰ পৰা দ্বাদশ শতিকাৰ মাজ ভাগলৈ এই বংশই কামৰূপ শাসন কৰিছিল । পালসকল যোদ্ধা জাতি আছিল । পাল ৰজাসকল বিদ্যানুৰাগী আছিল আৰু ব্ৰাহ্মণসকলক ভূমিদান দি ৰাজ্যত জ্ঞান চৰ্চাৰ এক পৰিৱেশ ৰচনা কৰিছিল । তেওঁলোক হৰগৌৰীৰ উপাসক আছিল । বেপাৰ বাণিজ্যত তেওঁলোকে গুৰুত্ব দিছিল ।
(ঘ) কুণ্ডিল ৰাজ্য:- আন এখন অখ্য়ানমতে প্ৰাক্ঐতিহাসিক যুগত কামৰূপ ৰাজ্য়ৰ পূব দিশত কুণ্ডিল নামেৰে এখন ৰাজ্য় আছিল। বৰ্তমানৰ শদিয়া অঞ্চলক এই ৰাজ্য়ৰ ৰাজধানী কুণ্ডিল নগৰ হিছাপে চিনাক্ত কৰা হয়। ৰাজ্য়খনত ভিষ্মক নামৰ এজন ৰজাই ৰাজত্ব কৰিছিল আৰু তেওঁৰ কন্য়া ৰুক্মিণীক শ্ৰীকৃষ্ণই বিবাহ কৰিছিল। শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীৰ বিবাহৰ ঘটনাক লৈ মহাপুৰুষৰ শংকৰদেৱ পাছত ৰুক্মিণী হৰণ নাটক ৰচনা কৰিছিল।
(ঙ) কামৰূপৰ আৰ্থ - সামাজিক অৱস্থা:- পুৰণি কামৰূপ ৰাজ্যৰ অৰ্থনৈতিক আৰু সামাজিক অৱস্থা উন্নত আছিল । কামৰূপৰ অধিবাসীসকল কৃষিৰ ওপৰত নিৰ্ভৰশীল আছিল । বিভিন্ন ধৰণৰ শস্য , শাক পাচলি উৎপন্ন হৈছিল । জনজাতীয় লোকৰ উৎপাদিত কৃষিজাত সামগ্ৰীসমূহ বাহিৰলৈ ৰপ্তানি কৰিছিল । এৰী , মুগা , পাট , কপাহী কাপোৰ তৈয়াৰ হৈছিল । ৰূপ - বাঁহ - বেতৰ শিল্পতো ৰাজ্যখন আগবঢ়া আছিল । ইটা তৈয়াৰ কৰা শিল্প প্রস্তৰ শিল্পত কামৰূপ আগবঢ়া আছিল ৷ এছিয়াৰ দেশ কিছুমানৰ লগত কামৰূপৰ বাণিজ্যিক সম্পর্ক আছিল । প্রাচীন কামৰূপৰ সামাজিক ভেটিটো কিছু বৰ্ণাশ্ৰম ধৰ্মৰ ওপৰত প্ৰতিষ্ঠিত আছিল । সমাজত ব্ৰাহ্মণসকলৰ স্থান উচ্চ আছিল । জাতি - ভেদ প্ৰথা কঠোৰভাৱে প্ৰচলন নাছিল । পৰিয়ালেই সমাজৰ ক্ষুদ্রতম গোট আছিল । যৌথ পৰিয়ালৰ প্ৰচলন সৰ্বাধিক আছিল । সতীদাহ আৰু পৰ্দা প্ৰথাৰ প্ৰচলন নাছিল । অসবর্ণ বিবাহৰ প্ৰচলন সীমিত আছিল । অৱশ্যে জাতি বিশেষে বাল্য বিবাহ , বহু বিবাহ আৰু বিধৱাৰ পুনৰ বিবাহৰ প্ৰচলন আছিল । অধিবাসীসকলে মূলতঃ কপাহী কাপোৰ পৰিধান কৰিছিল । ধনীসকলে পাট কাপোৰ পিন্ধিছিল । অধিবাসীসকলে সোণ - ৰূপৰ অলংকাৰ পিন্ধিছিল । সুগন্ধি তেল ব্যৱহাৰ কৰিছিল ।
৬। ৫০ টামান শব্দৰ ভিতৰত লিখা :
(ক) আখ্যান , কিংবদস্তি আৰু ইতিহাসৰ পাৰ্থক্য
উত্তৰ:- আখ্যান , কিংবদন্তি আৰু ইতিহাসৰ মাজত পাৰ্থক্য আছে । আখ্যান কেৱল ধৰ্মমূলক পুথিতহে পোৱা যায় । দেৱ - দেৱীৰ মন্দিৰ মহিমাৰ কথা উল্লেখ থকা কাহিনীবোৰক কিংবদন্তি বোলে । কিংবদণ্ডিত ৰহণ থাকে । কিন্তু ইতিহাসত কল্পনাৰ ৰহণ নাথাকে । ইতিহাস প্রকৃত সত্য ঘটনাৰ ওপৰত প্ৰতিষ্ঠিত
(খ) ভাস্কৰ বৰ্মন আৰু হর্ষবর্ধনৰ সম্পৰ্ক
উত্তৰ:- হর্ষবর্ধনৰ সৈতে কুমাৰ ভাস্কৰ বৰ্মণৰ সু - সম্পৰ্ক আছিল । ভাস্কৰ বৰ্মন হৰ্ষবর্ধনৰ সমসাময়িক আছিল । ফলত কামৰূপৰ সৈতে কনৌজৰ সু - সম্পর্ক গঢ়ি উঠিছিল ৷ ভাস্কৰ বৰ্মনে হংসবেগ নামৰ এজন কটকীৰ হাতত নান তৰহৰ উপহাৰ পঠিয়াই হৰ্ষবৰ্ধনৰ সৈতে মিত্ৰতা স্থাপন কৰিছিল । পিন্ধিছিল । অৱশ্যে ধনী মানুহবিলাকে পাট কাপোৰ পিন্ধিছিল ।
(গ) পুৰণি কামৰূপ ৰাজ্যৰ অধিবাসীসকলৰ খাদ্য আৰু সাজপাৰ
উত্তৰ:- পুৰণি কামৰূপৰ মানুহৰ প্ৰধান আহাৰ আছিল ভাত । লোণ নথকা বাবে কলাখাৰ খাইছিল । তদুপৰি গাখীৰৰ পৰা তৈয়াৰ বিবিধ খাদ্য , শাক - পাচলি , ফল - মূল , মাছ মাংস আদি এওঁলোকে খাইছিল । দৈনন্দিন জীৱনত অধিবাসীসকলে মূলতঃ কপাহী কাপোৰ
