ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়ীকৰণ
অষ্টম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ১৩
social science lesson 13
class 8 social science question answer assamese medium AssamQna
১। উত্তৰ দিয়া-
(ক) ইংৰাজ আৰু ফৰাচীৰ মাজত কিহৰ বাবে প্ৰতিদ্বন্দিতা হৈছিল ?
উত্তৰ:- সাম্ৰাজ্য স্হাপনৰ বাবে প্ৰতিদ্বন্দিতা হৈছিল ǀ
(খ) প্ৰথম আৰু দ্বিতীয় কৰ্ণাটক যুদ্ধৰ সময়ত ফৰাচীসকলৰ গৱৰ্ণৰ কোন আছিল ?
উত্তৰ:- ফ্ৰান্সিছ ডুপ্লে ǀ
(গ) চিৰাজউদ্দৌল্লাৰ প্রধান সেনাপতি কোন আছিল?
উত্তৰ:- মীৰজাফৰ ǀ
(ঘ) বংগৰ প্রথম গৱৰ্ণৰ জেনেৰেল কোন আছিল?
উত্তৰ:- ৱাৰেণ হেষ্টিং
(ঙ) কোনে স্বত্ত্ববিলোপ নীতি উদ্ভাৱন কৰিছিল ?
উত্তৰ:- লৰ্ড ডেলহাউচি
২। শুদ্ধ উত্তৰ বাচি উলিওৱা—
(ক) পণ্ডিচেৰী ইংৰাজসকলৰ বাণিজ্য কুঠি আছিল।
উত্তৰ:- অশুদ্ধ
(খ) ফৰাচীসকলে চালাবৎ জঙক হায়দৰাবাদৰ নিজাম পাতিছিল ।
উত্তৰ:- শুদ্ধ
(গ) চিৰাজউদ্দৌল্লা আলিবর্দি খাৰ ডাঙৰ জীয়েকৰ পুত্ৰ আছিল ।
উত্তৰ:-অশুদ্ধ
(ঘ) পলাশী নামৰ ঠাইখন ভাগিৰথী নদীৰ পাৰত অৱস্থিত আছিল ।
উত্তৰ:- শুদ্ধ
(ঙ) ৰেগুলেটিং এক্টে বংগৰ গৱৰ্ণৰ গৰাকীক গৱৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰে ।
উত্তৰ:- শুদ্ধ
(চ) লর্ড বেলেচলিয়ে স্বত্ব বিলোপ নীতি প্ৰৱৰ্তন কৰিছিল ।
উত্তৰ:- অশুদ্ধ
৩। ক্রমানুসাৰে সজোৱা—চিৰাজউদ্দৌল্লা, মিজাফৰ, আলিবর্দি খাঁ, মীৰকাছিম ।
উত্তৰ:- আলিবর্দি খাঁ, চিৰাজউদ্দৌল্লা,মিজাফৰ,মীৰকাছিম ।
৪। চমু উত্তৰ লিখা-
(ক) প্ৰথম কৰ্ণাটক যুদ্ধ
উত্তৰ:- ১৭৪০ খ্ৰীষ্টাব্দত অষ্ট্ৰীয়াত আৰম্ভ হোৱা উত্তৰাধিকাৰীকেন্দ্ৰিক যুদ্ধত ইংৰাজ আৰু ফৰাচীসকল পৰস্পৰে পৰস্পৰৰ প্ৰতিদ্বন্দী হৈছিল। ফলত এই ঘটনাই ভাৰতত থকা ইংৰাজ আৰু ফৰাচীৰ সম্পর্কতো প্ৰভাৱ পেলাইছিল।সুযোগ সন্ধানী নৌবাহিনীয়ে ১৭৪৫ খ্ৰীষ্টাব্দত ভাৰতবৰ্ষৰ দক্ষিণ-পূব উপকুলত ফৰাচী জাহাজ অৱৰুদ্ধ কৰি পণ্ডিচেৰীলৈ ভাবুকিৰ সৃষ্টি কৰিলে। সেই সময়ত যোচেফ ফ্ৰান্সিচ চুপ্লে পণ্ডিচেৰীৰৰ গৱৰ্ণৰ আছিল। চতুৰ, দূৰদৰ্শী আৰু তীক্ষ্ণ বুদ্ধি সম্পন্ন গৱৰ্ণৰ ডুপ্লেই প্ৰত্য়ুত্তৰত বৃটিছৰ অধীনত থকা মাদ্ৰাজ দখন কৰিছিল। বৃটিছসকলে নিৰুপায় হৈ কৰ্ণাটকৰ নৱাবৰ সহায় বিচাৰিলে। কৰ্ণাটকৰ নৱাবে বৃটিছৰ সহায়ৰ বাবে পঠোৱা প্ৰকাণ্ড সৈন্য়বাহিনীও ফৰাচীৰ হাতত পৰাজয় বৰণ কৰিছিল। কিন্তু হঠাতে ইউৰোপত দুই জাতিৰ মাজত হোৱা সন্ধিৰ লগে লগে ভাৰততো বৃটিছ আৰু ফৰাচীৰ মাজত সন্ধি হয়। সেই সন্ধি মৰ্মে ফৰাচীসকলে বৃটিছৰপৰা দখল কৰা ঠাইবোৰ পুনৰ ঘূৰাই দিয়ে। এই ঘটনাকে ইতিহাসত কৰ্ণাটকৰ প্ৰথম যুদ্ধ বুলি জনা যায়।
(খ ) ডুপ্লে ।
উত্তৰ:- ডুপ্লে আছিল ফৰাচীসকলৰ পণ্ডিচেৰী গৱৰ্ণৰ জেনেৰেল । তেওঁ বৰ চতুৰ , দূৰদৰ্শী আৰু তীক্ষ্ণ বুদ্ধি সেনাপতি আছিল । প্রথম কৰ্ণাটকৰ যুদ্ধৰ সময়ত তেওঁ পণ্ডিচেৰীতে আছিল । - সুযোগ সন্ধানী ইংৰাজ নৌবাহিনীয়ে যেতিয়া ভাৰতৰ দক্ষিণ – পূব উপকূলত ফৰাচী জাহাজ এখন অৱৰোধ কৰে তেতিয়া তেওঁ লগে লগে ইংৰাজৰ অধীনত থকা মাদ্ৰাজ নগৰ অধিকাৰ কৰি ইংৰাজক কৰ্ণাটকৰ নবাবৰ সহায় লব লগা অৱস্থাত পেলায় । নবাবৰ বৃহৎ এটা সৈন্যবাহিনীয়ে ফৰাচী সকলক আক্রমণ কৰে । চতুৰ ডুপ্লে নবাবৰ সৈন্যক পৰাজিত কৰি সন্ধি কৰিবলৈ বাধ্য কৰে । পাছত তেওঁক গ্রহ চৰকাৰে স্বদেশলৈ ঘূৰাই লৈ যায় ।
(গ) পলাশী যুদ্ধ
উত্তৰ:- ১৭৫৭ খ্ৰীষ্টাব্দত মুর্ছিদাবাদৰ পৰা ২৩ মাইল দক্ষিণে ভাগিৰথী নদীৰ পাৰৰ পলাশী নামৰ ঠাইত বংগৰ নৱাব চিৰাজউদ্দৌলাৰ সৈন্যৰ লগত ইংৰাজৰ যুদ্ধ হয় । নৱাবৰ দুই সেনাপতি মীৰমদন আৰু মোহনলালে অসীম পৰাক্ৰমেৰে যুঁজে যদিও সেনাপতি মিৰজাফৰৰ বিশ্বাসঘাতকতাৰ বাবে পৰাজয় বৰণ কৰে ৷ পৰাজিত চিৰাউদ্দৌল্লাক মিৰ্জাফৰৰ পুতেক মিৰানে হত্যা কৰে । ইংৰাজে পূৰ্বৰ প্ৰতিশ্ৰুতি মতে মিৰ্জাফৰক বংগৰ নৱাব পাতে । যুদ্ধৰ ক্ষতিপূৰণ হিচাপে মিৰ্জাফৰে ক্লাইব আৰু ইংৰাজ কৰ্মচাৰীসকলক অজস্র ধন - সম্পত্তি দি পুৰস্কৃত কৰে আৰু চৌবিছ পৰগনাৰ জমিদাৰী ইংৰাজ কোম্পানীক দান দিয়ে । সামৰিক দৃষ্টিকোণৰ পৰা পলাশী যুদ্ধক যুদ্ধ বুলি ক'ব নোৱাৰি যদিও এই যুদ্ধই ভাৰতীয় ইতহাসত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে । এই যুদ্ধত জয়ী হৈয়েই ইংৰাজসকলে বংগৰ লগতে ভাৰতৰ অভ্যন্তৰীণ ৰাজনীতিত প্ৰভুত্ব বিস্তাৰ কৰিবলৈ সুবিধা পোৱাৰ লগতে ফৰাচী শক্তি ক্রমান্বয়ে লোপ পাই আহে । পলাশী যুদ্ধৰ পৰাই মধ্য যুগীয় ভাৰতৰ প্রায় সমাপ্তি ঘটিছিল আৰু ভাৰতত আধুনিক যুগৰ সূচনা হৈছিল বুলি গণ্য কৰা হয় ।
(ঘ) ৰেগুলেটিং এক্ট
উত্তৰ:- ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন নিয়ন্ত্রণ তথা সুদৃঢ় কৰাৰ বাবে বৃটিছ সংসদে ৰেগুলেটিং এক্ট নামে এখন আইন প্রণয়ন কৰি বলবৎ কৰিছিল। এই আইনৰ দ্বাৰা বংগদেশৰ গৱৰ্ণৰৰ পদটো গৱৰ্ণৰ জেনেৰেললৈ উন্নীত কৰা হৈছিল। তেওঁৰ কাম-কাজত সহায় কৰিবৰ বাবে এখন চাৰিজনীয়া কমিটি গঠন কৰা হয়। বোম্বাই আৰু মাদ্ৰাজৰ গৱৰ্ণৰ জনক বংগৰ গৱৰ্ণৰ জেনেৰেলৰ অধীনস্থ কৰা হয়। এই আইন মতে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ৰাজনৈতিক কার্যক ভাৰতত স্বীকৃতি দিয়া হৈছিল। ইয়াৰ দ্বাৰা ভাৰতত ইংৰাজ চৰকাৰৰ স্থায়ী শাসনৰ পাতনি মেলা হৈছিল।
(ঙ ) পিটৰ ভাৰত শাসন আইন
উত্তৰ:- ৰেগুলেটিং এক্টৰ আসোঁৱাহসমূহ আঁতৰাবৰ বাবে ১৭৮৪ খ্রীষ্টাব্দত ইংলেণ্ডৰ সংসদে পুনৰ এখন আইন বলৱৎ কৰিছিল । এই আইনখনেই আছিল পিটৰ ভাৰত শাসন আইন । এই আইন মতে–
১) ইংলেণ্ডত এখন ছজনীয়া সদস্যৰ নিয়ন্ত্রকমণ্ডলী গঠন কৰা হয় । এই মণ্ডলীয়ে ভাৰতৰ কোম্পানীৰ কাম - কাজ তদাৰক কৰে ।
২) এখন আঞ্চলিক সভা গঠন কৰা হয় । এই সভাই কোম্পানীৰ চাকৰিৰ প্ৰাৰ্থী নিযুক্তি আৰু বাতিল কৰাৰ অধিকাৰ লাভ কৰে ।
৩) বংগদেশৰ গৱৰ্নৰ জেনেৰেল পৰিষদৰ সদস্যৰ সংখ্যা চাৰিজনৰ পৰা তিনিজনলৈ হ্রাস কৰা হয় ।
৪) এই আইনে বংগদেশৰ গৱৰ্নৰ জেনেৰেলৰ পদটো অধিক শক্তিশালী কৰে ।
৫) ইয়াৰ দ্বাৰা ভাৰতত কেন্দ্ৰীয় শাসনৰ ভেটি স্থাপন কৰা হয় ।
(চ ) চিৰস্থায়ী বন্দোৱস্ত
উত্তৰ:- ১৭৯৩ খ্ৰীষ্টাব্দৰ চিৰস্থায়ী বন্দোবস্ত লর্ড কৰ্ণৱালিচৰ ভূমি ৰাজহ সম্পৰ্কীয় এক উল্লেখযোগ্য সংস্কাৰ ৷ কৰ্ণৱালিচে চিৰস্থায়ী বন্দোবস্ত ব্যৱস্থা ভাৰতত প্ৰথম প্ৰৱৰ্তন কৰিছিল যদিও তেওঁ ইয়াৰ উদ্ভাৱক নাছিল । জমিদাৰসকলৰ লগত স্থায়ী ভিত্তিত ৰাজহ নিৰ্ধাৰণৰ ধাৰণাই ৱাৰেণ হেষ্টিংছৰ দিনতে জনপ্রিয়তা লাভ কৰিছিল ৷ কৃষি ভূমিৰ ক্ষেত্ৰত চিৰস্থায়ী বন্দোৱস্ত লগোৱা হৈছিল আৰু এই ভূমিসমূহ ভাগ ভাগ কৰি একোজন জমিদাৰৰ তত্ত্বাৱধানত দিয়া হৈছিল । জমিদাৰসকলে এক নিৰ্ধাৰিত ৰাজহ ইষ্ট ইণ্ডিয়া কোম্পানীক বার্ষিক খাজনা হিচাপে দিব লাগিছিল । জমিদাৰসকলে কোম্পানীক ৰাজহ দিব নোৱাৰিলে তেওঁলোকৰ মাটি নিলামত বিক্ৰী কৰা হৈছিল । এই ব্যৱস্থাৰ জৰিয়তে লর্ড কর্নৱালিচে তেওঁৰ সাত বছৰীয়া কাৰ্যকালত যথেষ্ট পৰিমাণে অর্থ সংগ্রহ কৰি কোম্পানীৰ ৰাজভঁৰাল চহকী কৰিছিল ।
৫। 'বংগৰ ঘৰুৱা বিবাদেই বৃটিছৰ বংগ দখলৰ প্ৰধান কাৰণ- কথাষাৰ যথাৰ্থতা নিৰ্য় কৰা।
উত্তৰ:- ১৭৫৬ খ্রীষ্টাব্দত বংগৰ নৱাব আলিবর্দি খাঁৰ মৃত্যু হয়।ইয়াৰ পিছৰে পৰা বংগৰ সিংহাসনক লৈ অৰিয়াঅৰি আৰম্ভ হৈছিল । নৱাবৰ মৃত্যুৰ পাছত তেওঁৰ কোনো পুত্র সন্তান নথকাত নৱাবী পদক লৈ বিবাদৰ সূত্রপাত হয় । নৱাব আলিবর্দি খাঁৰ মৃত্যুৰ আগতে তেওঁৰ তিনিগৰাকী জীয়েকৰ ভিতৰত সৰু জীয়েকৰ পুত্র চিৰাজউদৌল্লাক বংগৰ নৱাব হিচাপে উত্তৰাধিকাৰী পাতি থৈ গৈছিল। সেই মতে আলিবর্দি খাঁৰ মৃত্যুৰ পিছত ছিৰাজউদ্দৌলা বংগৰ নৱাব হয়। কিন্তু ডাঙৰ জীয়েক ঘাচিতি বেগম আৰু মাজু জীয়েকৰ পুত্র ছৌকৎজঙো বংগৰ সিংহাসনৰ দাবীদাৰ আছিল। সেই সময়ত ঘাচিতি বেগম ঢাকাৰ শাসনকর্তা আছিল। বংগৰ দেৱান ৰাজবল্লভ ঘাচিতি বেগমৰ সমর্থক আছিল। সিংহাসনৰ পৰা বঞ্চিত হৈ এওঁলোকে চিৰাজউদ্দৌল্লাৰ বিৰুদ্ধে ষড়যন্ত্র লিপ্ত হয়। এই গৃহকন্দলৰ সুযোগ লৈ ইংৰাজ সকলে বংগত খোপনি পুতিবলৈ লৈছিল ǀ
৬। ইষ্ট ইণ্ডিয়া কোম্পানীৰ কোনবোৰ কাৰ্যকলাপে চিৰাজউদ্দৌল্লাক অসন্তুষ্ট কৰিছিল ?
উত্তৰ:- ইষ্ট ইণ্ডিয়া কোম্পানীয়ে চিৰাজউদ্দৌল্লাক অসন্তুষ্ট কৰা কাৰ্য বোৰ হল
১) কলিকতাত দুৰ্গ নিৰ্মাণৰ কাম বন্ধ কৰাৰ আদেশ অমান্য কৰাৰ উপৰি দুৰ্গ নিৰ্মাণৰ কাম পূর্ণোদ্যমে কৰি গৈছিল ।
২) আনহাতে ইংৰাজক দিয়া আগৰ চুক্তিমতে বেহা – বেপাৰৰ যি সুবিধা দিয়া হৈছিল তাৰো তেওঁলোকে অপব্যৱহাৰ কৰিছিল ।
৩) ইংৰাজ বনিক সকলে কোম্পানীৰ নামত ব্যক্তিগত ভাৱে ব্যৱসায় আৰম্ভ কৰাৰ ফলত বংগদেশৰ নবাব প্রাপ্য ৰাজহৰ পৰা বঞ্চিত হৈছিল ।
৪) ইয়াৰ উপৰি বংগৰ নবাব বিষয়া দেৱান ৰাজবল্লভৰ পুত্ৰ কৃষ্ণ দাসক নবাবৰ ইচ্ছাৰ বিৰুদ্ধে ইংৰাজ সকলে কলিকতাত আশ্ৰয় দিছিল ।
এইবোৰ আছিল নবাব চিৰাজউদ্দৌল্লাৰ অসন্তুষ্ট হোৱাৰ কাৰণ ।
৭। ইষ্ট ইণ্ডিয়া কোম্পানীৰ সাম্ৰাজ্যবাদী নীতি কি কি কাৰ্যাৱলীৰ দ্বাৰা প্ৰকাশ পাইছিল আলোচনা কৰা ।
উত্তৰ:- ইষ্ট ইণ্ডিয়া কোম্পানীৰ কৰদ মৈত্ৰী আৰু স্বত্ববিলোপ নীতিৰ দ্বাৰা সাম্রাজ্যবাদী নীতি প্রকাশ পাইছিল ৷ কৰদ মৈত্ৰী নীতিৰ চৰ্তসমূহ আছিল যে , যি দেশীয় ৰজাই এই নীতি মানি ল'ব , তেওঁক ইংৰাজ সৈন্য বাহিনীয়ে সুৰক্ষা দিব । কিন্তু তাৰ বাবদ দেশীয় ৰজাই সৈন্য বাহিনীৰ খৰচ বহন কৰিব ৷ কৰদ মৈত্রী নীতিৰ অন্তৰ্ভুক্ত ৰাজ্যৰ ৰজা অকর্মণ্য বুলি বিবেচিত হ'লে তেনে ৰজাক কোম্পানী চৰকাৰে ক্ষমতাচ্যুত কৰিব আৰু ৰাজ্যখন বৃটিছ চৰকাৰৰ শাসনলৈ যাব । আনহাতে স্বত্ববিলোপ নীতিৰ দ্বাৰা ইংৰাজৰ আশ্ৰয়ত থকা ৰাজ্যবোৰৰ উত্তৰাধিকাৰী নেথাকিলে ইংৰাজৰ অনুমতি নোলোৱাকৈ তোলনীয়া উত্তৰাধিকাৰী ল'ব নোৱাৰিব আৰু অনুমতিবিহীন উত্তৰাধিকাৰী থাকিলে তেনে ৰাজ্য কোম্পানীয়ে হস্তগত কৰিব ৷ কৰদ মৈত্রী আৰু স্বত্ববিলোপ নীতিৰ ফলত বহুতো ৰাজ্য ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনলৈ গৈছিল আৰু কোম্পানীৰ সাম্ৰাজ্য বিস্তাৰ হৈছিল ।
