মধ্যযুগত ভাৰতবৰ্ষ সপ্তম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ সমাজ বিজ্ঞান পাঠ ১৪ social science lesson 14 class 7 social science question answer assamese medium class 7 AssamQna

মধ্যযুগত ভাৰতবৰ্ষ
সপ্তম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ১৪
social science lesson 14
class 7 social science question answer assamese medium
class 7 AssamQna


১। উত্তৰ দিয়া-

(ক) ভৰতবৰ্ষৰ ইতিহাসক কেইটা ভাগত ভাগ কৰা হৈছে? এই ভাগকেইটা কি কি?
উত্তৰ:-
ভাৰতবৰ্ষৰ  ইতিহাসক ৩ টা ভাগত ভাগ কৰা হৈছিল। এই ভাগকেইটা হৈছে- ১। প্ৰাচীন যুগ,২। মধ্যযুগ আৰু৩। আধুনিক যুগ।


(খ) চুলতান মামুদে কি কাৰণে বাৰে বাৰে ভাৰত আক্ৰমণ কৰিছিল?
উত্তৰ:-
চুলতান মামুদে সিংহাসনত বহিয়েই ভাৰতৰ প্ৰচুৰ ঐশ্বৰ্য-বিভূতিৰ কথা শুনি ভাৰত আক্ৰমণ কৰে।


(গ) তৰাইনৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল?
উত্তৰ:-
তৰাইনৰ দ্বিতীয় যুদ্ধ ১১৯২ খ্ৰীঃত হৈছিল।


(ঘ) গজনী ৰাজ্য ক’ত প্ৰতিষ্ঠিত হৈছিল?
উত্তৰ:-
গজনী ৰাজ্য আফগানিস্তানত প্ৰতিষ্ঠিত হৈছিল।


(ঙ) মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল?
উত্তৰ:-
মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা আছিল- বাবৰ।


(চ) মোগলসকলৰ শেষ বাদছাহজনৰ নাম কি আছিল?
উত্তৰ:-
মোগলসকলৰ শেষ বাদছাহজনৰ নাম আছিল- বাহাদুৰ ছাহ।


২। শুদ্ধ \ অশুদ্ধ বাছি উলিওৱাঃ

(ক) ভাৰতবৰ্ষত \ আৰৱদেশত ইছলাম ধৰ্মৰ অভূদ্যয় হৈছিল।
উত্তৰ:-
আৰৱদেশত।


(খ) আলপ্তগীনে / চুলতান মামুদে আফগানিস্তানৰ গজনীত ৰাজ্য প্রতিষ্ঠা কৰিছিল।
উত্তৰ:-
আলপ্তগীনে।


(গ) বাবৰ / আকবৰ মােগল সাম্রাজ্যৰ প্রতিষ্ঠাতা।
উত্তৰ:-
বাবৰ।


(ঘ) লােডী বংশ / চৈয়দ বংশ চুলতানী আমােলৰ শেষ ৰাজবংশ।
উত্তৰ:-
লোডী বংশ।


(ঙ ) কুতুবুদ্দিন আইবাকে দিল্লীৰ / লাহােৰৰ পৰা শাসনকার্য চলাইছিল।
উত্তৰ:-
দিল্লীৰ পৰা।


৩। খালী ঠাই পূৰ কৰাঃ

(ক) গিয়াছুদ্দিন বলবন ________  বংশৰ ৰজা আছিল।
উত্তৰ:-
দাস


(খ) জালালুদ্দিন ________ খিলিজি বংশৰ প্রতিষ্ঠাতা।
উত্তৰ:-
খিলিজি


(গ) ইবনবটুতা এগৰাকী __________  আছিল।
উত্তৰ:-
পৰিব্ৰাজক


(ঘ) __________ নামৰ এজন তুর্কী ক্রীতদাসে গজনীত ৰাজ্য প্রতিষ্ঠা কৰিছিল।
উত্তৰ:-
আলপ্তগীন


(ঙ) চাহাবুদ্দিন ইতিহাসত _________ নামে জনাজাত।
উত্তৰ:-
মহস্মদ ঘোৰী


৪। পাঠৰ আলমত তলৰ তালিকাখন পূৰ কৰা।
উত্তৰ:-
তিনিজন বিদেশী পৰিব্ৰাজকৰ নাম
               ক) পাৰস্যৰ আব্দুৰ ৰজ্জাক
               খ) মৰক্কোৰ ইবনবটুতা
               গ) ইউৰোপৰ মাৰ্কোপলো

তিনিজন স্মৃতিচিহ্নৰ নাম
               ক) তাজমহল
               খ) আগ্ৰাৰ জামে মছজিদ
               গ) কুতুবমিনাৰ

তিনিজন লিখকৰ নাম
               ক) গুলবদন বেগম
               খ) বাবৰ
               গ) আব্দুল ফজল

*

Post a Comment (0)
Previous Post Next Post