ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনকালত ভাৰতত হোৱা সংস্কাৰসমূহ
অষ্টম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ১৪
social science lesson 14
class 8 social science question answer assamese medium AssamQna
১। উত্তৰ দিয়া-
(ক) লর্ড কর্ণাৱালিছৰ কার্যবিধিখনক কি বুলি জনা যায় ?
উত্তৰ:- কর্ণাৱালিছ সংহিতা ǀ
(খ) ভাৰতত চিৰস্থায়ী বন্দবস্তু কোনে প্ৰৱৰ্তন কৰিছিল?
উত্তৰ:-লর্ড কর্ণাৱালিছ ǀ
(গ) কোনজন গৱৰ্ণৰ জেনেৰেলে ভাৰতত মাটিৰ পট্রা দিয়াৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল ?
উত্তৰ:-লর্ড হেষ্টিংছ ǀ
(ঘ) শিক্ষা সম্পৰ্কত চাৰ্লছ উডৰ প্রেৰণ পত্র কোনজন ইংৰাজ গৱৰ্ণৰ জেনেৰেলে প্ৰস্তুত কৰিছিল ?
উত্তৰ:- লর্ড ডেলহাউচি ǀ
(ঙ) ভাৰতত প্রথম মহিলাৰ আত্মজীবনীখন কোনে লিখিছিল ?
উত্তৰ:- ৰাজসুন্দৰী দেৱী ǀ
২। 'ক' অংশৰ লগত ‘খ’ অংশ মিলোৱা
উত্তৰ:- ৰাজা ৰামমোহন ৰায় -- ব্ৰাহ্ম সমাজ।
ৰামকৃষ্ণ পৰমহংসদেৱ -- ৰামকৃষ্ণ মিছন।
ছাৰ ছৈয়দ আহমদ খান -- আলিগড় আন্দোলন।
গোৱিন্দ ৰাণাডে -- প্ৰাৰ্থনা সমাজ।
দয়ানন্দ সৰস্বতী -- আৰ্য সমাজ।
৩। শুদ্ধ/অশুদ্ধ বিচাৰ কৰা —
(ক) ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত ৰাজশক্তি ৰূপে প্রতিষ্ঠা লাভ কৰাৰ সময়ত দিল্লীৰ সম্রাট গৰাকী আছিলফাখছিয়াৰ/বাহাদুৰ ছাহ দ্বিতীয়।
উত্তৰ:- ফাৰুখছিয়াৰ
(খ) ১৭৮১ খ্রীষ্টাব্দত ৱাৰেণ হেষ্টিংছে/লর্ড হেষ্টিংছে কলিকতাত মাদ্ৰাছা এখন খুলিছিল।
উত্তৰ:- ৱাৰেণ হেষ্টিংছে
(গ) কোম্পানীৰ স্বাৰ্থ সুৰক্ষাৰ বাবে/নতুন ৰাজ্য অধিগ্রহণৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সামৰিক বাহিনীগঠন কৰিছিল
উত্তৰ:- কোম্পানীৰ স্বাৰ্থ সুৰক্ষাৰ বাবে/
(ঘ) ছাৰ ছৈয়দ আহমেদ খান/নবাব আব্দুল লতিফে এংলো অৰিয়েণ্টেল কলেজ স্থাপন কৰিছিল।
উত্তৰ:- ছাৰ ছৈয়দ আহমেদ খান
(ঙ) সত্যৰথ প্রকাশ গ্ৰন্থখনৰ ৰচক আছিল দয়ানন্দ সৰস্বতী/ৰাজা ৰামমােহন ৰায়।
উত্তৰ:- দয়ানন্দ সৰস্বতী
৪। চমু টোকা লিখা—
(ক) ৰাজা ৰামমোহন ৰায়
উত্তৰ:- ৰাজা ৰামমোহন ৰায় এজন সমাজ-সংস্কাৰক আছিল। তেওঁ মূৰ্তিপূজাৰ বিৰোধী আছিল আৰু জাতিভেদহীন ভাৰতীয় সমাজ গঢ়িবলৈ চেষ্টা কৰিছিল। ৰাজা ৰামমোহন ৰায়ে ১৮২৮ খ্ৰীষ্টাব্দত ব্ৰাহ্মসভা পাতে আৰু পিছলৈ ১৮৩০ খ্ৰীষ্টাব্দত ই ব্ৰাহ্মসমাজ নাম লয়। ভাৰতীয় সমাজত প্ৰচলিত সতীদাহ প্ৰথা, কন্য়া শিশু হত্য়া আদি কুসংস্কাৰবোৰ আতঁৰ কৰাত ৰাজা ৰামমোহন ৰায়ে লৰ্ড উইলিয়াম বেণ্টিংকক সহায় কৰিছিল।
(খ) ছাৰ ছৈয়দ আহমেদ খান
উত্তৰ:- উত্তৰ ভাৰতত যিসকল সমাজ সংস্কাৰকে মুছলমান সম্প্রদায়ক ইংৰাজী ভাষা আৰু নতুন ভাবধাৰাৰ প্ৰতি আগ্রহান্বিত কৰি তুলিছিল , তেওঁলোকৰ ভিতৰত ছাৰ ছৈয়দ আহমদ খান অন্যতম । ছাৰ ছৈয়দ আহমদ খানে তেওঁলোকৰ সমাজত প্রচলিত পর্দা প্রথা , বহু বিবাহ , বাল্য বিবাহ আদি প্রথাসমূহত বাধা আৰোপ কৰি জনজাগৰণৰ সৃষ্টি কৰিছিল । ১৮৭৭ খ্ৰীষ্টাব্দত ছাৰ ছৈয়দ আহমদ খানৰ প্ৰচেষ্টাত আলিগড়ত মুছলমান ছাত্র - ছাত্রীসকলৰ বাবে এংলো অৰিয়েণ্টেল কলেজ ' স্থাপন হৈছিল । প্রথম অৱস্থাত ইংৰাজৰ প্ৰাশ্চাত্য নীতি বা প্রাশ্চাত্য শিক্ষাৰ প্ৰতি হিন্দুসকলৰ পৰা যিখিনি সঁহাৰি ইংৰাজ চৰকাৰে পাইছিল , মুছলমান সম্প্ৰদায়ৰ পৰা তেনে সঁহাৰি পোৱা নাছিল । ১৮ শতিকাৰ শেষত আৰু ১৯ শতিকাৰ আৰম্ভণিত ৱাহাবি আন্দোলনে ভাৰতত গা কৰি উঠিছিল । প্রাশ্চাত্য আৰ্হিত ইংৰাজে যি বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিছিল , তাত ৰক্ষণশীল মুছলমান সমাজে প্রতিবাদ কৰিছিল । মুছলমানসকলৰ ৱাহাবি সম্প্ৰদায়টোৱে এনে প্ৰতিবাদত উদগনি দিছিল । কিন্তু পাছলৈ ছাৰ ছৈয়দ আহমেদ খানৰ নেতৃত্বত মুছলমান সম্প্রদায়তো নৱজাগৰণে ভুমুকি মাৰিছিল । প্রাশ্চাত্য শিক্ষাৰ পোহৰে ইছলামধর্মী লোকসকলকো অনুপ্রাণিত কৰিছিল ।
(গ) স্বামী বিবেকানন্দ
উত্তৰ:- স্বামী বিবেকান্দ ৰামকৃষ্ণ পৰমহংসৰ শিষ্য় আছিল। তেওঁৰ প্ৰকৃত নাম আছিল নৰেন্দ্ৰনাথ দত্ত। সকলো ধৰ্মৰ প্ৰতি সহনশীল হোৱাটো তেওঁৰ মতাদৰ্শ আছিল। ১৮৯৭ খ্ৰীষ্টাব্দত স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন নাম এক সংগঠনৰ প্ৰতিষ্ঠা কৰিছিল। এই সংগঠনৰ দ্ধাৰা তেওঁ গুৰু পৰমহংসৰ বাণীসমূহ সমাজত বিলোৱাৰ ব্য়ৱস্থা কৰিছিল।
( ঘ ) দয়ানন্দ সৰস্বতী
উত্তৰ:- দয়ানন্দ সৰস্বতীৰ জন্ম ১৮২৪ খ্ৰীষ্টাব্দত আৰু মৃত্যু ১৮৮৩ খ্ৰীষ্টাব্দত । তেওঁৰ প্ৰকৃত নাম আছিল মূল শংকৰ । দয়ানন্দ সৰস্বতী সংস্কৃত পণ্ডিত আছিল কিন্তু পাশ্চাত্য শিক্ষাৰ লগত তেওঁৰ কোনো পৰিচয় নাছিল । ১৮৭৫ খ্রীষ্টাব্দত স্বামী দয়ানন্দ সৰস্বতীয়ে ‘ আর্য সমাজ ' প্ৰতিষ্ঠা কৰে । এই সংগঠনটোৱে জাতিভেদ প্রথা , বাল্য বিবাহৰ বিৰোধিতা কৰিছিল ৷ বিধবা বিবাহত জোৰ দিছিল আৰু সাগৰযাত্রা হিন্দু ধৰ্মৰ পৰিপন্থী নহয় বুলি দাবী কৰিছিল । তেওঁ সমাজ সংস্কাৰৰ সৈতে সংগতি ৰাখি ‘ সত্যৰথ প্ৰকাশ ’ নামৰ গ্ৰন্থখন লিখি উলিয়াইছিল । স্বামী দয়ানন্দ সৰস্বতী এক ঈশ্বৰৰ বিশ্বাসী আছিল আৰু মূর্তিপূজাৰ বিৰোধিতা কৰিছিল । তেওঁ কোনো অহিন্দুক হিন্দু ধর্মলৈ ধর্মান্তৰিত হোৱাৰ ইচ্ছা কৰিলে তেওঁক ‘ শুদ্ধি ' অনুষ্ঠানৰ দ্বাৰা ধর্মান্তকৰণৰ ব্যৱস্থা কৰি উদাৰপন্থী নিয়ম প্ৰৱৰ্তন কৰিছিল ।
(ঙ) দেবেন্দ্ৰ নাথ ঠাকুৰ
উত্তৰ:- দেবেন্দ্ৰনাথ ঠাকুৰ ৰবীন্দ্ৰনাথ ঠাকুৰৰ পিতৃ আছিল। ৰাজা ৰামমোহন ৰায়ে প্ৰতিষ্ঠা কৰা ব্ৰাহ্ম সমাজৰ এওঁ এগৰাকী সহযোগী আছিল। এওঁ সতীদাহ প্ৰথা। কন্য়া শিশু হত্য়া আদি সমাজৰ কুসংস্কাৰবোৰৰ বিৰোধিতা কৰিছিল।
৫। ৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখা
(ক) চিৰস্থায়ী বন্দবস্তু কোনে প্ৰৱৰ্তন কৰিছিল? ইয়াৰ চৰ্তবোৰ কি?
উত্তৰ:- চিৰস্থায়ী বন্দবস্ত লৰ্ড কৰ্ণৱালিছে প্ৰৱৰ্তন কৰিছিল। চিৰস্থায়ী বন্দবস্তৰ যোগেদি কোম্পানীৰ ৰাজহ বিভাগটো টনকিয়াল কৰিবলৈ চেষ্টা কৰা হৈছিল। ইয়াৰ চৰ্তবোৰ হ'ল--কৃষিভূমিসমূহ ভাগ ভাগ কৰি একোজন জমিদাৰৰ তত্ত্বাৱধানত দিয়া হৈছিল। জমিদাৰসকলে এটা নিৰ্ধাৰিত ৰাজহ ইষ্ট- ইণ্ডিয়া কোম্পানীক বাৰ্ষিক খাজনা হিচাপে দিব লাগিছিল। এই খাজনা দিব নোৱাৰিলে জমিদাৰী চৰকাৰৰ হাতলৈ গৈছিল।
(খ ) ইংৰাজ শাসনত হোৱা বিচাৰ বিভাগীয় সংস্কাৰসমূহ কি কি ?
উত্তৰ:- ইংৰাজ শাসনত হোৱা বিচাৰ বিভাগীয় সংস্কাৰসমূহ হল
১) পূৰ্বতে ভাৰতৰ বিভিন্ন ঠাইত ভিন ভিন আইন কানুন চলিছিল । ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সমগ্র ভাৰততে একে ধৰণৰ আইন - আদালতৰ ব্যৱস্থা কৰিছিল ।
২) লর্ড কৰ্ণৱালিছে বিচাৰৰ সুবিধাৰ বাবে দেৱানী আৰু সদৰ নিজামত কিছু সালসলনি কৰিছিল ।
৩) গৱনক জেনেৰেল লর্ড ময়ৰা বা হেষ্টিংছৰ দিনত ভাৰতীয় লোকসকলক আদালতত নিয়োগ কৰিছিল আৰু ভাৰতীয় মুন্সিফসকলৰ ক্ষমতা বৃদ্ধি কৰিছিল ।
৪) লর্ড বেণ্টিকে ভ্রাম্যমাণ বিচাৰালয় আৰু আপীল আদালতসমূহ তুলি দি বিচাৰকাৰ্যৰ অযথা বিলম্ব পথ বন্ধ কৰিছিল ।
(গ) ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ সংস্কাৰমূলক কামবোৰ কি আছিল?
উত্তৰ:- ঈশ্বৰচন্দ্ৰ বিদ্য়াসাগৰ ভাৰতৰ এগৰাকী সমাজ সংস্কাৰক আছিল। এওঁৰ সংস্কাৰমূলক কামবোৰ উল্লেখ কৰা হ'ল -- ঈশ্বৰচন্দ্ৰ বিদ্য়াসাগৰে স্ত্ৰী শিক্ষাৰ প্ৰসাৰৰ বাবে সমাজখনক জগাই তুলিবলৈ চেষ্টা চলাইছিল। ইয়াৰ ফলত ১৯ শতিকাৰ মাজভাগত বহুতো মহিলাই ঘৰতেই শিক্ষা গ্ৰহণ কৰাৰ ব্য়ৱস্থা কৰি লৈছিল। ঈশ্বৰচন্দ্ৰ বিদ্য়াসাগৰে বিধৱাবিবাহৰ ওপৰত গুৰুত্ব দিছিল আৰু নিজেও তেওঁৰ পুত্ৰৰ লগত এগৰাকী বিধৱা মহিলাক বিবাহ কৰাই দি সমাজত নিদৰ্শন দাঙি ধৰিছিল।
