দিল্লীৰ চুলতানসকল
সপ্তম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ১৫
social science lesson 15
class 7 social science question answer assamese medium
class 7 AssamQna
১। উত্তৰ লিখা-
(ক) চুলতানী ৰাজত্ব কালৰ প্ৰথম ৰাজবংশটোৰ নাম কি?
উত্তৰ:- চুলতানী ৰাজত্ব কালৰ প্ৰথম ৰাজবংশটোৰ নাম হৈছে – দাস বংশ।
(খ) দিল্লীৰ সিংহাসনত বহা মহিলাগৰাকীৰ নাম কি?
উত্তৰ:- দিল্লীৰ সিংহাসনত বহা মহিলাগৰাকী নাম হৈছে- ৰেজীয়া চুলতানা।
(গ) খিলিজি বংশৰ শ্ৰেষ্ঠ চুলতানজনৰ নাম কি?
উত্তৰ:- খিলিজি বংশৰ শ্ৰেষ্ঠ চুলতানজনৰ নাম হৈছে- আলাউদ্দিন খিলিজি।
(ঘ) ইবনবটুতা কোন আছিল?
উত্তৰ:- ইবনবটুতা আছিল মহস্মদ মৰক্বোৰ পৰ্যটক।
(ঙ) চুলতানী আমােলত ৰাষ্ট্ৰৰ প্ৰধান মন্ত্রীজনক কি বুলি কোৱা হৈছিল?
উত্তৰ:- চুলতানী আমোলত ৰাষ্ট্ৰৰ প্ৰধান মন্ত্ৰীজনক ‘উজীৰ’ বুলি কোৱা হৈছিল।
২। শুদ্ধ উত্তৰ বাছি উলিওৱা—
(ক) কুতুবুদ্দিনে / আলাউদ্দিন খিলিজিয়ে দ্বিতীয় আলেকজেণ্ডাৰ হােৱাৰ সপােন দেখিছিল।
উত্তৰ:- আলাউদ্দিন খিলিজিয়ে।
(খ) মহম্মদ বিন টোগলকে / চুলতানা ৰেজিয়াই ব্রোঞ্জৰ মুদ্রা প্রচলন কৰাইছিল।
উত্তৰ:- মহস্মদ বিন টোগলক।
(গ) গিয়াছুদিন বলবনে / আলাউদ্দিন খিলিজিয়ে বজাৰ নিয়ন্ত্ৰণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল।
উত্তৰ:- আলাউদ্দিন খিলিজিয়ে।
(ঘ) চুলতানী আমােলৰ উচ্চপদস্থ বিষয়াসকল ক্ষমতাশালী আছিল / নাছিল।
উত্তৰ:- ক্ষমতাশালী আছিল।
(ঙ) চুলতানসকলৰ কৰ ব্যৱস্থাত উৎপন্ন শস্যৰ এক – দ্বিতীয়াংশ / এক – চতুর্থাংশ কৰ হিচাপে দিব লাগিছিল
উত্তৰ:- একদ্ব-দ্বিতীয়াংশ।
৩। খালী ঠাই পূৰণ কৰা—
(ক) দাসবংশৰ প্রতিষ্ঠাতা আছিল _________।
উত্তৰ:- কুতুবুদ্দিন আইবাক
(খ) ________ জয় কৰা আলাউদ্দিন খিলিজিয়েই প্রথম চুলতান।
উত্তৰ:- দক্ষিণাত্য
(গ) মহম্মদ বিন টোগলকে ৰাজ্যৰ ৰাজধানী দিল্লীৰ পৰা তুলি নি __________ত স্থাপন কৰিছিল।
উত্তৰ:- দৈলতাবাদত
(ঘ) পর্যটক ইবনবটুতা ________ পৰা ভাৰতলৈ আহিছিল।
উত্তৰ:- মৰক্কো
(ঙ) দিল্লীৰ চুলতানসকলে ________ দেশৰ ৰাজসভাৰ আদব – কায়দা ভাৰতলৈ আমদানি কৰি আনিছিল।
উত্তৰ:- পাৰস্য
৪। চুলতানী শাসনকালৰ ৰাজ বংশকেইটাৰ নাম ক্রমানুসাৰে লিখা—
ছৈয়দ বংশ , খিলিজি বংশ , লােডী বংশ , দাস বংশ , টোগলক বংশ ।
উত্তৰ:- দাস বংশ, খিলিজি বংশ, টোগলক বংশ, ছৈয়দ বংশ, লোডী বংশ
৫। পৃথু আৰু শাসনকর্তা বখতিয়াৰ খিলিজিৰ মাজত হোৱা যুদ্ধৰ কাৰণ কি আছিল ?
উত্তৰ: বংগৰ শাসনকর্তা বতিয়াৰ খিলিজিয়ে চীন দেশ জয় কৰিবলৈ ওলাওঁতে কামৰূপৰ মাজেদি যাব লগা হৈছিল । সেই সময়তে কামৰূপৰ ৰজা পৃথুৰ লগত তেওঁ সংঘৰ্ষত লিপ্ত হয় ।
৬। ৫০ টামান শব্দৰ ভিতৰত তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখা
(ক) চুলতানী আমোলৰ প্ৰশাসনিক ব্যৱস্থাৰ উল্লেখযোগ্য দিশসমূহ -
উত্তৰ:- চুলতানী আমোলত এক সু - শৃংখল প্রশাসনিক ব্যৱস্থা কৰিবলৈ বিচৰা হৈছিল । সম্ভ্ৰান্ত মানুহৰ পৰিৱৰ্তে দাসসকলক একোখন ৰাজ্যৰ ৰাজনৈতিক কার্যালয় চলাবলৈ প্রশিক্ষণ দি লৈছিল । চুলতানসকলৰ কিছুমানৰ ৰাজত্বকালত প্ৰশাসন ব্যৱস্থাৰ ভালেমান সালসলনি ঘটাইছিল । মহম্মদ বিন টোগলকে দিল্লীৰ পৰা ৰাজধানী স্থানান্তৰ কৰি প্ৰশাসনিক দিশত বিশেষ সালসলনি কৰিছিল । তেওঁ ৰূপৰ মুদ্ৰাৰ সলনি ব্ৰঞ্জৰ মুদ্ৰা প্ৰচলন কৰিছিল । কিছুমান চুলতানে নিজ সাম্ৰাজ্যৰ বিভিন্ন অঞ্চল শাসন কৰিবলৈ সেনাধ্যক্ষ নিযুক্তি দিছিল । কিছুমান উচ্চ পদস্থ বিষয়াই চুলতানসকলক তেওঁওঁলোকৰ শাসন কার্যত সহায় কৰিছিল ।
(খ) চুলতানী আমোলৰ ভূমি ব্যৱস্থা
উত্তৰঃ:- চুলতানী আমোলৰ ভূমি ব্যৱস্থাই এসময়ত তাৎপৰ্যপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। আন চুলতানসকলৰ তুলনাত ভূমি ব্যৱস্থা বাহাল ৰখাৰ স্বাৰ্থত আলাউদ্দিন খিলিজিয়ে সক্ৰিয় ভূমিকা গ্রহণ কৰিছিল বুলি জানিব পাৰি। তেওঁ মাটিৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি কৰ নিৰ্ধাৰণ কৰিছিল। উৎপন্ন সামগ্ৰীৰ এক দ্বিতীয়াংশ কৰ হিচাপে গ্রহণ কৰিছিল৷ চুলতানৰ অধীনস্থ শাসনকর্তাসকলে ভূমিৰ জোখ-মাপ কৰাৰ লগতে সেইসমূহৰ হিচাব বৰ সাৱধানেৰে ৰাখিছিল। কিছুমান বয়সস্থ ভূ-মালিকে কৰ সংগ্ৰহকাৰী হিচাপেও কাম কৰিছিল। তেতিয়াৰ দিনত তিনি ধৰণৰ কৰ আদায়ৰ ব্যৱস্থা আছিল। উৎপন্ন শস্যৰ ওপৰত দিবলগীয়া কৰ, গৰু-ম'হৰ ওপৰত দিবলগীয়া কৰ আৰু ঘৰ বাৰীৰ ওপৰত দিবলগীয়া কৰ। টোগলক বংশৰ চুলতান মহম্মদ বিন টোগলকে সাম্রাজ্যৰ সাৰুৱা মাটিৰ ওপৰত বিশেষ কৰ আৰোপ কৰিছিল বুলি জনা যায়।
(গ) আলাউদ্দিন খিলিজিয়ে কিয় কোনো ব্যক্তিকে নিজাববীয়াকৈ খাদ্য - সামগ্রী মজুত ৰাখিব নিদিছিল ?
উত্তৰ:- দেশত অর্থনৈতিক ব্যৱস্থা সুস্থিৰ ৰাখিবলৈ আৰু বজাৰ ব্যৱস্থা নিয়ন্ত্ৰণত ৰাখিবলৈ আলাউদ্দিন খিলিজিয়ে ভালেমান পদক্ষেপ লৈছিল । কোনো ব্যক্তিকে তেওঁ নিজাববীয়াকৈ খাদ্য সামগ্ৰী মজুত ৰাখিব নিদিছিল । এক সুস্থ ৰাজহুৱা বিতৰণ ব্যৱস্থা বৰ্তাই ৰাখিবলৈ তেওঁ এনে পদক্ষেপ লৈছিল । অন্য এক কাৰণ হ’ল বজাৰ ব্যৱস্থাত দুৰ্নীতি ৰোধ কৰা ।
(ঘ) আলাউদ্দিন খিলিজিৰ ৰাজত্ব কালত নতুনকৈ ব্যৱসায় কৰিবলৈ লোৱা ব্যক্তিয়ে নাম পঞ্জীভূক্ত কৰিহে ব্যৱসায় কৰিব পাৰিছিল— মতামত আগবঢ়োৱা।
উত্তৰ:- দেশৰ অর্থনৈতিক ব্যৱস্থা সুস্থিৰ ৰাখিবলৈ হ'লে বজাৰ নিয়ন্ত্রণ কৰাটো অতিশয় জৰুৰী। সেয়েহে আলাউদ্দিন খিলিজিয়ে বজাৰ নিয়ন্ত্ৰণৰ বাবে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিছিল। তাৰে এটা দিশ আছিল- তেওঁৰ দিনত নতুনকৈ ব্যৱসায় কৰিবলৈ মন মেলা ব্যক্তিয়ে নাম পঞ্জীভূক্ত কৰিহে ব্যৱসায় কৰিব পাৰিছিল। বজাৰ ব্যৱস্থাৰ ভূ ৰখাৰ বাবে তেওঁ চোৰাংচোৱাও নিয়োগ কৰিছিল। বজাৰ ব্যৱস্থাত দূর্নীতি ৰোধ কৰিবলৈ তেওঁ দোষীক কঠোৰ শাস্তি প্রদান কৰাৰো ব্যৱস্থা লৈছিল।
