সাম্ৰাজ্যবাদ আৰু অসম অষ্টম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ সমাজ বিজ্ঞান পাঠ ১৫ social science lesson 15 class 8 social science question answer assamese medium AssamQna

সাম্ৰাজ্যবাদ আৰু অসম
অষ্টম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ১৫
social science lesson 15
class 8 social science question answer assamese medium AssamQna


১) উত্তৰ লিখা—

(ক) অসমত কেতিয়াৰ পৰা শাক্ত ধৰ্মৰ পুনৰুত্থান হৈছিল ?
উত্তৰ:-
আহোম স্বৰ্গদেউ লক্ষ্মী সিংহৰ  ৰাজত্বকালৰ পৰা ǀ


(খ) স্বৰ্গদেউ লক্ষ্মী সিংহৰ পিছত আহোমৰ ৰাজপাটত কোনে আৰোহণ কৰিছিল ?
উত্তৰ:-
গৌৰীনাথ সিংহ ǀ


(গ) কেপ্তেইন ৱেলছৰ অসম আগমনৰ সময়ত ইংৰাজ গৱৰ্ণৰ জেনেৰেল কোন আছিল ?
উত্তৰ:-
লৰ্ড কৰ্ণৱালিছ  ǀ


(ঘ) আহোমসকলৰ শেষ ৰজাজন কোন আছিল ?
উত্তৰ:-
পুৰন্দৰ সিংহ ǀ


(ঙ) কিমান খ্রীষ্টাব্দত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল ?
উত্তৰ:-
১৮২৬ খ্ৰীষ্টাব্দৰ ২৪ ফ্ৰেব্ৰুৱাৰী


২) ক্রমানুসাৰে সজোৱা—
উত্তৰ:-
ক) মোৱামৰীয়া প্রথম বিদ্রোহ।
গ) কেপ্তেইন ৱেলছৰ অসম আগমন।
খ) মানৰ দ্বিতীয় আক্রমণ।
ঙ) মানৰ তৃতীয় আক্রমণ।
ঘ) ইয়াণ্ডাবু সন্ধি।


৩) শুদ্ধ/অশুদ্ধ বাছি উলিওৱা।

(ক) অসমত হোৱা মোৱামৰীয়া বিদ্রোহ দমন কৰিবলৈ লর্ড কর্ণৱালিছ অসমলৈ আহিছিল
উত্তৰ:-
অশুদ্ধ ।


(খ) কীর্তিচন্দ্ৰ বৰবৰুৱা ঘোৰ বৈষ্ণৱপন্থী আছিল ।
উত্তৰ:-
অশুদ্ধ ।


(গ) মানৰ প্ৰথম অসম আক্ৰমণৰ সময়ত মান ৰজা আছিল বডৌপায়া ।
উত্তৰ:-
শুদ্ধ ।


(ঘ) ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসাৰে ইংৰাজে আৰাকান, টেনাচেৰিম আৰু য়েহ লাভ কৰিছিল ।
উত্তৰ:-
শুদ্ধ


(ঙ) বদনচন্দ্ৰ বৰফুকনক ৰুচিনাথ বুঢ়াগোঁহায়ে হত্যা কৰিছিল ।
উত্তৰ:-
অশুদ্ধ


৪)  চমু উত্তৰ দিয়া : ( ৫০ টা মান শব্দৰ ভিতৰত )

( ক ) প্রথম মোৱামৰীয়া বিদ্ৰোহৰ কাৰণ সমূহ কি ?
উত্তৰ:-
প্রথম মোৱামৰীয়া বিদ্ৰোহৰ কাৰণ সমূহ হল –
         ১) সাধাৰণভাৱে ৰাজধৰ্ম আৰু প্ৰজাধৰ্মৰ মাজৰ বিদ্বেষ আৰু সংঘাত । ৰজা হল ঘোৰ শাক্ত ধৰ্মী আৰু আনহাতে প্ৰজা সকল আছিল বৈষ্ণৱ পন্থী ।
        ২) বিতর্কিত ৰাজবিষয়া , কীৰ্তিচন্দ্ৰ বৰবৰুৱাই এদিন সুযোগ বুজি আহোম ৰজা স্বৰ্গদেউ লক্ষ্মীসিংহৰ সন্মুখতে মহন্ত সকলৰ গুৰু মোৱামৰীয়া মহন্তক অপমান কৰে । এই অপমানৰ পোতক তুলিবলৈ মহন্তৰ শিষ্য সকলে প্রতিজ্ঞাবদ্ধ হয় আৰু সুযোগ বুজি বিদ্ৰোহ আৰম্ভ কৰে ৷


( খ ) মানৰ তৃতীয় আক্ৰমণৰ কাৰণসমূহ কি কি ?
উত্তৰ:-
মানৰ দ্বিতীয় আক্ৰমণৰ পাছত চন্দ্রকান্ত সিংহ ৰজা হয় যদিও প্ৰকৃততে মান সেনাপতি মিঙ্গিমাহায়েহে অসম শাসন কৰিছিল । অসমত থকা মানৰ অতপালি দিনে দিনে বাঢ়ি যোৱাত চন্দ্ৰকান্ত সিংহ মানবিৰোধী হৈ উঠে । সেয়েহে অসমত থকা মান সেনাপতি নিজ দেশলৈ উভতি যোৱাত চন্দ্ৰকান্ত সিংহই মান অসমলৈ অহা পথটো বন্ধ কৰাৰ প্রস্তুতি চলায় । মান ৰজা বাগ্যীদোৱাই এই কথা গম পাই সসৈন্যে অসমলৈ আহি তৃতীয়বাৰলৈ অসম আক্ৰমণ কৰে ।


(গ) ইয়াণ্ডাবু সন্ধিৰ দুটা চৰ্ত কি?
উত্তৰ:-
এই সন্ধিৰ চৰ্তমতে মান ৰজাই ইংৰাজ কোম্পানীক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ উপৰি আৰাকান, টেনাচেৰিম আৰু য়েহ এৰি দিছিল ǀ
            দ্বিতীয়তে মানসকলে অসম কাছাৰ আৰু মণিপুৰৰ ওপৰত থকা সকলো অধিকাৰ ত্যাগ কৰাৰ লগতে ভৱিষ্যতে এই ৰাজ্যবোৰৰ ওপৰত অধিকাৰ সাব্যস্ত নকৰে বুলি প্রতিশ্রুতি দিয়ে।


৫) চমু টোকা লিখা –

(ক) কীর্তিচন্দ্ৰ বৰবৰুৱা
উত্তৰ:-
স্বৰ্গদেউৰ ৰাজসভাত থকা কীৰ্তিচন্দ্ৰ বৰবৰুৱা নামৰ বিতৰ্কিত, ঘোৰ শাক্তপন্থী বিষয়াই চেগ বুজি মহন্তসকলৰ গুৰু মোৱামৰীয়া মহন্তক অপমান কৰে । ইয়াতে মহন্তসকল অতি ক্ষুণ্ণ হয় আৰু মোৱামৰীয়া বিদ্ৰোহৰ সূত্ৰপাত ঘটে । এই বিদ্ৰোহৰ প্ৰথম অৱস্থাত ৰজা ঘৰৰ পৰাজয় হৈছিল যদিও পিছলৈ বিদ্ৰোহীসকলে ৰজাৰ ওপৰত পৰাভূত হ’ব লগা হৈছিল ।


( খ ) পূৰ্ণানন্দ বুঢ়াগোহাঁই
উত্তৰ:-
পূৰ্ণানন্দ বুঢ়াগোহাঁই আছিল ঘনশ্যাম বৰবৰুৱাৰ পুত্র । স্বৰ্গদেউ গৌৰীনাথ সিংহৰ ৰাজত্বৰ পৰা চন্দ্ৰকান্ত সিংহৰ ৰাজত্বলৈকে প্রধানমন্ত্রী হিচাপে সুদীৰ্ঘ ৩৫ বছৰ কাল কাৰ্যনিৰ্বাহ কৰা পূৰ্ণানন্দ বুঢ়াগোহাঁই আছিল সেই সময়ৰ অসমৰ ৰাজনীতিৰ উল্লেখযোগ্য প্রতাপী ব্যক্তি । স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ ৰাজত্বকালত এই ক্ষমতালিপ্স বিষয়াজনৰ হাতত সকলো ক্ষমতা কেন্দ্রীভূত হৈছিল ৷ পূর্ণানন্দ বুঢ়াগোহাঁয়ে মোৱামৰীয়া দ্বিতীয় বিদ্রোহ অতি কৌশলেৰে দমন কৰিছিল । মানৰ হাতত আহোম সেনাৰ পৰাজয়ৰ বাতৰি পাই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হয় ।


(গ) বদনচন্দ্ৰ বৰফুকন
উত্তৰ:-
আহোম ৰাজবংশৰ এজন উচ্চ প্ৰদস্হ বিষয়া আছিল বদনচন্দ্ৰ বৰফুকন ǀ তেওঁ বৰ ক্ষমতালোভী ব্যক্তি আছিল ǀআহোম ৰাজবংশৰ উচ্চ বিষয়া পূৰ্ণানন্দ বুঢ়াগোঁহাইৰ বদন চন্দ্ৰ বৰফুকনৰ মাজত হোৱা ক্ষমতাকেন্দ্ৰিক বিবাদে মানসকলক অসমলৈ আমন্ত্ৰণ জনাইছিল ǀ বদনচন্দ্ৰ বৰফুকন পূৰ্ণানন্দ বুঢ়াগোঁহাইৰ হত্যাৰ ষড়যন্ত্ৰও কৰিছিল ǀ পিছত ধৰা পৰাৰ ভয়ত প্ৰথমে কলিকতালৈ গৈ ইষ্ঠ ইণ্ডিয়া কোম্পানীক সহায় বিচাৰে ǀতাত কাৰো সহায় নাপায় ম্যানমাৰলৈ গৈ ৰজা বদৌপায়াৰ শৰণপন্ন হয় আৰু তেওঁৰ লগত মিলি অসম আক্ৰমণ কৰে ǀ কম বয়সীয়া আহোম স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহক সংস্হাপিত কৰি মানসকল নিজ দেশলৈ উভতি যোৱাৰ পিছত বদনচন্দ্ৰ বৰফুকন সৰ্বময়কৰ্তা হৈ পৰে ǀ সংকটকালত আহোম ৰাজবংশক ৰক্ষা কৰাৰ পৰিবৰ্তে তেওঁ অধিক অত্যাচাৰী হৈ উঠিছিল ǀ তেওঁৰ কাৰ্যত অতিষ্ঠ হৈ ৰাজমাওঁ নুমলীয়ে বৰবৰুৱা আৰু বৰগোহাইৰ লগ লাগি ৰূপসিং চুবেদাৰৰ হতুৱাই বদনচন্দ্ৰ বৰফুকন হত্যা কৰে ǀ


৬ ) কেপ্তেইন ৱেলছ কোন আছিল ? তেওঁ অসমলৈ কিয় আহিছিল আৰু ইয়াৰ ফলাফল কি হ'ল ?
উত্তৰ:-
কেপ্টেইন ৱেলছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ এজন বিষয়া আছিল । মোৱামৰীয়া বিদ্ৰোহৰ ফলত স্বৰ্গদেউ গৌৰীনাথ সিংহই ৰাজধানী এৰি পলাই ফুৰিবলগা হোৱাত উপায়ন্তৰ হৈ ভাৰতৰ গৱৰ্নৰ জেনেৰেল লৰ্ড কর্নৱালিছৰ সহায় বিছাৰে । গৌৰীনাথ সিংহৰ আমন্ত্রণক্রমে কর্নৱালিছে মোৱামৰীয়া বিদ্রোহ দমন কৰিবৰ বাবে কেপ্তেইন ৱেলছক অসমলৈ পঠিয়ায় । কেপ্তেইন ৱেলছ অসমত পদার্পণ কৰিয়েই গৌৰীনাথ সিংহৰ সৈন্যবাহিনীৰ সৈতে নগৰবেৰাত লগ লাগি প্ৰথমে মোৱামৰীয়া বিদ্রোহীসকলৰ হাতৰ পৰা গুৱাহাটী উদ্ধাৰ কৰে । ইয়াৰ পাছত ৱেলছে দৰঙী ৰজা কৃষ্ণ নাৰায়ণৰ বিদ্রোহ দমন কৰে ৷ কেপ্তেইন ৱেলছে অসমৰ উজনি , নামনিৰ বিদ্রোহ দমন কৰি গৌৰীনাথ সিংহক পুনৰ সিংহাসনত বহুৱাই স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰে ।


৭) ‘পূর্ণানন্দ বুঢ়াগোঁহাই আৰু বদনচন্দ্ৰ বৰফুকনৰ মাজৰ ক্ষমতাৰ দন্দই অসমলৈ মান অহাত সহায় কৰিছিল’- কথাষাৰৰ যথার্থতা নির্ণয় কৰা।।
উত্তৰ:-
কথাষাৰ সত্য ǀ মানৰ অসম আক্ৰমণৰ মূলতে আছিল আহোমৰ উচ্চপদস্থ বিষয়া বদনচন্দ্ৰ বৰফুকন আৰু পূৰ্ণানন্দ বুঢ়াগোঁহাইৰ মাজৰ ক্ষমতাৰ দন্দ। এই সময়ত আহোম ৰাজপাটত বহিছিল কোমল বয়সীয়া চন্দ্রকান্ত সিংহ। চন্দ্রকান্ত সিংহ ৰাজপাটত বহিছিল যদিও প্রকৃত শাসনভাৰ পূৰ্ণানন্দ বুঢ়াগোঁহাইৰ হাতত আছিল। অন্য হাতেদি বদন চন্দ্র বৰফুকন আছিল বৰ ক্ষমতালোভী ব্যক্তি। তেওঁ আনকি পুর্ণানন্দ বুঢ়াগোঁহাইক হত্যা কৰাৰ ষড়যন্ত্রও ৰচনা কৰিছিল । বুঢ়াগোঁহায়ে বদন চন্দ্ৰ বৰফুকনৰ এনেবোৰ কার্যকলাপত অসন্তুষ্ট হৈ তেওঁক ধৰি আনিবলৈ পৰ্বতীয়া বৰফুকনক পঠিয়াইছিল। বদন চন্দ্ৰ বৰফুকনে আগতীয়াকৈ এই বাতৰি পাই কলিকতালৈ পলাই যায়। কলিকতাত উপস্থিত হৈ তেওঁ বুঢ়াগোঁহাইৰ বিৰুদ্ধে ইষ্ট ইণ্ডিয়া কোম্পানীৰ সহায় বিচাৰিলে। কিন্তু কোম্পানীয়ে সহায় কৰিবলৈ অমান্তি হোৱাত বদন চন্দ্র বৰফুকন ব্রহ্মদেশত উপস্থিত হয়। বদন চন্দ্ৰ বৰফুকনে অসমত ক্ষমতাৰ অপপ্রয়োগ হোৱা বুলি ব্রহ্মদেশৰ ৰজা বডৌপায়াৰ সহায় বিচৰাত মানসকলে প্ৰথমবাৰ অসম আক্ৰমণ কৰে।


৮ ) য়াণ্ডাবু সন্ধিৰ পৰৱৰ্তী পৰ্যায়ত ইংৰাজসকলে কিয় গোটেই অসমখন নিজৰ শাসনাধীন কৰা নাছিল ? তোমাৰ মতামত দাঙি ধৰা ।
উত্তৰ:-
য়াণ্ডাবু সন্ধিৰ পৰৱৰ্তী পৰ্যায়ত ইংৰাজসকলে গোটেই অসমখন নিজৰ শাসনাধীন কৰিব পাৰিলেহেঁতেন যদিও ব্রহ্মদেশৰ লগত আন এখন যুদ্ধৰ সম্ভাৱনাই কোম্পানীৰ কতৃপক্ষক এনেদুৰে ভীতিগ্রস্ত কৰিছিল যে ব্ৰহ্মদেশৰ ওচৰ - চুবুৰীয়া জনজাতীয় ৰাজ্যসমূহক সন্তুষ্ট কৰি ৰখাৰ বাহিৰে তেওঁলোকৰ কোনো উপায় নাছিল । সেয়েহে সহায় ইংৰাজসকলে অসম ৰাজ্যৰ উত্তৰ - পূবফালে থকা কিছুমান জনজাতীয় সৰু সৰু ৰাজ্য , যেনে— মটক , মৰাণ , খামতি , চিংফৌসকলক স্বায়ত্তশাসনৰ সুবিধা দিছিল ৷ ইংৰাজসকলে ইয়াৰ বিনিময়ত তেওঁলোকে ইংৰাজৰ বিৰুদ্ধে আক্রমণকাৰীসকলক নকৰাৰ প্ৰতিশ্ৰুতি লৈছিল । তদুপৰি এই পাহাৰী ৰাজ্যবোৰ শাসন কৰাৰ কিছুমান অসুবিধা আছিল । কাৰণ যাতায়াত আৰু পৰিবহণৰ কোনো সুবিধা নাছিল । পাহাৰবোৰত কোনো সম্পদো নাছিল । পাহাৰীয়া অঞ্চলত জনসংখ্যাও আছিল বৰ সীমিত , তাত খেতি - বাতিও নহৈছিল । এই অসুবিধাসমূহৰ কাৰণে ইংৰাজসকলে এই অঞ্চলটো ব্ৰিটিছ ৰাজ্যৰ অন্তর্ভুক্ত কৰাটো লাভজনক নহ'ব বুলি গোটেই অসমখন নিজৰ শাসনাধীন কৰা নাছিল ।

*

Post a Comment (0)
Previous Post Next Post