মৌৰ্য সাম্ৰাজ্য, মহামতি অশোক আৰু কৌটিল্যৰ অৰ্থশাস্ত্ৰ
ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ১৬
social science lesson 16
class 6 social science question answer assamese medium
class 6 AssamQna
১। উত্তৰ লিখা-
(ক) চন্দ্ৰগুপ্তই প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি?
উত্তৰ:- মৌৰ্য সাম্ৰায্য।
(খ) মৌৰ্য সাম্ৰায্যৰ উত্থানৰ বিষয়ে আমি কি কি সমল জানিব পাৰো?
উত্তৰ:- কৌটিল্যৰ ৰচিত অৰ্থশাস্ত্ৰ, মেগাস্থিলিচৰ ইণ্ডিকা নামৰ পুঠি, বৌদ্ধ আৰু জৈন সাহিত্য, মুদ্ৰা আদি।
গ ) চন্দ্ৰগুপ্ত মৌর্যৰ প্ৰজাহিতকৰ কামসমূহ কি কি আছিল ?
উত্তৰ:- চন্দ্রগুপ্ত মৌর্যই প্রজাৰ হিতৰ বাবে বিভিন্ন কাম কৰিছিল ৷ তক্ষশীলাৰ পৰা পাটলিপুত্ৰলৈ এটি ডাঙৰ আলিবাট নির্মাণ কৰোৱাৰ লগতে সাম্ৰাজ্যৰ বিভিন্ন প্রান্তত হ্রদ , জলাশয় খন্দাই কৃষিৰ বাবে জলসিঞ্চনৰ ব্যৱস্থা কৰিছিল । কৃষকসকলক হৈছিল । জনহিতকাৰী বুলি তেওঁৰ তেওঁৰ দিনত বিবেচনা কৰা এওঁলোকক সকলো বিপদৰ পৰা ৰক্ষা কৰাৰ লগতে যুদ্ধ - বিগ্রহ লাগিলে যাতে কৃষিকার্যত কোনো বাধা আহি নপৰে , তালৈ বিশেষ লক্ষ্য ৰখা হৈছিল ।
ঘ) চাণক্য কোন ? তেওঁ চন্দ্ৰগুপ্তক কিদৰে সহায় কৰিছিল ?
উত্তৰ:- চাণক্য এজন ব্রাহ্মণ পণ্ডিত আছিল ৷ তেওঁ কৌটিল্য আৰু বিষ্ণুগুপ্ত নামেৰেও জনাজাত । চাণক্যই চন্দ্রগুপ্ত মৌর্যক মৌর্য সাম্রাজ্য প্রতিষ্ঠা কৰাত বিশেষভাৱে সহায় কৰাৰ লগতে নানান কূটনৈতিক ৰাজনৈতিক দিহা - পৰামৰ্শ দি ৰাষ্ট্ৰৰ শাসনকার্যত সহায় কৰিছিল ৷
(ঙ) সম্ৰাট অশোকক কিয় ৰাজৰ্ষি অশোক বুলি কোৱা হৈছিল?
উত্তৰ:- তেওঁ বিশাল সাম্ৰায্যৰ অধিপতি হৈয়ো সন্যাসীৰ দৰে জীৱন-যাপন কৰা বাবে তেওঁক ৰাজৰ্ষি অশোক বুলি কোৱা হৈছিল।
(চ) সম্ৰাত অশোকে শিলালিপিসমূহ কি কি ভাষাত লিখাইছিল?
উত্তৰ:- পালি বা প্ৰাকৃত ভাষাত লিখিছিল।
(ছ) মৌৰ্য শিল্পকলাৰ নিদৰ্শনসমূহ ক’ত ক’ত দেখিবলৈ পোৱা যায়?
উত্তৰ:- স্তুপসমূহপৰ ভিতৰত সাঁচীৰ স্তুপটোত পোৱা যায়।
জ ) মৌর্য যুগত সমাজ ব্যৱস্থা কেনে আছিল ?
উত্তৰ:- মৌর্য যুগত হিন্দু ধৰ্মৰ চাৰি বৰ্ণ প্রথা প্রচলিত আছিল ৷ অৱশ্যে এই কালছোৱাত বৰ্ণ প্ৰথাৰ কিছু পৰিৱৰ্তন দেখা গৈছিল । ক্ষত্ৰিয় আৰু বৈশ্যসকলৰ প্ৰভাৱ সমাজত বৃদ্ধি পাইছিল । বণিক শ্ৰেণীৰ প্ৰাধান্য বৃদ্ধি এক উল্লেখনীয় কথা আছিল । সমাজত দাসপ্রথা প্রচলিত থকাৰ লগতে মহিলাৰ স্থান বিশেষ উচ্চ নাছিল ।
২। শুদ্ধ/অঅশুদ্ধ বিচাৰ কৰা-
(ক) কৌটিল্য়ৰ আন এটা নাম চাণক্য় আছিল।
উত্তৰ:- শুদ্ধ।
(খ) মেগাস্থিনিচে ‘অৰ্থশাস্ত্ৰ’ লিখিছিল।
উত্তৰ:- অশুদ্ধ।
(গ) সম্ৰাট অশুকে নিজ সন্তানক বিদেশত বৌদ্ধ ধৰ্ম প্ৰচাৰৰ বাবে পঠাই দিছিল।
উত্তৰ:- শুদ্ধ।
(ঘ) তৃতীয় বৌদ্ধ মহামেল চন্দ্ৰগুপ্তৰ দিনত অনুষ্ঠিত হৈছিল।
উত্তৰ:- অশুদ্ধ।
(ঙ) উপগুপ্ত সম্ৰাট অশুকৰ ধৰ্মগুৰু আছিল।
উত্তৰ:- অশুদ্ধ।
