মোগল ৰাজত্ব কালত ভাৰতবৰ্ষ
সপ্তম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ১৬
social science lesson 16
class 7 social science question answer assamese medium
class 7 AssamQna
১। উত্তৰ দিয়া-
(ক) ভাৰতবৰ্ষত মুছলমানসকলে কেতিয়াৰ পৰা শাসনকার্য আৰম্ভ কৰিছিল?
উত্তৰ:- ভাৰতবৰ্ষত মুছলমানসকলে ১২০৬ খ্ৰীঃত শাসনকাৰ্য আৰম্ভ কৰিছিল।
(খ) পাণিপথৰ প্রথম যুদ্ধ কিমান চনত সংঘটিত হৈছিল?
উত্তৰ:- পাণিপথৰ প্ৰথম যুদ্ধ ১৫২৬ চনত সংঘটিত হৈছিল।
(গ) ঔৰংগজেৱে কাক অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল?
উত্তৰ:- ঔৰংগজেৱে বংগৰ চুবেদাৰ মিৰজুমলাক অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল।
(ঘ) মােগলৰ শাসন ব্যৱস্থাত শাসনৰ সর্বোচ্চ ক্ষমতা কাৰ হাতত ন্যস্ত আছিল?
উত্তৰ:- মােগলৰ শাসন ব্যৱস্থাত শাসনৰ সর্বোচ্চ ক্ষমতা মোগল সম্ৰাটসকলৰ হাতত ন্যস্ত আছিল।
(ঙ) মনচবদাৰী প্রথা কোনে প্ৰৱৰ্তন কৰিছিল?
উত্তৰ:- মনচবদাৰী প্ৰথা মহামতি আকবৰে প্ৰৱৰ্তন কৰিছিল।
২। শুদ্ধ / অশুদ্ধ নির্ণয় কৰা—
(ক) ভাৰতবৰ্ষত মােগলসকলে ১২০৬ খ্রীঃৰ পৰা ১৮৫৭ খ্রীঃলৈ ৰাজত্ব কৰিছিল।
উত্তৰ:- অশুদ্ধ।
(খ) মােগল সাম্রাজ্যৰ অন্তৰ্গত প্রদেশবােৰৰ চুবেদাৰসকলৰ বিচাৰ ক্ষমতা অসীম আছিল।
উত্তৰ:- অশুদ্ধ।
(গ) বাবৰৰ ৰাজ্য বংগৰ পৰা গােৱালিয়ৰলৈকে বিস্তৃত আছিল।
উত্তৰ:- শুদ্ধ।
(ঘ) মিৰজুলাৰ আক্ৰমণৰ সময়ত অসমৰ ৰজা আছিল জয়ধ্বজ সিংহ।
উত্তৰ:- শুদ্ধ।
(ঙ) মনচবদাৰ শব্দটোৱে মাটিৰ গৰাকীক বুজায়।
উত্তৰ:- অশুদ্ধ।
৩। খালি ঠাই পূৰণ কৰা
ক)______ মোগলসকলৰ তৃতীয় আৰু শ্রেষ্ঠ সম্রাট।
উত্তৰ:- আকবৰ।
(খ) মোগলৰ বিচাৰ ব্যৱস্থা পৰিচালিত হৈছিল_______নীতি-নির্দেশনা মতে।
উত্তৰ:- কোৰানৰ।
(গ) মোগলসকলে কৰ-কাটলৰ বাবে মাটিক _______ ভাগত ভাগ কৰিছিল৷
উত্তৰ:- চাৰি।
(ঘ) _______ খ্ৰীঃত মহামতি ‘আকবৰে' মোগল শাসন ব্যৱস্থাত মনচবদাৰী প্ৰথাৰ প্ৰচলন কৰে।
উত্তৰ:- ১৫৭৭।
(ঙ) আকবৰৰ শাসনকালত মনচবদাৰ আছিল________ জন।
উত্তৰ:- ২৯।
৪। চমু উত্তৰ লিখা—
(ক) একত্ৰিত ভাৰতবৰ্ষৰ সপোন আশিংকভাৱে কাৰ্যকৰী কৰিবলৈ সক্ষম হোৱা সম্রাট দুজন কোন কোন আছিল?
উত্তৰ:- মহামতি অশোক আৰু আকবৰ।
(খ) ঔৰংজেৱৰ সাম্ৰাজ্যৰ বিস্তৃতি ক'ৰ পৰা ক'লৈ আছিল ?
উত্তৰ:- ঔৰংজেৱৰ সাম্ৰাজ্যৰ বিস্তৃতি পূবে বংগৰ পৰা পশ্চিমে গুজৰাটলৈ আৰু উত্তৰে কাবুলৰ পৰা দক্ষিণে কৰ্ণাটকলৈ বিস্তৃত আছিল ।
(গ) মোগলৰ প্ৰাদেশিক শাসন ব্যৱস্থাৰ চুবেদাৰৰ তলৰ বিষয়াবোৰ কোন কোন ?
উত্তৰ:- মোগলৰ প্ৰাদেশিক শাসন ব্যৱস্থাৰ চুবেদাৰৰ তলৰ বিষয়াবোৰ হ'ল - দিৱান , ফৌজদাৰ আৰু ফটোৱাল ।
(ঘ) মোগলসকলৰ শাসন কালত মাটিক কেইভাগত ভগোৱা হৈছিল আৰু ভাগবোৰ কি কি ?
উত্তৰ:- মোগলসকলে মাটিবোৰক চাৰি শ্ৰেণীত ভাগ কৰিছিল ।
১) পোলাজ
২) পাৰাউটি
৩) চাচ্চাৰ
৪) বানজাৰ
(ঙ) মনচবদাৰসকলক কিদৰে পাৰিতোষিক দিয়া হৈছিল?
উত্তৰ:- মনচবদাৰসকলৰ নিয়োগ আৰু পদোন্নতি সম্পৰ্ণৰূপে সম্ৰাটৰ ইচ্ছা-অনিচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিছিল। পদমৰ্যাদা অনুসৰি মনচবদাৰসকলৰ পৰিতোষিক হৈছিল বুলি জনা যায়।
৫। ৫০ টামান শব্দৰ ভিতৰত উল্লেখ কৰা
(ক) মোগলৰ বিচাৰ ব্যৱস্থা :
উত্তৰ:- মোগল বাজত্ব কালত বিচাৰ ব্যৱস্থাৰ সু শৃংখল নীতি নাছিল । সুকীয়া বিচাৰালয়ো নাছিল । সম্রাটেই আছিল শাসন আৰু বিচাৰৰ কেন্দ্ৰ বিচাৰ ব্যৱস্থা পৰিচালিত হৈছিল কোৰানৰ নীতি - নির্দেশনামতে । প্রদেশবোৰৰ শাসনকর্তা চুবেদাৰসকলৰ বিচাৰৰ ক্ষমতা আছিল অতি কম । বেছিভাগ ক্ষেত্ৰতে চুবেদাৰসকলে যিকোনো বিচাৰ নিষ্পত্তিৰ বাবে সম্ৰাটৰ ওচৰলৈ পঠিয়াইছিল । গাঁও পৰ্যায়ত মোকর্দমা নিষ্পত্তি হৈছিল । গাঁও পঞ্চায়ত পর্যায়ত পঞ্চায়তে বাছি দিয়া লোকৰ দ্বাৰা বিচাৰ কাৰ্য সমাপন কৰা হৈছিল ।
(খ) মনচবদাৰী প্ৰথা।
উত্তৰ:- মোগল প্ৰশাসনৰ এক উল্লেখযোগ্য় ব্য়ৱস্থা হৈছে মনচবদাৰী প্ৰথা। মনচব হ'ল এটা আৰবী শব্দ আৰু ইয়াৰ অৰ্থ হ'ল পদ বা স্থান সেয়ে মনচবদাৰ শব্দটোৰে পদ মৰ্যাদা বা উপাধি বুজোৱা হৈছিল। ইতিহসবিদসকলৰ মতে ১৫৭৭ খ্ৰীঃত মহামতি আকবৰ শাসন ব্য়ৱস্থাত এই প্ৰথাৰ প্ৰচলন কৰিছিল। সম্ভৱতঃসামৰিক বাহিনী শক্তিশালী, পৰিকাল্পিত আৰু নিয়মানুবৰ্তী কৰাৰ উদ্দেশ্য়ে ইয়াৰ প্ৰৱৰ্তন কৰা হৈছিল।
