১৮৫৭ চনৰ বিদ্ৰোহ
অষ্টম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ১৬
social science lesson 16
class 8 social science question answer assamese medium AssamQna
১) উত্তৰ লিখা-
(ক) কেতিয়াৰ পৰা ভাৰতবৰ্ষখন সম্পূর্ণৰূপে ইংৰাজ উপনিবেশত পৰিণত হ’ল ?
উত্তৰ:- অষ্টাদশ শতিকাৰ দ্বিতীয়াৰ্ধত ǀ
(খ)কোন গৱৰ্ণৰ জেনেৰেলৰ শাসন কালত এচাম দেশীয় ৰজাৰ ৰাজকীয়মর্যাদা , উপাধি , পেন্সন আদি কাঢ়ি লোৱা হৈছিল ?
উত্তৰ:- লৰ্ড ডেলহাউচি ǀ
(গ) ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ প্রথম ছহিদ কোন আছিল ?
উত্তৰ:- মংগল পাণ্ডে ǀ
(ঘ) মণিৰাম দেৱানৰ সৈতে কোনজন নেতাক ফাঁচি দিয়া হৈছিল?
উত্তৰ:- পিয়লি বৰুৱা ǀ
(ঙ) অসমৰ কৃষক বিদ্রোহসমূহ কোনে পৰিচালনা কৰিছিল ?
উত্তৰ:- ৰাইজ মেলসমূহে ǀ
২ ) ‘ ক ’ অংশৰ লগত ‘ খ ’ অংশ মিলোৱা
উত্তৰ:- ক ) ১৮৫৬ চনৰ আইন - সাগৰ যাত্ৰা বাধ্যতামূলক কৰা
খ ) ১৮৫৭ চনৰ ২৯ মার্চ - মংগল পাণ্ডেৰ সামৰিক বিষয়াক আক্রমণ ।
গ ) ১৮৫৮ চন - ভাৰতৰ শাসনভাৰ ৰাণী ভিক্টোৰিয়াৰ অধীন
ঘ ) ১৮২৮ চন - গোমধৰ কোঁৱৰৰ বিদ্রোহ ।
ঙ ) ১৮৬১ চন - ফুলগুৰি ধেৱা
৩) শুদ্ধ/অশুদ্ধ নির্ণয় কৰা
(ক) অর্থনৈতিক, সামাজিক, ৰাজনৈতিক, সামৰিক, ধর্মীয় আদি নানা কাৰণত চিপাহী বিদ্ৰোহৰ সূত্রপাত হৈছিল।
উত্তৰ:- শুদ্ধ
(খ) ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণটো আছিল মংগল পাণ্ডেৰ ফাঁচী ।
উত্তৰ:- অশুদ্ধ
(গ) ১৮৫৭ চনৰ বিদ্রোহত বাহাদুৰ ছাহ দ্বিতীয় ভাৰতবৰ্ষৰ সম্রাট বুলি ঘোষণা কৰিছিল।
উত্তৰ:- শুদ্ধ
(ঘ) মণিৰাম দেৱানে পুৰন্দৰ সিংহক আহোমৰ শাসনভাৰ দিবলৈ ইংৰাজক আবেদন জনাইছিল ।
উত্তৰ:- অশুদ্ধ
(ঙ) ১৮৬১ চনৰ জানুৱাৰীত ৰঙিয়া, নলবাৰী আৰু বৰমাতো খাজনা বৃদ্ধিৰ প্ৰতিবাদত কৃষকে বিদ্রোহ কৰিছিল।
উত্তৰ:- শুদ্ধ
৪। চমু টোকা লিখা—
(ক) মণিৰাম দেৱান
উত্তৰ:- ১৮৫৭ চনৰ বিদ্রোহত অসমৰ যি ভূমিকা তাৰ নায়ক আছিল মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱা দেৱান, চমুকৈ মণিৰাম দেৱান। মণিৰাম দেৱান চতুৰ আৰু ৰাজনৈতিক তথা প্রশাসনিক দক্ষতা সম্পন্ন ব্যক্তি আছিল। আৰম্ভণিতে তেওঁ এজন ইংৰাজ অনুৰাগী আছিল যদিও ইংৰাজৰ বৈষম্যমূলক নীতিৰ নিজেই এজন ভুক্তভোগী হোৱা হেতুকে শেষলৈ ইংৰাজ বিদ্বেষী হৈ পৰে। মণিৰাম দেৱানে ইংৰাজৰ অধীনৰ দেৱানৰ চাকৰি ইস্তফা দি যোৰহাটৰ ওচৰৰ চিনামৰা আৰু চেলেঙত নিজাকৈ দুখন চাহ বাগিচা খুলি প্রথম অসমীয়া তথা ভাৰতীয় চাহ খেতিয়ক হিচাপে প্রতিষ্ঠা লাভ কৰে। মণিৰামৰ এইব্যৱসায় সহজভাৱে নলৈ ইংৰাজে তেওঁক বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰে ǀ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু অসমৰ জনসাধাৰণৰ স্বার্থ ৰক্ষা কৰ্ষিলৈ অসমত পুনৰ কন্দপেশ্বৰ সিংহৰ অধীনত আহোম শাসন বিচাৰি মণিৰাম দেৱানে ইংৰাজৰ ওচৰত কৰা চেষ্টা অথলে যোৱাত অৱশেষত ১৮৫৭ চনৰ বিদ্ৰোহৰ সুযোগ গ্রহণ কৰি অসমতো সশস্ত্র সংগ্রাম প্রস্তুতি চলালে । এই উদ্দেশ্যে তেওঁ কলিকতাৰ পৰা পিয়লি বৰুৱা, কন্দপেশ্বৰ সিংহ প্রমুখ্যে অন্যান্য সহযোগীসকলৰ লগত যোগাযোগ কৰি বিদ্ৰোহৰ প্রস্তুতি চলাবলৈ আহ্বান জনালে। কোনো আত্মপক্ষ সমর্থনৰ সুযোগ নিদিয়াকৈ মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাটত ফাঁচি দিলে।
( খ ) ফুলগুৰি ধেৱা
উত্তৰ:- ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পাছত ভাৰতৰ শাসনভাৰ পোনপটীয়াকৈ ইংৰাজ চৰকাৰৰ হাতলৈ যায় যদিও এই পৰিৱৰ্তন ভাৰতীয় জনসাধাৰণৰ বাবে শুভ নাছিল । ইংৰাজে বিদ্ৰোহৰ ঘাটি পূৰাবলৈ প্ৰজাৰ ওপৰত নতুন নতুন কৰ প্ৰৱৰ্তন কৰি সাধাৰণ প্ৰজা আৰু কৃষকৰ জীৱন দুর্বিসহ কৰি তুলিছিল । তেনে সময়তে ১৮৫১-৫২ চনত ইংৰাজ চৰকাৰে অসমত আবকাৰী কানিৰ প্রচলন কৰাত এই খেতি কৰি জীৱিকা নির্বাহ কৰা খেতিয়কসকলৰ উপাৰ্জনৰ পথ বন্ধ হয় । অসমত আফু খেতি কৰাও নিষিদ্ধ কৰে ৷ ইংৰাজ চৰকাৰৰ এনেবোৰ কার্যত কৃষকসকল ক্ষোভিত আৰু উত্তেজিত হৈ ১৮৬১ চনত নগাঁৱৰ ফুলগুৰিত এক বিদ্রোহ কৰে ৷ ইয়ে অসমৰ প্ৰথমটো কৃষক বিদ্রোহ ‘ ফুলগুৰি ধেৱা ’ । ধেৱাৰ অৰ্থ ৰণ বা যুদ্ধ ।
(গ) চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণ
উত্তৰ:- চিপাহী বিদ্ৰোহৰ তৎকালিন কাৰণ- ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণটো আছিল এনফিল্ড ৰাইফলৰ গুলিৰ ব্যৱহাৰ। এইবিধ গুলি বন্দুকত ভৰোৱাৰ আগতে দাঁতেৰে কামুৰি পেকেটটো এৰোৱাব লাগিছিল। গুলিসমূহত চর্বি জাতীয় পদার্থ মিহলাই দিয়া হৈছিল। হঠাতে গুজৱ ওলাল যে এই সংমিশ্রণ গাহৰি আৰু গৰুৰ চৰ্বিৰে তৈয়াৰী। গাহৰি মুছলমানসকলৰ আৰু গৰু হিন্দু অভক্ষ্য বাবে ভাৰতীয় সৈন্যই ইয়াক ব্যৱহাৰ কৰিবলৈ অনিচ্ছা প্রকাশ কৰিলে। তেওঁলোকৰ বিশ্বাস দৃঢ় হৈছিল যে এই কাৰ্যৰ দ্বাৰা ইংৰাজে দেশীয় চিপাহীসকলৰ ধৰ্ম নষ্ট কৰিবলৈ বিচাৰিছে। ১৮৫৭ চনৰ ২৩ জানুৱাৰীত বংগৰ দমদম সেনা ছাউনীত চিপাহীসকলে পোনতে এইবিধ গুলি ব্যৱহাৰৰ প্রতিবাদ কৰিছিল। ২৯ মার্চত বেৰেকপুৰৰ সেনাছাউনীত সেই গুলি ব্যৱহাৰ কৰিবলৈ নির্দেশ দিয়াত মংগল পাণ্ডেই এজন ইংৰাজ সামৰিক বিষয়াক আক্ৰমণ কৰি বিদ্ৰোহৰ সূচনা কৰে ǀ
৫) চিপাহী বিদ্ৰোহৰ কাৰণবোৰক কেইভাগত বিভক্ত কৰিব পাৰি ? যিকোনো এটা কাৰণৰ বিষয়ে লিখা ।
উত্তৰ:- চিপাহী বিদ্ৰোহৰ কাৰণবোৰক পাঁচ ভাগত বিভক্ত কৰিব পাৰি ।
১ ) ৰাজনৈতিক
২ ) অর্থনৈতিক
৩ ) সামাজিক
৪ ) সামৰিক
৫ ) ধর্মীয় বা তৎকালীন কাৰণ ।
১ ) ৰাজনৈতিক কাৰণ:- লর্ড ডেলহাউছিয়ে স্বত্ব বিলোপ আৰু চামিল কৰণ নীতিৰে চাতাৰা , নাগপুৰ , সম্বলপুৰ আদি ৰজ্যবোৰ বৃটিছৰ অধীনলৈ নিয়ে । বহুতো ৰজাই পদবী , খিতাপ , বৃত্তি আদি হেৰুৱাব লগা হৈছিল । ফলত এই ৰজাবোৰে বৃটিছৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈছিল ।
৬ ) লর্ড ডেলহাউচিৰ নীতিসমূহ চিপাহী বিদ্ৰোহৰ বাবে কিমান দূৰ জগৰীয়া বুলি ভাবা ? লিখা ।
উত্তৰ:- ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ ৰাজনৈতিক কাৰণৰ ভিতৰত লর্ড ডেলহাউচিৰ উগ্র সাম্রাজ্যবাদী নীতিসমূহ পূৰামাত্ৰাই জগৰীয়া আছিল । ডেলহাউচিয়ে স্বত্ববিলোপ নীতি প্ৰয়োগ কৰি চাথাৰা , নাগপুৰ , চম্বলপুৰ আদি ৰাজ্য অধিগ্রহণ কৰাত ভাৰতীয় জনসাধাৰণৰ মনত ভয় , শংকা , সন্দেহ আৰু অবিশ্বাসৰ সৃষ্টি হৈছিল । ডেলহাউচিৰ শাসনকালত এচাম দেশীয় ৰজাৰ ৰাজকীয় মর্যাদা , উপাধি , পেন্সন আদি কাঢ়ি লোৱা হৈছিল । মোগল সম্রাটৰ অস্তিত্ব নাশ কৰাৰ ষড়যন্ত্রতো ডেলহাউচি লিপ্ত হৈছিল ৷ ডেলহাউচিয়ে নাগপুৰ ৰাজ্য কোম্পানীৰ কু - শাসনৰ দোহাই দি অযোধ্যা , সাম্ৰাজ্যভুক্ত কৰা আৰু অযোধ্যাৰ ৰাজকোশ লুণ্ঠন কৰা কার্যই ভাৰতীয়সকলৰ মনত প্রচণ্ড ঘৃণাৰ সৃষ্টি কৰিছিল , যাৰ পৰিণতিস্বৰূপে ১৮৫৭ চনত চিপাহী বিদ্রোহ সংঘটিত হৈছিল ।
৭) এচাম ইতিহাসবিদৰ মতে চিপাহী বিদ্ৰোহক কিয় ভাৰতৰ স্বাধীনতাৰ প্ৰথম যুদ্ধ বুলি কব পৰা নাযায় ? যুক্তি দৰ্শোৱা ।
উত্তৰ : - এচাম ইতিহাসবিদৰ মতে চিপাহী বিদ্ৰোহক ভাৰতৰ স্বাধীনতাৰ প্ৰথম যুদ্ধ বুলি কব পৰা নাযায় । কিয়নো স্বাধীনতা যুদ্ধৰ আগৰ জাতীয়তাবাদৰ ধাৰণা সেই সময়ত জনসাধাৰণৰ মাজত উদ্ভৱ হোৱাই নাছিল । সেই বাবেই দক্ষিণ ভাৰতৰ লোক সকলে এই বিদ্ৰোহত অংশ গ্ৰহণ কৰা নাছিল । তাৰোপৰি শিখ , জমিদাৰ শ্ৰেণী আৰু বুদ্ধি জীৱি সকলো এই বিদ্ৰোহৰ পৰা আঁতৰত আছিল ।
