আমাৰ মৌলিক প্রয়োজনসমূহ
ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ১৭
social science lesson 17
class 6 social science question answer assamese medium
class 6 AssamQna
১। মানুহৰ মৌলিক প্রয়োজনসমূহ কি কি ? এইবোৰক কিয় মৌলিক প্রয়োজন বুলি কোৱা হয় ?
উত্তৰ:- মানুহৰ মৌলিক প্রয়োজন তিনিটা হ'ল - খোৱা বস্তু , কাপোৰ - কানি আৰু বাসগৃহ ।
এইবোৰক মৌলিক প্রয়োজন বোলা হয় কাৰণ এইবিলাকৰ অবিহনে আমি জীয়াই থকাটো সম্ভৱ নহয় ।
২। পৃথিৱীৰ বিভিন্ন অঞ্চলৰ মানুহে মুখ্য আহাৰ হিচাপে বিভিন্ন খাদ্য গ্ৰহণ কৰাৰ কাৰণ কি ?
উত্তৰ:- পৃথিৱীৰ বিভিন্ন অঞ্চলৰ মানুহে ভিন ভিন ভৌগোলিক পৰিবেশ মাটিৰ গুণাগুণ আৰু জলবায়ুৰ প্ৰকাৰপ্ৰেম মানুহৰ প্ৰধান আহাৰ বেলেগে বেলেগে হয় । উদাহৰণ স্বৰূপে অসমৰ জলবায়ু আৰু মাটি ধান উৎপাদনৰ বাবে উপযোগী হোৱা হেতুকে ভাত অসমৰ মানুহৰ প্ৰধান খাদ্য । তেনেদৰে পঞ্জাব , হাৰিয়ানা , উত্তৰ প্ৰদেশ বিহাৰ আদিত যথেষ্ট পৰিমাণ ঘেঁহু উৎপাদন হয় বাবে সেই ঠাইৰ মানুহৰ প্ৰধান আহাৰ হ'ল ৰুটি । ভাত বা ৰুটিৰ লগত আনুষংগিকভাৱে যিবোৰ ব্যঞ্জন কোৱা হয় , সেইবোৰো মূল আহাৰৰ অন্তৰ্ভুক্ত ।
৩। অসমৰ মানুহে মুখ্য আহাৰ হিচাপে কি কি খাদ্য খায় ?
উত্তৰ:- অসমৰ মানুহৰ প্ৰধান খাদ্য হৈছে ভাত। ৰাজ্যখনৰ মানুহে গ্ৰহণ কৰা অন্য খাদ্য সমূহ হৈছে- কোমল চাউল, দৈ, চিৰা, পিঠাগুৰিৰে তৈয়াৰী পিঠাপনা যেনে- টেকেলী মুখত দিয়া পিঠা, পানী পিঠা, চুঙা পিঠা, খোলা চাপৰি পিঠা ইত্যাদি।
৪। বিভিন্ন অঞ্চলৰ মানুহে কিয় বিভিন্ন সাজ - পাৰ পৰিধান কৰে ?
উত্তৰ:- বিভিন্ন অঞ্চলৰ মানুহে বিভিন্ন সাজ - পাৰ পৰিধান কৰে কাৰণ বিভিন্ন ঠাইৰ জাতীয় পৰম্পৰা , ধৰ্মীয় বিশ্বাস , ভৌগোলীক অৱস্থান , জলবায়ু , বৃত্তি সৌন্দর্যবোধ আদি বেলেগ বেলেগ ।
৫। মানুহৰ বাসস্হানসমুহ ঠাইভেদে বেলেগ বেলেগ হয়। ইয়াৰ কাৰণসমুহ শিক্ষকৰ লগত আলোচনা কৰি লিখা।
উত্তৰ:- ভৌগোলিক আৰু সামাজিক পৰিবেশ ৰ ওপৰত ভিত্তি কৰি মানুহৰ বাসস্থান বেলেগ বেলেগ হয়। উদাহৰণস্বৰূপে অসমৰ হাবিবোৰত প্ৰচুৰ পৰিমাণে বাঁহ আৰু কাঠ পোৱা যায়, সেয়হে অসমৰ মানুহে সেইবিলাক সামগ্ৰীৰে ঘৰ সাজে। ঠিক তেনেদৰে ভাৰতৰ মধ্যপ্ৰদেশ, ৰাজস্থান, বিহাৰ আদি ৰাজ্যত জাৰ-জহৰ প্ৰকোপ বেছি বাবে সেইবোৰ ঠাইত মানুহে মাটিৰে ঘৰ সাজে। হ্ৰদ, নৈ বা জলমগ্ন এলেকাত মানুহে নাঁৱৰ ওপৰতো ঘৰ সাজে। তুন্দ্ৰা অঞ্চলৰ মানুহে বৰফ আৰু কোবাল বতাহৰ পৰা ৰক্ষা পাবলৈ বৰফৰ টুকুৰাৰে ঘৰ সাজে যাক ঈগলু বোলে।
৬। খালী ঠাই পূৰ কৰা –
(ক) আমাৰ শৰীৰৰ বৃদ্ধি আৰু পুষ্টিৰ বাবে আমি ______ আৰু ______ গ্ৰহণ কৰোঁ।
উত্তৰ:- খাদ্য, পানী
(খ) মানুহে জীয়াই থকাৰ বাবে দিনটোত দুবেলা ______ ভাবে খোৱা আহাৰক _____ আহাৰ বা প্ৰধান আহাৰ বুলি কোৱা হয়।
উত্তৰ:- নিয়মীয়া, মূল
(গ) শীত, তাপ, ৰ’দ, ধূলি-মাকতি আদিৰ পৰা ৰক্ষা পাবলৈ আৰু ______ নিবাৰণৰ বাবে মানুহক _______ ৰ প্ৰয়োজন হয়।
উত্তৰ:- লজ্জা, সাজপাৰ
(ঘ) সাজ-পাৰ মানুহৰ _______ আৰু _______ দাঙি ধৰে।
উত্তৰ:- ৰুচিবোধ, ব্যক্তিত্বক
(ঙ) বাসস্থান বা ঘৰে মানুহক ______ বিপদৰ পৰা ৰক্ষা কৰি ______ নিৰাপত্তা আৰু বিশ্ৰাম প্ৰদান কৰে।
উত্তৰ:- প্ৰাকৃতিক, আশ্ৰয়
(চ) উত্তৰ পূব ভাৰতৰ পাৰ্বত্য এলেকাৰ লোকসকলে সাধাৰণতে বনৰীয়া জীৱ-জন্ত, _____ আদিৰ পৰা ৰক্ষা পাবলৈ _____ সাজে।
উত্তৰ:- সৰীসৃপ, চাঙঘৰ
৭। শুদ্ধ-অশুদ্ধ নিৰ্ণয় কৰা-
(ক) পৃথিৱীৰ সকলো ঠাইৰে মানুহৰ প্ৰধান আহাৰ ভাত।
উত্তৰ:- অশুদ্ধ।
(খ) দিনটোত দুবেলা নিয়মীয়াভাবে খোৱা আহাৰক উপ আহাৰ বোলে।
উত্তৰ:- অশুদ্ধ।
(গ) সাজ-পাৰ অবিহনে সভ্য জীৱন-যাপন সম্ভৱ নহয়।
উত্তৰ:- শুদ্ধ।
(ঘ) গ্ৰীষ্মপ্ৰধান অঞ্চলত কপাহী কাপোৰৰ প্ৰচলন কম।
উত্তৰ:- অশুদ্ধ
(ঙ) মৰুভূমি অঞ্চলৰ মানুহে ঈগলু সাজি বসবাস কৰে।
উত্তৰ:- অশুদ্ধ।
(চ) উত্তৰ-পূব ভাৰতৰ পাৰ্বত্য এলেকাত চাংঘৰ দেখা যায়।
উত্তৰ:- শুদ্ধ।
