ভাৰতবৰ্ষৰ সাংস্কৃতিক দিশত মোগল সকলৰ অৱদান সপ্তম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ সমাজ বিজ্ঞান পাঠ ১৭ social science lesson 17 class 7 social science question answer assamese medium class 7 AssamQna

ভাৰতবৰ্ষৰ সাংস্কৃতিক দিশত মোগল সকলৰ অৱদান
সপ্তম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ১৭
social science lesson 17
class 7 social science question answer assamese medium
class 7 AssamQna

১৷ উত্তৰ দিয়া—

(ক) চাচাৰামৰ সমাধি কোনে নির্মাণ কৰিছিল?
উত্তৰ:-
ছেৰছাহ।


(খ) আকবৰৰ দিনত অট্টালিকা সজাওতে বিশেষভাৱে কি ব্যৱহাৰ কৰা হৈছিল ?
উত্তৰ:-
ৰঙা শিলৰ গুৰি।


(গ) তাজমহল কোন নদীৰ পাৰত অৱস্থিত?
উত্তৰ:-
যমুনা নদী।


(ঘ) ময়ুৰ সিংহাসন তৈয়াৰ কৰা কাৰিকৰজনৰ নাম কি?
উত্তৰ:-
বেবদন খাঁ।


(ঙ) অসমত ভক্তি আন্দোলনৰ ধাৰাটোক কি বুলি জনা যায়?
উত্তৰ:-
বৈষ্ণৱ আন্দোলন।


২। শুদ্ধ উত্তৰ বাছি উলিওৱা-

(ক) ফতেহপুৰ চিক্ৰীৰ অট্টালিকা নির্মাণ কৰিছিল জাহাংগীৰে / আকবৰে / বাবৰে।
উত্তৰ:-
আকবৰ।


(খ) তাজমহল নির্মাণ কৰা হৈছিল ৰঙা শিলৰ গুৰিৰে / শুদ্ধ বগা মাৰ্বলেৰে / ইটা-চিমেণ্টেৰে।
উত্তৰ:-
শুদ্ধ বগা মাৰ্বলেৰে।


(গ) অসমৰ ভক্তি আন্দোলনৰ হোতা আছিল ৰমানন্দ/গুৰু নানক / শংকৰদেৱ।
উত্তৰ:-
শংকৰদেৱ।


(ঘ) মোগল চিত্রশিল্পই চৰম উৎকর্ষ সাধন কৰিছিল জাহাংগীৰৰ / ছাহজাহানৰ / ঔৰংগজেৱৰ শাসন কালত
উত্তৰ:-
জাহাংগীৰ।


(ঙ) তুর্কী ভাষাৰ ‘তুজুক-ইবাবৰী’ নামৰ আত্মজীৱনীখনৰ ৰচক আছিল বাবৰ / আকবৰ / হুমায়ুন।
উত্তৰ:-
বাবৰ।


৩। খালী ঠাই পূৰ কৰা—

(ক) পাণিপথৰ কাবুলবাগ আৰু চম্বলৰ ________ বাবৰে নিৰ্মাণ কৰিছিল।
উত্তৰ:-
জুমা মছজিদ


(খ)_________ ৰ শাসন কালক মোগল স্থাপত্য শিল্পৰ স্বর্ণযুগ বুলি জনা যায়।
উত্তৰ:- 
ছাহজাহান


(গ) জাহাংগীৰৰ দিনত ________ শিল্পৰ চৰম বিকাশ হৈছিল।
উত্তৰ:-
চিত্ৰ


(ঘ) আকবৰৰ দিনত প্ৰকাশ পোৱা অভিধানখনৰ নাম ________ ।
উত্তৰ:-
পাৰ্ছী 


(ঙ) অসমৰ বৈষ্ণৱ আন্দোলনৰ ধাৰাটোৰ মুখ্য প্ৰৱৰ্তক আছিল __________।
উত্তৰ:-
শ্ৰীমন্ত শংকৰদেৱ


৪। ৫০ টা মান শব্দৰ ভিতৰত উত্তৰ লিখা

(ক) এজন চিত্ৰকৰ্মৰ আৰু সমালোচক হিচাপে জাহাংগীৰে ভাৰতীয় চিত্ৰকলাৰ কেনেদৰে পৃষ্ঠপোষকতা কৰিছিল ?
উত্তৰ:-
জাহাংগীৰৰ দিনত মোগল চিত্ৰশিল্পই চৰম উৎকর্ষ সাধন কৰিছিল । তেওঁ এজন নিজে চিত্রপ্রেমী হোৱাৰ লগতে অভিজ্ঞ চিত্র সমালোচকো আছিল । কল্পনাৰ পৰিৱৰ্তে বাস্তৱক প্রাধান্য দিবলৈ তেওঁ চিত্ৰকৰসকলক আহ্বান জনাইছিল । তেওঁৰ দিনত ক্ষুদ্র চিত্রশিল্পইএক সুকীয়া আসন দখল কৰিছিল । এওঁৰ দিনত ভাৰতৰ বিভিন্ন প্রাক্তন চিত্রশিল্পৰ বিদ্যালয় গঢ়ি উঠিছিল । বিখ্যাত চিত্ৰকৰ মনচুৰ মুৰাদ , বিষণদাস আদিয়ে জাহাংগীৰৰ ৰাজসভা শুৱনি কৰিছিল ।


(খ) মোগল যুগৰ স্থাপত্য , কলা - সংস্কৃতিলৈ ছাহজাহানৰ অৱদান
উত্তৰ:-
ছাহজাহানক মোগল যুগৰ স্থাপত্য ভাস্কৰ্যৰ প্ৰকৃত নিৰ্মাতা বুলি কোৱা হয় । ছাহজাহানে কেৱল স্থাপত্য - ভাস্কৰ্যৰ নিৰ্মাণতেই গুৰুত্ব দিয়া নাছিল , এইবোৰক সংৰক্ষণৰ ব্যৱস্থাও কৰিছিল । ছাহজাহানৰ ৰাজত্ব কালক কলা - সংস্কৃতিৰ স্বৰ্ণযুগ বোলা হয় । ছাহজাহানে নিৰ্মাণ কৰা তাজমহল তেওঁৰ পত্নী প্ৰেমৰ অমৰ সাক্ষী । তদুপৰি আগ্ৰাৰ দুৰ্গৰ ভিতৰত তেওঁ বহুতো অট্টালিকা সজাইছিল ৷ মাৰ্বলেৰে নির্মিত ছাহজাহানবাদ চহৰখনো তেওঁ নিৰ্মাণ কৰিছিল । ছাহজাহানে আজমীৰতো ভালেমান স্থাপত্য নিৰ্মাণ কৰি শিল্প - প্ৰীতিৰ পৰিচয় দিছিল ৷ হীৰা মুকুতাৰে নিৰ্মিত ময়ূৰ সিংহাসন ছাহজাহানৰ দিনতেই সাজি উলিওৱা হৈছিল । ছাহজাহান এগৰাকী সাহিত্যৰ অনুৰাগী আছিল । ছাহজাহানৰ জীয়ৰী জাহানাৰাই পাছী সাহিত্যলৈ ভালেখিনি বৰঙণি আগবঢ়াইছিল ।


(গ) আকবৰৰ ধৰ্ম নীতিয়ে মোগলযুগক কেনেদৰে প্ৰভাৱিত কৰিছিল ?
উত্তৰ:-
আকবৰে তেওঁ ধৰ্মৰ প্ৰতি থকা অনুসন্ধিৎসা দূৰ কৰিবৰ বাবে ইবাদতখানা অৰ্থাৎ প্ৰাৰ্থনা গৃহ সজাইছিল। আদিতে এই ইবাদতখানাত সমবেত হোৱা গোড়া মুছলমানসকলক ধৰ্মৰ বিষয়ে আলোচনা কৰিবলৈ দিয়া হৈছিল। পাছলৈ অন্য় ধৰ্মৰ পণ্ডিতসকলকো ইয়ালৈ নিমৰ্ন্তণ কৰা হৈছিল। সম্ৰাট আকবৰে নিজেও এই আলোচনাত যোগ দিছিল। সকলো ধৰ্মৰ সাৰুৱা কথাবোৰ শুনি আকবৰ মোহিত হৈছিল। সকলো ধৰ্মৰ মূল কথাবোৰ যে একে সেই কথা তেওঁ উপলদ্ধি কৰিছিল। সেয়েহে সকলো ধৰ্মৰ মূল কথাবোৰ লৈ তেওঁ এটি নতুন ধৰ্মমত উলিয়াইছিল। ইয়াকে আমি দিন-ই-ই লাহী বুলি জানো। প্ৰথম এই ধৰ্মমতৰ নাম আছিল তউহিদ-ই-ইলাহী। আকবৰৰ শাসন ব্য়ৱস্থাত সকলো ধৰ্মক সমানে চোৱাৰ নীতিৰে তেওঁ দিন-ই-ইলাহীক প্ৰয়োগ কৰিছিল। আন ধৰ্মৰ মানুহকো ধৰ্মীয় স্বাধীনতা দিয়াতো তেওঁ ধৰ্ম নীতিৰ এক প্ৰধান বৈশিষ্ট আছিল।

*

Post a Comment (0)
Previous Post Next Post