মানৱ সম্পদ উন্নয়ন, মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক আৰু মানৱ সম্পদ উন্নয়নত বৃত্তিমুলক শিক্ষাৰ ভুমিকা
অষ্টম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ১৭
social science lesson 17
class 8 social science question answer assamese medium AssamQna
১) চমু উত্তৰ লিখা-
(ক) মানৱ সম্পদ কাক বোলে ?
উত্তৰ:- সুস্বাস্হ্যৰ অধিকাৰী যি ব্যক্তিয়ে শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা কৌশলী আৰু দক্ষতাসম্পন্ন হৈ উৎপাদনমূলক কামত নিজকে জড়িত কৰে তেওঁৱেই মানৱ সম্পদ ǀ
(খ) দেশৰ উৎপাদন কাৰ্যত কোনে অংশগ্ৰহণ কৰিব পাৰে ?
উত্তৰ:- যি ব্যক্তিয়ে শাৰিৰীক আৰু মানসিক শ্ৰমৰ কৰিব পাৰে আৰু ইয়াৰ লগতে তেওঁ প্ৰয়োজনীয় শিক্ষা আৰু প্ৰশিক্ষণপ্ৰাপ্ত হোৱাটো দৰকাৰীǀ
(গ) মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক মানে কি ?
উত্তৰ:- যিবোৰ দিশ লক্ষ্য কৰিলে দেশ এখনৰ মানৱ সম্পদ উন্নয়নৰ আভাস পোৱা যায়,সেইবোৰকে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক বোলা হয় ǀযেনে- শিক্ষাৰ হাৰ, জীৱনৰ প্ৰত্যাশা ইত্যাদি
(ঘ) বৃত্তিমূলক শিক্ষা কাক বোলে ?
উত্তৰ:- আনুষ্ঠানিক শিক্ষাৰ উপৰিও যি শিক্ষাৰ দ্বাৰা উপার্জনৰ পথ মুকলি হয় তাকে বৃত্তিমূলক শিক্ষা বোলে ǀ
(ঙ) মানৱ সম্পদৰ মূল চালিকা শক্তি ?
উত্তৰ:- মানৱ সম্পদৰ মূল চালিকা শক্তি সমূহ হৈছে- স্বাস্হ্য,উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণ ǀ
২) বহলাই আলোচনা কৰা
( ক ) মানৱ সম্পদ উন্নয়নৰ বাবে লবলগীয়া ব্যৱস্থাৱলী ।
উত্তৰ:- এখন দেশৰ জনসংখ্যা বৃদ্ধিয়ে মানৱ সম্পদ বৃদ্ধিক নুবুজায় । কাৰণ সকলো মানুহ মানৱ সম্পদৰ ভিতৰত নপৰে । সম্পদ হবলৈ মানুহৰ কিছুমান গুণ থাকিব লাগে । সেই গুনবোৰ হল – মানুহজন শাৰীৰিক , মানসিক ভাৱে সক্ষম হব লাগে । প্রয়োজনীয় শিক্ষা আৰু প্ৰশিক্ষণ প্রাপ্ত হব লাগে আৰু কৰ্মদক্ষ , কৌশল , আগৰণুৱা উৎসাহী হোৱা অতি প্রয়োজনীয় । অকল শিক্ষা আৰু উচ্চশিক্ষাই মানুহক সম্পদত পৰিণত নকৰে মুঠতে মানুহে যেতিয়া শাৰীৰিক বা মানসিকভাৱে উৎপাদন কার্যত অৰিহণা যোগাব পাৰে তাকে মানৱ সম্পদ বোলে । মানুহে কৰ্ম কুশলতা অৰ্জনৰ বাবে প্ৰশিক্ষণৰ দ্বাৰা নিজকে উৎপাদন কাৰ্যৰ উপযোগী কৰিব লাগিব । আমাৰ দেশৰ চৰকাৰে বৰ্তমান ৰ্তন কৰা বিজ্ঞানসন্মত শিক্ষা ব্যৱস্থা , উন্নত স্বাস্থ্য আৰু চিকিৎসা ব্যৱস্থা , উন্নয়নৰ বিভিন্ন সা - সুবিধা দিয়াৰ ব্যৱস্থা কৰিছে । উচ্চ শিক্ষা লোৱাৰ বাবে বেংকৰ পৰা ঋণ দিয়া আদি নিয়ম কৰি মানৱ সম্পদ উন্নয়নৰ দিশটো সবল কৰি তুলিছে ।
(খ) মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশকসমূহ
উত্তৰ:- মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশকসমূহ হ’ল- শিক্ষা হাৰ, জীৱনৰ প্ৰত্যাশা, জন্মকালীন শিশুৰ মৃত্যুৰ হাৰ, জনমূৰি আয়, বিদ্যালয়ত নামভৰ্তি আৰু বিদ্যালয় এৰাৰ হাৰ, প্ৰতিষেধক টিকাকৰণৰ হাৰ আদি ।
(গ) মানৱ সম্পদ উন্নয়ন আৰু বৃত্তিমুখী শিক্ষাৰ মাজত থকা সম্পৰ্ক ǀ
উত্তৰ:- মানৱ সম্পদ উন্নয়ন যিবোৰ দিশ লক্ষ্য কৰিলে দেশ এখনৰ মানৱ উন্নয়নৰ আভাস পোৱা যায় সেইবোৰকে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক বুলি কোৱা হয় । আনহাতে, বৃত্তিমূলক শিক্ষা আনুষ্ঠানিক শিক্ষাৰ উপৰি যি শিক্ষাৰ দ্বাৰা উপাৰ্জনৰ পথ মুকলি হয় তাকে বৃত্তিমূলক শিক্ষা বোলে ।
( ঘ ) বৃত্তি মূলক শিক্ষাই কিদৰে নিবনুৱা সমস্যা লাঘৱ কৰাত সহায় কৰে ?
উত্তৰ:- বৃত্তি মূলক শিক্ষাই মানুহক আর্থিকভাৱে আত্মনিৰ্ভৰশীল কৰি স্বনিয়োজনত অৰিহণা যোগাই নিবনুৱা সমস্যা লাঘৱ কৰাত সহায় কৰে । জীৱন ধাৰণৰ বাবে ব্যক্তি এজনে কি কাম কৰে তাক সেই মানুহজনৰ বৃত্তি বুলি কোৱা হয় । কোনো ব্যক্তিয়ে কাপোৰ চিলাই কৰাৰ প্ৰশিক্ষণ লৈ দৰ্জী হিচাপে জীৱিকা অর্জন কৰিলে সেইটোৱেই হব তেওঁৰ বৃত্তি । ঠিক তেনেদৰে কাঠ মিস্ত্ৰী , ৰাজমিস্ত্ৰী , ম'বাইল , কম্পিউটাৰ ভাল কৰা মানুহ আধুনিক জীৱনৰ অপৰিহাৰ্য অংগ । এই বিষয়বোৰত প্ৰশিক্ষণ লৈ মানুহে অতি সহজে উপাৰ্জনৰ পথ মোকলাব পাৰে
৩) শুদ্ধ অশুদ্ধ নিৰ্ণয়কৰা-
(ক) প্ৰাকৃতিক সম্পদৰ বৃদ্ধি হ’লেই দেশৰ উৎপাদন বৃদ্ধি হয় ǀ
উত্তৰ:- অশুদ্ধ
(খ) মানুহ মাত্ৰেই মানৱ সম্পদ নহয় ǀ
উত্তৰ:- শুদ্ধ
(গ) জনসংখ্যা বৃদ্ধিয়ে মানৱ সম্পদৰ বৃদ্ধি হোৱা নুবুজায় ǀ
উত্তৰ:- শুদ্ধ
(ঘ) উচ্চ জীৱন প্ৰত্যাশাই অনুন্নত মানৱ সম্পদক সূচায় ǀ
উত্তৰ:- অশুদ্ধ
(ঙ) ৰাষ্ট্ৰীয় আয়ৰ বৃদ্ধিয়ে দেশ এখন স্বাৱলন্বী হোৱাত সহায় কৰে ǀ
উত্তৰ:- শুদ্ধ
(চ) জন্মকালীন শিশুৰ মৃত্যুৰ হাৰে মানৱ সম্পদ উন্নয়নত সহায় কৰে ǀ
উত্তৰ:- শুদ্ধ
৪) খালী ঠাই পূৰ কৰা-
(ক) এখন দেশৰ উৎপাদন প্ৰক্ৰিয়াৰ এক অন্যতম কাৰক হ’ল ______ য’ত অংশগ্ৰহণ কৰিব পাৰে একমাত্ৰ ______।
উত্তৰ:- শ্ৰম, মানুহে
(খ) ______ আয়ৰ বৃদ্ধিয়ে দেশ ______ হোৱাত স্বাৱলন্বী সহায় কৰে ǀ
উত্তৰ:- ৰাষ্ট্ৰীয়, এখন
(গ) উচ্চশিক্ষা গ্ৰহণ কৰাৰ পিছত _______ সকলো শিক্ষিত ব্যক্তিকে ______ যোগান ধৰাতো সম্ভৱ নহয় ǀ
উত্তৰ:- চৰকাৰে, চাকৰি
(ঘ) _______ শিক্ষা মানৱ সম্পদ উন্নয়নৰ ________ যোগান ǀ
উত্তৰ:- গুণগত, প্ৰাথমিক
(ঙ) বৃত্তিমূলক শিক্ষাই মানুহক অকল _________ নকৰে তাৰ লগে লগে দেশৰ নিৱনুৱা সমস্যা লাঘৱ কৰি _______ পথ মুকলি হোৱাত সহায় কৰে ǀ
উত্তৰ:- উপাজর্নক্ষমেই, স্বনিয়োজনৰ
৫) চমু টোকা লিখা –
(ক) মানৱ সম্পদ
উত্তৰ:- প্ৰাকৃতিক সম্পদ প্ৰচুৰ পৰিমাণে থাকিলে বা জনসংখ্যা বৃদ্ধি হ’লেই উৎপাদন বৃদ্ধি নাপায় । এজন বিশেষ ভাবে সক্ষম মানুহো মানৱ সম্পদ হিচাপে বিবেচিত হ’ব পাৰে যদিহে শিক্ষা বা প্ৰশিক্ষণৰ জৰিয়তে তেওঁ কোনো উৎপাদন কাৰ্যত নিয়োজিত হয় । সুস্বাস্থ্যৰ অধিকাৰী যি ব্যক্তিয়ে শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা কৌশলী আৰু দক্ষতাসম্পন্ন হৈ উৎপাদনমূলক কামত নিজকে জড়িত কৰে তেওঁকেই মানৱ সম্পদ বুলি কোৱা হয় ।
(খ) মানৱ সম্পদ উন্নয়ন
উত্তৰ:- মানৱ সম্পদ উন্নয়ন হ’ল আমাৰ দেশৰ চৰকাৰে প্ৰবৰ্তন কৰা আধুনিক আৰু বিজ্ঞানসন্মত শিক্ষা ব্যৱস্থা, স্বাস্থ্য নীতি, বিভিন্ন আঁচনি, জলপানীৰ ব্যৱস্থা, উন্নত মানৰ প্ৰক্ষিণ তথা বিভিন্ন সা-সুবিধাৰ ফলত বৰ্তমান দেশৰ মানৱ সম্পদ উন্নয়নৰ দিশটো যথেষ্ট সবল হৈছে । কিন্তু পৰিৱৰ্তিত সময়ৰ লগত খাপ খুৱাবলৈ আমাৰ দেশৰ চৰকাৰেও উল্লিখিত দিশসমূহত যথেষ্ট মনোনিৱেশ কৰিছে । সেয়েহে আগৰ তুলনাত দেশত শিক্ষিত মানুহৰ হাৰ বৃদ্ধি পাইছে আৰু তাৰ লগে লগে মানুহ সম্পদলৈ উন্নিত হৈছে ।
(গ) মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক
উত্তৰ:- যিবোৰ দিশ লক্ষ্য কৰিলে দেশ এখনৰ মানৱ সম্পদ উন্নয়নৰ আভাস পোৱা যায় সেইবোৰকে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক বুলি কোৱা হয় । মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশকসমূহ হ’ল- শিক্ষা হাৰ, জীৱনৰ প্ৰত্যাশা, জন্মকালীন শিশুৰ মৃত্যুৰ হাৰ, জনমূৰি আয়, বিদ্যালয়ত নামভৰ্তি আৰু বিদ্যালয় এৰাৰ হাৰ, প্ৰতিষেধক টিকাকৰণৰ হাৰ আদি ।’
শিক্ষাৰ হাৰ:- গুণগত শিক্ষা মানৱ সম্পদ উন্নয়নৰ প্ৰাথমিক কাৰক । শিক্ষা ব্যৱস্থা সঠিক হ’লেহে উন্নত মানৱ সম্পদ তৈয়াৰ হোৱা সম্ভৱ হয় । প্ৰকৃত শিক্ষাই জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰে । যি দেশত শিক্ষিতৰ হাৰ উচ্চ সেই দেশৰ মানৱ সম্পদৰ মানো উন্নত । উদাহৰণ স্বৰূপে জাপান, ইংলণ্ড, আমেৰিকা আদি দেশত শিক্ষিতৰ হাৰ অধিক আৰু সেইবিলাক দেশৰ মানৱ সম্পদো উন্নত ।
জীৱনৰ প্ৰত্যাশা:- মানৱ সম্পদ উন্নয়নৰ আন এটি নিদেৰ্শক হৈছে জীৱনৰ প্ৰত্যাশা । এটি শিশু জন্মৰ পিছৰ পৰা কিমান বয়সলৈ সুস্থ, সবলভাৱে জীয়াই থাকে তাক জীৱন প্ৰত্যাশাই নিৰ্ণয় কৰে ।
জন্মকালীন শিশুৰ মৃত্যু হাৰ:- এখন দেশত জন্মকালীন শিশু মৃত্যুৰ হাৰ হ্ৰাস হোৱাটো সেই দেশখনৰ মানৱ সম্পদ উন্নয়নৰ আন এটি প্ৰধান নিদেৰ্শক হিচাপে বিবেচিত হয় ।
জনমূৰি আয়:- দেস এখনৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ মুঠ জনসংখ্যাৰে হৰণ কৰিলে যি আয় উপলদ্ধ হয় তাক জনমূৰি আয় বোলা হয় ।
বিদ্যালয়ত নামভৰ্তি আৰু বিদ্যালয় এৰাৰ হাৰ:- প্ৰাথমিক স্তৰৰ পৰা উচ্চ শিক্ষাৰ স্তৰ পৰ্যন্ত বিদ্যালয়, মহাবিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ ভৰ্তিকৰণৰ হাৰ উচ্চ আৰু বিদ্যালয় বা মহাবিদ্যালয় এৰাৰ হাৰ নিম্ন হোৱাটো মানৱ সম্পদ উন্নয়নৰ আন এটি উল্লেখযোগ্য নিৰ্দেশক ।
প্ৰতিষেধক টিকাকৰণৰ হাৰ:- এখন দেশৰ প্ৰতিষেধক টিকাকৰণৰ হাৰেও দেশখনৰ মানৱ সম্পদ সাক্ষ্য বহন কৰে । সেয়েহে প্ৰতিষেধক টিকাকৰণৰ হাৰকো মানৱ সম্পদৰ নিৰ্দেশক হিচাপে বিবেচনা কৰা হয় ।
(ঘ) বৃত্তিমূলক
উত্তৰ:- আনুষ্ঠানিক শিক্ষাৰ উপৰি যি শিক্ষাৰ দ্বাৰা উপাৰ্জনৰ পথ মুকলি হয় তাকে বৃত্তিমূলক শিক্ষা বোলে । বৃত্তিমূলক শিক্ষাই মানুহক অকল উপাৰ্জনক্ষমেই নকৰে তাৰ লগে লগে দেশৰ নিবনুৱা সমস্যা লাঘব কৰি স্বনিয়োজনৰ পথ মুকলি হোৱাত সহায় কৰে । মানুহক আৰ্থিকভাৱে আত্মনিৰ্ভৰশীল কৰাত বৃত্তিমূলক শিক্ষাই সবল ভূমিকা লয় । সেয়েহে আমাৰ চৰকাৰে বৰ্তমান এই শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপ্ৰদান কৰিছে ।
