আমাৰ চৌপাশৰ বজাৰ সপ্তম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ সমাজ বিজ্ঞান পাঠ ১৮ social science lesson 18 class 7 social science question answer assamese medium class 7 AssamQna

আমাৰ চৌপাশৰ বজাৰ
সপ্তম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ১৮
social science lesson 18
class 7 social science question answer assamese medium
class 7 AssamQna


১। চমু উত্তৰ লিখা-

(ক) বিনিময় প্ৰথা কাক বোলে?
উত্তৰ:-
সামগ্ৰী সলনি সামগ্ৰী বিনিময় কৰা প্ৰাচীন প্ৰথাটোক আমি বিনিময় প্ৰথা বুলি কওঁ।


(খ) বজাৰ মানে কি?
উত্তৰ:-
বজাৰ বুলিলে সাধাৰণতে এটুকুৰা নিদিষ্ট ঠাইকে বুজো, য’ত গ্ৰাহক আৰু বিক্ৰেতা পৰস্পৰ মখামুখি হয় আৰু টকা-পইচা বা মুদ্ৰাৰ বিনিময়ত বস্তু বা সামগ্ৰীৰ কিনা-বেচা কৰা হয়।


(গ) দৈনিক বজাৰ সুবিধাসমূহ কি কি?
উত্তৰ:-
দৈনিক বজাৰ সুবিধাসমূহ হল-        
             ক)  দৈনিক বজাৰসমূহ স্থায়ী হোৱা বাবে প্ৰয়োজন অনুসৰি বস্তু লাভ কৰিব পাৰি।        
              খ) দৈনিক বজাৰত দোকানসমূহত বিজ্ঞানসন্মত পদ্ধতি ব্যৱহাৰ কৰা হয় বাবে ইয়াত  গ্ৰাহকৰ কোনো অসুবিধা নহয়।


(ঘ)  বস্তু দাম বা দৰ মানে কি?
উত্তৰ:- 
বস্তু এটা ক্ৰয় কৰা বাবে আমি যি মূল্য প্ৰদান কৰোঁ তাকে বস্তু দাম বা দৰ বুলি কোৱা হয়।


(ঙ) সাপ্তাহিক বজাৰত বস্তুৰ দাম কিয় কম হয়?
উত্তৰ:-
সাপ্তাহিক বজাৰত একেজাতীয় সামগ্ৰীৰ বা বস্তু কেইবাখনো দোকানত থকা বাবে দামটো কম হয়।


(চ) জোন-বিল মেলা কিহৰ বাবে বিখ্যাত?
উত্তৰ:-
জোন-বিল মেলা বিনিময় প্ৰথা বাবে বিখ্যাত।


২।  উত্তৰ লিখা-

(ক) দৈনিক বজাৰ আৰু সাপ্তাহিক বজাৰৰ মাজত কি কি  পাৰ্থক্য আছে?
উত্তৰ:-
দৈনিক বজাৰ নিতৌ খোলা থাকে বাবে আমি কোনো বস্তু প্ৰয়োজন হ'লে এই বজাৰবোৰৰ পৰা সংগ্ৰহ কৰিব পাৰো।
    আনহাতে সাপ্তাহিক বজাৰ হ'ল  সপ্তাহৰ এটা বা দুটা নিদিষ্ট বাৰত কোনো নিৰ্দিষ্ট ঠাইত অস্থায়ীভাৱে বহা কাৰণে কোনো প্ৰয়োজনীয় সামগ্ৰী তাৎক্ষণিকভাৱে কিনিব নোৱাৰো।


(খ) বিভিন্ন প্ৰকাৰৰ বজাৰবোৰে আমাৰ সামাজিক প্রয়োজনবোৰ কি দৰে পূৰ কৰে ?
উত্তৰ:-
আমাৰ চাৰিওফালে থকা বজাৰসমূহে মানুহৰ দৈনিক প্রয়োজনসমূহ পূৰ কৰে । এই বজাৰবোৰ মানুহৰ তক্ষাণিক প্রয়োজন সমূহৰ ওপৰত ভিত্তি কৰি গঢ়ি ওথে । ইয়াৰ উপৰিও সাপ্তাহিক বজাৰে সমাজৰ অন্নান্য প্রয়োজন দূৰ কৰে ।


(গ) পাইকাৰী বিক্ৰেতাৰ প্ৰয়োজনীয়তা সম্পর্কে আলোচনা কৰা ।
উত্তৰ:-
বজাৰ ব্যৱস্থাত দুই ধৰণৰ ব্যৱসায়ী থাকে । পাইকাৰী ব্যৱসায়ী আৰু খুচুৰা ব্যৱসায়ী । উৎপাদনকাৰীয়ে গ্ৰাহকক পোনপটীয়াকৈ যোগান নধৰে । বা খুচুৰা ব্যৱসায়ীয়ে উৎপাদনকাৰীৰ পৰা বৃহৎ পৰিমাণৰ সামগ্ৰী ক্ৰয় কৰিব নোৱাৰে । সাধাৰণতে পাইকাৰী বিক্রেতাই উৎপাদনকাৰীৰ পৰা বৃহৎ পৰিমাণৰ সামগ্ৰী কিনি লয় আৰু খুচুৰা বিক্ৰেতাই পাইকাৰী বিক্ৰেতাৰ পৰা সামগ্ৰী কিনি খুচুৰা গ্ৰাহকক যোগান ধৰে । গতিকে পাইকাৰী বিক্রেতাই উৎপাদনকাৰী আৰু খুচুৰা ব্যৱসায়ী বা গ্ৰাহকৰ মাজত যোগসূত্র স্থাপন কৰে । পাইকাৰী বিক্রেতা অবিহনে গ্রাহকে উৎপাদনকাৰীৰ পৰা পোনপটীয়াকৈ সামগ্ৰী ক্ৰয় কৰাত সমস্যা হ'লহেঁতেন ।


(ঘ) বজাৰ শৃংখল মানে কি?
উত্তৰ:-
বজাৰবোৰ শৃংখলভাৱে পৰিচালনা হবলৈ যিবোৰ নীতি নিয়ম থাকে তাক বজাৰ শৃংখল বোলে।


৩।শুদ্ধ উত্তৰটো বাছি উলিওৱা—

(ক) গ্রাহকে বস্তু ক্রয় কৰে—
    (i) পাইকাৰী বিক্রেতাৰ পৰা
    (ii) খুচুৰা বিক্রেতাৰ পৰা
    (iii) উৎপাদনকাৰীৰ পৰা।
উত্তৰ:- 
খুচুৰা বিক্ৰেতা পৰা।


(খ) বস্তু এটাৰ কিনা দামতকৈ বিক্রী দাম বেছি হ’ল ব্যৱসায়ীজনৰ –
       (i) লাভ হয়
       (ii) লােকচান হয়।
       (iii) একো নহয়
উত্তৰ:- 
লাভ হয়।


(গ) ঘৰে ঘৰে গৈ বস্তু বিক্ৰী কৰা বিক্রেতাসকলক-
      (i) পাইকাৰী বিক্রেতা
      (ii) খুচুৰা বিক্রেতা
      (iii) হকাৰ বা ফেৰীৱালা বােলে।
উত্তৰ:-
হকাৰ বা ফেৰিৱালা বোলে।


(ঘ) সকলাে ব্যৱসায়ীয়ে বস্তু ক্রয় – বিক্রয় কৰাৰ মূল লক্ষ্য হৈছে –
       (i) বিক্রী বৃদ্ধি কৰা
       (ii) লাভ অর্জন কৰা
       (iii) লােকচান কৰা।
উত্তৰ:- 
লাভ অৰ্জন কৰা।


৪। খালী ঠাই পূৰ কৰা
(ক) ______ সহায়ত  আমি আমাৰ জীৱনৰ প্ৰয়ােজনীয় সামগ্ৰীসমূহ বজাৰৰ পৰাই কিনাে।
উত্তৰ:-
মুদ্ৰাৰ


(খ) বস্তুৰ পাইকাৰী দামতকৈ খুচুৰা দাম _____ হয়।
উত্তৰ:-
কম


(গ) ______ বজাৰৰ পুৰণি ব্যৱস্থা।
উত্তৰ:-
হাট


(ঘ)  উৎপাদনকাৰীৰ পৰা ___________ বিক্রেতাই সৰহ পৰিমাণৰ বস্তু ক্রয় কৰে।
উত্তৰ:-
পাইকাৰী 


(ঙ) ________ হৈছে বস্তু কিনা-বেচাৰ মাধ্যম।
উত্তৰ:-
ঔমুদ্ৰাৰ


(চ) ক্রয় দামতকৈ বিক্রী দাম কম হ’লে ______ হয়।
উত্তৰ:-
লোকচান

*

Post a Comment (0)
Previous Post Next Post