মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতাসমুহ আৰু চৰকাৰৰ ভুমিকা
অষ্টম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ১৮
social science lesson 18
class 8 social science question answer assamese medium AssamQna
১) চমু উত্তৰ দিয়া-
(ক) মানৱ সম্পদ উন্নয়নৰ বাধাসমূহ কি কি ?
উত্তৰ:- ১)অধিক জনসংখ্যা
২) মূলধন বা পূজিৰ অভাৱ
৩)দৰিদ্ৰতা
৪) নিৰক্ষৰতা
৫) অন্ধবিশ্বাস
৬) বিষমতা
(খ) যিকোনো তিনিপ্ৰকাৰৰ বিষমতাৰ নাম উল্লেখ কৰা ǀ
উত্তৰ:- ১) ভাষা ভিত্তিক বিষমতা
২)লিংগ বিষমতা
৩) ধৰ্মীয় বিষমতা
(গ) বৰ্তমান অসমত কেইখন চিকিৎসা মহাবিদ্যালয় আছে ?
উত্তৰ:- পাচ খন
(ঘ)অসমৰ ৰাষ্ট্ৰীয় কাৰিকৰী প্ৰতিষ্ঠানখন ক’ত অৱস্থিত ?
উত্তৰ:- শিলচৰ
(ঙ) সুস্থ শৰীৰৰ বাবে মানুহক কিহৰ প্ৰয়োজন হয় ?
উত্তৰ:- পুষ্টিকৰ খাদ্য ǀ
২। আলোচনা কৰা-
(ক) মানৱ সম্পদ উন্নয়নৰ অসুবিধাসমূহ দূৰ কৰাৰ বাবে কেইটামান উল্লেখযোগ্য় পৰামৰ্শ।
উত্তৰ:- আজিৰ দিনত চৰকাৰে প্ৰদান কৰা বিভিন্ন সা সুবিধা স্বত্বেও বহু শিশুৱে আধাতে বিদ্যালয় ত্যাগ কৰে বা উচ্চ শিক্ষা লবলৈ আগবাঢ়ি নাযায় ǀ এই ক্ষেত্ৰত অভিভাৱক সকল সজাগ সচেতন নোহোৱাৰ বাবে শিশুবোৰ সহজে বিপথে পৰিচালিত হয়। গতিকে অভিভাৱকসকলক ৰ মাজত সচেতনতা অনাটো নিতান্তই দৰকাৰী। তাৰ কাৰণে প্ৰয়োজনীয় উপায় বা ব্যৱস্হা গ্ৰহণ কৰাৰ স্হল আছে ǀ দৰিদ্ৰতা নিৰাময়ৰ বাবে চৰকাৰে লোৱা বিভিন্ন আঁচনিবোৰ যাতে প্ৰকৃত হিতাধিকাৰীয়েহে পায় তাৰ ক্ষেত্ৰত সঠিক ব্যৱস্থা গ্ৰহণ কৰা উচিত। বহু সময়ত সমাজৰ আৰ্থিকভাৱে সৱল লোকেই দুখীয়া নিচলা লোকৰ বাবে অহা সাহাৰ্য আত্মসাৎ কৰাৰ অভিযোগ উঠে। এই ক্ষেত্ৰত প্ৰসাসনৰ তৎপৰতাৰ লগতে সামাজিক জাগৰণৰো প্ৰয়োজন আছে ǀ ঠিক তেনেদৰে , আধুনিক বিজ্ঞানসন্মত চিকিৎসা পদ্ধতি আৰু ঔষধ আৱিষ্কাৰ হোৱাৰ লগে লগে মানুহৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত থকা জটিলতাবোৰ কিছু কমিছে। তথাপি আজিৰ দিনতো বহু ৰোগ ৰ বাবে মানুহে পৰম্পৰাগত চিকিৎসাকে অগ্ৰাধিকাৰ দিয়া হয়। যেনে- জণ্ডিছ,যক্ষ্মা ৰ দৰে ৰোগৰ চিকিৎসা। সাপে খুটা ঘটনা ৰ ফলত উদ্ধৱ হব পৰা পৰিস্হিতিত বহু লোক চিকিৎসাৰ বাবে চিকিৎসালয় লৈ নগৈ বেজৰ ওচৰলৈ যায় ǀ উক্ত সমস্যাবোৰৰ বাবে আমি নিজে দায়ী। জনসচেতনাৰ বাবে ৰেডিঅ, টি ভি বা বাতৰি কাকতত প্ৰকাশিত বিজ্ঞাপন বোৰক আমি গুৰুত্ব নিদিও ǀযাৰ ফলত আমি শিক্ষিত হৈও অশিক্ষিত হৈ আছো ǀ আমি, আমাৰ এনে মনোবৃত্তিবোৰ পৰিত্যাগ কৰা উচিত। তেতিয়াহে আমাৰ চৰকাৰ প্ৰদত্ত সা সুবিধাবোৰৰ দ্বাৰা আমি প্ৰকৃতাৰ্থত লাভাম্বিত হম।
( খ ) মানৱ সম্পদ উন্নয়নত চৰকাৰৰ ভূমিকা ।
উত্তৰ:- মানৱ সম্পদ উন্নয়নত চৰকাৰ অতিকৈ দায়বদ্ধ । মানৱ সম্পদলৈ ৰূপান্তৰিত হব নোৱাৰাৰ বহুতো কাৰণ আছে । তাৰ ভিতৰত পৰম্পৰাগত উচ্চ শিক্ষাই সৃষ্টি কৰা নিবনুৱাকে ধৰি দুখীয়া , দৰিদ্ৰ নিৰক্ষৰতাৰ বাবে সৃষ্টি হোৱা ব্যক্তিসকলকো মানৱ সম্পদলৈ ৰূপান্তৰ কৰাটো চৰকাৰৰে দায়িত্ব । চৰকাৰে বৃত্তিমূলক শিক্ষা দিয়াৰ দায়িত্বই বেছি হৈ পৰিছে । চৰকাৰে বৃত্তি মূলক শিক্ষা দি সেইবোৰ মানুহক স্বনিয়োজন বা উৎপাদন মূলক বা জীৱন ধাৰণৰ পথ মুকলাই দিয়া চৰকাৰৰে দায়িত্ব । মুঠতে জনসাধাৰণক আৰ্থসামাজিক সহায় সহযোগ , ঋণ দান আৰু অন্যান্য পৌৰ সা - সুবিধা দিয়াটো চৰকাৰৰ দায়িত্ব । - অৱশ্যে বেচৰকাৰী সংস্থা অনুষ্ঠানেও কর্মহীন নিবনুৱা সকলক জীৱিকাৰ পথ মুকলি কৰাত সহায় – সহযোগ আগবঢ়াব পাৰে । বৰ্তমান বৃত্তিমুখী কৰ্মশালাৰ আয়োজন , ৰেহাইসহ ঋণদান তথা বিভিন্ন প্রয়োজনীয় সামগ্রী বিতৰণৰ দ্বাৰা চৰকাৰে দেশৰ জনসাধাৰণক স্বনিৰ্ভৰশীল উপযুক্ত মানৱ সম্পদত পৰিণত কৰাৰ চেষ্টা কৰিছে ।
(গ) দৰিদ্ৰতা আৰু মানৱ সম্পদ উন্নয়নৰ মাজত থকা সম্পৰ্ক।
উত্তৰ:- দৰিদ্ৰতা মানৱ সম্পদ উন্নয়নৰ অন্যতম বাধা। দৰিদ্ৰতাৰ বাবে আমাৰ দেশৰ এক বুজনসংখ্যক লোক শাৰীৰিক আৰু মানসিকভাবে সবল হ'ব পৰা নাই। শাৰীৰিক আৰু মানসিক বিকাশৰ বাৰে এমে পুষ্টিকৰ খাদ্য আৰু উপযুক্ত শিক্ষাৰ প্ৰয়োজন, যাৰ অভাৱে আমাৰ দেশৰ দৰিদ্ৰ লোকসকলক জুৰুলা কৰি আহিছে। ফলস্বৰূপে তেওঁলোকে আত্মমর্যাদা হেৰুৱাই ভাগ্যৰ ওপৰত বিশ্বাসী হয় আৰু নিজকে সেই অৱস্থাৰ পৰা উন্নীত কৰাৰ মানসিকতা হেৰুৱাই পেলাই।
( ঘ ) নিৰক্ষৰতাই কিদৰে মানৱ সম্পদৰ বিকাশত বাধাৰ সৃষ্টি কৰে ?
উত্তৰ:- আমাৰ সমাজত নিৰক্ষৰতা এটা ডাঙৰ অভিশাপ । নিৰক্ষৰ লোকসকলৰ লগতে অতি দুখীয়া দৰিদ্ৰ দেশৰ প্ৰায় ২৬ শতাংশ লোকেই নিৰক্ষৰ । নিৰক্ষৰ লোক অজ্ঞ বুদ্ধি হীন , অদক্ষ । কোনো কৰ্মৰ বাবে উপযুক্ত নহয় – কর্ম বিমূখ । - গতিকে এই নিৰক্ষৰ মানুহ মানৱ সমপদলৈ উন্নীত কৰাৰ বাধাৰ সৃষ্টি কৰে । শিক্ষা নাথাকিলে কোনো উৎপাদন কার্যত আগবাঢ়িব পৰা নাযায় । উৎপাদন নহলে উপার্জন নহয় । উপাৰ্জন নাথাকিলে দৰিদ্ৰ আহে , স্বাস্থ্য হীন হয় । গতিকে মানৱ সম্পদলৈ উন্নীত কৰাত বাধা হয় । এইদৰে নিৰক্ষৰতাই মানৱ সম্পদ বিকাশত বাধাৰ সৃষ্টি কৰে ।
(ঙ) অন্ধবিশ্বাস তথা কুসংস্কাৰে মানৱ সম্পদৰ বিকাশত কেনেদৰে প্ৰভাৱ পেলায়?
উত্তৰ:- নিৰক্ষৰতা মানৱ সমাজৰ বাবে এটা ডাঙৰ অভিশাপ। আমাৰ দেশৰ প্রায় ২৩ শতাংশ লোকেই নিৰক্ষৰ। নিৰক্ষৰতাই জ্ঞান, উপযুক্ততা, দক্ষতা, কাৰিকৰী দক্ষতা আদিৰ বৃদ্ধিত বাধাৰ সৃষ্টি কৰে আৰু ই মানৱ সম্পদ গঢ় দিয়াত অন্তৰায় স্বৰূপ। উদাহৰণস্বৰূপে আমাৰ অসমৰ চাহ বাগিছাবোৰত কৰ্মৰত অধিকাংশ শ্ৰমিকেই নিৰক্ষৰ। দেখা যায় চাহ বাগিছাৰ অধিবাসী শ্ৰমিকসকল সকলো দিশৰ পৰা পিছপৰা। এওঁলোক নিৰক্ষৰ হোৱাৰ বাবে অতি সহজে বিভিন্ন ধৰণৰ শোষণৰ বলি হয় যাৰ ফলত সমাজত আৰ্থসামাজিক বৈষ্যমৰ সৃষ্টি হয়।
৩। খালী ঠাই পূৰ কৰা-
(ক) মানৱ সম্পদ উন্নয়নৰ অন্যতম প্ৰয়োজন হৈছে _______ , স্বাস্থ্য আৰু পৌৰ সুবিধা।
উত্তৰ:- শিক্ষা
(খ) _______ লোকসকল অতি সহজে বিভিন্ন ধৰণৰ শোষণৰ বলি হয়।
উত্তৰ:- নিৰক্ষৰ
(গ) শিক্ষাৰ অধিকাৰ আমাৰ অন্যতম ______ অধিকাৰ।
উত্তৰ:- মৌলিক
(ঘ) _____ চনৰ পৰাই আমাৰ দেশত শিক্ষাৰ অধিকাৰ আইন প্ৰৱৰ্তন কৰা হৈছে।
উত্তৰ:- ২০০৯
(ঙ) চৰকাৰে গ্ৰহণ আৰু কাৰ্যকাৰী কৰা সঠিক পৰিকল্পনাই মানৱ সম্পদ উন্নয়নৰ গতি ________ কৰে।
উত্তৰ:- খৰকতীয়া
(চ) উপযুক্ত শৈক্ষিক _________ গঢ়ি তোলাটো এখন দেশৰ চৰকাৰৰ অন্যতম দায়িত্ব।
উত্তৰ:- পৰিৱেশ/বাতাবৰণ
