পৰিকল্পনা, বাজেট আৰু উন্নয়ন
সপ্তম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ১৯
social science lesson 19
class 7 social science question answer assamese medium
class 7 AssamQna
১। চমু উত্তৰ লিখা—
(ক) সঞ্চয়ৰ অর্থ কি?
উত্তৰ:- কোনো এটা বস্ত ক্ৰয় কৰাৰ পিছত ৰাহি অংশ জমা কৰাকে সঞ্চয় বোলে।
(খ) পৰিকল্পনা কাক বােলে?
উত্তৰ:- কোনো এটা কাম কৰিবলৈ যিখিনি কামৰ কামৰ চিন্তা আগতীয়া কৈ কৰা হয়, সেয়াই হৈছে পৰিকল্পনা।
(গ) বাজেট মানে কি?
উত্তৰ:- পৰিকল্পনা মতে কাম কৰিবলৈ কিমান অৰ্থ বা চকা-পইচাৰ প্ৰয়েজন হ’ব, সেই অৰ্থ ক’ৰ পৰা পাব, কেনেকৈ খৰচ কৰিব আদিৰ হিচাপ যিদৰে কৰা হয় সেয়াই হৈছে বাজেট ।
(ঘ) কল্যাণমূলক কাম কাক বােলে?
উত্তৰ:- যিবোৰ কাম কৰিলে দেশৰ জনসাধাৰণৰ সুবিধা হয় আৰু ৰাইজৰ মংগল হয়। সেইবোৰ কামক কল্যানমূলক কাম বোলে।
(ঙ) কোনবোৰ ব্যক্তিক মানৱ সম্পদ বুলি কোৱা হয়?
উত্তৰ:- কাৰ্যক্ষম ব্যক্তিক মানৱ সম্পদ বোলি কোৱা হয়। যিহেতু সিহঁতে নিজৰ লগতে আনৰো উপকাৰ সাধন কৰে।
২। উত্তৰ লিখা -
(ক) কোনো এখন দেশৰ পৰিকল্পনাত কোনবোৰ কামত গুৰুত্ব দিয়া হয় ? কামবোৰ কৰিবলৈ চৰকাৰে কেনেদৰে অৰ্থ আহৰণ কৰে ?
উত্তৰ:- চৰকাৰী পৰিকল্পনাত দেশৰ উন্নয়নমূলক কাম-কাজসমূহক বিশেষ গুৰুত্ব প্ৰদান কৰা হয়। চৰকাৰৰ কাম-কাজসমূহ ৰূপায়ণৰ বাবে চৰকাৰক অৰ্থৰ প্ৰয়োজন হয়। ইয়াৰ ওপৰি আইন-সৃংখলা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ আৰু দেশৰ প্ৰতিৰক্ষা ব্য়ৱস্থা শক্তিশালী কৰিবলৈ চৰকাৰে বৃহৎ পৰিমানৰ ব্য়য় বহন কৰিব লাগে। এই সমূহৰ পৰা চৰকাৰে অৰ্থ আহৰণ কৰে।
৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা—
(ক) নীতি আয়ােগৰ অধ্যক্ষ
(i) ৰাষ্ট্রপতি
(ii) বিত্তমন্ত্রী
(iii) প্রধানমন্ত্রী
(iv) গৃ হমন্ত্রী ।
উত্তৰ:- (iii) প্রধানমন্ত্রী।
(খ) পঞ্চবার্ষিক পৰিকল্পনাৰ কাৰ্যকাল—
(i) ৪ বছৰ
(ii) ৬ বছৰ
(iii) ৮ বছৰ
(iv) ৫ বছৰ
উত্তৰ:- (iv) ৫ বছৰ।
(গ) পৰিকল্পনাৰ কাম-কাজ ৰূপায়ণৰ বাবে চৰকাৰক প্রয়ােজন হয়-
(i) কৃষি
( ii ) উদ্যোগ
(iii) অর্থ
(iv) বাণিজ্য
উত্তৰ:- (iii) অর্থ
(ঘ) চৰকাৰৰ উপাৰ্জনৰ ৰাহি অংশ জমা হয়—
(i) বেংকত
(ii) প্রধানমন্ত্রীৰ হাতত
(iii) ৰাজকোষত
( iv ) বিত্তমন্ত্রীৰ হাতত।
উত্তৰ:- (iii) ৰাজকোষত।
(ঙ) বিনিয়ােগ মানে-
(i) দূর্গতসকলক দিয়া সাহায্য
(ii) বিদেশলৈ পঠোৱা সাহায্য
(iii) অধিক উৎপাদনৰ বাবে কৰা ব্যয়
(iv) বানপীড়িতৰ বাবে কৰা ব্যয়।
উত্তৰ:-(iii) অধিক উৎপাদনৰ বাবে কৰা ব্যয়।
৪। খালী ঠাই পূৰ কৰা -
(ক) পৰিয়ালটো সুখে-সন্তোসে থাকিব হ'লে পৰিয়ালৰ আটাইৰে সদিচ্ছবোৰক ______ দিব লাগে।
উত্তৰ:- গুৰুত্ব।
(খ) অৰুণিমা এগৰাকী _______ মহিলা।
উত্তৰ:- মিতব্য়য়ী।
(গ) প্ৰতিটো পৰিয়ালৰে মাহিলী কৰিবলগীয়া কামৰ এক নিৰ্দিষ্ট ________ থাকে।
উত্তৰ:- পৰিকল্পনা।
(ঘ) চৰকাৰী পৰিকল্পনামতে কাম কৰিবলৈ _______ প্ৰস্তুত কৰি লোৱা হয়।
উত্তৰ:- বাজেট।
(ঙ) কোনো প্ৰত্য়ক্ষ প্ৰতিদান আশা নকৰাকৈ চৰকাৰক বাধ্য়তামূলকভাৱে দিবলগীয়া ধনেই হৈছে _________ ।
উত্তৰ:- কৰ।
