অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা সপ্তম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ সমাজ বিজ্ঞান পাঠ ২০ social science lesson 20 class 7 social science question answer assamese medium class 7 AssamQna

অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা
সপ্তম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ২০
social science lesson 20
class 7 social science question answer assamese medium
class 7 AssamQna


১। চমু উত্তৰ লিখা—

(ক) ৰাষ্ট্ৰীয় গ্রাম্য নিয়ােগ নিশ্চিতকৰণ আঁচনিৰ জৰিয়তে দুখীয়া নিবনুৱাসকলে কি লাভ কৰিছে?
উত্তৰ:-
ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আঁচনিৰ জৰিয়তে দুখীয়া নিবনুৱাসকলকে জবকাৰ্ড লাভ কৰিছে।


(খ) বর্তমান প্রাথমিক বিদ্যালয়ৰ গৃহসমূহ কোন আঁচনিৰ অধীনত নির্মাণ কৰা হৈছে?
উত্তৰ:-
বৰ্তমান প্ৰাথমিক বিদ্যালয়ৰ গৃহসমূহ সৰ্বশিক্ষা অভিযান মিছনৰ অধীনত নিৰ্মাণ কৰা হৈছে। 


(গ) স্বাস্থ্যৱান ব্যক্তি বুলিলে কাক বুজায়?
উত্তৰ:-
স্বাস্থ্যৱান ব্যক্তি বুলিলে নিৰোগী আৰু কাৰ্যক্ষম ব্যক্তিক বুজায়।


(ঘ) সর্বাত্মক শিক্ষাৰ উদ্দেশ্য কি?
উত্তৰ:-
সৰ্বাত্মক শিক্ষাৰ উদ্দেশ্য হৈছে- শাৰীৰিক আৰু মানসিকভাৱেবাধাগ্ৰস্ত শিশুসকলক সৰ্বাত্মক শিক্ষাৰ জৰিয়তে বাধ্যতামূলকভাৱে শিক্ষাৰ ব্যৱস্থাৰ লগত সাঙুৰি লোৱা।


২।  উত্তৰ লিখা -

(ক) আন্তগাঁথনিমূলক কাম-কাজ মানে কি ? আমাৰ দেশৰ চৰকাৰে দেশৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে কি কি আঁচনি গ্ৰহণ কৰিছে ?
উত্তৰ:-
অৰ্থনৈতিক উন্নয়নৰ মৌলিক উপাদানসমূহৰ ভিতৰত ৰাস্তা-ঘাট, দলং, গৃহ, যাতায়ত ব্য়ৱস্থা, যোগায়োগ ব্য়ৱস্থা, জলসিঞ্চন, খোৱা পানী, চিকিৎসালয়, বিদ্য়ালয়, বিজুলি যোগান, টেলিফোন সেৱা আদি প্ৰধান। এইবোৰকে আমি আন্তগাঁঠনিমূলক কাম-কাজ বুলি কওঁ।
        আন্তগাঁঠনি মানে কোনো কাৰ্য কৰিবৰ বাবে বুনিয়াদি আৰু অত্য়ন্ত আৱশ্য়কীয় সা-সুবিধা, যিবিলাকৰ অবিহনে অৰ্থনৈতিক উন্নয়ন সম্ভব হব নোৱাৰে। সেইবাবে চৰকাৰে প্ৰধান কাম হিছাপে আন্তগাঁঠনি উন্নত কৰাৰ প্ৰচেষ্ট লয় যাতে কৃষি, উদ্য়োগ, সেৱাকে ধৰি সকলো দিশৰ কাম-কাজবোৰ সফলতাৰে সম্পন্ন হয়।


(খ) যাতায়ত আৰু যোগাযোগ ব্য়ৱস্থাই দেশৰ উন্নয়নত কেনেদৰে অৰিহণা যোগায়?
উত্তৰ:-
যাতায়াত ব্য়ৱস্থা সমাজ এখনৰ প্ৰথম খলপ। কৃষি, উদ্য়োগ, সেৱা সকলো খণ্ডৰ উৎপাদনশীল কাম-কাজসমূহ মূলতঃ নিৰ্ভৰ কৰে উন্নত যাতায়াত ব্য়ৱস্থাৰ ওপৰত। সেয়েহে উন্নয়নমূলক কামৰ তালিকাত যাতায়াত ব্য়ৱস্থাক চৰকাৰে আগস্থান দিয়ে। বৰ্তমান যোগাযোগৰ ক্ষেত্ৰখনত সমগ্ৰ বিশ্বৰ লগতে আমাৰ দেশতো প্ৰযোক্তিবিদ্য়াই বিস্তৰ প্ৰভাৱ পেলাইছে। বেপাৰ-বানিজ্য়, শিক্ষা স্বাস্থ্য়খণ্ড, আইন শৃংখলা ৰক্ষা, দেশৰ প্ৰতিৰক্ষাকে ধৰি দেশৰ প্ৰায়বিলাক খণ্ডত যোগাযোগ ব্য়ৱস্থাৰ উন্নত সাধনসমূহৰ প্ৰয়োগ কৰা হয়। এনেদৰে যাতায়াত আৰু যোগাযোগ ব্য়ৱস্থাই দেশৰ উন্নয়নত অৰিহণা যোগায়।


৩।খালী ঠাই পূৰ কৰা—

(ক) __________ মানে কোনাে কার্য কৰিবৰ বাবে বুনিয়াদী আৰু অত্যন্ত আৱশ্যকীয় আগতীয়া কাৰিকৰী সংগঠন বা সা-সুবিধা যিবিলাকৰ অবিহনে ___________ উন্নয়ন সম্ভব হ’ব নােৱাৰে।
উত্তৰ:-
  আন্তঃগাঁথনি, অৰ্থনৈতিক


(খ) __________ বৃদ্ধি হােৱা মানে দেশ এখন ___________ পথত অগ্রসৰ হােৱা।
উত্তৰ:-
ৰাষ্ট্ৰীয় আয়,  উন্নতিৰ


(গ)  প্রধানমন্ত্রী _________ যােজনাৰ অধীনত গ্রামাঞ্চলৰ ৰাস্তা- ঘাটবােৰ ________  কৰা হৈছে।
উত্তৰ:-
গ্ৰামচড়ক, পকীকৰণ


(ঘ) সংবিধানে _________  শিক্ষাক শিশুৰ __________ অধিকাৰ হিচাপে স্বীকৃতি দিছে।
উত্তৰ:-
প্ৰাথমিক, মৌলিক


(ঙ) _________ ব্যৱহাৰে আমাৰ জীৱনবােৰক যথেষ্ট _________ আৰু উন্নয়নমুখী কৰি তুলিছে।
উত্তৰ:-
বিদ্যুতৰ, সুচল

*

Post a Comment (0)
Previous Post Next Post