পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন
সপ্তম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ৩
social science lesson 3
class 7 social science question answer assamese medium
class 7 AssamQna
১। তলত দিয়াবোৰৰ উত্তৰ লিখা— (৩০টা মান শব্দৰ ভিতৰত)
(ক) বায়ুমণ্ডল বুলিলে কি বুজা?
উত্তৰ:- পৃথিৱীৰ উপৰিভাগক বায়ুৰ যি আৱৰণে আৱৰি আছে, তাকে বায়ুমণ্ডল বুলি কোৱা হয়।
(খ) ফলকবোৰ এক বছৰত কিমান চে.মি গতিৰে লৰচৰ কৰে?
উত্তৰ:- ফলকবোৰ এক বছৰত ১ৰ পৰা ১.৫ ছে মি পৰ্যন্ত গতি কৰে।
(গ) সাময়িক বতাহৰ বিষয়ে লিখা।
উত্তৰ:- তাৰতম্যৰ ফলত উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ যি বতাহ বলে তাকে সাময়িক বতাহ বোলে। জলবতাহ,স্থলবতাহ আৰু মৌচুমী বতাহ আদি সাময়িক বতাহ।
(ঘ) বালিস্তূপ কি?
উত্তৰ:- মৰুভূমিৰ কোনো কোনো অঞ্চলত বতাহৰ গতি কমি আহিলে ই কঢ়িয়াই অনা শিল বালিবোৰ জমা হৈ বালিস্তূপ সৃষ্টি হয়।
(ঙ) অশ্বখুৰাকৃতিৰ হ্ৰদ কি?
উত্তৰ:- ঘোঁৰাৰ খুৰাৰ আকৃতিৰ জলাশয়বোৰক অশ্বখুৰাকৃতিৰ হ্ৰদ বোলে।
২। শুদ্ধ উত্তৰটো লিখা-
(i) তলৰ কোনবিধ গেছে আমাক সূৰ্যৰ অনিষ্টকাৰী ৰশ্মিৰ পৰা ৰক্ষা কৰে-
(ক)কাৰ্বন-ডাই-অক্সাইড
(খ) নাইট্ৰজেন
(গ) অ'জন
উত্তৰ:- অ'জন।
(ii) হিমবাহৰ অৱক্ষেপবোৰৰ নাম হ'ল-
(ক)প্লাৱনভূমি
(খ) কাঠফুলা
(গ) গ্ৰাৱ
উত্তৰ:- গ্ৰাৱ।
(iii) পানীৰ ৰূপত পৃথিৱীত পৰা অধোক্ষেপণৰ নাম-
(ক) বৰষুণ
(খ) মেঘ
(গ) বৰফ
উত্তৰ:- বৰষুণ।
(iv) কাঠফুলা আকৃতিৰ শিলা পোৱা ঠাই-
(ক) মৰুভূমি
(খ) নদী উপত্যকা
(গ) প্লাৱনভূমি
উত্তৰ:- মৰুভূমি।
(v) মানুহৰ বাবে বায়ুমণ্ডলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্তৰটো হ'ল-
(ক) মেছ'স্ফেয়েৰ
(খ) ষ্ট্ৰট'স্ফেয়েৰ
(গ) ট্ৰপস্ফেয়েৰ
উত্তৰ:- ট্ৰপস্ফেয়েৰ।
(vi) অশ্বখুৰাকৃতিৰ হ্ৰদ সৃষ্টি হোৱা ঠাই-
(ক) হিমবাহ অঞ্চল
(খ) নদী উপত্যকা
(গ) মৰুভূমি
উত্তৰ:- নদী উপত্যকা।
৩। বাওঁফালৰ কথাখিনিৰ লগত সোঁফালৰ কথাখিনি মিলোৱা-
উত্তৰ:-
(ক) বাণিজ্য বতাহ -- (ঙ) নিয়ত বতাহ
(খ) হিমবাহ -- (ঘ) বৰফৰ নদী
(গ) লু -- (খ) স্থানীয় বতাহ
(ঘ) সৰ্পিল গতি -- (ক) নদীৰ মধ্য অংশ
(ঙ) ষ্ট্ৰেট’স্ফিয়েৰ -- (গ) অ'জন স্তৰ
৪। কাৰণ দৰ্শোৱা (৫০টা মান শব্দৰ ভিতৰত)
(ক) সেমেকা বতৰত তিতা কাপোৰ সোনকালে নুশুকায়।
উত্তৰ:- সেমেকা বতৰত বায়ুমণ্ডলত অত্যাধিক জলীয়ভাপ থাকে আৰু সেয়েহে এনে অৱস্থাত বায়ুৰ অধিক জলীয় বাষ্প ধাৰণ ক্ষমতা নাথাকে। এনে বতৰত তিতা কাপোৰ বতাহত মেলি দিলে সোকাবলৈ সময় লয়।
(খ) প্লাৱনভূমিবোৰ বৰ সাৰুৱা।
উত্তৰ:- প্লাৱভূমিবোৰ নদীয়ে কঢ়িয়াই অনা বোকা আৰু বালিৰ গেদৰ উপৰিও শিলৰ টুকুৰা, গছ-গছনিৰ ডাল-পাত অৱশিষ্ট,জাৱৰ-জোথৰৰ দ্বাৰা গঠিত হয় বাবে সেইবোৰৰ সাৰুৱা বা উৰ্বৰা শক্তি অধিক।
(গ) মৰুভূমিত থকা কিছুমান শিলা কাঠফুলা আকৃতিৰ।
উত্তৰ:- মৰুভূমিত বতাহে অতি পাতল ধূলিকণাবোৰ দূৰলৈ উৰুৱাই নিয়ে। কিন্তু বালিকণা বা সেই আকাৰৰ পদার্থবোৰ বেছি। দূৰলৈ উৰুৱাই নিব নােৱাৰে। এটা নির্দিষ্ট উচ্চতাত বতাহে উৰুৱাই নিয়া বালিৰ কণিকাবোৰৰ খনন ক্ষমতা বেছি। সেইবাবে মৰুভূমিৰ বুকুত থকা শিলাখণ্ডবোৰৰ এক বিশেষ উচ্চতাত বেছিকৈ ক্ষয় গৈ কাঠফুলা আকৃতিৰ শিলাৰ সৃষ্টি কৰে।
(ঘ) বিষ্ণুৱীয় অঞ্চলতকৈ দুই মেৰু অঞ্চল শীতল।
উত্তৰ:- সূৰ্যৰ ৰশ্মি বিষ্ণুৱীয় অঞ্চলত পোনপটীয়াকৈ পৰে আৰু মেৰু অঞ্চলত হেলনীয়াকৈ পৰে। সেইবাবে বিষ্ণুৱীয় অঞ্চলতকৈ দুই মেৰু অঞ্চল শীতল।
