বসতি অষ্টম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ সমাজ বিজ্ঞান পাঠ ৩ social science lesson 3 class 8 social science question answer assamese medium AssamQna

বসতি
অষ্টম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ৩
social science lesson 3
class 8 social science question answer assamese medium AssamQna


১। খালী ঠাই পূৰ কৰা-
(ক) _____ কাৰ্য আৰম্ভ হোৱাৰ লগে লগে মানুহে একে ঠাইতে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিলে।
উত্তৰ:-
কৃষি।


(খ) _____ উৎসক ভিত্তি কৰি গাঁওবাসীয়ে ভালেমান সুবিধা ভোগ কৰে।
উত্তৰ:-
পানীৰ।


(গ) আলিবাট,ৰেল'পথ, নদীৰ কাষে কাষে গঢ়ি উঠা বসতিক ______ বসতি বোলে।
উত্তৰ:-
ৰৈখিক।


(ঘ) বৰ্তমান অসমত গাঁৱৰ সংখ্যা হ'ল__খন।
উত্তৰ:-
২৫,৫৯০।


২। শুদ্ধ উত্তৰটো বাছি উলিওৱা-

(ক) গ্ৰাম্য বসতিৰ মূল বৃত্তি হ'ল বেপাৰ-বাণিজ্য/উদ্যোগ/কৃষি।
উত্তৰ:-
কৃষি।


(খ) গ্ৰাম্য অঞ্চলতকৈ নগৰ অঞ্চলত জনসংখ্যাৰ ঘনত্ব কম/অধিক/সমান।
উত্তৰ:-
অধিক।


(গ) ভাৰতৰ প্ৰায় ৭০/৮০/৬০ শতাংশ লোকে গাঁৱত বাস কৰে।
উত্তৰ:-
৭০।


(ঘ) কোনো ঠাইত থূপ খাই থকা বসতিয়েই হ'ল ৰৈখিক/কেন্দ্ৰীভূত/পাতল বসতি।
উত্তৰ:-
কেন্দ্ৰীভূত।


৩ । উত্তৰ লিখা-(৪টা বা ৫টা বাক্যৰ ভিতৰত)

(ক) মানুহে স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱাৰ কাৰণ কি বুলি ভাবা?
উত্তৰ:-
মানুহে কৃষিকাৰ্য কৰিবলৈ লোৱাৰ পাছতহে স্থায়ী বসতিৰ সূচনা হয়। অৰ্থাৎ কৃষিকাৰ্য আৰম্ভ হোৱাৰ লগে লগে মানুহে একে ঠাইতে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰে। বিশেষকৈ মাটি চহোৱা, শস্য় চোৱা-চিতা কৰাৰ স্বাৰ্থত মানুহে স্থায়ীভাৱে বসতি কৰিবলগীয়া হয়। আনহাতে খেতি চপাই পোৱা শস্য়বোৰ ভৱিষ্যতৰ বাবে মজুত কৰি ৰাখিবৰ কাৰণে মানুহে স্থায়ীভাৱে বসবাসৰ পোষকতা কৰে। সেয়ে কৃষি কাৰ্যকে মানুহৰ স্থায়ী বসতিৰ প্ৰধান কাৰণ বুলি কোৱা হয়।


( খ ) গাঁৱলীয়া বসতিৰ মূল বৈশিষ্ট্য সম্বন্ধে আলোচনা কৰা |
উত্তৰ : -
গ্রাম অঞ্চলৰ মূল আৰু প্ৰধান বৈশিষ্ট্য হল কৃষভিত্তিক কর্ম | সেইকাৰণে গ্ৰাম্য অঞ্চলৰ বসতি স্থান নৈ – বিলৰ পাৰত সাৰুৱা মাটিত , ওখ ঠাইত বসতি কৰে গাঁৱলীয়া বসতিৰ মূল বৈশিষ্ট্য হল –
        ১) কৃষি আৰু পশুপালন
        ২) নদীৰ পানী
        ৩) সাৰুৱা মাটি
‌        ৪) সহজ সৰল আত্মনিৰ্ভৰশীল জীৱন |


(গ) কেন্দ্রীভূত বসতি কেনেধৰণে সৃষ্টি হয় লিখা ।
উত্তৰ:-
গ্ৰাম্যাঞ্চলত বহল ডাঙৰ খেতি - পথাৰবোৰত খেতি কৰা কৃষকসকলে নিৰাপত্তাৰ বাবে মুকলি খেতি পথাৰবোৰত থূপ খাই ওচৰা - উচৰিকৈ ঘৰবোৰ সাজি লয় । সাধাৰণতে পানীৰ সুবিধা থকা ঠাইৰ ওপৰতহে এনে ধৰণে থূপিকৃতভাৱে ঘৰ সাজি চুবুৰি পাতি থাকে । এনে থূপিকৃত চুবুৰিবোৰকে কেন্দ্রীভূত বসতি বোলে । সাধাৰণতে নদী , বিল , সকলো ফালে সহজে যাব পৰা বাট - পথ থকা ঠাইতহে এই কেন্দ্রীভূত বসতি দেখা যায় ।


(ঘ) পৌৰ বসতিৰ মানুহৰ জীৱিকাৰ উপায় কেনেকুৱা চমুকৈ লিখা ।
উত্তৰ:-
পৌৰ বা নগৰৰ মানুহৰ জীৱিকাৰ উপায়বোৰ গাঁৱৰ মানুহৰ জীৱিকাৰ লগত নিমিলে বা একে নহয় । নগৰৰ মানুহৰ জীৱিকা শিল্প ভিত্তিক । নগৰৰ মানুহৰ জীৱিকা ঔদ্যোগিক , বাণিজ্যিক , যাতায়াত বা পৰিবহণৰ লগত জড়িত । নগৰৰ মানুহে বেপাৰ- বাণিজ্যৰ কিনা - বেছা কৰা জীৱিকাৰ কাম , শিল্প উদ্যোগৰ উৎপাদনৰ কাম , শিক্ষানুষ্ঠান , অফিচ - কাছাৰীৰ লগত জড়িত কাম আদি কৰে । বেছিভাগ মানুহ চাকৰিজীৱি । মুঠতে গাঁৱত কৃষি যেনেদৰে মানুহৰ প্ৰধান বৃত্তি ঠিক সেইদৰে নগৰত মানুহৰ প্ৰধান বৃত্তি হ’ল চাকৰি ৷ অৱশ্যে বর্তমান যুগত বহুতো গাঁৱত বাসকৰা মানুহে পৰিবহণ ব্যৱস্থাৰ উন্নতি হোৱা বাবে বহু দূৰ - দূৰণিৰ পৰা গৈও নগৰত দিনটো চাকৰি কৰি গাঁৱত বাস কৰা নিয়ম প্রচলিত হৈছে । এনেদৰে জীৱিকা অৰ্জন কৰা লোকৰ সংখ্যা বেছি নহয় ।


(ঙ) গাঁও আৰু নগৰৰ মাজৰ সম্পর্ক আলোচনা কৰা
উত্তৰ:-
গাওঁ আৰু নগৰৰ মাজত বহুতো পাৰ্থক্য় আছে যদিও গাঁও আৰু নগৰৰ মানুহৰ মাজত এৰাব নোৱাৰা সম্পৰ্ক আছে। পাঠত ইতিমধ্যে উল্লেখ কৰা হৈছে যে গাঁৱৰপৰাই কালক্ৰমত নগৰৰ উৎপত্তি হয়। কিন্তু এই কথাটো সকলো ক্ষেত্ৰত প্ৰযোজ্য় নহ'বও পাৰে। এনে কিছুমান নগৰ আছে যিবোৰক পৰিকল্পিতভাৱে পোটপটীয়াকৈ নগৰ হিচাপে গঢ়ি তোলা হৈছে।
       সাধাৰণতে বেপাৰ-বাণিজ্য়ই গাঁও আৰু নগৰৰ মাজত সম্পৰ্ক বৰ্তাই ৰাখে। তাৰোপৰি সেৱামূলক কাৰ্যয়ো এই সম্পৰ্ক গঢ় কৰি তোলে। গাঁওবাসীয়ে তেওঁলোকৰ উৎপাদিত কৃষিজাত সামগ্ৰী নগৰক যোগান ধৰে আৰু নগৰেও ঔদ্য়োগিক দ্ৰব্য় আৰু অন্য়ান্য় সেৱা গাঁৱলৈ আঘবঢ়ায়। বেংক, ডাক, বীমা, শিক্ষা-দীক্ষা আদি সেৱাৰ যোগেদি গাঁও আৰু নগৰত মাজত এক নিবিড় সম্পৰ্ক স্থাপন হয়। গাঁৱৰ কিছুমান মানুহে বিভিন্ন কামৰ তাগিদাত দৈনিক নগৰলৈ আহে আৰু নগৰত পোৱা বিভিন্ন প্ৰয়োজনীয় বস্তু ক্ৰয় কৰি উভতি যায়। আজি-কালি অৱঅশ্যে ম'বাইল ফোন, ইন্টাৰনেট আৰু অন্য়ান্য় প্ৰচাৰ মাধ্য়মৰ যোগেদি গাঁও আু নগৰৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত এক নতুন ধাৰা গঢ়ি উঠিছে।


৪। চমুটোকা লিখা ।

ক ) ৰৈখিক বসতি ।
উত্তৰ:-
কিছুমান বসতি বাট – পথৰ কাষে কাষে দীঘলীয়াকৈ বিস্তাৰিত হৈ থাকে । তেনে বসতিক ৰৈখিক বসতি বোলে । ৰৈখিক বসতি সাধাৰণতে নলা , ৰেলপথ , নদী আদিৰ কাষে কাষে দেখা যায় ।


( খ ) বৰ্গক্ষেত্ৰ কাৰ বসতি ।
উত্তৰ:-
গ্ৰাম্য বসতিৰ আন এবিধ বসতি হল বৰ্গক্ষেত্ৰ কাৰ বসতি । গাঁৱত থকা কৃষি ক্ষেত্ৰক কেন্দ্ৰ কৰিও এক ধৰণৰ বসতিৰ সৃষ্টি হোৱা দেখা যায় । এনে ধৰণৰ বসতিক বৰ্গক্ষেত্ৰ কাৰ বসতি বোলে । একে সংস্কৃতি , ভাষা , ধৰ্মৰ মানুহে এনেদৰে ধৰ্মস্থান বা নামঘৰ সাজি বসবাস কৰে । এনে বসতিৰ চাৰিওফালে সাধাৰণতে বহল খেতি পথাৰ দেখা যায় ।


( গ ) উচ্চভূমি বসতি ।
উত্তৰ:-
উচ্চভূমিত সাধাৰণতে স্থল ভাগৰ ঢাল থিয় হোৱাৰ বাবে বসতি পাতল । অৰুণাচল প্ৰদেশ , মিজোৰাম , চিকিম , হিমাচল প্ৰদেশ , জম্মু আৰু কাশ্মীৰৰ ভূ – প্রকৃতি পৰ্বত – পাহাৰ , উপত্যকা ৰে ভৰা বাবে তাত বসতি পাতল হোৱা দেখা যায় ।


৫। পাৰ্থক্য লিখা-

(ক) গ্ৰাম্য বসতি আৰু পৌৰ বসতি।
উত্তৰ:-
গ্ৰাম্য বসতিৰ বাসিন্দাসকলৰ মূল বৃত্তি হ'ল-কৃষি আৰু পৌৰ বসতিৰ বাসিন্দাসকলৰ মূল বৃত্তি হ'ল বেপাৰ-বাণিজ্য।
             গ্ৰাম্য বসতিত যাতায়তৰ ব্যৱস্থা সুচল নহয় আৰু পৌৰ বসতিৰ যাতায়তৰ ব্যৱস্থা সুচল।


(খ) ৰৈখিক বসতি আৰু কেন্দ্ৰীভূত বসতি।
উত্তৰ:-
ৰৈখিক বসতি মানুহৰ বসতি থূপ খাই নাথাকে আৰু কেন্দ্ৰীভূত বসতিত মানুহৰ বসতি থূপ খাই থাকে।
             ৰৈখিক বসতিত প্ৰয়োজনীয় সুবিধাবোৰ ওচৰে পাজৰে পোৱা নাযায় আৰু কেন্দ্ৰীভূত বসতিত প্ৰয়োজনীয় সুবিধাবোৰ ওচৰে পাজৰে পোৱা যায়।


(গ) উচ্চভূমিৰ বসতি আৰু নিম্নভূমিৰ।
উত্তৰ:-
উচ্চভূমিৰ মানুহে ঝুম খেতি কৰে আৰু নিম্নভূমিত এই খেতি কৰা নহয়।
            উচ্চভূমিত মানুহে চাংঘৰ সাজে জীৱ-জন্তু পোহিবলৈ আৰু নিম্নভূমিত মানুহে চাংঘৰ সাজে পোহনীয়া জীৱ-জন্তু,সা-সামগ্ৰী আৰু নিজৰ সুৰক্ষাৰ বাবে।

*

Post a Comment (0)
Previous Post Next Post