চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ
ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ২১
social science lesson 21
class 6 social science question answer assamese medium
class 6 AssamQna
১) উত্তৰ লিখা-
(ক) চৰকাৰ বুলিলে কি বুজা?
উত্তৰ:- দেশ এখন পৰিচালনা কৰা অনুষ্ঠানটোক চৰকাৰ বোলে।
(খ) তোমাৰ দৈনন্দিন জীৱনত চৰকাৰে আগবঢ়োৱা সেৱাৰ বিষয়ে তিনিটা বাক্য লিখা
উত্তৰ:- (১) দেশৰ জনসাধাৰণৰ ভৰণ - পোষণ , শিক্ষা , স্বাস্থ্য , যাতায়ত , যোগাযোগ , নিৰাপত্তা আদি সকলো কাম চৰকাৰে কৰে
(২) জনসাধাৰণৰ বাবে সুলভ মূল্যৰ সামগ্রী যোগান , বিদ্যুৎ যোগান , নিবনুৱা সমস্যা সমাধান , বানপানী প্ৰতিৰোধ আদি কাম চৰকাৰে কৰে ।
(৩) দেশৰ সীমা নিৰাধাৰণ , প্রতিবেশী দেশৰ সৈতে বন্ধুত্বসুলভ সম্পর্ক আদি কাম চৰকাৰেই কৰে ৷
(গ ) আমাৰ দেশত কি ধৰণৰ চৰকাৰে শাসন কৰে আমাৰ গণতন্ত্ৰৰ তিনিটা বৈশিষ্ট্য লিখা ।
উত্তৰ:- আমাৰ ভাৰতবৰ্ষ এখন গণতান্ত্রিক দেশ । আমাৰ দেশ গণতান্ত্রিক চৰকাৰৰ দ্বাৰা পৰিচালিত হৈ আছে । গণতান্ত্রিক দেশৰ তিনিটা বৈশিষ্ট্য তলত উল্লেখ কৰা হল –
(১) গণতান্ত্রিক শাসন ব্যৱস্থা জনমতৰ ভিত্তিত ওপৰত প্ৰতিষ্ঠিত ।
(২) গণতান্ত্রিক চৰকাৰ গঠনত নিৰ্বাচনৰ দ্বাৰা ৰাইজৰ প্ৰতিনিধি নিৰ্বাচিত কৰা হয় ।
(৩) গণতান্ত্রিক চৰকাৰত সকলো নাগৰিকৰে মৌলিক অধিকাৰ সমূহ থাকে ।
(ঘ) ৰাজতন্ত্ৰ আৰু সমাজতন্ত্ৰ থকা একোখনকৈ দেশৰ নাম লিখা।
উত্তৰঃ ৰাজতন্ত্ৰ থকা দেশ- ইংলেণ্ড
সমাজতন্ত্ৰ থকা দেশ- চীন।
২) চমু উত্তৰ লিখা-
(ক) কিমান বছৰ বয়সত ভাৰতীয় নাগৰিকে ভোটদান কৰিব পাৰে?
উত্তৰ:- ১৮ বছৰ বয়সৰ পিছত।
(খ ) একনায়কত্ববাদত জনসাধাৰণে স্বাধীনতা উপভোগ কৰিব পাৰেনে ?
উত্তৰ:- নোৱাৰে ৷
(৩) পার্থক্য লিখা -
( ক ) গণতন্ত্ৰ আৰু ৰাজতন্ত্ৰ
উত্তৰ:- গণতন্ত্ৰত জনসাধাৰণেই সৰ্বেসৰ্বা , আনহাতে ৰাজতন্ত্ৰত ৰজাই সর্বেসর্বা ।
গণতন্ত্ৰত জনসাধাৰণে তেওঁলোকৰ প্ৰতিনিধিক নিৰ্বাচন কৰে , আনহাতে ৰাজতন্ত্ৰত ৰজাৰ পুত্ৰ বা কন্যাই উত্তৰাধিকাৰী হিচাপে ৰাজপাটত বহে ।
( খ ) একনায়কত্ববাদ আৰু সমাজতন্ত্র
উত্তৰ:- একনায়কত্ববাদত এজন ব্যক্তিৰ শাসনত গুৰুত্ব থাকে , আনহাতে সমাজতন্ত্ৰত ব্যক্তিৰ স্বাৰ্থতকৈ সামাজিক স্বাৰ্থৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হয় ।
একনায়কত্ববাদত চৰকাৰে কঠোৰ নীতি নিয়মৰ অৱলম্বন কৰে , আনহাতে সমাজতন্ত্ৰত চৰকাৰে সকলো শ্ৰেণীৰ মানুহৰ মাজত অৰ্তনৈতিক সমতাৰ যোগেদি সমাজত ন্যায় স্থাপন কৰিব বিচাৰে ।
(৪) শুদ্ধ-অশুদ্ধ বাছি উলিওৱা-
ক) চৰকাৰে কেৱল কেন্দ্ৰীয় পৰ্যায়ত শাসন কৰে।
উত্তৰ:- অশুদ্ধ।
খ) আমাৰ দেশত গণতান্ত্ৰিক চৰকাৰ আছে।
উত্তৰ:- শুদ্ধ।
গ) গণতন্ত্ৰ আৰু ৰাজতন্ত্ৰ মাজত পাথক্য নাই।
উত্তৰ:- অশুদ্ধ।
ঘ) গণতন্ত্ৰত জনসাধাৰণৰে এক গুৰুত্বপূণ ভূমিকা পালন কৰে।
উত্তৰ:- শুদ্ধ।
ঙ) গণতন্ত্ৰত পুৰুষ-মহিলাৰ ভোটৰ মূল্য সমান ।
উত্তৰ:- শুদ্ধ।
(৫) নিম্নলিখিত সিদ্ধান্তসমূহ চৰকাৰৰ কোনটো পৰ্যায়ত পৰে সঠিক বাকচত চিন দিয়া ।
(ক) অসম চৰকাৰে কৃষিসকলৰ বা বিনামূলীয়া বীজ আৰু সাৰ যোগানৰ ব্যৱস্থা কৰিছে ।
উত্তৰ:- ৰাজ্যিক ।
(খ ) কেন্দ্ৰীয় চৰকাৰৰ ৰেল মন্ত্ৰালেয় তিনিচুকীয়া দিল্লীৰ মাজত নতুনকৈ ৰেলগাড়ী সংযোগৰ ব্যৱস্থা কৰিছে ।
উত্তৰ:- কেন্দ্ৰীয় ।
(গ ) ভাৰত চৰকাৰে পাকিস্থান চৰকাৰৰ লগত শান্তিপূর্ণ সম্পৰ্ক ৰখাৰ চেষ্টা চলাই আছে ।
উত্তৰ:- কেন্দ্ৰীয় ।
(ঘ ) ধেমাজি জিলাত এখন শিশু উদ্যান স্থাপন কৰিবলৈ অসম চৰকাৰে সিদ্ধান্ত গ্রহণ কৰিছে ।
উত্তৰ:- ৰাজ্যিক ।
(ঙ ) কেন্দ্ৰীয় চৰকাৰে নতুনকৈ এহেজাৰ টকীয়া নোটৰ প্ৰচলন কৰিছে ।
উত্তৰ:- কেন্দ্ৰীয় ।
