শ্ৰমৰ সম মৰ্য্যাদা আৰু সমমূল্য
সপ্তম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ২১
social science lesson 21
class 7 social science question answer assamese medium
class 7 AssamQna
১। উত্তৰ লিখা-
(ক) শ্ৰমৰ সমমৰ্যদা মানে কি?
উত্তৰ:- পুৰুষ মহিলা নিৰ্বিশেষে ব্যক্তিয়ে কৰা কামক স্বীকৃতি দিয়াকে শ্ৰমৰ সমমৰ্যদা বোলে।
( খ ) শ্ৰমৰ সমমূল্যই কি সূচায় ?
উত্তৰ:- পুৰুষ - মহিলাৰ বৈষম্য নাৰাখি কামৰ সময় আৰু শ্ৰম অনুসৰি সমান কামৰ বাবে সমান মজুৰি আদি প্ৰদান কৰাকেই সাধাৰণ অৰ্থত শ্ৰমৰ সমমূল্য প্ৰদান কৰা বুজায় ।
( গ ) প্ৰতিভা দেৱী সিং পাটিলৰ কৰ্মজীৱন কেনেকৈ আৰম্ভ হৈছিল ?
উত্তৰ:- প্ৰতিভা দেৱী সিং পাটিলৰ কৰ্মজীৱন উকীল হিচাপে আৰম্ভ হৈছিল ।
(ঘ) মামণি ৰয়ছম গোস্বামীয়ে কিমান বয়সৰ পৰা সাহিত্য সাধনাত ব্ৰতী হয়?
উত্তৰ:- ১৩ বছৰ বয়সৰ পৰা মামণি ৰয়ছম গোস্বামীয়ে সাহিত্য় সাধনাত ব্ৰতী হয়।
( ঙ ) কল্পনা চাওলাই কোন বিষয়ত ডিগ্রী লাভ কৰিছিল ?
উত্তৰ:- বৈমাণিক অভিযন্তা ।
( চ ) কলেজীয়া জীৱনত কি খেলত বাচেন্দ্ৰিয়ে প্ৰথম পুৰস্কাৰ লাভ কৰিছিল ?
উত্তৰ:- কলেজীয়া জীৱনত ৰাইফল শূটিও খেলত বাচেন্দ্রিয়ে প্রথম পুৰস্কাৰ লাভ কৰিছিল ।
২। উত্তৰ লিখা-
(ক) পুৰুষ মহিলাৰ সমমর্যাদা আৰু সহযোগিতাই সমাজ এখনৰ উন্নতিত কেনেদৰে অৰিহণা যোগায় ?
উত্তৰ:- সমতা গণতন্ত্ৰৰ এক অন্যতম বৈশিষ্ট্য যদিও আমাৰ দেশত এতিয়াও পুৰুষ আৰু মহিলাৰ মাজত সমতাৰ কথাটোৱে বেছি গুৰুত্ব লাভ কৰা নাই । কিন্তু দেশৰ আৰু দহৰ কল্যাণৰ হকে পুৰুষ - মহিলা নির্বিশেষে আর্টায়ে সমানে দায়বদ্ধ । মহিলাক পুৰুষতকৈ দুৰ্বল বুলি ভবাৰ থল নাই । মহিলা সকলৰ মাজতো মেধাসম্পন্ন , কষ্টসহিষ্ণু আৰু অসাধাৰণ মহিলা আছে । দেশত পুৰুষৰ তুলনাত মহিলাৰ সংখ্যা কিছু তাকৰ যদিও তেওঁলোকৰ শ্ৰম আৰু বুদ্ধিমত্তাক দেশৰ উন্নয়নৰ কামত খটুৱাব পাৰিলে দেশখনে অধিক উন্নতি লাভ কৰিব । পুৰুষ - মহিলাৰ সমমর্যাদা আৰু পাৰস্পৰিক সহযোগিতাইহে দেশৰ উন্নতিৰ পথ মসৃণ কৰে ।
(খ) লিংগ বৈষম্যৰ কৱলত আমাৰ সমাজৰ অধিকাংশ এতিয়াও , নিমজ্জিত । কেনেকৈ ?
উত্তৰ:- ভাৰতৰ সংবিধানত ' সমতাৰ অধিকাৰ ' মৌলিক অধিকাৰ হিচাপে স্বীকৃতি লাভ কৰিছে । ইয়ে জাতি , বর্ণ , লিংগ ভেদে সকলো মানুহৰে সকলো ক্ষেত্ৰতে সমান অধিকাৰৰ কথা মানি লৈছে । কিন্তু বাস্তৱত পুৰুষ আৰু মহিলাৰ মাজত থাকিব লগা সমতাৰ কথাটো গৌণ হৈয়েই আছে । এতিয়াও মহিলাক পুৰুষতকৈ দুৰ্বল বুলিয়েই ভবা হয় । এতিয়াও দেশৰ মহিলা সকলক বহুক্ষেত্ৰত নিজৰ দক্ষতা বিকাশৰ সুবিধা দিয়া হোৱা নাই । মহিলাৰ কামৰ মৰ্যাদা এতিয়াও বহু ক্ষেত্ৰত দিয়া নহয় । চৰকাৰী চাকৰি , ৰাজনীতি আদি ক্ষেত্ৰত এতিয়াও মহিলাই ভালদৰে অংশ গ্ৰহণ কৰিব পৰা নাই । এতিয়াও সমাজত ছোৱালীতকৈ লৰাক অধিক গুৰুত্ব দিয়া দেখা যায় । চমুকৈ ক'বলৈ গ'লে লিংগ বৈষম্যৰ কৱলত আমাৰ সমাজৰ অধিকাংশ এতিয়াও নিমজ্জিত
(গ) সমাজৰ উন্নতিত মহিলাৰ ভূমিকা কিয় অপৰিহাৰ্য?
উত্তৰ:- সমাজৰ উন্নতিত মহিলাৰ ভূমিকা অপৰিহাৰ্য। পৰম্পৰাগত ধাৰণা অনুসৰি মহিলাসকলক সমাজত ঘৰুৱা কামকাজৰ মাজতে আৱদ্ধ কৰি ৰখাৰ ব্যৱস্থা আছিল। কিন্তু কালক্ৰমত শিক্ষা ব্যৱস্থা উন্নতি হোৱাৰ ফলত মহিলাসকলৰ লগত জড়িত সমাজৰ বহুতো পৰম্পৰা সলনি হয়। পুৰুষসকলৰ দৰে মহিলাসকলো আজিৰ দিনত কৃষি, উদ্যোগ, সেৱা সকলোতে যথেষ্ট পাৰদৰ্শী ভূমিকা পালন কৰিছে। মহিলাসকল সাধাৰণতে মেধাসম্পন্ন আৰু কষ্টসহিষ্ণু। নিজৰ আত্মবল আৰু আত্মবিশ্বাসৰ বলত তেওঁলোকে সকলো বাধা নেওচি নিজ প্রতিভাক বিকশিত কৰিব পাৰে তথা সমাজৰ প্ৰগতিত নিজৰ অৱদান আগবঢ়াব পাৰে।
৩। খালী ঠাই পূৰ কৰাঃ
(ক) নাৰী আৰু পুৰুষৰ শ্ৰমৰ ________ অবিহনে সমাজৰ উন্নতি সম্ভৱ নহয়।
উত্তৰ:- সমমর্যদা
(খ) সমাজৰ _______ ত পুৰুষৰ সমানেই মহিলাৰ অৱদানো অনস্বীকার্য।
উত্তৰ:- উন্নতি
(গ) ________ গণতন্ত্র এক অন্যতম বৈশিষ্ট্য।
উত্তৰ:- সমতা
(ঘ) মহিলা সকলো পুৰুষৰ সমানে ________ আৰু দায়িত্বশীল।
উত্তৰ:- দূৰদৰ্শী
(ঙ) আমাৰ সমাজৰ ছোৱালীসকল ল'ৰাৰ সমানেই পৰিশ্ৰমী আৰু _________।
উত্তৰ:- বুদ্ধিদীপ্ত
