গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ সমাজ বিজ্ঞান পাঠ ২২ social science lesson 22 class 6 social science question answer assamese medium class 6 AssamQna

গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ
ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ২২
social science lesson 22
class 6 social science question answer assamese medium
class 6 AssamQna


(ক) গণতন্ত্ৰৰ এটা নীতিৰ নাম লিখা।
উত্তৰ:-
গণতন্ত্ৰৰ এটা নীতি হল- স্বাধীনতা।


(খ) যুগলহঁতে পূজাৰ বন্ধত কি ক্লাব খুলিলে?
উত্তৰ:-
যুগলহঁতে পূজাৰ বন্ধত এটা ক্ৰিকেট ক্লাব খুলিলে।


(গ) মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত কি আন্দোলন কৰিছিল?

উত্তৰ:- মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত সত্যাগ্ৰহ আন্দোলন কৰিছিল।


২। উত্তৰ দিয়া

(ক) গণতন্ত্র জনপ্ৰিয় হোৱাৰ কাৰণ কি ? 

উত্তৰ:- গণতন্ত্ৰত নিজৰ মনৰ ভাব মুক্তমনেৰে প্ৰকাশ কৰিব পাৰোঁ। নিজৰ মনৰ ইচ্ছা অনুসৰি এঠাইৰ পৰা অন ঠাইলৈ যাব পাৰোঁ। গণতন্ত্ৰত স্বাধীনতাৰ অধিকাৰ থাকে লগতে চৰকাৰ গঠনত সকলোৱে অংশগ্ৰহণ কৰিব পাৰে। এক কথাত ক'বলৈ গ'লে এজন নাগৰিকে মুক্ত জীৱন - যাপন কৰিবলৈ সুবিধা পায়। সেইবাবে গণতন্ত্র জনপ্রিয় I


(খ) নাগৰিকৰ মৌলিক অধিকাৰ কেইটা আৰু কি কি ?
উত্তৰ:-
নাগৰিকৰ মৌলিক অধিকাৰ ৭ টা। সেইকেইটা হল –
            ১) সমতাৰ অধিকাৰ
            ২) স্বাধীনতাৰ অধিকাৰ
            ৩) শোষণৰ বিৰুদ্ধে অধিকাৰ
            ৪) প্রাথমিক শিক্ষাৰ অধিকাৰ
            ৫) ধৰ্মীয় অধিকাৰ
            ৬) সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ
            ৭) সাংস্কৃতিক প্ৰতিকাৰৰ অধিকাৰ।


(গ) তুমি দেশৰ কাৰণে কৰিব পৰা দুটা কৰ্তব্যৰ বিষয়ে উল্লেখ কৰা।
উত্তৰ:-
১) বৃক্ষ ৰূপণ কৰি পৰিৱেশ বিশুদ্ধ কৰি ৰখা।
           ২) পঢ়ি-শুনি শিক্ষা লাভ কৰি দেশৰ উন্নতিৰ বাবে নানান যন্ত্ৰ-পাতি আৱিস্কাৰ কৰা।


(ঘ) প্রাকৃতিক পৰিৱেশ সুৰক্ষিত কৰিবলৈ তোমালোকে কি কি কাম কৰিবা উল্লেখ কৰা।
উত্তৰ:-
(১) গছ - গছনি ৰোপণ কৰিম
            (২) ওচৰলৈ ফুৰিব গ'লে গাড়ীৰ সলনি চাইকেল ব্যৱহাৰ কৰিম
            (৩) গছ - গছনি কটাটো কম কৰিম
            (৪) আনকো গছ - গছনি ৰুবলৈ উৎসাহিত কৰিম।


(ঙ) আমি আমাৰ দেশত উপভোগ কৰিব পৰা দুটা অধিকাৰ উল্লেখ কৰা।
উত্তৰ:- 
১) নিজৰ মনৰ ভাব আনৰ আগত প্ৰকাশ কৰিব পাৰো।
             ২) মুকলিভাৱে এঠাইৰ পৰা আনঠাইলৈ অহা-যোৱা কৰিব পাৰো।

৩) খালী ঠাই পূৰ কৰা-

ক) আমি নিজৰ ৰাজ্যৰ বাহিৰে আমাৰ দেশৰ আন ______ মাটি কিনি ঘৰ সাজি থাকিব পাৰোঁ।
উত্তৰ:-
ৰাজ্যটো


খ) শিশুৰ প্ৰাথমিক শিক্ষাৰ আইনখন _______ চনত কাৰ্যকৰী কৰা হয়।
উত্তৰ:-
২০১০


গ) ভাৰতবৰ্ষ এখন _______ দেশ।
উত্তৰ:-
গণতান্ত্ৰিক


ঘ) ভাৰতৰ _______ আৰু সংহতি ৰক্ষা কৰা আমাৰ মৌলিক কৰ্তব্য।
উত্তৰ:-
ঐক্য


৪। কাহিনীটো পঢ়ি কৃষ্ণাংগ শ্ৰেণীয়ে কি কি অধিকাৰৰ পৰা বঞ্চিত হৈ আছিল লিখা।
উত্তৰ:-
(১) শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত হৈছিল।
            (২) ভোট দিয়াৰ অধিকাৰৰ পৰা বঞ্চিত হৈছিল
            (৩) যাতায়তৰ পৰাও বঞ্চিত হৈছিল।
            (৪) মুক্তভাৱে মিলা - মিছা কৰিব নোৱাৰিছিল।
            (৫) ভাষাৰ অধিকাৰৰ পৰা বঞ্চিত হৈছিল।



*

Post a Comment (0)
Previous Post Next Post