গণতন্ত্ৰ, নাগৰিক আৰু নাগৰিকত্ব
সপ্তম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ২২
social science lesson 22
class 7 social science question answer assamese medium
class 7 AssamQna
১। চমু উত্তৰ লিখা-
(ক) গণতন্ত্ৰৰ অর্থ কি?
উত্তৰ:- গণতন্ত্ৰ এনে এক ব্যৱস্থা য’ত সমাজত বাস কৰা প্ৰতিজন লোকৰে অংশ গ্ৰহণৰ সুবিধা আছে। এই ব্যৱস্থাই মূলতঃ ৰাষ্ট্ৰৰ জনসাধাৰণৰ কল্যাণৰ পোষকতা কৰে।
(খ) গণতন্ত্ৰৰ কেই প্ৰকাৰৰ?
উত্তৰ:- গণতন্ত্ৰ দুই প্ৰকাৰৰ প্ৰত্যক্ষ গণতন্ত্ৰ আৰু পৰোক্ষ গণতন্ত্ৰ।
(গ) নাগৰিক শব্দৰ অর্থ কি?
উত্তৰ:- বৰ্তমান সময়ত এখন ৰাষ্ট্ৰৰ ভূ-খণ্ডত স্থায়ীভাৱে বাস কৰা সকলো লোককে সেই দেশৰ নাগৰিক হিচাপে গণ্য কৰা হয়। নাগৰিকে ৰাষ্ট্ৰই প্ৰদান কৰা অধিকাৰ ভোগ কৰিব পাৰে।
(ঘ) বিদেশী মানে কি?
উত্তৰ:- যেতিয়া কোনো এখন দেশৰ নাগৰিকে অন্য এখন দেশলৈ গৈ দীৰ্ঘদিন ধৰি তাত থাকে তেতিয়া তেনে লোকক বিদেশী বোলা হয়।
২। উত্তৰ লিখা -
(ক) গণতন্ত্ৰৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ কি কি ?
উত্তৰ:- গণতন্ত্ৰৰ কেইটিমান উল্লেখযোগ্য বৈশিষ্ট্য আছে । সেই বৈশিষ্ট্য সমূহ হ'ল—
১) গণতন্ত্ৰৰ দৃষ্টিত সকলো মানুহ সমান । সেয়েহে এই ব্যৱস্থাই জাতি , বর্ণ , ধর্ম , ভাষা , লিংগ নির্বিশেষে সকলোকে সাঙুৰি লয় ।
২) এই শাসন ব্যৱস্থাত জনসাধাৰণে পোনপটীয়াকৈ বা পৰোক্ষভাৱে অংশগ্ৰহণ কৰে ।
৩) নিৰ্বাচন গণতন্ত্ৰৰ এক অপৰিহাৰ্য অংগ ।
৪) নিৰ্বাচনত উচ্চ - নীচ , ধনী - দুখীয়া নির্বিশেষে সকলোৱে একোটাকৈ ভোটদানৰ অধিকাৰ পায় । অৰ্থাৎ ভোটদানৰ অধিকাৰৰ মাজেৰে এই ব্যৱস্থাই সকলো শ্ৰেণীৰ লোকৰ মাজত সমতা স্থাপন কৰে ।
৫) এই ব্যৱস্থাত নিৰ্দিষ্ট সময়ৰ অন্তৰে অস্তৰে নিৰ্বাচন অনুষ্ঠিত হয় য'ত প্রাপ্তবয়স্কসকলে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ।
৬) গণতান্ত্ৰিক ব্যৱস্থাত কেইবাটাও ৰাজনৈতিক দল থাকে ।
৭) জনসাধাৰণৰ মতৰ ওপৰত গণতান্ত্রিক চৰকাৰ প্ৰতিষ্ঠিত । চৰকাৰৰ নীতিসমূহ জনমতৰ বিৰুদ্ধে গ'লে জনসাধাৰণে সাংবাধানিক আৰু শান্তিপূর্ণ উপায়েৰে চৰকাৰ পৰিৱৰ্তন কৰিব পাৰে ।
৮) বিৰোধী দলে গণতন্ত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰে ।
৯) গণতন্ত্র এক জনকল্যাণমুখী ব্যৱস্থা ।
(খ) প্রত্যক্ষ গণতন্ত্র আৰু পৰোক্ষ গণতন্ত্র কাক বোলে ?
উত্তৰ:- প্ৰত্যক্ষ গণতন্ত্র:- যি গণতন্ত্ৰত জনসাধাৰণে চৰকাৰৰ শাসন ব্যৱস্থাত পোনপটীয়াকৈ অংশ গ্ৰহণ কৰে তেনে ব্যৱস্থাক প্ৰত্যক্ষ গণতন্ত্ৰ বোলে । পৰোক্ষ গণতন্ত্র :- যি গণতন্ত্ৰত জনসাধাৰণে প্ৰত্যক্ষভাৱে চৰকাৰ পৰিচালনা নকৰি তেওঁলোকে সময়ে সময়ে নির্বাচন কৰি দিয়া প্ৰতিনিধিসকলৰ দ্বাৰা চৰকাৰ পৰিচালনা কৰা হয় তাকে পৰোক্ষ গণতন্ত্র বোলে ।
(গ) এজন বিদেশীয়ে ভাৰতৰ নাগৰিকত্ব কেনেদৰে লাভ কৰিব পাৰি ?
উত্তৰ:- এজন বিদেশীয়ে ভাৰতৰ নাগৰিকত্ব দেশীয়কৰণ পদ্ধতিৰে লাভ কৰিব পাৰি।
(ঘ) পৌৰ অধিকাৰসমূহ কি কি ?
উত্তৰ:- পৌৰ অধিকাৰসমূহ হ'ল- জীৱনৰক্ষাৰ অধিকাৰ, মতামত প্ৰকাশৰ অধিকাৰ, ব্য়ক্তিগত স্বাধীনতা অধিকাৰ, শিক্ষাৰ অধিকাৰ আদি।
(ঙ) এজন নাগৰিক কেনেকৈ নাগৰিকত্বৰ পৰা বঞ্চিত হ'ব পাৰে ?
উত্তৰ:- ৰাষ্ট্ৰবিৰোধ কৰিলে এজন নাগৰিক নাগৰিকত্বৰ পৰা বঞ্চিত হ'ব পাৰে।
৩। খালী ঠাই পূৰ কৰা -
(ক) ভাৰতীয় গণতন্ত্ৰত প্ৰত্যেক নাগৰিকৰ _________ ভোট দিয়াৰ অধিকাৰ আছে ।
উত্তৰ:- একোটাকৈ
(খ) __________ ওপৰত গণতান্ত্রিক চৰকাৰ প্ৰতিষ্ঠিত ।
উত্তৰ:- জনসাধাৰণৰ
(গ) বিদেশীসকলে ________ অধিকাৰ ভোগ কৰিব নোৱাৰে।
উত্তৰ:- ৰাজনৈতিক।
(ঘ) এজন ব্য়ক্তিয়ে __________ বছৰ বয়সত ভোটাধিকাৰ লাভ কৰে।
উত্তৰ:- ১৮ বছৰ।
(ঙ) চিকিমৰ জনসাধাৰণে _________ ৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে।
উত্তৰ:- ৰাজ্য়ক্ষেত্ৰ চামিলকৰণ।
৪। শুদ্ধ উত্তৰটো বাছি উলিওৱা -
(ক) এজন বিদেশীয়ে পৌৰ অধিকাৰ/ৰাজনৈতিক অধিকাৰ লাভ কৰে।
উত্তৰ:- পৌৰ অধিকাৰ।
(খ) এজন নাগৰীকে দেশৰ হকে কাম কৰিলে/ৰাষ্ট্ৰ বিৰোধী কাম কৰিলে নাগৰিকত্ব বেলোপ হ'ব পাৰে।
উত্তৰ:- ৰাষ্ট্ৰ বিৰোধী কাম কৰিলে।
(গ) দেশৰ নাগৰিকে নিজৰ দেশৰ প্ৰতি আনুগত্য় প্ৰকাশ নকৰে/আনুগত্য় প্ৰকাশ কৰে।
উত্তৰ:- আনুগত্য় প্ৰকাশ কৰে।
(ঘ) কোনো এজন ব্য়ক্তিৰ নিজৰ দেশৰ পৰা অন্য় দেশলৈ গুচি গলে তেওঁক তাত নাগৰিক/বিদেশী বোলা হয়।
উত্তৰ:- বিদেশী বোলা হয়।
