কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ
ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ২৩
social science lesson 23
class 6 social science question answer assamese medium
class 6 AssamQna
১) উত্তৰ লিখা-
(ক) কেন্দ্ৰীয় চৰকাৰৰ ভাগ কেইটা আৰু কি কি?
উত্তৰ:- কেন্দ্ৰীয় চৰকাৰৰ ভাগ তিনিটা হৈছে-
১) বিধানমণ্ডল,
২) কাৰ্যপালিকা,
৩) ন্যায়পালিকা।
(খ) লোকসভা আৰু ৰাজ্যসভাৰ আন দুটা নাম লিখা।
উত্তৰ:- লোকসভা আৰু ৰাজ্য়সভাৰ আন দুটা নাম হৈছে- লোকসভাৰ নিম্নসদন ৰাজ্যসভাৰ উচ্চসদন।
( গ ) লোকসভা আৰু ৰাজ্যসভাৰ সদস্যৰ সংখ্যা কিমান ?
উত্তৰ:- লোকসভা - ৫৫০ জন , ৰাজ্যসভা - ২৫০ জন ।
( ঘ ) প্ৰধানমন্ত্ৰী আৰু আন মন্ত্ৰীসকলক কোনে নিয়োগ কৰে ?
উত্তৰ:- প্ৰধানমন্ত্ৰী আৰু আন মন্ত্ৰীসকলক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে ৷
(ঙ) কেন্দ্রীয় মন্ত্রীসকলৰ দপ্তৰসমূহ কোনে বিতৰণ কৰে ?
উত্তৰ:- প্ৰধানমন্ত্ৰীয়ে ।
(চ) ন্যায়পালিকাৰ কাম কি ?
উত্তৰ:- ন্যায়পালিকাই ন্যায় আৰু অন্যায় বিচাৰ কৰে। দেশৰ জনসাধাৰণক স্বাধীনভাৱে জীয়াই থকাত সহায় কৰে।
(ছ) ৰাজ্য চৰকাৰৰ প্ৰধান ভাগ কেইটা আৰু কি কি ?
উত্তৰ:- ৰাজ্য চৰকাৰৰ ভাগ তিনিটা-
১) বিধানমণ্ডল
২) কাৰ্যপালিকা
৩) ন্যায়পালিকা
(জ) বিধানসভালৈ নিবাচিত সদস্যজনক কি বুলি কোৱা হয়?
উত্তৰ:- বিধানসভালৈ নিৰ্বাচিত সদস্যজনক বিধায়ক বুলি কোৱা হয়।
(ঝ) ৰাজ্যৰ মুৰব্বীজন কোন?
উত্তৰ:- ৰাজ্যপাল ৰাজ্যৰ মুৰব্বী।
(ঞ) মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদক কোনে নিযুক্তি দিয়ে ?
উত্তৰ:- ৰাজ্য এখনৰ ৰাজ্যপালে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদক নিযুক্তি দিয়ে।
চ) অসমৰ উচ্চ ন্যায়ালয় কত অৱস্হিত?
উত্তৰ:- অসমৰ উচ্চ ন্যায়ালয় গুৱাহাটীত অৱস্থিত।
২) খালী ঠাই পূৰ কৰা–
(ক) বিধানমণ্ডলে ______ প্ৰস্তুত কৰে।
উত্তৰ:- আইন
(খ) কাৰ্যপালিকাই আইনসমূহ _______ কৰে।
উত্তৰ:- কাৰ্যকাৰী
(গ) ন্যায়পালিকাই ______ বিচাৰ কৰে।
উত্তৰ:- ন্যায়
(ঘ) বিধানসভাৰ কাযকাল _____ বছৰ।
উত্তৰ:- ৫
(ঙ) ৰাজ্যপালেই ৰাজ্যৰ _______।
উত্তৰ:- মুৰব্বী
(৩) শুদ্ধ উত্তৰটো বাচি উলিওৱা-
(ক) অসমৰ বিধানসভাৰ সমষ্টি ১১৬/১২৬/১৩৬টা
উত্তৰ:- ১২৬ টা।
(খ) বতমান ভাৰতত ৰাজ্য ২৫/২৩/২৯খন আছে
উত্তৰ:- ২৯ খন।
(গ) লোকসভাৰ কাযকাল ৪/ ৫/ ৬বছৰ
উত্তৰ:- ৫ বছৰ।
(ঘ) ৰাজ্যত মুখ্য ন্যায়াধীশ থাকে ১/২/৬জন
উত্তৰ:- ১জন।
(ঙ) ৰাজ্যসভাৰ সদস্য সংখ্য ৫৪৫/২৫০/১২৬টা
উত্তৰ:- ২৫০ টা।
