নিৰ্বাচন আৰু নিৰ্বাচনী প্ৰক্ৰিয়া
সপ্তম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ২৩
social science lesson 23
class 7 social science question answer assamese medium
class 7 AssamQna
১। চমু উত্তৰ লিখা—
(ক) বিধানসভাৰ সদস্যসকলক কোনে নির্বাচিত কৰে?
উত্তৰ:- বিধানসভাৰ সদস্য়সকলকএকোটা বিধানসভা সমষ্টিৰ ভোটাৰসকলে নিৰ্বাচন কৰে।
(খ) শাসক দল মানে কি?
উত্তৰ:- নিৰ্বাচনত যিটো দলে সংখ্যাগৰিষ্টতা লাভ কৰে সেই দলে চৰকাৰ গঠন কৰে। এনে দলকে শাসক দল বোলা হয়।
(গ) দেশত মধ্যকালীন নির্বাচন কেতিয়া হয়?
উত্তৰ:- চৰকাৰৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ আগতে বিশেষ কাৰণত চৰকাৰ ভংগ হ’লে দেশত মধ্যকালীন নিৰ্বাচন অনুষ্ঠিত হয়।
(ঘ) ৰাজ্যৰ বিধানসভাৰ কার্যকাল কিমান বছৰ?
উত্তৰ:- ৰাজ্য়ৰ বিধানসভাৰ কাৰ্যকাল পাঁচ বছৰ।
(ঙ) দুটা ৰাষ্ট্ৰীয় দলৰ নাম উল্লেখ কৰা?
উত্তৰ:- দুটা ৰাষ্ট্ৰীয় দলৰ নাম হ’ল-১) ভাৰতীয় জনতা পাৰ্টী (বি জে পি ) আৰু২) ভাৰতীয় জাতীয় কংগ্ৰেছ (কংগ্ৰেছ)।
(চ) অসমৰ উল্লেখযোগ্য আঞ্চলিক দল এটাৰ নাম লিখা।
উত্তৰ:- অসম গণ পৰিষদ (অ গ প)।
২। উত্তৰ লিখা—
(ক) ভাৰতৰ নির্বাচনী প্রক্রিয়াটো কেনেধৰণৰ? বর্ণনা কৰা।
উত্তৰ:- নির্বাচন অনুষ্ঠিত কৰিবলৈ কিছুমান বিশেষ প্রক্রিয়া আছে। ভাৰতবৰ্ষত বিভিন্ন নির্বাচন পৰিচালনা কৰিবলৈ ৰাষ্ট্রপতিয়ে কেন্দ্ৰত এখন নির্বাচনী আয়োগ গঠন কৰি দিয়ে। এই আয়োগত এজন মুখ্য নির্বাচনী আয়ুক্ত আৰু দুজন নির্বাচনী আয়ুক্ত থাকে। মুখ্য নির্বাচনী আয়ুক্তজনক ৰাষ্ট্রপতিয়ে নিয়োগ কৰে। ঠিক তেনেদৰে ৰাজ্যসমূহতো একোখন ৰাজ্যিক নির্বাচনী আয়োগ গঠন কৰা হয়। নির্বাচনৰ কামকাজ সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে এই আয়োগে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ লগত আলোচনা কৰি নিৰ্বাচনৰ তাৰিখ আৰু কাৰ্যসূচী প্রস্তুত কৰে। নির্বাচনৰ বাবে মনোনয়নপত্র দাখিলৰ তাৰিখ, মনোনয়নপত্ৰ পৰীক্ষা আৰু প্রত্যাহাৰৰ তাৰিখ, নির্বাচনৰ ফলাফল ঘোষণা কৰাৰ তাৰিখো আয়োগে নির্ধাৰণ কৰে। নির্বাচনী আয়োগৰ নীতি-নিদের্শনাসমূহ কঠোৰ। নির্বাচন অনুষ্ঠিত হ'বলগীয়া ঠাইত নির্দিষ্ট সময়ৰ বাবে আয়োগে কেতবোৰ নির্বাচনী আচৰণবিধি বলৱৎ কৰে যাতে মুক্ত আৰু নিকা নির্বাচন অনুষ্ঠিত কৰিব পাৰি। বিধি উলংঘাকাৰীৰ ওপৰত আয়োগে বিহিত ব্যৱস্থা ল'ব পাৰে। নির্বাচনী আয়োগে নির্বাচনৰ দিন ঘোষণা কৰাৰ পাছত ৰাজনৈতিক দলসমূহে তেওঁলোকৰ নিজ দলৰ প্ৰাৰ্থীক নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলৈ মনোনীত কৰে।
(খ) গণতন্ত্ৰত ৰাজনৈতিক দলৰ কাৰ্যাবলীসমূহ কি কি ?
উত্তৰ:- গণতন্ত্ৰত ৰাজনৈতিক দলৰ প্ৰধান কাৰ্যসমূহ এনেধৰণৰ :
১) নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰা
২) ৰাজনৈতিক চেতনা জাগ্ৰত কৰা
৩) জনমত গঠন কৰা , আৰু
৪) চৰকাৰ গঠনত সহায় কৰা । ইত্যাদি ।
(গ) গণতন্ত্ৰত বিৰোধী দলে কেনেকৈ চৰকাৰক নিয়ন্ত্ৰণ কৰে ?
উত্তৰ:-
১) বিৰোধী দলে চৰকাৰ নীতি আৰু কাৰ্যৰ সমালোচনা কৰি দোষ - ত্রুটি আঙুলিয়াই দিয়ে ।
২) চৰকাৰে নিজৰ স্বাৰ্থপূৰণৰ বাবে স্বেচ্ছাচাৰীশাসন চলাব বিচাৰিলে সেই ক্ষেত্ৰত বিৰোধী দলে বাধা প্ৰদান কৰে ।
৩) বিৰোধী দলে চৰকাৰৰ অন্যায় কাৰ্যৰ বিৰুদ্ধে জনমত গঠন কৰে ।
৪) চৰকাৰে যদি জনকল্যাণমূলক আঁচনি কাৰ্যকৰী নকৰে তেন্তে বিৰোধী দলে তাৰ সমালোচনা কৰি সেইসমূহ কাৰ্যকৰণৰ ব্যৱস্থা কৰে ।
৫) সদনৰ অধ্যক্ষৰ জৰিয়তে বিভাগীয় মন্ত্ৰীসকলৰপৰা বিৰোধী দলে কামৰ খতিয়ান বিচাৰে ।
(ঘ) গণতন্ত্ৰত নিৰ্বাচনৰ প্ৰয়োজনীয়তা আছে নে? যুক্তি দর্শোৱা।
উত্তৰ:- নির্বাচন গণতান্ত্রিক শাসন ব্যৱস্থাৰ এটা অন্যতম দিশ। এখন গণতান্ত্রিক চৰকাৰ গঠন কৰিবৰ বাবে নির্বাচন অপৰিহার্য।
১) নির্বাচন জনসাধাৰণৰ মত প্রকাশৰ এক গুৰুত্বপূর্ণ মাধ্যম।
২) নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে অনুষ্ঠিত নিৰ্বাচনৰ জৰিয়তে জনসাধাৰণে চৰকাৰক নিজৰ নিয়ণন্ত্ৰণত ৰাখিব পাৰে, অন্যথা শাসকীয় দল স্বেচ্চাছাৰী হব।
৩) নিৰ্বাচনে জনগণৰ ৰাজনৈতিক সচেতনতা বৃদ্ধি কৰে।
৪) নিৰ্বাচনৰ জৰিয়তে নাগৰিকে দেশৰ ৰাজনৈতিক প্ৰক্ৰিয়াত অংশ গ্ৰহণ কৰিবলৈ সুবিধা পায়।
৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা-
(ক) ভাৰতৰ উপ-ৰাষ্ট্রপতি প্রত্যক্ষ / পৰোক্ষভাৱে নির্বাচিত হয়।
উত্তৰ:- পৰোক্ষভাৱে।
(খ) লোকসভাৰ সদস্যৰ সংখ্যা ৫৪৫ / ১২৬ জন।
উত্তৰ:- ৫৪৫জন।
(গ) তেলেগু দেশম পার্টী এটা আঞ্চলিক / ৰাষ্ট্ৰীয় দল।
উত্তৰ:- আঞ্চলিক দল।
(ঘ) মুখ্যমন্ত্ৰীক ৰাজ্যপাল / ৰাষ্ট্রপতিয়ে নিযুক্তি দিয়ে।
উত্তৰ:- ৰাজ্যপাল।
(ঙ) বিধানসভাৰ কার্যকাল ৭ / ৫ বছৰ।
উত্তৰ:- ৫ বছৰ
৪। চমুটোকা লিখা
(ক) সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ
উত্তৰ:- সকলো দেশতে এটা নিৰ্ধাৰিত বয়সপূৰ্ণ হোৱাৰ পাছতহে কোনো লোকক প্ৰাপ্তবয়স্ক বুলি ধৰা হয় । গণতান্ত্রিক দেশসমূহত জাতি , বৰ্ণ , ধৰ্ম আৰু ভাষা নির্বিশেষে সকলো প্রাপ্তবয়স্ক লোকক দিয়া প্রতিনিধি নিৰ্বাচনৰ অধিকাৰকে সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ বোলা হয় । এই ভোটাধিকাৰৰ বয়স সকলো ৰাষ্ট্ৰতেই একে নহয় । আমাৰ ভাৰতবৰ্ষত ভোটাধিকাৰৰ বয়স ১৮ বছৰ কৰা হৈছে ।
(খ) নির্বাচনী আয়োগ
উত্তৰ:- দেশৰ নিৰ্বাচন পৰিচালনাৰ বাবে কেন্দ্ৰত এখন নির্বাচনী আয়োগ থাকে । এই আয়োগত এজন মুখ্য নির্বাচনী আয়ুক্ত আৰু দুজন নির্বাচনী আয়ুক্ত থাকে । মুখ্য নির্বাচনী আয়ুক্তজনক ৰাষ্ট্ৰপতিয়ে নিয়োগে কৰে । ঠিক তেনেদৰে ৰাজ্যসমূহতো একোখন ৰাজ্যিক নির্বাচনী আয়োগ গঠন কৰা হয় । নির্বাচনী আয়োগে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগত আলোচনা কৰি নিৰ্বাচনৰ তাৰিখ আৰু কাৰ্যসূচী প্ৰস্তুত কৰে । নির্বাচনী আয়োগে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰে ।
(গ)ৰাজনৈতিক দল।
উত্তৰ:- ৰাজনৈতিক দল হৈছে উমৈহতীয়া ভাৱধাৰাৰ দ্বাৰা সংগঠিত কিছু ব্যক্তিৰ গোট যিয়ে নিৰ্বাচনত অংশ গ্ৰহণ কৰি ক্ষমতা দখলৰ চেষ্টা চলায়। গণতন্ত্ৰত ৰাজনৈতিক দলসমূহে দুই ধৰণৰ এক শাসক দল যিয়ে দেশৰ শাসন কাৰ্য পৰিচালনা কৰে আৰু আনটো বিৰোধী যিয়ে চৰকাৰী কামকাজৰ খুটি নাটি ডাঙি ধৰাৰ লগতে চৰকাৰক গঠনমূলক পৰামৰ্শ প্ৰদান কৰে।
