গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম
সপ্তম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ২৪
social science lesson 24
class 7 social science question answer assamese medium
class 7 AssamQna
১। চমু উত্তৰ লিখা-
(ক) প্ৰচাৰ মানে কি?
উত্তৰ:- প্ৰচাৰ বুলিলে যিকোনাে খবৰ, আদেশ, অনুদেশ, উপদেশ আদি এজনৰ পৰা আনজনলৈ, এখন ঠাইৰ পৰা আন এখন ঠাইলৈ সম্প্রসাৰিত হােৱাকে বুজায়।
(খ) প্রচাৰ মাধ্যমৰ বিভিন্ন ভাগসমূহ কি কি?
উত্তৰ:- প্ৰচাৰ মাধ্যম দুই প্রকাৰৰ- মুদ্রিত আৰু ইলেকট্রনিক।
মুদ্রিত প্ৰচাৰ মাধ্যম সমূহ হ'ল- বাতৰিকাকত, আলােচনী, কিতাপ আদি।
ইলেকট্রনিক মাধ্যমসমূহ হ’ল- ৰেডিঅ’, টেলিফোন, ম’বাইলফোন, দূৰদৰ্শন, কম্পিউটাৰ, কৃত্রিম উপগ্রহ আদি।
(গ) গণমাধ্যম কাক কয় ? উদাহৰণ দিয়া ।
উত্তৰ:- প্ৰচাৰ মাধ্যমৰ ভিতৰত কিছুমান মাধ্যমৰ পৰিসৰ ব্যাপক যিবোৰে অতি কম সময়ৰ ভিতৰত বহুলোকৰ মাজত খবৰ বাতৰিসমূহ সম্প্ৰচাৰ কৰিব পাৰে । সেইবোৰকে গণমাধ্যম বোলে । যেনে চলচ্চিত্র , বাটৰ নাট , পুতলা নাচ , নাটক , গীত - মাত আদি গণমাধ্যমৰ উদাহৰণ ।
(ঘ) প্রাচীন কালত ব্যৱহৃত দুই – প্ৰকাৰৰ প্ৰচাৰ মাধ্যম কি কি ?
উত্তৰ:- প্রাচীন কালত ঢোল পিটি , কাহ – ঘণ্টা বজাই প্ৰচাৰ কাৰ্য চলাইছিল ।
(ঙ) ছপাশাল পােন প্রথমে কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল?
উত্তৰ:- ১৬ শ শতিকাত জার্মানীৰ জোহান গুটেনবার্গে ছপাশাল আৱিষ্কাৰ কৰিছিল ।
২। উত্তৰ লিখা
(ক) প্ৰচাৰ মাধ্যমসমূহ কেইপ্ৰকাৰৰ আৰু কি কি ? সেই মাধ্যমসমূহে জনসাধাৰণক কেনেদৰে সহায় কৰে ?
উত্তৰ:- প্ৰচাৰ মাধ্যম প্ৰধানকৈ দুই প্ৰকাৰ – মুদ্রিত মাধ্যম আৰু ইলেকট্ৰ'নিক মাধ্যম ।
মুদ্ৰণৰ সহায়ত ছপা কৰি উলিওৱা কিতাপ , বাতৰি কাকত আলোচনী আদিক মুদ্রিত মাধ্যম বোলে । আনহাতে টেলিভিছন , টেলিফোন , ম'বাইলফোন , ৰেডিঅ'আদি মাধ্যমক ইলেকট্রনিক মাধ্যম বোলে । প্ৰচাৰ মাধ্যমসূহৰ যিবোৰে কম সময়ৰ ভিতৰত বহুলোকৰ মাজত খবৰ বাতৰি সমূহ সম্প্ৰচাৰ কৰিব পাৰে , তেনে মাধ্যমক গণ মাধ্যম বুলিও কয় ।
প্ৰচাৰ মাধ্যম সমূহে প্ৰধানকৈ জনমত গঠনত সহায় কৰিব পাৰে । তদুপৰি প্ৰচাৰ মাধ্যম সমূহে মানুহক শিল্প , সাহিত্য চৰ্চাৰ সুবিধাও প্ৰদান কৰে । মানুহৰ মাজত অন্তর্নিহিত হৈ থকা প্ৰভিভাৰ বিকাশতো প্ৰচাৰ মাধ্যমৰ অৱদান উল্লেখনীয় । জনগণৰ মাজত দেশ প্রেমবোধ জাগ্ৰত কৰাৰ ক্ষেত্ৰতত প্ৰচাৰ মাধ্যমে জনসাধাৰণক সহায় কৰে । প্ৰচাৰ মাধ্যমে জনসাধাৰণক শিক্ষিত কৰাৰ ক্ষেত্ৰতো বিশেষ বৰঙণি যোগায় ।
(খ) গণতন্ত্র সবলীকৰণত প্ৰচাৰ মাধ্যমে কেনেদৰে প্ৰভাৱ পেলায় ?
উত্তৰ:- প্ৰচাৰ মাধ্যম সমূহ হ'ল গণতন্ত্রত জনমত গঠনৰ অন্যতম অভিকৰণ গণতান্ত্রিক চিত্তাধাৰা উজ্জীৱিত কৰাৰ ক্ষেত্ৰত প্ৰচাৰ মাধ্যম এক শক্তিশালী ব্যৱস্থা ৷ আমাৰ দেশৰ নাগৰিকসকলৰ জীৱন - যাপনৰ ক্ষেত্ৰত গণতান্ত্ৰিক বাতাবৰণ কেনেধৰণে উপলব্ধ হয় তাৰ ধাৰণা জনসাধাৰণে প্ৰচাৰ মাধ্যমৰ যোগেদি লাভ কৰে । সততা আৰু নিষ্ঠা গণতন্ত্ৰৰ মূল ভেটি । এই ভেটি সুদৃঢ় কৰাৰ ক্ষেত্ৰত প্ৰচাৰ মাধ্যমেই মুখ্য ভূমিকা পালন কৰে ৷ নিৰ্বাচনত জনসাধাৰণৰ অংশ গ্ৰহণ , ভোটাধিকাৰ সাব্যস্তকৰণ , দায়িত্বশীল প্রতিনিধি নির্বাচন আদিত প্ৰচাৰ মাধ্যমৰ ভূমিকা গুৰুত্বপূর্ণ । সন্ত্রাসবাদ , দুর্নীতি , ভ্ৰষ্টাচাৰ আদিৰ বিৰুদ্ধে প্ৰচাৰ মাধ্যমে জনসজাগতা সৃষ্টি কৰে । প্ৰচাৰ মাধ্যমে অতি কম সময়ৰ ভিতৰতে পৃথিৱীৰ যিকোনো ঠাইৰ খাবৰ বাতৰি আনি দেশৰ চুকে কোনো প্ৰচাৰ কৰি এক সবল জনমত গঠন কৰিব পাৰে । প্ৰচাৰ মাধ্যমে দেশৰ বিভিন্ন সমস্যাৰ ওপৰত অভিমত পৰামৰ্শ জনসাধাৰণৰ মাজত প্ৰকাশ আৰু প্ৰচাৰ কৰি সবল জনমত গঢ়ি তোলে । আকৌ সবল জনমৰ জৰিয়তেহে গণতন্ত্ৰ সবলীকৰণ কৰিব পাৰি । গতিকে সবল গণতন্ত্র প্রতিষ্ঠাত প্ৰচাৰ মাধ্যমৰ ভূমিকা অপৰিসীম ।
৩। খালী ঠাই পূৰ কৰা
(ক) ________ ব্যৱস্থাৰ লগত জড়িত সকলাে উপাদানেই প্রচাৰৰ একোটা একোটা মাধ্যম।
উত্তৰ:- যোগাযোগ
(খ) মানুহৰ মাজত ________ হৈ থকা প্ৰতিভাৰ বিকাশত প্ৰচাৰ মাধ্যমৰ অৱদান উল্লেখনীয়।
উত্তৰ:- অন্তৰ্নিহিত
(গ) _________ ছপাশাল আৱিষ্কাৰ কৰিছিল।
উত্তৰ:- জোহান গুটেনবার্গে
(ঘ) কম্পিউটাৰক অসমীয়াত ________ যন্ত্ৰ বুলি কোৱা হয়।
উত্তৰ:- পৰিকলন
(ঙ) গণতন্ত্ৰত চৰকাৰ আৰু ৰাইজৰ মাজৰ, ________ হৈছে প্ৰচাৰ মাধ্যম।
উত্তৰ:- যোগসূত্ৰ
৪। শুদ্ধ উত্তৰটো বাছি উলিওৱা—
(ক) জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপকোঁৱৰ / সৈনিক শিল্পী বুলি কোৱা হয়।
উত্তৰ:- ৰূপকোঁৱৰ।
(খ) অতীজত ৰজাই প্রজাক বাতৰি দিবৰ বাবে মাইক / ঢােলৰ সহায় লৈছিল।
উত্তৰ:- ঢােলৰ।
(গ) মুদ্রিত মাধ্যমসমূহ হ’ল ৰেডিঅ’/ কিতাপ।
উত্তৰ:- কিতাপ।
(ঘ) অনাতাঁৰ ৰ যন্ত্ৰৰ আৱিষ্কাৰক আর্কিমিডিছ / মার্কনি।
উত্তৰ:- মার্কনি।
(ঙ) ইলেকট্রনিক মাধ্যম হ’ল বাতৰিকাকত / কম্পিউটাৰ।
উত্তৰ:- কম্পিউটাৰ।
