আমাৰ পৰিৱেশ সপ্তম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ সমাজ বিজ্ঞান পাঠ ৪ social science lesson 4 class 7 social science question answer assamese medium class 7 AssamQna

আমাৰ পৰিৱেশ
সপ্তম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ৪
social science lesson 4
class 7 social science question answer assamese medium
class 7 AssamQna

১। উত্তৰ লিখা।
(ক) পৰিৱেশ মানে কি?
উত্তৰ:-
পৰিৱেশ হ’ল আমাৰ চাৰিওফালৰ উপাদানবিলাকৰ সম্বন্বয়ত গঢ়ি উঠা এক স্বাভাৱিক অৱস্থা।


(খ)পৰিৱেশ কেই প্ৰকাৰৰ আৰু কি কি? উদাহৰণ
দি লিখা।
উত্তৰ:-
পৰিৱেশ দুই প্ৰকাৰৰ:-
       (ক) প্ৰাকৃতিক পৰিৱেশ আৰু
       (খ) মানৱ সৃষ্ট পৰিৱেশ।


(গ) পৰিৱেশৰ প্ৰধান উপাংশসমূহ কি কি?
উত্তৰ:-
পৰিৱেশৰ প্ৰধান উপাংশসমূহ দুটা ভাগত ভাগ কৰিব পাৰি – 
          (ক) জৈৱিক উপাংশ- পৰিৱেশত থকা আটাইবোৰ প্ৰাণী, উদ্ভিদ, ভেঁকুৰ, বেক্টেৰিয়া আদি।
          (খ) অজৈৱিক উপাংশ- বায়ু (বায়ুমণ্ডল), পানী (জলমণ্ডল), মাটি (স্থলমণ্ডল) আদি।


(ঘ) মানৱ সৃষ্ট পৰিৱেশ কেনেদৰে সৃষ্টি হয়?
উত্তৰ:-
মানুহে নিজৰ সুবিধা মতে গঢ়ি তোলা পৰিৱেশেই হ'ল মানৱ সৃষ্ট পৰিৱেশ।


২। শুদ্ধ উত্তৰত শুদ্ধ চিন দিয়া।

(ক) কোনটো মানৱ সৃষ্ট পৰিৱেশৰ উপাদান নহয়?
    (১) মাটি
    (২) শিক্ষানুষ্ঠান
    (৩) পৰিবহণ ব্যৱস্থা
উত্তৰ:-
(১) মাটি।


(খ) কোনটো প্রাকৃতিক পৰিৱেশৰ উপাদান নহয়?
    (১) পর্বত
    (২) ঘৰ
    (৩) নদী
উত্তৰ:-
(২) ঘৰ।


(গ) তলৰ কোনবোৰে পৰিৱেশৰ ক্ষতি কৰে?
    (১) গছ-গছনি
    (২) কল-কাৰখানাৰ আৱৰ্জনা
    (৩) খাদ্য শস্যৰ বৃদ্ধি
    (৪) জনসংখ্যা বৃদ্ধি
    (৫) জীৱ-জন্তু নিঃশেষ হলে।
উত্তৰ:-
(২) কল-কাৰখানাৰ আৱৰ্জনা,
            (৪) জনসংখ্যা বৃদ্ধি,
            (৫) জীৱ-জন্তু নিঃশেষ হলে।


৩। বাওঁফালৰ সৈতে সোঁফালৰ মিল থকা অংশ চিনেৰে মিলোৱা।
উত্তৰ:-

(ক) আমাৰ চৌপাশ -- (গ) পৰিৱেশ
(খ) জলমণ্ডল          -- (ঘ) পানী
(গ) স্থলমণ্ডল           -- (ক) মাটি
(ঘ) জীৱমণ্ডল          -- (ঙ) জীৱ-জগত
(ঙ) বায়ুমণ্ডল           -- (খ) বায়ু


৪। জৈৱিক উপাংশৰ উপাদানসমূহ কেনেদৰে পৰিৱেশৰ বৰ্তি থাকে ৮০টা মান শব্দৰ ভিতৰত লিখা।
উত্তৰ:-
জৈৱিক উপাংশৰ সকলো উপাদানেই এটাৰ ওপৰত আনটো নিৰ্ভৰ কৰি পৰিৱেশত বাচি থাকে। উদাহৰণস্বৰূপে- সেউজীয়া উদ্ভিদ সৌৰশক্তি (সূৰ্যৰ,তাপ,পোহৰ)ৰ সহায়ত জীয়াই থাকে। তৃণভোজী প্ৰাণীয়ে ইহঁতক খাদ্য হিচাপে গ্ৰহণ কৰে।সেই প্ৰাণী মাংসাহাৰী প্ৰাণীয়ে খায়।যেনে-গৰু, ছাগলী,হৰিণা আদিয়ে ঘাঁহ খায়।


৫।  তুমি কেনেকুৱা পৰিৱেশত থাকিব বিচৰা চমুকৈ লিখা।(১০০টা মান শব্দৰ ভিতৰত লিখা।)
উত্তৰ:-
পৰিৱেশত থকা প্ৰতিটো জীৱিত উপাদান যেনেকৈ ইটো সিটোৰ লগত পৰস্পৰ সম্পৰ্ক ৰক্ষা কৰি চলে। আমিও প্ৰত্যেক তেনেকৈ আমাৰ চৌপাশৰ পৰিৱেশৰ লগত সহমৰ্মিতা দেখুওৱাটো উচিত।
            আমি সম্পদৰ বহনক্ষমতাৰ ওপৰতো দৃষ্টি ৰখা উচিত। আমাৰ হাতত থকা সমল বা সম্পদবোৰ এনেধৰণে। ব্যৱহাৰ কৰা উচিত যাতে সেইয়া ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষিত হৈ থাকে।

*

Post a Comment (0)
Previous Post Next Post