বসতি : গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন
অষ্টম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ৪
social science lesson 4
class 8 social science question answer assamese medium AssamQna
১। উত্তৰ লিখা-
(ক) বসতিক কেই ভাগত ভাগ কৰা হয়?
উত্তৰ:- ২টা ভাগত।
(খ) গ্ৰামাঞ্চলৰ কিমান শতাংশ লোক কৃষি কাৰ্যৰ লগত জড়িত?
উত্তৰ:- ৭৫ শতাংশ লোক।
(গ) নগৰৰ কেন্দ্ৰীয় অঞ্চলটো ঘাইকৈ কি কাৰ্ষৰ লগত জড়িত?
উত্তৰ:- ব্যৱসায় বাণিজ্যৰ ওপৰত জড়িত।
(ঘ) উৎপত্তি কালৰ ভিত্তিত ভাৰতবৰ্ষৰ নগৰসমূহক কেইটা শ্ৰেণীত ভাগ কৰা হৈছে?
উত্তৰ:- ৩টা শ্ৰেণীত।
(ঙ) লোকপিয়ল বিভাগে নিৰ্দিষ্ট কৰি দিয়া মতে ভাৰতবৰ্ষৰ নগৰ এখনৰ প্ৰাৰম্ভিক জনসংখ্যা কিমান হ'ব লাগে?
উত্তৰ:- ৫,৫০০ জন।
(চ) অসমৰ একমাত্ৰ পৌৰনিগম পৰিচালিত মহানগৰ খনৰ নাম কি?
উত্তৰ:- গুৱাহাটী।
২। শুদ্ধ/অশুদ্ধ লিখা।
(ক) নগৰীয়া বসতিতকৈ গ্ৰাম্য বসতিত জনসংখ্যাৰ ঘনত্ব অধিক।
উত্তৰ:- অশুদ্ধ।
(খ)গ্ৰাম্য বসতিৰ অধিক সংখ্যক লোক চাকৰিৰ লগত জড়িত।
উত্তৰ:- অশুদ্ধ।
(গ) নতুন দিল্লী এখন প্ৰশাসনিক নগৰ।
উত্তৰ:- শুদ্ধ।
(ঘ) আগ্ৰা এখন নদীৰ পাৰত অৱস্থিত নগৰ।
উত্তৰ:- শুদ্ধ।
(ঙ) শিলচৰ বৰাক নদীৰ পাৰত অৱস্থিত।
উত্তৰ:- শুদ্ধ।
৩। চমুকৈ উত্তৰ লিখা
(ক) গ্ৰাম্য অঞ্চলৰ বৃত্তি।
উত্তৰ:- গ্ৰাম্য় অঞ্চলৰ প্ৰভান বৃত্তি হ'ল কৃষি। খেতি-বাতিৰ উপৰি গাঁৱৰ মানুহে মাছ ধৰা, মাটিৰ বাচন তৈয়াৰ কৰা, জীৱ-জন্তু পোহা, সৰু-সুৰা ব্যৱসায় কৰা আৰু চাকৰি আদিৰ সহায়ত জীৱন নিৰ্বাহ কৰে।
(খ) নগৰীয়া বসতিৰ সা-সুবিধা।
উত্তৰ:- নগৰীয়া বসতিৰ সা-সুবিধাসমূহ হৈছে- নগৰত শিক্ষা, চিকিৎসা ইত্য়াদিৰ সুবিধা বেছি। যাতায়তৰ ব্যৱস্থাও সুচল। নগৰত শিক্ষানুষ্ঠান, উদ্য়োগ, কল-কাৰখানা, চৰকাৰী-বেচৰকাৰী কাৰ্যালয় ইত্য়াদি।
(গ) নগৰত বসতি ঘন হোৱাৰ কাৰণ কি?
উত্তৰ:- নগৰত বসতি ঘন থাকে কাৰণ- নগৰত শিক্ষা গ্ৰহণৰ বাবে পৰ্যাপ্ত শিক্ষানুষ্ঠান থাকে, পৰিকল্পিত ঘৰ দুৱাৰ, দোকান সজাৰ ব্যৱস্থা থাকে আৰু যাতায়তৰ ব্যৱস্থা থাকে।
(ঘ) মেগাল'পলিছ কাক বোলে?
উত্তৰ:- একোখন নগৰত কেন্দ্ৰ কৰিতাৰ উপকন্ঠ অঞ্চলত ভালেমান সৰু বৰ নগৰ লগ হৈ যি একোটা নগৰপুঞ্জৰ সৃষ্টি কৰে তাকে মেগাল'পলিছ বোলে।
৫। ভূ-চিত্ৰাৱলী চাই অসমৰ দহখন নগৰৰ নাম লিখা আৰু সেইবোৰ কোন কোন জিলাত অৱস্থিত উল্লেখ কৰা।
উত্তৰ:- ১)তেজপুৰ-শোণিতপুৰ,
২) শিলচৰ- কাছাৰ,
৩) ডিফু-কাৰ্বি আংলং,
৪) হাফলং-উত্তৰ কাছাৰ,
৫) মংগলদৈ-দৰঙ,
৬) তিনিচুকীয়া-তিনিচুকীয়া,
৭) উত্তৰ লক্ষীমপুৰ-উত্তৰ লক্ষীমপুৰ,
৮) ডিব্ৰুগড়-ডিব্ৰুগড়,
৯) শিৱসাগৰ-শিৱসাগৰ আৰু
১০) ধেমাজি:-ধেমাজি।
