মানৱ সৃষ্ট পৰিৱেশ সপ্তম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ সমাজ বিজ্ঞান পাঠ ৫ social science lesson 5 class 7 social science question answer assamese medium class 7 AssamQna

মানৱ সৃষ্ট পৰিৱেশ
সপ্তম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ৫
social science lesson 5
class 7 social science question answer assamese medium
class 7 AssamQna


১। কেৱল উত্তৰ লিখা-

(ক) পৰিৱেশক ঘাইকৈ কেইটা ভাগত ভগাব পাৰি?
উত্তৰ:-
পৰিৱেশ ঘাইকৈ দুটা ভাগত ভগাব পাৰি।


(খ) মানুহৰ উপকাৰত অহা আৰু আৰ্থিক মূল্য থকা বস্তুবোৰক কি বোলে?
উত্তৰ:-
সম্পদ বোলে।


(গ) ভাৰত চৰকাৰৰ কোনটো মন্ত্ৰাণালয়ে দেশৰ মানৱ সম্পদ উন্নয়নৰ দিশটো চোৱা-চিতা কৰে।
উত্তৰ:-
‘মানৱ উন্নয়নৰ মন্ত্ৰাণালয়ে।'


(ঘ) ভূ- প্ৰকৃতিৰ ভিত্তিত অসমক কেইটা ভাগত ভগোৱা হৈছে?
উত্তৰ:-
ভূ প্ৰকৃতিৰ ভিত্তিক অসমক দুটা ভাগত ভগোৱা হৈছে।


(ঙ) উওৰ কাছাৰ পাৰ্বত্য জিলাখনক বৰ্তমান কি নামেৰে জনা যায়?
উত্তৰ:-
ডিমা হাছাও।


২। খালী ঠাই পূৰ কৰা-
(ক) মানৱ সৃষ্ট পৰিৱেশক___ পৰিৱেশো বোলা হয়।
উত্তৰ:-
সাংস্কৃতিক।


(খ) শাৰীৰিক আৰু মানসিকভাৱে কাম কৰিবলৈ সক্ষম ব্যক্তিক___ সম্পদ বোলে।
উত্তৰ:-
মানৱ।


(গ) আন সকলো সম্পদৰ তুলনাত মানৱ সম্পদ ___ সম্পদ।
উত্তৰ:-
শ্ৰেষ্ঠ।


(ঘ) অসম দক্ষিণ ___ মৌছুমী জলবায়ুৰ গতি পথত অৱস্থিত।
উত্তৰ:-
পশ্চিম।


(ঙ) অসমৰ কৃষি উৎপাদিত শস্যক ___ প্ৰধান ভাগত ভাগ কৰিব পাৰি।
উত্তৰ:-
তিনিটা।


৩। শুদ্ধ উত্তৰটো বাছি লিখা-
(ক) মানৱ সৃষ্ট পৰিৱেশৰ উপাদান এটা হ'ল গছ-গছনি/বাসগৃহ।
উত্তৰ:-
বাসগৃহ।


(খ) জাপান পৃথিৱীৰ ভিতৰত উল্লেখযোগ্য উদ্যোগ প্ৰধান/কৃষি প্ৰধান দেশ।
উত্তৰ:-
উদ্যোগ প্ৰধান।


(গ) অসমৰ নদী উপত্যকা অঞ্চলৰ বাসিন্দাসকলৰ মুখ্য জীৱিকা চাকৰি/ কৃষি।
উত্তৰ:-
কৃষি।


(ঘ) পাহাৰীয়া অঞ্চলত জনবসতি ঘন/ সেৰেঙা।
উত্তৰ:-
সেৰেঙা।


(ঙ) কাৰ্বি আংলং/উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ বৰ্তমান নাম ডিমা-হাছাও।
উত্তৰ:-
উত্তৰ কাছাৰ।


৪। শুদ্ধ/ অশুদ্ধ লিখা-
(ক) মানৱ সৃষ্ট পৰিৱেশক কৃত্ৰিম পৰিৱেশ হিচাপেও জনা যায়।
উত্তৰ:-
অশুদ্ধ।


(খ) প্ৰাকৃতিক পৰিৱেশৰ উপাদানসমূহ ব্যৱহাৰ কৰি মানৱ সৃষ্ট পৰিৱেশৰ উপাদানসমূহ সৃষ্টি কৰা হয়।
উত্তৰ:-
শুদ্ধ।


(গ) মানৱ সৃষ্ট পৰিৱেশ পৰিৱৰ্তনশীল।
উত্তৰ:-
শুদ্ধ।


(ঘ) শাৰীৰিক আৰু মানসিকভাৱে উৎপাদনমুখী কাম কৰিবলৈ সক্ষম ব্যক্তিসকল মানৱ সম্পদ।
উত্তৰ:-
শুদ্ধ।


(ঙ) ভূ-প্ৰকৃতিৰ ভিত্তিত অসমক দুটা সুকীয়া ভূ-খন্ডত বিভক্ত কৰিব পাৰি।
উত্তৰ:-
শুদ্ধ।


৫। চমু উওৰ লিখা - (৪০টা মান শব্দৰ ভিতৰত)

(ক) সমাজ উন্নয়নত মানৱ সম্পদৰ ভূমিকা।
উত্তৰ:-
মানুহৰ বিভিন্ন কাম-কাজে মানৱ সভ্য়তাৰ উত্তৰণ ঘটাইছে। মানুহে উদ্ভাৱন কৰা বিভিন্ন সা-সামগ্ৰীয়ে আমাৰ জীৱন-ধাৰণৰ মান উন্নত কৰি তুলিছে। তোমালোকে নিজৰ ঘৰত ব্য়ৱহাৰ কৰা ৰন্ধন গেছ, বিজুলী, টিভি ম'বাইলফোন, ছপাযন্ত্ৰ, কম্পিউটাৰ, কৃৃত্ৰিম উপগ্ৰহ আদিৰ উদ্ভাৱনে আমাৰ সভ্য়তাক দ্ৰুত গতিত আগবঢ়াই নিছে। পৰিবহণ আৰু যোগাযোগ ব্য়ৱস্থাৰ উন্নতিয়ে গোটেই পৃথিৱীখনকে আজি এখন বিশাল গোলকীয় গাঁৱলৈ পৰিৱৰ্তন কৰিছে। মানৱ সম্পদত চহকী দেশ স্বাভাৱিকতে উন্নত। উদাহৰণ হিচাপে জাপানৰ কথাকে ক'ব পাৰি। প্ৰাকৃতিক সম্পদত জাপান বেছি চহকী নহয়। কিন্তু জাপানত কাৰিকৰী দিশত পাৰ্গত আৰু উচ্চ শিক্ষিত লোকৰ অভাৱ নাই। এই লোকসকল সেই দেশৰ মানৱ সম্পদ।


(খ) অসমৰ জনবসতি বিস্তাৰৰ ওপৰত নদী উপত্যকাৰ সমভূমিৰ প্ৰভাৱ।
উত্তৰ:-
ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী আৰু ইয়াৰ উপনৈৰে গঠিত উপত্যকা অঞ্চলৰ ভূ-প্ৰকৃতি প্ৰায় সমান। এই দুয়োটা উপত্যকা নদীৰ পলসুৱা মাটিৰে গঠিত আৰু কৃষি-কাৰ্যৰ উপযোগী। ইয়াত মানুহৰ মুখ্য জীৱিকা কৃষি। এই অঞ্চলত পৰিবহণ  উন্নত।ঠায়ে ঠায়ে কিছুসংখ্যক শিল্প-উদ্যাগ গঢ়ি উঠিছে।


৬। বহলাই লিখা
(ক) মানৱ সৃষ্ট পৰিৱেশ কাক বোলে আৰু ইয়াৰ উপাদানসমূহ কি কি ? এই পৰিৱেশ গঢ় দিয়াত মানুহৰ ভূমিকা সম্পর্কে লিখা।
উত্তৰ:-
কোনো এখন ঠাইত নিৰ্মাণ কৰা বাসগৃহ, ৰাস্তা - ঘাট, পৰিৱহণ ব্যৱস্থা উদ্যোগ আৰু মানুহ পৰিয়াল, মানুহৰ ৰাজনৈতিক ৰীতি - নীতি, কৃষ্টি সংস্কৃতি, ধৰ্মীয় আচৰণ, ৰাজনীতিৰ কাম - কাজ শি। ব্যৱস্থা আদিয়ে যি এক সুকীয়া বাতাবৰণ গঢ় দিয়ে তাকেই ঠাইখনৰ মানৱ সৃষ্ট পৰিৱেশ বোলে মানৱ সৃষ্ট পৰিৱেশক সাংস্কৃতিক পৰিৱেশ বুলিও কয়।

প্রাকৃতিক পৰিৱেশৰ পৰা আহৰণ কৰা উপাদানসমূহেৰে মানুহে নিৰ্মাণ কৰা বাসগৃহ, উদ্যোগ ৰাস্তা - ঘাট, গাড়ী - মটৰ, নগৰ চহৰ আদি মানৱ সৃষ্ট পৰিৱেশৰ উপাদান। তদুপৰি পৰিয়াল, সামাজিক ৰীতি - নীতি, অর্থনৈতিক কাম - কাজ, কৃষি, বাণিজ্য, কৃষ্টি - সংস্কৃতি, ধর্মীয় আচৰণ, ৰাজনীতিৰ কাম - কাজ, শিক্ষা ব্যৱস্থা আদিও মানৱ সৃষ্ট পৰিৱেশৰ উপাদান। মানুহে জ্ঞান, বুদ্ধি, কৌশল খটুৱাই উপাদান সমূহক মানুহৰ প্ৰয়োজনীয় কামত ব্যৱহাৰ কৰে। মানুহে নিজৰ জ্ঞান বুদ্ধিৰ জৰিয়তে নতুন নতুন আৱিষ্কাৰ উপাদানবোৰ ব্যৱহাৰৰ উপযোগী কৰি তুলিছে। মানুহে সমাজৰ বিকাশ আৰু কল্যাণত অৰিহণা যোগায়। মানুহে ছপাযন্ত্র, কম্পিউটাৰ, কৃত্রিম উপগ্রহ আদি উদ্ভাৱন কৰি মানৱ সৃষ্ট পৰিৱেশক নতুন মাত্ৰা প্ৰদান কৰিছে। মানুহৰ বিভিন্ন কাম - কাজে মানৱ সভ্যতাৰ উত্তৰণ ঘটাইছে।


(খ) কি কি কাৰণত অসমত বানপানী হয়।
উত্তৰ:-
অসমৰ নদীসমূহে পাহাৰীয়া উপতি অঞ্চলত হোৱা ভূমি ক্ষয়ৰ মাটি,শিল বালিবোৰ বোৱাই আনি সমভূমি অংশৰ তলি ভাগত জমা কৰে।এই ধৰণে নদীসমূহ বাম হৈ পৰিছে আৰু পানী বহন ক্ষমতা হ্ৰাস পাইছে। ইয়াৰ বাবে সঘনাই বানপানীৰ সৃষ্টি হয়।
           ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উত্তৰ পাৰে থকা উপনৈসমূহে বাৰিষা বৰষুণৰ পানীৰ উপৰিও হিমালয়ৰ বৰফগলা অতিৰিক্ত পানী বহন কৰে,যাৰ বাবে দুয়োপৰ উপচিপৰি বানপানীৰ সৃষ্টি হয়।

*

Post a Comment (0)
Previous Post Next Post