ভুগোল অধ্যয়নৰ আহিলা : মানচিত্ৰ ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ সমাজ বিজ্ঞান পাঠ ৫ social science lesson 5 class 6 social science question answer assamese medium class 6 AssamQna

ভুগোল অধ্যয়নৰ আহিলা : মানচিত্ৰ
ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ৫
social science lesson 5
class 6 social science question answer assamese medium
class 6 AssamQna


(১) তলৰ প্রশ্নবোৰৰ চমু উত্তৰ দিয়া।

(ক) মানচিত্ৰৰ উপাদান কেইবিধ আৰু কি কি?
উত্তৰ:-
দূৰত্ব, দিশ আৰু সাংকেতিক চিহ্ন।


(খ) প্রধান দিশ চাৰিটা কি কি?
উত্তৰ:-
পূৱ, পশ্চিম, উত্তৰ আৰু  দক্ষিণ।


(গ) মানচিত্ৰৰ মাপনী বুলিলে কি বুজা?
উত্তৰ:-
ভূ-পৃষ্ঠৰ ওপৰৰ দূৰত্বক মানচিত্ৰৰ দূৰত্বৰ লগত যি অনুপাতৰ লগত হ্ৰাস কৰি দেখুওৱা হয় তাকে মানচিত্ৰৰ মাপনী বোলে।


(ঘ) কিছু ক্ষেত্ৰত গোলকতকৈ মানচিত্র কিদৰে বেছি সুবিধাজনক?
উত্তৰ:-
কাৰণ গোলকত গোটেই পৃথিৱীখন দেখা পোৱা যায় কিন্তু ঠাইখনৰ নাম লিখা হৈ নাথাকে। আনহাতে মানচিত্ৰত একোখন ঠাইৰ নাম, অনুষ্ঠান, প্ৰতিষ্ঠান আদি লিখা হৈ থাকে। সেইবাবে গোলকতকৈ মানচিত্ৰ কিছু ক্ষেত্ৰত প্ৰয়োজনীয়।


(ঙ) মানচিত্ৰ আৰু নক্সাৰ মাজত পাৰ্থক্য কি ?
উত্তৰ:
- কাগজ বা তেনেকুৱা সমান পিঠিত স্কেল বা মাপনী অনুসৰি পৃথিৱীৰ উপৰিভাগ বা তাৰ কোনো অংশ অংকন কৰা হ'ল মানচিত্র। আনহাতে , ডাঙৰ মাপনীৰ সহায় লৈ অংকন কৰা সৰু ঠাই এখনৰ চিত্ৰই হ'ল নক্সা বা প্লেন। ডাঙৰ মাপনীৰ মানচিত্ৰৰ পৰা আমি বহুতো তথ্য জানিব পাৰো। আনহাতে , উপযুক্ত মাপনীৰ সহায়লৈ কোনো এটি বিষয়বস্তুৰ বিষয়ে নক্সা অংকন কৰিব পাৰি।


(চ) মানচিত্র অধ্যয়নৰ ক্ষেত্ৰত সাংকেতিক চিহ্নবোৰে কি দৰে সহায় কৰে?
উত্তৰ:-
সাংকেতিক চিহ্নই মানচিত্ৰত কোনো এখন ঠাইৰ ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, দলং, গছ-গছনি, ৰে'লপথ,  পুখুৰী, কুৱাঁ, খেতি-পথাৰ আদি তথ্যবোৰ প্ৰকৃত আকাৰ আৰু আকৃতিত আঁকি দেখুৱাব নোৱাৰি। গতিকে এই তথ্যবোৰ বিভিন্ন আখৰ, ৰং, ৰেখা, চিহ্ন আদিৰে দেখুওৱা হয়। এই চিহ্নবোৰে এখন নিৰ্দিষ্ট ঠাইৰ বিভিন্ন ধৰণৰ তথ্য সম্পৰ্কে আমাক জনাব পাৰে। এনেদৰে সাংকেতিক চিহ্নবোৰে মানচিত্ৰত সহায় কৰে।


২। শুদ্ধ উত্তৰটো নিৰ্বাচন কৰা

(ক) উদ্ভিদৰ বিতৰণ দেখুওৱা মানচিত্ৰবিধ হ’ল—
           (১) বতৰৰ মানচিত্র
           (২) বিষয়ভিত্তিক মানচিত্র
           (৩) ৰাজনৈতিক মানচিত্র
উত্তৰঃ-
(২) বিষয়ভিত্তিক মানচিত্র ।


(খ) তলৰ কোনটো দেখুৱাবলৈ মানচিত্ৰত নীলা ৰং ব্যৱহাৰ কৰা হয়
            (১) পানী ভাগ
            (২) পর্বত
            (৩) সমভূমি
উত্তৰঃ-
(১) পানী ভাগ ।


(গ) কম্পাছ ব্যৱহাৰ কৰা হয়—
           (১) সাংকেতিক চিহ্ন দেখুৱাবলৈ
           (২) প্ৰধান দিশ নিৰ্ণয় কৰিবলৈ
           (৩) দূৰত্ব জুখিবলৈ
উত্তৰঃ-
(২) প্ৰধান দিশ নিৰ্ণয় কৰিবলৈ ।


(ঘ) তলৰ কোনটোৰ বাবে মাপনীৰ প্ৰয়োজন ?
           (১) মানচিত্র অংকন
           (২) আৰ্হি চিত্র
           (৩) চিহ্ন
উত্তৰঃ-
(১) মানচিত্র অংকন


(ঙ) ' মানচিত্ৰ ' শব্দৰ ' মান ' মানে কি ?
            (১) সন্মান
            (২) জোখ বা মাপ
            (৩) চিত্র
উত্তৰঃ-
(২) জোখ বা মাপ ।

*

Post a Comment (0)
Previous Post Next Post