পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ সমাজ বিজ্ঞান পাঠ ৬ social science lesson 6 class 6 social science question answer assamese medium class 6 AssamQna

পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ
ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ৬
social science lesson 6
class 6 social science question answer assamese medium
class 6 AssamQna


(১) তলৰ প্ৰশ্নবোৰৰ উত্তৰ চমুকৈ লিখা-

(ক) প্ৰধান ভূ-অৱয়ব কেইটা আৰু কি কি?
উত্তৰ:- প্ৰধান ভূ-অৱয়ব চাৰিটা। আৰু সেইকেইটা হ’ল-
পৰ্বত, পাহাৰ, মালভূমি আৰু সমভূমি।


(খ) পৰ্বত আৰু মালভূমিৰ পাৰ্থক্য কি কি ? 

উত্তৰ:- অতি ওখ ঠাইক পর্বত বোলা হয় , আনহাতে পর্বত - পাহাৰত থকা সমতল অংশক মালভূমি বোলা হয় । পৰ্বত - পাহাৰত শিখৰ থাকে , কিন্তু মালভূমিৰ শিখৰ নাথাকে ৷


(গ) উৎপত্তিৰ ফালৰ পৰা ভাগত ভাগ কৰা হয় ?
উত্তৰ:-
উৎপত্তিৰ ফালৰ পৰা ভাগত ভাগ কৰা হয়—
             ( i ) আগ্নেয় পর্বত
             ( ii ) ভংগিল পর্বত পৰ্বত - পাহাৰক কি কি পৰ্বত - পাহাৰক তিনিটা
            ( iii ) স্তূপ পর্বত ।


(ঘ) পৰ্বত-পাহাৰ মানুহৰ কি কি কামত আহে?
উত্তৰ:-
পৰ্বত পাহাৰত থকা খনিজ সম্পদ মানুহে বিভিন্ন কামত খটুৱাইছে। পৰ্বত-পাহাৰৰৰ মাটিবোৰ কিছুমান খেতিৰ বাবে উপযোগী। পৰ্বত-পাহাৰত বিভিন্ন ধৰণৰ ঔষধি উদ্ভিদ পোৱা যায়।


( ঙ ) সমভূমি কেনেকৈ গঠিত হয় ?
উত্তৰ:-
নৈ , জান - জুৰিৰ বোৱঁতী পানীয়ে উচ্চ ভূমিৰ পৰা শিল , বালি , মাটি আদি উটুৱাই নি নিম্নভূমি অঞ্চলত জমা কৰে । লাখ লাখ বছৰ জুৰি চলি থকা এই কাৰ্যৰ ফলত উচ্চ ভূমিসমূহ ক্ষয়প্রাপ্ত হৈ উচ্চতা কমি যায় আৰু সমভূমিৰ সৃষ্টি হয় ।


( চ ) নদী উপত্যকা কিয় ঘন জনবসতিপূর্ণ ?
উত্তৰ:-
সাধাৰণতে নদী উপত্যকা অঞ্চলৰ মাটি কৃষিকার্যৰ বাবে উপযুক্ত হোৱাৰ অঞ্চলবোৰত উদ্যোগ , পশুপালন প্রয়োজনীয় পানীৰ সুবিধা থাকে । তদুপৰি মাছ ধৰা বৃত্তি আৰু কম খৰচী যাতায়তৰ সুবিধা থকাৰ বাবেও এনে অঞ্চলসমূহত জনবসতি ঘন । এনে লগতে আদিৰ বাবে


(ছ) পাৰ্বত্য় অঞ্চলসমূহত কিয় জনবসতি সেৰেঙা?
উত্তৰ:-
এই অঞ্চলত পানী সহজলভ্য় নোহাৱাৰ বাবে মানুহে দূৰ-দূৰণিৰ পৰা পানী সংগ্ৰহ কৰিব লগীয়া হয়। তাৰোপৰি ইয়াত বাস কৰা লোকৰ জীৱন-যাপনৰ উপায় সীমিত হোৱাৰ বাবে এই অঞ্চলত জনবসতি সেৰেঙা।


(২) শুদ্ধটোত শুদ্ধ চিন দিয়া-

(ক) পাহাৰতকৈ পৰ্বত বেলেগ হোৱাৰ মূল কাৰণ হ'ল-
       (১) উচ্চতা
       (২) ঢাল   
       (৩) গঠন প্ৰক্ৰিয়া
উত্তৰ:-
উচ্চতা।


(খ) হিমবাহ থকা স্থান হ'ল-
        (১) সমভূমি   
        (২) পৰ্বত  
        (৩) মৰুভূমি
উত্তৰ:-
পৰ্বত।


(গ) দাক্ষিণাত্য মালভূমিৰ অৱস্থান-
         (১) চীনত    
         (২) নেপালত  
         (৩) ভাৰতবৰ্ষত
উত্তৰ:-
ভাৰতবৰ্ষত।


(৩) খালী ঠাই পূৰ কৰা-

(ক) ৰ'দ, বতাহ, বৰষুণ আদিৰ ফলত ভূ-আকৃতিৰ পৰিৱৰ্তন হ'লে তাক ______ প্ৰক্ৰিয়াৰ দ্বাৰা পৰিবৰ্তন হোৱা বুলি কোৱা হ'ব
উত্তৰ:-
বাহ্য়িক


(খ) হিমালয় আৰু আল্পচ একোখন ______ পৰ্বত।
উত্তৰ:-
ভংগিল


(গ) ________ সাধাৰণতে খনিজ সম্পদত চহকী।
উত্তৰ:-
  মালভূমিসমূহ


(ঘ) _______ অঞ্চলত যাতায়ত ব্য়ৱস্থা অতি সহজসাধ্য়।
উত্তৰ:-
সমভূমি


(ঙ) বোৱতী পানীৰ সোঁতে _______ৰ সৃষ্টিত বিশেষ ভূমিকা লয়।
উত্তৰ:
- সমভূমি

*

Post a Comment (0)
Previous Post Next Post